নৱবৰ্ষ – আকৌ আহিবি দেই, কেতিয়া আহিবি কৈ যা: প্ৰতিম প্ৰতাপ বৰুৱা

(লালে আমাৰ বাবে আগৰ দৰেই দিচাংমুখত ৰৈ আছিল। তাক সাবটি ধৰিছিলোঁ। সি মুখেৰে মাতিব নোৱাৰা হৈ থক্‌থক্‌কৈ কঁপিছিল। উশাহ এটা লৈ সেহাই-ফোঁপাই কোনোমতে কৈছিল – ‘ককাই অ’, তোৰ ভালনে?’)

(মোৰ প্ৰতিটো বাল্যবন্ধুৰ হাতত)

কথাবোৰ কোনে কেনেকৈ আৰম্ভ কৰে নাজানো কিন্তু ডিচেম্বৰৰ দ্বিতীয় সপ্তাহমানৰ পৰাই কথাবোৰ আৰম্ভ হৈ যায়। কেতিয়াবা যদি আবেলি ফিল্ডত ক্ৰিকেট খেলি থাকোঁতে আৰম্ভ হয়, কেতিয়াবা আকৌ গধূলি গোটেইকেজন লগ হওতে আৰম্ভ হয় – ১ জানুৱাৰীত এইবাৰ কি কৰিবি? প্ৰত্যেক বছৰে সিদ্ধান্তবোৰ বেলেগ বেলেগ হয়। পিক্‌নিক্‌লৈ যাওঁ ব’ল, চৰাইদেউ পাহাৰ নহ’লে কাজিৰঙা, প্ৰদীপৰ নাৱত ব্ৰহ্মপুত্ৰৰ সিপাৰলৈ যাওঁ ব’ল, আজান পীৰৰ দৰগাহলৈ যাওঁ ব’ল। নাৱত যাম। দিচাংমুখলৈ যাওঁ ব’ল, চাইকেল লৈ যাম ইত্যাদি। লগে লগে আমি গোটেইজাক বাল্যবন্ধু সাজু হৈ যাওঁ। একেলগে ডাঙৰ হোৱা, একে নলীৰে পানী যোৱা এইজাক বাল্যবন্ধু। আমাৰ নামবোৰ – প্ৰতিম, দিগন্ত, নাইমুদ্দিন, বিকাশ, ইনামূল, চন্দন, অজয়, প্ৰদীপ, অৰূপ, নাদীম, ৰাজীৱ, পাৰ্থ, জয়ন্ত, মৃদুল ইত্যাদি। নামৰ লগত এনেয়ে কোনো কাম নোহোৱাকৈ ওলমি থকা উপাধিবোৰে আমাৰ মাজত তেতিয়াও প্ৰাধ্যান্য নাপাইছিল। আজিও নাপায়। আজিও আমি ইজনে সিজনৰ লগত প্ৰাণ খুলি প্ৰাণৰ কথা পাতোঁ। বাল্যবন্ধুৰ এনে ধৰণৰ জাকৰুৱা দল আজিকালি সিমান সুলভ নহয়।

