পঞ্চম খণ্ড: অজামিল উপাখ্যান

৷৷পঞ্চম খণ্ড৷৷

৷৷অজামিল উপাখ্যান৷৷

৷৷প্ৰথম কীৰ্ত্তন৷৷

ঘোষা৷৷ জয় জগন্নাথ অনাথ বন্ধু

মাধৱ মুকুন্দ ৰাম৷৷১৩৷৷

পদ৷৷ হৰিৰ নামৰ শুনিয়ো মহিমা

সাৱধান কৰি চিত্ত৷

অজামিল নামে আছিল ব্ৰাহ্মণ

বেশ্যাত ভৈলা পতিত৷৷

বিপ্ৰৰ ঔৰসে বেশ্যাৰ গৰ্ভত

দশ পুত্ৰ জাত ভৈল৷

আতি দয়াতৰে কনিষ্ঠ পুত্ৰৰ

নাৰায়ণ নাম থৈল৷৷১৭৪৷৷

জাতি কুল ক্রিয়া সমস্তে তেজিল

মিলিল কৰ্ম্ম বিপাক৷

যত মহাপাপ সমস্ত সিজিল

পোষন্তে পুত্ৰ ভাৰ্য্যাক৷৷

অনেক অধৰ্ম্ম কৰন্তে বিপ্ৰৰ

আয়ু ভৈল সমাপত৷

ভয়ঙ্কৰ তিনি গোটা যমদূত

আগে ভৈল উপগত৷৷১৭৫৷৷

হাতে পাশজৰী চক্ষু টেৰ কৰি

থূলন্তৰ তাৰ জাঙ্গ৷

কৃষ্ণবৰ্ণ কায় দেখি ধাতু যায়

হাতত লোহাৰ ডাঙ্গ৷৷

ব্ৰাহ্মণক ধৰি জীৱ বাজ কৰি

বান্ধিলেক হাত তুলি৷

ভয়ে অজামিলে পুত্ৰক ডাকিল

আইস নাৰায়ণ বুলি৷৷১৭৬৷৷

মৰন্তে বিপ্ৰৰ মুখত শুনিয়া

হৰিৰ কীৰ্ত্তন বাণী৷

প্ৰভুনাম লৱৈ বুলি খেদি আইল

বিষ্ণুদূত চাৰি প্ৰাণী৷৷

যমৰ দূতক খেদায়া বিপ্ৰৰ

কাটিল বান্ধ হাতৰ৷

কোন তোম্ৰাসৱ বুলিয়া সোধয়

ডৰিয়া যম কিঙ্কৰ৷৷১৭৭৷৷

সৱাৰো সুন্দৰ শ্যাম কলেৱৰ

পীত বস্ত্ৰে আতি ৰঞ্জৈ৷

চাৰিৰো প্ৰসন্ন বদন মণ্ডলে

পূৰ্ণ চন্দ্ৰমাকো গঞ্জৈ৷৷

পদ্মপত্ৰ সম আয়ত লোচন

ভ্ৰূৱযুগে কৰৈ কান্তি৷

নাসা তিল ফুল অধৰ ৰাতুল

