পঞ্চায়ত নিৰ্বাচন আৰু আমাৰ উৎসৱমুখিতা (টুৱাৰাম দত্ত)

(চাবলৈ গ’লে অসমীয়া জাতিটো স্বভাৱতেই উৎসৱপ্রিয়৷ আমাৰ হাড়ে হাড়ে, তেজে তেজে উৎসৱময় আনন্দ বিৰাজমান৷ হাজাৰ দুখৰ মাজতো, সৰ্বস্ব হেৰুৱাৰ পিছতো জাতিটোৱে বিন্দুমাত্র সুযোগ পালেই আনন্দ কৰিবলৈ নাপাহৰে, এসাগৰ দুখত ডুবি থাকিও সুখৰ হাঁহিৰ বন্যাত উটুৱাই দিব পাৰে সকলো দুখ-ভাগৰ৷)

আকৌ এবিধ নিৰ্বাচনী উৎসৱ সমাগত৷ পঞ্চায়ত নিৰ্বাচন উৎসৱ৷ যদিও এই উৎসৱ সাংবিধানিকভাৱে নগৰীয়া অঞ্চলৰ অৰ্ন্তভুক্ত নহয় তথাপিও ইয়াৰ মলয়া বতাহে চহৰ-নগৰকে ধৰি সমগ্র অসম চুই যাব৷ জোকাৰি যাব৷ সীমাহীন নিবনুৱাৰে গিজগিজাই থকা অসমত অন্ততঃ নিবনুৱাসকলৰ একাংশই কিছুদিনৰ বাবে বনুৱা হ’ব৷ বহুতৰে শুকাই-খীনাই যোৱা আশাবোৰ, সপোনবোৰ পুনৰবাৰৰ বাবে জীপাল হৈ উঠিব৷
অসমত তথাকথিত ডিগ্রিধাৰী শিক্ষিতৰ অভাৱ নাই৷ চৰকাৰী চাকৰীয়েই একমাত্র জীৱন সঞ্জীৱনী বুলি গণ্য কৰা চাকৰিবিহীন ডিগ্রিধাৰীসকলৰ বাবে নিৰ্বাচনবোৰ যেন একো-একোটা উৎসৱ৷ খন্তেকৰ বাবে হ’লেও দুপইচাৰ যোগাৰ হোৱা, দুদিনমান মদে-মঙহে দকচি খোৱাৰ, বিনা-পইচাৰে গাড়ী-মটৰত ইঠাইৰ পৰা সিঠাইলৈ ভ্রমি ফুৰাৰ নিৰ্বাচন হ’ল সুৱৰ্ণ সুযোগ৷ নিৰ্বাচন বুলি ক’লে বিধানসভা, লোকসভাৰ বেলিকা কথাবোৰ গুৰুত্বপূৰ্ণ হয় যদিও পঞ্চায়তৰ বিধো একেবাৰে পৰিমৰা বিধৰ নহয়৷ চহৰাঞ্চলত পঞ্চায়তৰ প্রভাৱ সীমিত যদিও সামগ্রিকভাৱে সমগ্র অসমতে এই উৎসৱভাগিয়ে এইবাৰো ৰাইজক উৎসৱমুখৰ মায়াময় পৰিবেশেৰে স্বাগতম জনাব যে সি নিশ্চিত৷
চাবলৈ গ’লে অসমীয়া জাতিটো স্বভাৱতেই উৎসৱপ্রিয়৷ আমাৰ হাড়ে হাড়ে, তেজে তেজে উৎসৱময় আনন্দ বিৰাজমান৷ হাজাৰ দুখৰ মাজতো, সৰ্বস্ব হেৰুৱাৰ পিছতো জাতিটোৱে বিন্দুমাত্র সুযোগ পালেই আনন্দ কৰিবলৈ নাপাহৰে, এসাগৰ দুখত ডুবি থাকিও সুখৰ হাঁহিৰ বন্যাত উটুৱাই দিব পাৰে সকলো