কিমান যে কাম ওলায়! টকা উঠোৱা, বজাৰৰ লিষ্ট তৈয়াৰ কৰি আগদিনাখন বজাৰ কৰা। চাউল, দাইলৰ পৰা আৰম্ভ কৰি কুকুৰা, খৰিলৈকে, বস্তুবোৰ আনি কোনোবা এজনৰ ঘৰত থোৱা ইত্যাদি। শিৱসাগৰৰ পৰা দিচাংমুখ। পুৱাই জাক পাতি চাইকেলেৰে যাত্ৰা। দুটাক আগতেই দিচাংমুখ অভিমুখী বাছত বস্তুৱে-বেহানিয়ে পঠিয়াই দিওঁ। কোন দুজন বাছত যাব তাকে লৈ প্ৰত্যেকবাৰে আমাৰ মাজত দুৰ্বাদল কাজিয়া হয়। বাছত কোনেও যাবলৈ নিবিচাৰে। কাৰণ দিচাংমুখলৈ যাওঁতে বাটতে বানমুখত মৃদুলহঁতৰ ঘৰ। সি বাটত ৰৈ থাকেহি। গোটেইকেইজনে সিহঁতৰ ঘৰত সোমাই চোতালতে ঘূৰণীয়াকৈ বহি লৈ কোমল চাউল-দৈৰে জলপান খাওঁ। জলপান,সিহঁতৰ বাৰীৰ জলফাই আৰু আমলখিকেইটাৰ লোভত কোনেও বাছত যাব নিবিচাৰে। কাজিয়া-পেচালৰ অন্তত গালি-শপনি পাৰি যিকেইটাই যাবলগাত পৰে, তেওঁলোকে চাইকেলকেইখন বাছত তুলি লৈ যায়। উভতি আহোতে একেলগে আহিব। দিচাংমুখত ৰৈ থাকে প্ৰদীপৰ নাৱত গুৰিবঠা ধৰা লাল নামৰ মিচিং ল’ৰাজন। ভোজ খাবলৈ নদীৰ পাৰত ঠাইখিনি লালৰ ককায়েক-ভায়েককেইজনে আগতেই ঠিক কৰি থয়। নগা-শ্বলেৰে দুফালে ঘেৰি লৈ বতাহ সোমাব নোৱাৰা কৰি চৰুটো সিহঁতেই পাতে। মিচিং নিয়মেৰে সিহঁতে আমাৰ বাবে ভাত ৰান্ধে। সেইখিনি সময়ত আমাৰ মাজলৈ ল’ৰালিৰ উৎপতীয়া দিনবোৰ ঘূৰি আহে। আমি দিচাং-ব্ৰহ্মপুত্ৰৰ মিলনথলীৰ সৌন্দৰ্যত আপোন-পাহৰা হৈ বালিয়ে বালিয়ে দৌৰোঁ। এটা সময়ত ভোক আৰু ভাগৰ একেলগে লাগে। দিচাঙৰ পানীয়ে ভাগৰখিনি ধুই আঁতৰাই দিয়ে। লালহঁতে মিচিং নিয়মেৰে ৰন্ধা ভাত সাজে আৰু লগতে সিহঁতৰ ‘ই ককাই, তই দেখোন খাবই নোৱাৰ অ’’ বুলি নিভাঁজকৈ কোৱা মাতষাৰে পেট ভৰাৰ পিছতো আৰু দুগৰাহমান খাবলৈ বাধ্য কৰে।

………………………………………………………………….. লুইতেদি বহুত পানী বৈ গ’ল। চাৰিবছৰৰ আগতে আমি অৰঙে-দৰঙে থকা গোটেইকেইজন বাল্যবন্ধু আকৌ এবাৰ এনেকৈ নৱবৰ্ষৰ দিনা লগ হৈছিলোঁ। আগৰ দৰেই চাইকেল মাৰি দিচাংমুখলৈ গৈছিলোঁ। বাটত মৃদুলহঁতৰ ঘৰত জলপান খাইছিলোঁ। লোভতে তাৰ মাকৰ পৰা সেইদিনা কোমল চাউল আৰু দৈ অলপ বেছিকৈ খুজি খাইছিলোঁ। ইমান দূৰ চাইকেল চলাই ভাগৰ লাগিছিল। লালে আমাৰ বাবে আগৰ দৰেই দিচাংমুখত ৰৈ আছিল। তাক সাবটি ধৰিছিলোঁ। সি মুখেৰে মাতিব নোৱাৰা হৈ থক্‌থক্‌কৈ কঁপিছিল। উশাহ এটা লৈ সেহাই-ফোঁপাই কোনোমতে কৈছিল – ‘ককাই অ’, তোৰ ভালনে?’ আকৌ এবাৰ দিচাঙৰ বালিত আমি দৌৰিছিলোঁ। সেইবাৰ ভোজতো আমি লালহঁতৰ ঘৰত খাইছিলোঁ। এসময়ত প্ৰদীপৰ নাৱৰ গুৰিবঠা ধৰা আমাৰ গোটেইকেইজনে বৰ মৰমৰ  মিচিং ল’ৰাজনৰ নিজাকৈ মেচিন নাও এখন হ’ল। আমি ঘূৰি আহোঁতে সি কৈছিল – ‘আকৌ আহিবি দেই। কেতিয়া আহিবি কৈ যা।’ ল’ৰাজনৰ কথাষাৰৰ মাজত লুকাই থকা আত্মীয়তাখিনিলৈ এতিয়াও মনত পৰি থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!