দশন মুকুতা পান্তি৷৷১৭৮৷৷

শিৰত ৰত্নৰ কিৰীটি কৰ্ণত

মকৰ কুণ্ডল জ্বলে৷

চাৰিৰো আজানু লম্বিত পদ্মৰ

মালা শোভা কৰৈ গলে৷৷

হিয়াত বিচিত্ৰ ৰত্ন বিৰচিত

গজমুকুতাৰ হাৰ৷

চাৰু চতুৰ্ভুজ কেয়ূৰ কঙ্কণে

কৰৈ আতি জাতিষ্কাৰ৷৷১৭৯৷৷

শঙ্খ চক্র গদা পদ্ম শাৰ্ঙ্গ ধনু

সৱে ধৰি আছা হাতে৷

ৰত্নৰ মেখলা কটি মাজে জ্বলৈ

সোণাৰ কিঙ্কিণী তাতে৷৷

কৰিকৰ সম উৰু নিৰুপম

পাৱ নৱ পদ্মকোষ৷

সমান বয়স চাৰিৰো দেখন্তে

মনত মিলৈ সন্তোষ৷৷১৮০৷৷

সূৰ্য্য সম সৱে জ্বলন্তে আছাহা

সমস্ত দিশ প্ৰকাশি৷

মহাপাপী ইটো বিপ্ৰক নেহন্তে

কিসক বাধিলা আসি৷৷

হেন শুনি হাসি চাৰি বিষ্ণুদূতে

দিলন্ত পাছে উত্তৰ৷

কোন পাপ পুণ্য একো নজানস

শুনৰে যম কিঙ্কৰ৷৷১৮১৷৷

মৰিবাৰ বেলা ইটো অজামিলে

নাৰায়ণ নাম লৈল৷

কোটি জনমৰ যত মহাপাপ

তাৰো প্ৰায়শ্চিত্ত ভৈল৷৷

ব্ৰহ্মবধ পিতৃ বধ সুৰাপান

অগম্যাগমন কৰৈ৷

গৰু তিৰী মাৰৈ সুৱৰ্ণক হৰৈ

মিত্ৰৰ দ্ৰোহ আচৰৈ৷৷১৮২৷৷

সংসাৰত যত আনো অসংখ্যাত

আছৈ মহা পাপীগণ৷

সৱাৰো এহিসে মুখ্য প্ৰায়শ্চিত্ত

হৰিৰ নাম কীৰ্ত্তন৷৷

মাধৱৰো মতি হোৱৈ তাক প্ৰতি

যি ফুৰৈ নাম সুমৰি৷

ইটো মোৰ দাস নছাড়ন্ত পাশ

ৰাখিয়া ফুৰন্ত হৰি৷৷১৮৩৷৷

 

 

 

৷৷ দ্বিতীয় কীৰ্ত্তন৷৷

ঘোষা৷৷ তাৰিয়া নিয়োক নাথ নাৰায়ণ

চৰণে শৰণ লৈলোঁ৷৷১৪৷৷

 