দুখ-ভাগৰ৷ বছৰটোত চাৰি-পাঁচটা প্রলয়ংকাৰী বানপানীয়ে যেতিয়া সমগ্র ৰাজ্যখনৰেই কঁকাল ভাঙি থানবান কৰে, হাজাৰ হাজাৰ বিঘা শস্যৰ পথাৰ ডুবাই তহিলং কৰি বালিৰ মৰুভুমিৰ সৃষ্টি কৰে, ৰাজ্যৰ সেউজ অর্থনীতিত প্রচণ্ড মাধমাৰ সোধাই জাতিটোকেই পোন হৈ থিয় দিব নোৱাৰা কৰি উপহাস কৰে; তেতিয়া বোধশক্তি সম্পন্ন সচেতনসকল নিথৰ-নিস্তব্ধ হ’বলৈ বাধ্য হয়৷ ৰাইজৰ হাজাৰজনৰ দুখ-দুৰ্দশাৰ ক্ষণিক অৱসান, কঁকাল ভগা অর্থনীতিৰ কিছু সবল স্থিতি কামনা কৰি নীৰৱ কিন্তু সবল কৰ্ম-বিপ্লৱৰ কামনা কৰে৷
কিন্তু বাস্তৱত সেই দুখ-দুৰ্দশাক ভ্ৰূকুটি কৰি কিছুদিন পিছতেই কি দেখা পোৱা যায়? বাৰিষাৰ সমাপ্তিত শৰতৰ আগমন৷ শৰতৰ মায়াময় পূজাৰ বতৰত চহৰ-নগৰ দলদোপ-হেন্দোলদোপ৷ সর্বত্র আনন্দময় পৰিবেশ, পূজাৰ লাখটকীয়া মণ্ডপত কলকতীয়া কাৰিকৰৰ চকু চাট মৰা ৰঙীন পোহৰৰ খেলা, শ্ব’পিং মল, বজাৰৰ দেশী-বিদেশী হাজাৰ হাজাৰ টকাৰ দামী সাজ পোছাকত ক’তো নাম মাত্রও বিচাৰি পাবলৈ নাই বানে ধোৱা, বিধ্বস্ত অসমৰ চিন-মোকাম ৷ উৎসৱৰ বন্যাত আমি সহজতে পাহৰিব পাৰো সাগৰসম দুখ, সহজতেই আওকান কৰিব পাৰো সন্মুখৰ ৰুঢ় বাস্তৱক৷ এইয়াই আমাৰ চৰিত্র৷ জাতীয় চৰিত্র৷
আমাৰ বাবে বানপানীও উৎসৱ, বাংলাদেশী সমস্যাও উৎসৱ, নিৰ্যাতিত-নিপীড়িতৰ প্রতিৱাদত পিছদিনা ৰাজপথত উলিউৱা প্রতিৱাদী সমদলো একধৰণৰ উৎসৱ৷ নিউজ চেনেলৰ মাইকৰ সন্মুখত উচ্চস্বৰত ডিঙি ফুলাই কথা কোৱা, কথাই প্রতি হকে-বিহকে চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰা, যিকোনো অজুহাততে চৰকাৰী পক্ষৰ মন্ত্রী-বিধায়কৰ প্রতিমূর্তি দাহ কৰা, কাকতত মাত্র এটা বিবৃতি দিয়েই অসম বন্ধৰ আহ্বান জনোৱা আমি সকলোতে উৎসৱৰ ঘ্রাণ পাওঁ৷  উৎসৱময় মধুৰতাৰে জাপন কৰিব বিচাৰো প্রতিটো অজুহাত, প্রতিটো ঘটনা বা দুৰ্ঘটনাৰ দূঃসহ পৰিণামকো৷
