ন্যায় সেৱা দিৱস –শ্ৰীমতী ৰুমা হাজৰিকা

ন্যায় সেৱা দিৱস বুলিলে আমি কিমান সজাগ । নিশ্চয় আইন কানুন বিভাগৰ বিষয় বুলি সিমান গুৰুত্ব দিয়া নহয় ।সেয়া একেবাৰে ভুল ধাৰণা । আচলতে এই দিৱস সৰ্বসাধাৰণৰ জ্ঞাতাৰ্থেহে উদযাপন কৰা হয়। ন্যায় সকলোৰে প্ৰাপ্য, নাগৰিকৰ কল্যাণাৰ্থে কি কি নতুন নতুন আইন ব্যৱস্থা অমল কৰা হৈছে অথবা কেনেদৰে ইয়াৰ সুলভ, সৰল তথা বিনামূলীয়া সুবিধা লব পাৰি তাৰেই জনসাধাৰণৰ মাজত জ্ঞান জাগৃত কৰিবৰ বাবে চৰকাৰে এই দিৱস উদযাপনৰ ব্যৱস্থা কৰিছে ।
নৱেম্বৰ ৯ তাৰিখে ন্যায় সেৱা দিৱস উদযাপন কৰা হয়, উদ্দেশ্য সৰ্বসাধাৰণ ৰাইজ, আৰ্থিক ভাৱে দুৰ্বল শ্ৰেণী , মহিলা , অনুসুচিত জাতি জনজাতি, প্ৰাকৃতিক দুৰ্যোগত বিপন্ন জন, মানব তস্কৰীৰ স্বীকাৰ হোৱা জন তথা বিশেষ ভাৱে সক্ষম জনৰ মাজত ভাৰতীয় ন্যায় সেৱাৰ সুবিধা সমুহৰ পৰা লাভ উপলব্ধ কৰাৰ বাবে এই দিৱস পালন কৰা হয়। ভাৰতৰ ৰাজধানীকে আদি কৰি বিভিন্ন ৰাজ্যত চৰকাৰী তথা বেচৰকাৰী প্ৰতিষ্ঠান সমূহে বিভিন্ন কাৰ্যসূচীৰে ৰাইজৰ মাজত আইনৰ বিভিন্ন সুবিধা সমূহ কেনেকৈ উল্লে�খিত শ্ৰেণীয়ে বিনামূলীয়া সেৱা উপভোগ কৰিব পাৰে তাকেই অৱগত কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়।
প্ৰসংগ ক্ৰমে এটি প্ৰশ্ন মনলৈ আহে আমাৰ দৰে অসংখ্য সমস্যা বহুল ৰাজ্যত এই দিৱস চৰকাৰী হওঁক বা বেচৰকাৰী অনুষ্ঠানেই হওঁক কিমান গুৰুত্ব সহকাৰে উদযাপন কৰে বা ৰাইজৰ জ্ঞাতাৰ্থে প্ৰচাৰ কৰে। এইবিষয়ত কিন্তু আমাৰ পূৰ্বৰ বৰ অসমৰ সহোদৰ ৰাজ্য নগালেন্ড আৰু অতি সক্ৰিয় চিকিম ৰাজ্য বিশেষ ভাৱে গুৰুত্ব সহকাৰে এই দিৱসৰ লাভ লয়। ১৯৯৫ চনত চিকিম ৰাজ্যত এই দিৱস পোন প্ৰথম বাৰ উদযাপিত হৈছিল ।
২০১৬ ৰ এইবাৰ কাৰ্যসূচী অনুসৰি শিশু শ্ৰম প্ৰতিৰোধ , বৃদ্ধ পিতৃ মাতৃৰ চোৱা চিতা,ইতিমধ্যে উল্লেখিত সমাজৰ শ্ৰেণী সমূহে বিনামূলীয়া ন্যায় সেৱা কেনেদৰে পাব আদি বিভিন্ন বিষয় সমূহক গুৰুত্ব দিয়া হৈছে। এনেধৰণৰ সামাজিক মঙ্গল অনুষ্ঠান প্ৰতিষ্ঠা কৰিবলৈ চৰকাৰে আৰ্থিক অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে ।
সচাৰচৰ আইনৰ মেৰপাকত পৰিবলৈ কোনেও নিবিচাৰে কাৰণ ন্যায় এক দীৰ্ঘ দিনিয়া, ব্যয়বহুল তথা বিৰক্তিকৰ ব্যৱস্থা হৈ পৰে। সেয়ে ই সৰ্বসাধাৰণৰ সহজলভ্য যাতে হয় তাৰ ব্যৱস্থা প্ৰতি বছৰে ন্যায়ীক সংসোধনৰ দ্বাৰা কৰা হয়। কিন্তু কি কি সুবিধা আমি আদায় কৰিব পাৰো এই কথা অৱগত হোৱাটো প্ৰয়োজন । উদাহৰণ স্বৰূপে কোনো ব্যক্তি দূৰ্ঘটনাত পতিত হ’লে আমি সাধাৰণতে কানুনি মেৰপাকৰ পৰা নিজকে আতৰাই ৰাখিবৰ বাবে আমি সহায়ৰ হাত আগবঢ়াবলৈ অপৰাগ হওঁ , ফলস্বৰূপে সেই ব্যক্তি মৃত্যু মুখত পৰে । কিন্তু এই আইন সংসোধন কৰি সহায়কাৰী ব্যক্তিক কোনো ধৰণৰ আইনৰ সমস্যাত পৰিব নালাগে , দূৰ্ঘটনা পতিত ব্যক্তি জনক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱাৰ পাছতে তেওঁ মুক্ত । এই আইন অলপতে সংসোধন হয় আৰু এনেধৰণৰ বহু সংসোধিত আইনৰ বিষয়ে আমি বহুতেই হয়তো নাজানো । সেয়ে এই দিৱস উদযাপন কৰি জনসাধাৰণক সজাগ কৰাৰ প্ৰচেষ্টা ।জনসাধাৰণ তথা বিদ্যাৰ্থী সকলো যাতে এই আইনৰ সুবিধা সমূহৰ বিষয়ে জ্ঞাত হয় তাৰ বাবে এই দিৱস উদযাপন গুৰুত্বপূৰ্ণ । আমাৰো সচেতন মহলে এই দিৱস গুৰুত্ব সহকাৰে লোৱাটো নিশ্চয় সমাজৰ কল্যাণকাৰী হ’ব!
***

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!