পকৰীৰ দোকানত ভীৰ বাঢ়িছে (পৰাগ পিংকু)

পকৰীৰ দোকানত ভীৰ বাঢ়িছে

গৰম তেল এডোঙাৰ ওপৰত হাত এখন নাচি আছে
টিপ চাকি এটাৰ পোহৰত
জলমলীয়া চকু এজাক জিলিকিছে
শীত আহিছে
পকৰীৰ দোকানত ভীৰ বাঢ়িছে ।

ফুঃ ফাঃ কৈ কোনোবাই মুখৰ তামোল পেলাইছে
ঠিক তাৰ কাষতে
এক দৰ-দাম চলিছে
এৰাতিত পোন্ধৰশ টকা ছাৰ…

কমৰত হাণ্ড্ৰেড পাইপাৰচ
দুটা ডিচপোজেবল গ্লাছ
আৰু এটা পানীৰ বটল লৈ
এটোপোলা পকৰীয়ে
গাড়ীৰ দুৱাৰ জপাইছে।

পকৰীৰ দোকানত ভীৰ বাঢ়িছেPorag Pinku poem
দুটা শব্দ একেলগে ওলাইছে
ঘৰত কি মা বেহেন নাই …
ঠাঁচচচ্…
গাল এখনে ৰং সলাইছে
খং এটা উফৰি আহিছে
চাই ল’ম তোক ।

আঢ়ৈ বছৰীয়া কেচুৱা এটাই ঠেৰেঙা লাগি কান্দিছে
ইমান জ্বলা পকৰী
তাকনো কোনে খুৱাইছে ।

পকৰীৱালাই পকৰী ভাজিছে
এজনে হোৱাটচ্ এপত মোডীৰ ভাষণ শুনিছে
আঞ্চলিক পার্টীৰ দোষ উজাৰি উজাৰি
পকৰীৰে মুখ ভৰাইছে
শুধিবলৈ মন যায়
মোডী মানে কি ভিডিও গে’ম ?
দেশ প্ৰগতিৰ পথত ।

চেলীন ডিয়ন বাজি উঠিছে
টেলিফোনত প্ৰেম এজাক উজাইছে
…আছো জান
…ইমান ঠাণ্ডা
…পকৰী খাইছো।

দেশী মদৰ অকটা গোন্ধ এটা বিয়পিছে
বজাৰ বেয়া
দুজনী গণিকাই শীত পিন্ধিছে
পকৰী খাইছে ।

হাঁহি এজাক লৈ ওলাইছেহি
ক্লাছ টেনৰ টিউচন কৰা ছোৱালীজাক
আজি সিহঁতে ফুচকা নাখায় ।
নাখায় মিছল চানা অথবা ম’ম’ ।

আইমণিলৈ পাঁচ টকাৰ পকৰী বান্ধি
দিন হাজিৰা কৰা ৰতন ভীৰ ফালি ঘৰমূৱা হৈছে
তাই চাগে পঢ়া টেবুলতে টোপনি গৈছে ।

গৰম পকৰীৰ লগত
ভালেকেইটা গৰম খবৰ
লক্ষীমপুৰত অনা অসমীয়াক আক্ৰমণ
শুই থকাতে এজনক গুলীয়াই হত্যা দুজন জখমী
দেশ ৰক্ষাৰ ঠিকাদাৰ এজনে বিদেশতে আটাহ পাৰে
গোটেই অসমখন তেওঁৰহে বোলে ।

পকৰীৰ দোকানত ভীৰ বাঢ়িছে
তিনিআলিত লৰা-ঢপৰা লাগিছে
কোনোৱে কৈছে গাড়ীৰ চকা
আচলতে পকৰীৰ দোকানৰ ভীৰত
বোমা এটা ফুটিছে
পকৰীৰ দৰে
মানুহবোৰ চিটিকিছে
মানুহৰ দৰে পকৰী নিঠৰ
কোনে পাৰ ধৰ্
পকৰীৱালাৰ হাতখন
তেল নহয়
এডোঙ্গা খাঁটি তেজত নাচি আছে
পকৰীৰ দোকানত ভীৰ বাঢ়িছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!