নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিলৈ এখন চিঠি (-ধীৰাজ কলিতা)

নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিলৈ এখন চিঠি-ধীৰাজ কলিতা
“অসমক এখন “অপৰাধ”হীন ৰাজ্য হিচাপে স্বীকৄতি দিয়ক”
মাননীয় মুখাৰ্জী মহোদয় |চিঠিৰ শিৰোনামাই কিজানি আপোনাৰ মনত অকনমান খু-দুৱনিৰ সৄষ্টি কৰিছে |পিছে কৰাটোৱে স্বাভাৱিক |আপোনাৰ মনৰ খু-দুৱনি দূৰ কৰিবলৈ সন্মানসহকাৰে দুটামান মনৰ কথা কওঁ|
২০১২ চনৰ জুলাই মাহত অসমৰ মাটিত ওচৰা-ওচৰিকৈ ঘটি যোৱা দুটা ঘটনাই বহুতকম সময়ৰ ভিতৰতেই অসমক বিশ্ববাসীৰ আগত চিনাকি কৰাই দিলে |”আজিৰ তাৰিখত কাশ্মীৰতকৈও বেছি সামৰিক বাহিনী মজুত আছে অসমত”/”অসমৰ মাজেৰেই ম্যানমাৰ-চীনৰ পৰা অবৈধ অস্ত্ৰ আহে ভাৰতলৈ”/”অসমীয়াৰ কাৰনে কোনো সমস্যা নাইকিন্তু বাহিৰৰ মানুহে মাজে মাজে ডিষ্টাৰ্ব দিয়ে” ইত্যাদি হ’ল ব্যৱসায়ী বা চাকৰি সূত্ৰে অসমত থকা সকলে নিজৰ ওচৰ-চুবুৰীয়া/বংশ কুতুম্বক দিয়া ভাষন |
ধেমালীৰ চলেৰে হ’লেও সিঁহতে বুকু ফিন্দাই অসমৰ বিষয়ে আনক ভয় খুৱাই ভাল পোৱাৰ লগতে প্ৰমান কৰিব বিচাৰে যে ইমান ভয়ংকৰ ঠাই এখনত থাকিবলৈও তেওঁ সমৰ্থ,পৰিস্থিতিৰ লগত মিলি চলিব নজনা কাপুৰুষ নহয় তেওঁ| অপ্ৰিয় হলেও সত্য যে বাহিৰৰ মানুহ খিনিয়ে(যি সকলে অসমত বেছি দিন থকা নাই) অসমখনক, চাৰিওফালে অটব্য অৰণ্যৰে ঘেৰি ধৰা/দৈনিক বোমা বিস্ফোৰন হোৱা/সাপ্তাহিক হাট-বজাৰতএ.কে-৪৭ কিনিব পোৱা/অনা অসমীয়া দেখিলেই কাটি মাৰি ভক্ষন কৰা/অশিক্ষিত তথা সৰু চকুৰ মানুহ থকা এখন পাহাৰ বুলিয়েই ভাৱে |
কথাৰ মাজতে কওঁ,গাওঁৰ২৫ বছৰীয়া লৰা এজনে ২৫টা বছৰে কষ্ট কৰি গাওঁবাসীৰ মাজত যি শান্ত-শিষ্ট,ভাল ল’ৰা বুলি ইম্প্ৰেচন সৄষ্টি কৰিছিল এদিন দোকান এখনৰ পিছফালে চিগাৰেট হুপিসেই ইম্প্ৰেচন ২৫ চেকেণ্ডত চুৰমাৰ কৰিলে ৷ অন্যহাতে যোৱা ৩০ দিনত অসমে বিশ্ববাসীৰ আগত সৄষ্টি কৰা নাককটা ইম্প্ৰেচনৰ পৰা মুকলি হ’বলৈ কমেও ৩০ বছৰ লাগিব(যদিহে জি.এছ ৰোড বা কোকৰাঝাৰৰ দৰে ঘটনা পুনৰাই নঘটে)
মুল কথালৈ আহো |”আপুনি ভাত খায়”/”সান্ধ্য ভ্ৰমনলৈ যায়”/”নিশাশুৱে”….ইত্যাদি কৰাটো অপৰাধ নহয় কাৰন তাৰ কাৰনে আপোনাক কোনেও শাস্তি নিদিয়ে |যিবোৰ কাৰ্য্যৰ কাৰনে কৰোঁতা জনক শাস্তি প্ৰদান কৰা হয় সেইবোৰকে আমি “অপৰাধ” বুলি জানো |অতি দুঃখেৰে জনাওঁ যে হত্যা,অপহৰন,চোৰ,ডকাইতি,ঠগ-প্ৰৱঞ্চনা,ঘোচখোৱা আদি আমাৰ ৰাজ্যত যেন “অপৰাধ” নহয় আৰু সেয়ে দোষীয়ে শাস্তিও নাপায় |এইবোৰ কাৰ্য্য ইমানেই সহজ তথা চিনাকি হৈ পৰিছে যে কৰোতা জনৰো কোনো অনুশোচনা নাই,দেখা জনৰো কোনো ভ্ৰুক্ষেপ নাই,মহামান্য চৰকাৰৰো কোনো ক্ৰিয়ানাই আনকি শুনোতা জনৰো (“অপৰাধ” জনিত ঘটনা এটাৰ খবৰ মানুহৰ মুখত বা ৰেডিঅ’ তশুনি সাধাৰনতে তেজ মঙহৰে গঢ়া মানুহ এজনৰ দেহ-মনত এটা স্বত:স্ফুৰ্ত সলনি হয় )মুখমণ্ডলত কোনো ধৰনে অনুভৱৰ চিন চাব নাই |কাৰন এটাই-“এইয়া অসমত নিত্য-নৈমত্তিক”|এক কথাত কবলৈ গলে অসমত”অপৰাধ” নামৰ কোনো বস্তুৱেই নাই |সকলোবোৰ যেন বিধিগত |
মাননীয় মুখাৰ্জী ডাঙৰীয়া, অলপ পাক লগা হ’লেও মই বুজাব খোজা কথাখিনি নিশ্চয় আপুনি বুজিব পাৰিছে |অনুগ্ৰহ কৰি মোৰ সামান্য অনুৰোধটো ৰক্ষা কৰি অসমবাসীৰ নাম পুনৰ বিশ্ববাসীক জনাওক |
ইতি
এজন স্বাধীন অসমীয়া ডেকা
১৫.০৮.২০১২

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!