পদ৷৷ হৰিৰ কীৰ্ত্তনে মহা পাতকক

যিমতে কৰৈ নিৰ্য্যাণ৷

আন প্ৰায়শ্চিত্তে পৱিত্ৰ কৰিবে

নৱাৰৈ তাৰ সমান৷৷

যিটো পাতকৰ প্ৰায়শ্চিত্ত কৰৈ

দুনাই তাতে মন মজৈ৷

চিত্তৰ শোধন হৰিৰ কীৰ্ত্তন

পাপৰ আলু উভঞ্জৈ৷৷১৮৪৷৷

পুত্ৰ নাম ধৰি উপহাস্য কৰি

হেলাতো যি বোলৈ হৰি৷

তাহাৰো সমস্ত পাতক দহৱৈ

জানা আক নিষ্ঠ কৰি৷৷

পৰৈ বা পিছলৈ সৰ্পে বা দংশৱৈ

জ্বৰে তাপে পীড়া কৰৈ৷

এতেকতে যদি হৰি নাম লৱৈ

যম যাতনাতো তৰৈ৷৷১৮৫৷৷

হৰিনামে সৱ পাতক দহৱৈ

জ্ঞানে বা অজ্ঞানে বোলৈ৷

যেন হুতাশনে শুকান কাষ্ঠক

আতি অপ্ৰয়াসে পোলৈ৷৷

প্ৰমাদত থাকি যিটো হৰি বোলৈ

সিও সৱ দুখ তৰৈ৷

যেন মহৌষধি নজানি ভুঞ্জিলে

তাৰো গৰ্ভৰোগ হৰৈ৷৷১৮৬৷৷

প্ৰভুৰ নামৰ অনন্ত মহিমা

কতেক কহিবো আমি৷

হেন হৰিনাম লৈলেও বান্ধস

কিনো তোৰা অধোগামী৷৷

ব্ৰাহ্মণক এৰি প্ৰাণ ৰক্ষা কৰি

সত্বৰে ঐৰ অন্তৰ৷

শুনি দূতচয় হুয়া মহাভয়

পশিল যম নগৰ৷৷১৮৭৷৷

নাৰায়ণ নাম বুলিবাৰ পদে

নিস্তৰিল অজামিল৷

বিষ্ণুক চিন্তিয়া চতুৰ্ভুজ ৰূপে

বৈকুণ্ঠত আৰোহিল৷৷

পাছে দূতগণে যমৰ আগত

দুঃখ সাক্ষী দেয় কান্দি৷

কৈৰ চাৰি সিদ্ধে কাঢ়িয়া নিলেক

পাপীক আনন্তে বান্ধি৷৷১৮৮৷৷

সিটো অজামিলে বুলিলেক মাত্ৰ

আইস পুত্ৰ নাৰায়ণ৷

এতেকতে আসি কাঢ়িয়া লৈলেক

তযু আজ্ঞা কৰি ছন্ন৷৷

আমাসাৰ পৰা কাঢ়িয়া লৈবেক

কৈত অধিকাৰী আছে৷

হেন শুনি যমে বিষ্ণুক স্মৰিয়া

দূতক মাতিলা পাছে৷৷১৮৯৷৷

শুনা দূতগণ প্ৰভু নাৰায়ণ

আছন্ত জগত স্বামী৷

তাহান আজ্ঞাক শিৰত ধৰিয়া

প্ৰজাক নিয়মো আমি৷৷

তানে দূতচয় সদায়ে ভ্ৰময়

বৈষ্ণৱক ৰক্ষা কৰি৷

মাধৱৰ বেশ ভূষণে ভূষিত

হাতে চাৰি অস্ত্ৰ ধৰি৷৷১৯০৷৷

দেৱ ঋষি নৰ সিদ্ধ বিদ্যাধৰ

গন্ধৰ্ব্ব চাৰণগণে৷

হৰিৰ নামৰ গুপ্ত মহিমাক

তেসম্বো কেহো নজানে৷৷

ব্ৰহ্মা মনু হৰ কপিল কুমাৰ

শুক ভীষ্ম বলিৰায়৷

প্ৰহ্লাদ নাৰদ জনক আমিসি

বাহজন সমুদায়৷৷১৯১৷৷

পৰম গুপুত হৰিনাম ধৰ্ম্ম

জানি আছো শুদ্ধভাৱে৷

যাক আচৰিলে থাৱতে বসিয়া

দুৰ্ল্লভ মুকুতি পাৱে৷৷

হৰিত ভকতি কৰে সৰ্ব্বদায়

কৰিয়া কীৰ্ত্তন কৰ্ম্ম৷

মনুষ্য লোকত এহিমানে মাত্ৰ

পুৰুষৰ শ্ৰেষ্ঠ ধৰ্ম্ম৷৷১৯২৷৷

হৰিনাম ধৰ্ম্ম স্মৰণ মহিমা

দেখিয়ো দূত সম্প্ৰতি৷

পাপী অজামিলে নাৰায়ণ বুলি

পাইলে কেন সদ্‌গতি৷৷

হেন বিমৰিষি যিটো জ্ঞানীগণে

ফুৰৈ হৰিনাম গাই৷

কুল উদ্ধাৰিল আপুনো তৰিল

এৰাইল আহ্মাৰ দায়৷৷১৯৩৷৷

 

 

 

 

 

 

 

 

 

