নৱপ্ৰজন্ম আৰু সুস্থতা – ডাঃ পাৰ্থসাৰথি ভূঞা

আমাৰ ভাৰতবৰ্ষ এখন যুৱ দেশ৷ ভাৰতৰ প্ৰতি তিনিজন ব্যক্তিৰ এজন, এগৰাকী যুৱক বা যুৱতী৷ আজিৰ যুৱ প্ৰজন্ম কাইলৈ দেশৰ ভবিষ্যত, দেশৰ মানৱ সম্পদ৷ গতিকে এই সময়ছোৱাতে প্ৰতিজন যুৱক, যুৱতীয়ে এজন সুনাগৰিক হিচাপে নিজকে গঢ়িবলৈ যত্নপৰ হব লাগে৷ সুনাগৰিক বুলি কলে কেৱল পঢ়া শুনা ভালকৈ কৰি চিকিৎসক, অভিযন্তা, অধ্যাপক বা ডাঙৰ বিষয়া হোৱাকে নুবুজায়৷ তাৰ পৰৱৰ্তে এজন এনে ব্যক্তিক বুজাই যি সমাজ বা দেশৰ ওপৰত বোজা নহৈ তেওঁৰ নিজৰ ফালৰ পৰা কিবা হলেও অৱদান আগ বঢ়াব পৰাকৈ সক্ষম৷

সাধাৰণতে ১৫ বছৰৰ পৰা ২৪ বছৰ বয়সলৈকে যুৱ অৱস্থা বুলি কোৱা হয়, যদিও National Youth Policy of India ই ১৫ ৰ পৰা ৩৫ বছৰ বয়সলৈকে যুৱ অৱস্থাত সামৰি লৈছে৷ কৈশোৰ পাৰ কৰি যৌৱনত ভৰি দিয়া এই সময়খিনি সকলোৰে বাবে বৰ সংবেদনশীল৷ কাৰণ শাৰীৰিক, মানসিক, সামাজিক ভাবে এই সময়ত যথেষ্ট পৰিৱৰ্তন ঘটে আৰু কিছু নতুন সমন্ধ গঢ়লৈ উঠে৷ গতিকে এই সময়ত নিজক সুস্থিৰ ভাবে ৰাখি, সঠিক ভাবে নিজৰ দেহ-মন যিজনে আগুৱাই লৈ যাব তেওঁৱেই হবগৈ এজন শাৰীৰিক আৰু মানসিক ভাৱে সুস্থ প্ৰাপ্তবয়স্ক ব্যক্তি৷ সেয়ে কোৱা হয়, ’ যুৱ অৱস্থা সুন্দৰ ভৱিষ্যত জীৱনৰ এখন খিৰিকী’৷

যদিও ভবা হয় যে, যুৱচাম সদায়েই স্বাস্থ্যৱান, কিন্তু আচলতে তেনে নহয়৷ আমাৰ ভাৰতত বহু যুৱক, যুৱতীয়ে অকালতে প্ৰাণ হেৰুৱাই বা এই সময়ত কৰা কিছু কৰ্মৰ বাবে ভৱিষ্যতে এটা ৰুগীয়া জীৱন যাপন কৰিব লগাত পৰে৷ ভাৰতৰ যুৱ সমাজৰ মাজত আজিকালি দেখা এটা প্ৰধান চিন্তাৰ বিষয় হ’ল, খাদ্যাভ্যাস৷ কিছু সংখ্যক খাদ্যৰসিকে জোখতকৈ খুব বেছিকৈ খায়, অথচ সেই খাদ্য সঠিক মাত্ৰাত শৰীৰত ব্যৱহৃত হ’বৰ বাবে প্ৰয়োজনীয় শাৰীৰিক কষ্ট বা ব্যায়াম একেবাৰে নকৰে৷ ফলত মেদবহুলতা( Obesity) ৰ চিকাৰ হয়৷ আৰু ইয়াৰ পৰাই আৰম্ভ হয়, উচ্চ ৰক্তচাপ, ডায়েবেটিচ, হাৰ্টৰ বিসংগতি৷ তদুপৰি আজিকালি উপলব্ধ ফাষ্ট ফুড বা জাংক ফুডৰ বেছি ব্যৱহাৰৰ বাবেও ভাৰতৰ যুৱচাম বয়সতকৈ বহু আগতেই এই বেমাৰবিলাকৰ কৱলত পৰা দেখা যায়৷

আনহাতে আকৌ এচামৰ ক্ষেত্ৰত শকত হোৱাৰ ভয়ত শৰীৰৰ বাবে নূন্যতম প্ৰয়োজনীয় খাদ্যতকৈও কমকৈ খোৱা দেখা যায়৷ ইয়াৰ ফলত তেওঁলোকৰ ৰক্তহীনতা আৰু শাৰীৰিক দুৰ্বলতা আদিয়ে দেখা দিয়ে৷ এগৰাকী যুৱতীৰ ক্ষেত্ৰত ৰক্তহীনতা বৰ মাৰাত্মক, কিয়নো তেওঁ কাইলৈ হবলগীয়া এগৰাকী মাতৃ৷ ভাৰতত অধিকাংশ প্ৰসুতি মাতৃৰ মৃত্যুৰ কাৰণ হৈছে ৰক্তহীনতা৷
বৰ্তমান যুৱ সমাজৰ মাজত সাধাৰণতে দেখা পোৱা বদঅভ্যাস হৈছে ধূম্ৰপান আৰু মাদক দ্ৰব্যৰ ব্যৱহাৰ৷ “কেনেকুৱা বস্তুনো এইটো, খাই চাওঁ“, এই কৌতূহলত পৰি কিছু সংখ্যকে ড্ৰাগছৰ কৰাল গ্ৰাসত পৰাও দেখা গৈছে, যি তেওঁলোকৰ গোটেই শৰীৰ কুমলীয়াতে মোহাৰি পেলাইছে৷ ড্ৰাগছৰ বাহিৰেও ধূমপান আৰু মদৰ অত্যধিক ব্যৱহাৰে যুৱ প্ৰজন্মৰ জীৱনত খুবেই কু-প্ৰভাব পেলোৱা পৰিলক্ষিত হৈছে৷ ধূমপানৰ ফলত পিছত ক্ৰনিক লাং ডিজিছ, উচ্চ ৰক্তচাপ আৰু সেইদৰে মদে লিভাৰ চিৰ’চিছ আদি কৰি কম বয়সতে ৰুগীয়া কৰি পেলায়৷

যুৱতীসকলৰ মাজত এই অভ্যাস তুলনামুলক ভাৱে অধিক বিপদজনক৷ কিয়নো এগৰাকী যুৱতী হৈছে ভৱিষ্যতৰ মাতৃ৷ ধূমপান আৰু মদে, সন্তান জন্মৰ প্ৰক্ৰিয়াত বহুতো বিঘিনিৰ সৃষ্টি কৰে৷ গৰ্ভধাৰণ নোহোৱা বা হ’লেও বেয়া হৈ যোৱা আদিৰ লগতে জন্ম হবলগীয়া সন্তানৰো জন্মগত শাৰীৰিক বিসংগতিৰ কাৰণ এই মদ আৰু চিগাৰেট হ’ব পাৰে৷ আজিৰ এই প্ৰতিযোগিতাৰ ধামখুমীয়াত যুৱচামৰ মাজত নানা ধৰণৰ মানসিক সমস্যায়ো দেখা দিছে৷ হতাশা, মানসিক চাপ, উদ্বিগ্নতা আদিৰ চিকাৰ হোৱা সততে দেখা যায়৷ কিছুমানৰ ক্ষেত্ৰত আত্মহত্যাৰ প্ৰৱণতাও দেখা যায়৷ ভাৰতত প্ৰায় ১.৫ লাখ যুৱক/ যুৱতীয়ে প্ৰতিবছৰে আত্মহত্যা কৰে৷ মানসিক অশান্তিৰ আন বহুতো কাৰকৰ লগতে বয়সসুলভ প্ৰেমজনিত কাৰকৰ প্ৰভাৱো দেখা যায়৷ কিছুসংখ্যকে গুৰুতৰ মানসিক ৰোগৰ ফালে গতি কৰে৷ মানসিক অশান্তিয়ে তেওঁলোকক অতি কম বয়সতে উচ্চ ৰক্তচাপ, ডায়েবেটিচ আদি বেমাৰত পেলাব পাৰে৷