৷৷তৃতীয় কীৰ্ত্তন৷৷

ঘোষা৷৷ হৰি বোল হৰি বোল আহে লোকাই

হৰি বিনে নাই গতি৷৷১৫৷৷

পদ৷৷ হৰিৰ চৰণ চিন্তিয়া বেড়াৱৈ

হৰিনাম লৱৈ ডাকি৷

সিদ্ধ মুনিগণে তাৰ যশ গাৱৈ

প্ৰশংসে স্বৰ্গত থাকি৷

মাধৱৰ আসি কৌমুদকী গদা

ৰক্ষা কৰি ফুৰৈ তাক৷

তাহাৰ ওচৰ নচাপিবি কেহো

দূতগণ মোৰ হাক৷৷১৯৪৷৷

বৈষ্ণৱক দেখি আন্তৰি পলাইবি

ভয়ে চপৰাইবি মুণ্ড৷

নুহি মাধৱৰ গদাৰ কোবত

হুইবেক হাড় খুখুণ্ড৷৷

কীৰ্ত্তনৰ ধ্বনি যি থানত শুনি

তাৰ নচাপিবি পাশ৷

বিষ্ণু দূতচয় তথাতে থাকয়

কৰিবেক সৰ্ব্বনাশ৷৷১৯৫৷৷

যাহাৰ জিহ্বায়ে নোবোলৈ বিষ্ণুৰ

গুণ নাম সৰ্ব্বক্ষণ৷

যি জনৰ মনে হৃদয় পদ্মত

নিচিন্তৈ কৃষ্ণ চৰণ৷৷

যি জনৰ শিৰে নকৰৈ প্ৰণাম

কৃষ্ণৰ পদ কমলে৷

তাত মোৰ দায় নেৰিবি সদায়

বান্ধি আন হাতে গলে৷৷১৯৬৷৷

হৰি চৰণত সদায় বিমুখ

নুশুনৈ কৃষ্ণৰ কথা৷

মাধৱৰ একো কৃত্য নকৰয়

শ্ৰম কৰি ফুৰৈ বৃথা৷৷

কৃষ্ণৰ কীৰ্ত্তন নকৰি থাকয়

আনসে কথা চোবাই৷

সিটো পাপীষ্ঠক ঝাণ্টে বান্ধি আন

লোহাৰ ডাঙ্গে কোবাই৷৷১৯৭৷৷

নৰকৰ পথ ইটো গৃহবাস

আতেসে যাহাৰ ৰতি৷

ভাৰ্য্যাক পুত্ৰক পুষিবে যতনে

এড়ৈ ত্ৰিজগত পতি৷৷

বিষ্ণুৰ চৰণ নিচিন্তি সদায়ে

ধনকেসে কৰৈ ধ্যান৷

সিটো পাতকীক সুধিবে নলাগে

যাতনাক লাগি আন৷৷১৯৮৷৷

কৃষ্ণকথা এড়ি সাতে পাঞ্চে বেঢ়ি

আন কথা কই থাকে৷

অমৃতক এড়ি যেন বিষ্ঠা ভুঞ্জৈ

গাঁড়িশুকৰৰ জাকে৷৷

সিটো পাপীসৱ দৈৱে ভৈল হত

চিন্তে অপুনাৰ মাৰ৷

উপজি মৰিবে যাতনা ভুঞ্জিবে

নাহিকে তাৰ নিস্তাৰ৷৷১৯৯৷৷

বিষ্ণুৰ নামৰ মহিমা শুনিয়া

দূতগণ গৈল ডৰি৷

হৰি ভকতক দেখিবাক প্ৰতি

ডৰায় সেহি দিন ধৰি৷৷

শুক নিগদতি শুনা কুৰুপতি

কহিলো পৰম সাৰ৷

হৰিনাম বিনা পাপ সাগৰত

কাহাৰো নাহি নিস্তাৰ৷৷২০০৷৷

মহা যোগীজনো ব্ৰহ্ম চিন্তে যদি

হৰিৰ নাম নলৱৈ৷

সিয়ো ভ্ৰষ্ট হুয়া সংসাৰত পৰৈ

চাৰি বেদে হেন কৱৈ৷৷

ধৰ্ম্ম অৰ্থ কাম যিটো অভিলাষে

যি চাৱৈ মোক্ষৰ পথ৷

সিও হৰি নাম কীৰ্ত্তন কৰিয়া

পাৱৈ সৱ মনোৰথ৷৷২০১৷৷

নামৰ মহিমা নজানি ঋষিয়ে

আন প্ৰায়শ্চিত্ত বিহৈ৷

মৃত সঞ্জীৱনী নজানিয়া বৈদ্যে

আন ঔষধক দিয়ৈ৷৷

জগতৰে মোক্ষ হৈবেক বুলিয়া

জানিয়া যিটো নকৱৈ৷

সংসাৰ দুৰ্ল্লভ হেন হৰিনাম

হেলাতে কতো নলৱৈ৷৷২০২৷৷

হৰিৰ নামৰ গোপ্য মহিমাক

পূৰ্ব্বত অগস্তি ঋষি৷

মলয় গিৰিত বিষ্ণুক অৰ্চন্তে

কহিলা মোত হৰিষি৷৷

নাহি কাল দেশ নিয়ম ইহাত

অশৌচতো নাহি দোষ৷

শয়নে ভোজনে সদা হৰি বোলা

এড়িয়া আন আক্রোশ৷৷২০৩৷৷

হৰি হেন ইটো দুগুটি অক্ষৰ

জিহ্বা অগ্ৰে থাকৈ যাৰ৷

গঙ্গা গয়া কাশী প্ৰয়াগ সেতুক

যাইবাক নলাগৈ তাৰ৷৷

কৃষ্ণৰ কিঙ্কৰে ভণিল শঙ্কৰে

এড়া সৱে আন কাম৷

আলজাল এড়ি পাপক সংহৰি

ডাকি বোলা ৰাম ৰাম৷৷২০৪৷৷

 

 