বয়ঃসন্ধিৰ পৰা প্ৰাপ্তবয়স্কলৈকে এই যাত্ৰাৰ সময়ছোৱাত তেওঁলোকৰ দেহত কিছুমান নতুন অনুভূতিৰ জন্ম হয়৷ শৰীৰত নতুনকৈ নিঃসৰিত হৰমনৰ প্ৰভাৱত কিছু নতুন কৌতূহলৰ সৃষ্টি হয়৷ সেয়েহে এই সংবেদনশীল সময়ত নিজকে সংযমী কৰি ৰখাটো খুবেই গুৰুত্বপূৰ্ণ৷ এনে অনুভূতি বা কৌতূহলৰ ফলত কেতিয়াবা কাৰোবাৰ অসুৰক্ষিত যৌন সম্পৰ্ক স্থাপন হয়৷ এনে অসুৰক্ষিত সম্পৰ্কই কেতিয়াবা এজনৰ দেহৰ পৰা আন এজনলৈ নানা বেমাৰৰ বীজাণু বিয়পাব পাৰে৷ এজন দেখাত সুস্থ ব্যক্তিয়েও এইডছকে আদি কৰি আন যৌন ৰোগৰ (STI)বীজাণু সংগোপনে কঢ়িয়াব পাৰে, যাৰ ফলত তেওঁ সম্পৰ্ক স্থাপন কৰা আনজন ব্যক্তি সেই ৰোগত আক্ৰান্ত হৈ পৰিব পাৰে৷ তদুপৰি অসুৰক্ষিত সম্পৰ্কৰ ফলত হ’ব পৰা অনাকাংক্ষিত গৰ্ভধাৰণৰ পৰা পৰিত্ৰাণ পাবলৈ অৱলম্বন কৰিবলগীয়া জৰুৰীকালীন পদ্ধতিবোৰ তথা অসুৰক্ষিত গৰ্ভপাতে যুৱতী গৰাকীৰ শৰীৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে আৰু হয়তো ভৱিষ্যতে মাতৃ হোৱাৰ পথত হেঙাৰ সৃষ্টি কৰিব পাৰে৷

বৰ্তমান সময়ত আটাইতকৈ চিন্তনীয় সামাজিক সমস্যা হিচাপে থিয় দিছে যুৱপ্ৰজন্মৰ বেপেৰুৱা স্বভাৱ! আজিকালি বেমাৰতকৈ দুৰ্ঘটনাত বেছি যুৱক, যুৱতীৰ মৃত্যু হোৱা দেখা য়ায়৷ ই আশ্চৰ্যকৰ আৰু চিন্তনীয়৷ আজিকালি ওলোৱা বিভিন্ন অত্যাধুনিক দ্ৰুতবেগী বাইক বোৰ বহুতৰে বাবে সোনকালে ওপৰলৈ যোৱাৰ ভিছা লৈ অহাৰ দৰে৷ দ্ৰুতগতিত বাইক চলাই থ্ৰীল অনুভৱ কৰা সকলে অনুধাৱন নকৰে যে দুৰ্ঘটনা হবলৈ মাত্ৰ এক চেকেণ্ডহে লাগে৷ এনে দুৰ্ঘটনাই বহু প্ৰতিভাৱান যুৱশক্তিৰ মৃত্যু ঘটাইছে বা জীৱনলৈ ঘুনীয়া কৰিছে৷ তদুপৰি আজিকালি সৰু সৰু কথাতে দুটা গোটৰ মাজত হিংসাত্মক ঘটনা ঘটা দেখা যায়৷ যাৰ ফলতো কাৰোবাৰ প্ৰাণ যোৱাৰ লগতে, ঘুনীয়া হোৱা দেখা যায়৷

এইখিনি আছিল যুৱ অৱস্থাৰ পৰা এজন শাৰীৰিক আৰু মানসিক ভাবে সবল প্ৰাপ্তবয়স্ক লোকলৈ গতি কৰাৰ পথত থকা কিছু অন্তৰায়৷ বহুতৰে মনত হয়তো প্ৰশ্ন উদয় হ’ব যে ডেকাকালতেই যদি নাখাওঁ, কেতিয়া খাম? কথাটো হয়৷ কিন্তু শৰীৰৰ সন্তুলন বৰ্তি থাকিবৰ বাবে খাদ্য খোৱাৰ লগত শাৰীৰিক ব্যায়াম খুবেই দৰকাৰী৷ দুয়োটাৰে মাজত এটা সমানুপতিক সন্তুলন বজাই ৰাখিব পাৰিলেহে মাজে মাজে কিছু অতিৰিক্ত খালেও শৰীৰ ৰুগীয়া নহ’ব৷ দৈনিক পৰিমিত সুষম খাদ্য খাই, কিছু নিয়মীয়া শাৰীৰিক ব্যায়াম কৰিলে মানুহ শকত নোহোৱাকৈ থাকে৷ তাকে নকৰি যদি শকত হোৱাৰ ভয়ত খাবলৈ একেবাৰে কমাই দিয়া হয়, শৰীৰত ৰক্তহীনতাৰ লগতে আন আন পুষ্টিহীনতাই সৃষ্টি কৰা ৰোগে দেখা দিব৷ আজিকালি মোবাইল, লেপটপ আদিৰ লগত অধিক বেছি ব্যস্ততায়ো শাৰীৰিক ব্যায়াম, খেলা ধূলা আদিৰ সময় ভালেখিনি কাঢ়ি নিছে৷ এইবিলাক কথাত গুৰুত্ব দিব লাগে, কাৰণ স্বাস্থ্যই পৰম ধন৷

পৰাপক্ষত ধূমপান আৰু সুৰা সম্পূৰ্ণকৈ বৰ্জন কৰক৷ জীৱনত আনন্দ উপভোগ কৰিবলৈ আৰু বহু পথ আছে৷ মাদক দ্ৰব্যৰ দৰে কু অভ্যাসৰ প্ৰভাৱত পৰি নিজৰ ভৱিষ্যত জীৱন ধ্বংস নকৰাই শ্ৰেয়৷ বিশেষকৈ যুৱতীসকলে নিজৰ শৰীৰৰ লগতে, ভৱিষ্যতে নিজৰ হবলগীয়া সন্তানটোৰ কথা চিন্তা কৰা উচিত৷ নিজৰ কৰ্মৰ কুফল আপোনাৰ ভৱিষ্যতৰ সন্তানে ভোগ কৰাটো আপুনি বিচাৰিব জানো?

কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিল, “মৰিতে চাহি না আমি সুন্দৰ ভুবনে, মানবেৰ মাঝে আমি বাচিবাৰে চাই৷ “ এই পৃথিৱীখন খুব সুন্দৰ, কিন্তু তাক চাবলৈ সদাই আমাৰ দৃষ্টিভংগী যোগাত্মক হব লাগিব৷ আমাৰ বেছিভাগ মানসিক অশান্তিৰ কাৰণ আমি আগলৈ চোৱাতকৈ পিছলৈ বেছি চাওঁ৷ সফলতা বা সুযোগৰ বাটত এখন দুৱাৰ বন্ধ হলেও আমাৰ বাবে আন এখন দুৱাৰ খোল খায়৷ গতিকে আগলৈ গৈ খোলা দুৱাৰ বিচৰাৰ পৰিৱৰ্তে আমি যদি বন্ধ দুৱাৰখনৰ পিনে চাই দুখ কৰি থাকোঁ, কিবা লাভ হব জানো? একেদৰেই মানুহৰ জীৱনত নানা সম্বন্ধ গঢ় লয়, সকলো স্থায়ী নহয়৷ এটা সম্বন্ধ শেষ হৈ গলেই জীৱন ধংস হৈ নাযায়৷ যিয়ে এটা গভীৰ সম্পৰ্কও শেষ হৈ যোৱাৰ পিছত যোগাত্মক ভাবে চিন্তা কৰে যে হয়তো মোৰ বাবে আৰু ভাল সম্বন্ধই বাট চাই আছে, তেওঁহে জীৱনত ভাগি নপৰি আগুৱাই যাব পাৰে৷ মানসিক ভাৱে সুস্থ থাকিবলৈকো ব্যায়াম, যোগাভ্যাস, খেলা-ধূলা আৰু সংগীত, ভাল কিতাপ পঢ়া, ভাল চিনেমা, সৃষ্টিশীলতা আদিয়ে বহুখিনি সহায় কৰে৷ বন্ধু-বান্ধৱৰ লগত নিজৰ কথা শ্বেয়াৰ কৰি, ওলাই গৈ ফুৰি চাকি আহিলেও মন ভালে থাকে৷ মোবাইল টিপি অকলশৰে ৰুমত থকা ব্যক্তিৰ মানসিক অশান্তি আৰু বাঢ়ে৷
অসুৰক্ষিত যৌন সম্পৰ্কৰ পৰা সকলো বিৰত থকা উচিত৷ নিজৰ স্বাস্থ্যৰ বাবে, এটা ভৱিষ্যত প্ৰজন্মৰ বাবে নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ কিছু সংযম অতি প্ৰয়োজনীয়৷ নৱযুৱতী সকলৰ বাবে প্ৰয়োজনীয় গুৰুত্ব দিব লগীয়া কথা হৈছে মাহেকীয়াৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতা৷ এই সময়ছোৱাত পৰিষ্কাৰকৈ থকাৰ উপৰিও ছেনিটেৰি নেপকিনৰ ব্যৱহাৰ অভ্যাসত পৰিণত কৰিব লাগে৷

বৰ্তমান চৰকাৰেও চৰকাৰী আচনিৰ অধীনত নূন্যতম মূল্যত এনে নেপকিনৰ যোগান ধৰিছে৷ তদুপৰি এইসময়ত পানী বা আন জুলীয়া খাদ্য বেছিকৈ খোৱাতো স্বাস্থ্যৰ পক্ষে ভাল৷
দুৰ্ঘটনাৰ কথানো কি কম! বয়োজ্যেষ্ঠ লোকৰ ভাষাত “খন্তেকৰ ভোজ খাওঁতা নাই৷” দেখা যায় ভালদৰে চলাব নজনা বা ভয়ে ভয়ে চলোৱা লোকৰ দুৰ্ঘটনা কমকৈ হে হয় বা হলেও বেছি গুৰুতৰ নহয়৷ কিন্তু নিজকে ওস্তাদ বুলি ভবা লোকৰ ক্ষেত্ৰতহে ভয়ানক দুৰ্ঘটনা বেছি৷ সেয়ে কেতিয়াও হিচাপতকৈ বেছি আত্মবিশ্বাসী হব নালাগে৷ এইখন পৃথিৱীত কৰবালৈ যাওঁতে দুই মিনিট দেৰি হলেও বিশেষ কথা নাই, তীব্ৰ গতিত উৰিগৈ সোনকালে সিপুৰী পোৱাতকৈ, নহয় জানো?

শেষত দেশৰ ভৱিষ্যত যুৱশক্তিক প্ৰণাম জনাই কওঁ, নিজৰ দেহ-মনক সঠিক দিশত আগুৱাই নিয়াৰ এয়াই উপযুক্ত সময়৷ এবাৰ পাৰহৈ গলে আৰু এই সময় ঘূৰাই পাব নোৱাৰি৷ গতিকে সচেতনতাৰে জীৱনটোক উপভোগ কৰক৷ গ্ৰীক দাৰ্শনিক এৰিষ্ট’টলৰ ভাষাৰে “Good habits formed at youth make all the difference.”

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!