৷৷চতুৰ্থ কীৰ্ত্তন৷৷

ঘোষা৷৷ জয় নিৰঞ্জন পাতক ভঞ্জন

মাধৱ মুকুন্দ ৰাম৷৷১৬৷৷

পদ৷৷ পৰম মঙ্গল হৰিনাম ধৰ্ম্ম

যাহাৰ থাকৈ মুখত৷

তাৰ তেতিক্ষণে ভষ্ম হুয়া যায়

মহাপাপ কোটি শত৷৷

তাৱদেকে মহা পাতক হস্তীৰ

থাকৈ মহা গৰ্ব্বমদ৷

যাৱে ৰামনাম প্ৰমত্ত সিংহৰ

নুশুনৈ ধ্বনি শবদ৷৷২০৫৷৷

ৰাম হেন ইটো দুগুটি অক্ষৰ

সদায়ে আদৰি গাৱৈ৷

সংসাৰ সাগৰ তৰি সিটো নৰে

দুৰ্ল্লভ মোক্ষক পাৱৈ৷৷

হুইবে মলমতি লোকৰ নিচয়

গুচিবে সৱে আচাৰ৷

কলিযুগে আৰ অন্যত্ৰ ধৰ্ম্মত

কাৰো নাহি অধিকাৰ৷৷২০৬৷৷

আন ধৰ্ম্ম এড়ি হৰিনাম স্মৰি

সুখে পাৱৈ যেন গতি৷

অনেক প্ৰবন্ধে সমস্ত ধাৰ্ম্মিকে

নপাৱৈ তাক সম্প্ৰতি৷৷

সদায় বিষ্ণুক স্মৰিবে ক্ষণিকো

নপাসৰিবাহা নৰ৷

যত মহাপাপ যত মহাপুণ্য

ই দুইৰ সৱে কিঙ্কৰ৷৷২০৭৷৷

দোষৰ নিদান কলিযুগ আত

এক মহাগুণ আছে৷

কেৱলে কীৰ্ত্তনে সংসাৰৰ বন্ধ

এড়াই মোক্ষ পাৱৈ পাছে৷৷

হৰিৰ নামেসে নামেসে নামেসে

জীৱন আৱে আহ্মাৰ৷

কলিযুগে আন গতি নাই নাই

নাই জানা সাৰে সাৰ৷৷২০৮৷৷

আউৰ বেদাগম বিস্তৰ শাস্ত্ৰত

নাহি কিছু প্ৰয়োজন৷

ধৰ্ম্মক আশায়ে অনেক তীৰ্থক

কি কাৰ্য্যে কৰা গমন৷৷

যদি অভিলাষ কৰা সৰ্ব্বজন

আপুনি মোক্ষ কাৰণ৷

গোৱিন্দ গোৱিন্দ বুলিয়া বেকতে

কৰিয়ো হৰিকীৰ্ত্তন৷৷২০৯৷৷

ইটো হৰিনামে লোকৰ যতেক

পাতক নিৰ্য্যাণ কৰে৷

ততেক পাতক প্ৰবন্ধে কৰিবে

নৱাৰৈ পাতকী নৰে৷৷

ব্ৰহ্মচাৰী গৃহ- বাসী বনবাসী

সন্ন্যাসী যতেক যতি৷

হৰিৰ কীৰ্ত্তন এড়ি কেহো নৰে

নপাৱৈ পৰম গতি৷৷২১০৷৷

সূৰ্য্যগ্ৰহণত এক কোটি ধেনু

ব্ৰাহ্মণক দেয় দান৷

প্ৰয়াগ গঙ্গাৰ জলত নিৱাস

কৰৈ দশ কল্পমান৷৷

অযুতেক যজ্ঞ কৰৈ মেৰু সম

সুৱৰ্ণক দেয় দান৷

এক শত ভাগ গোৱিন্দ নামৰ

ৰেণুকো নুহি সমান৷৷২১১৷৷

হৰি হেন ইটো দুগুটি অক্ষৰ

উচৰিলে একবাৰ৷

মোক্ষৰ পথক যাইবাক লাগিয়া

সিও ভৈল কাছপাৰ৷৷

হৰিৰ নামৰ অনন্ত মহিমা

কহিবে কাৰ শকতি৷

যদি চাৰি মুখে ব্ৰহ্মায়ো কহন্ত

তভো নুহি সমাপতি৷৷২১২৷৷

কৃষ্ণৰ কিঙ্কৰে ভণিল শঙ্কৰে

শুনিয়োক সৰ্ব্বজন৷

হেন জানি আন আলজাল এড়ি

কৰিয়ো হৰিকীৰ্ত্তন৷৷

কোন দিন ইটো শৰীৰ পৰয়

কেতিক্ষণে নেয় যম৷

আউৰ কি সেন্থৰে ভাৰত ভূমিত

হুইবাহা মনুষ্য জন্ম৷৷২১৩৷৷

কোটি কোটি জন্ম অন্তৰে যাহাৰ

আছে মহা পুণ্যৰাশি৷

সি সি কদাচিত মনুষ্য হোৱয়

ভাৰত ভূমিত আসি৷৷

দেৱৰো দুৰ্ল্লভ ইহেন জন্মক

ব্যৰ্থ কৰা কোন কামে৷

গৃহতে থাকিয়া হৰিক স্মৰিয়া

মোক্ষ সাধা হৰিনামে৷৷২১৪৷৷

কোটি এক ৰাজ- সূয় অশ্বমেধ

যজ্ঞ আক নুহি সৰি৷

হেন হৰিনাম নলৈয়া হেলাত

মৰৈ আত্মঘাত কৰি৷৷

হেন বেদবাণী তত্ত্বহেন জানি

আসনতে সুখে থাকি৷

আপুনাকো তাৰা পুৰুষ উদ্ধাৰা

হৰি হৰি বোলা ডাকি৷৷২১৫৷৷

৷৷ অজামিল উপাখ্যান সমাপ্ত৷৷৫৷৷

 

 

One thought on “পঞ্চম খণ্ড: অজামিল উপাখ্যান

  • May 30, 2015 at 1:28 pm
    Permalink

    শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষাখন সঁচাকৈ এখন মহান গ্ৰন্থ। ইয়াৰ কাহিনী বোৰো অতিকৈ মনোৰম।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!