ক’ৰবাত এটা সাংঘাতিক, বেদনাদায়ক দুৰ্ঘটনা ঘটিল! বছ, নিউজ চেনেলৰ ফুকলীয়া ঘোষকগণৰ মাজত আৰম্ভ হ’ল অঘোষিত আনন্দদায়িনী উৎসৱৰ প্ৰতিযোগিতা৷ ক’ৰবাত জুই লাগিল, আত্মহত্যাৰ ঘটনা ঘটিল, হত্যাকাণ্ড হ’ল, মাৰাত্মক এটা ডকাইতিৰ ঘটনাত কাৰোবাৰ প্রাণ গ’ল, এটা বলাৎকাৰৰ সংঘটিত হ’ল, সকলোতে উৎসৱৰ ঘ্রাণ৷ নিউজ চেনেলৰ সাংবাদিকৰ লৰা-ঢপৰা, এংকৰৰ শিহৰণকাৰী বৰ্ণনাত, ভিডিঅ’ ফুটেজত এক পৈশাছিক উৎসৱৰ আনন্দ৷
এনে হেন উৎসৱৰ দেশ অসমত পঞ্চায়ত নিৰ্বাচনৰ পুনৰ আগমন৷ আগন্তুক পঞ্চায়ত নিৰ্বাচনত চাকৰিবিহীন ডিগ্রিধাৰী শিক্ষিতসকলৰ একাংশৰ অংশগ্রহণ যে জোৰদাৰ হ’ব সি নিশ্চিত৷ আপাতঃদৃষ্টিত ই শুভ যেন লাগিলেও আমাৰ মনলৈ একধৰণৰ  সংশয়হে কঢ়িয়াই আনে৷ মূলতঃ উচ্চশিক্ষিত নিবনুৱাসকলৰ একাংশই বিভিন্ন পদৰ বিপৰীতে প্রতিদ্বন্দ্বিতা কৰিব৷ দেখাত নিজ নিজ অঞ্চলৰ সামগ্রিক উন্নয়ন বা বিকাশ, তেওঁলোকৰ মূল উদেশ্য যদিও এটা কথা দিনৰ পোহৰৰ দৰে পৰিস্কাৰ যে তেওঁলোকৰ অধিকাংশই বিভিন্ন ৰাজনৈতিক দলৰ হাতোৰাত বন্দী হৈ কেইজনমান প্রভাৱশালী ৰাজনীতিবিদৰ আঙুলিৰ ইচাৰাত উঠ-বহ কৰিব৷ অধিকাংশ তথাকথিত শিক্ষিতই দুটামান সহজলভ্য ধনৰ আশাতেই অনৈতিক সকলোধৰণৰ কামতেই হাত দিবলৈ প্ৰস্তুত থাকিব৷ সুৰা, ধন, মাংসৰ অবাধ ব্যৱহাৰে নিৰ্ণয় কৰিব আমাৰ কৰণীয়৷ আৱেগৰ আতিশয্যই বন্ধ কৰি পেলাব এখন এখনকৈ সকলো ধৰণৰ যুক্তি আৰু বিবেচনাৰ দুৱাৰ৷ ক্ষমতা বা পদবীৰ লালসাই বৰ্তমান তৃণমূল পৰ্যায়ৰ নাগৰিককো কিদৰে প্ৰলোভিত কৰিছে অথবা দুৰ্নীতিৰ ধনৰ অবাধ প্ৰলোভনে কিদৰে গ্ৰাম্যাঞ্চলৰ সহজ-সৰল জনতাকো কলূষিত কৰিছে তাৰ এখন উজ্বল প্ৰতিচ্ছৱি দেখা পোৱা যাব আগন্তুক পঞ্চায়ত নিৰ্বাচনত৷ যদিও পঞ্চায়ত নিৰ্বাচন এক গণতান্ত্ৰিক প্রক্রিয়া আৰু ইয়াৰ সফল ৰূপায়ণ ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ বৰ্তাই ৰখাৰ স্বাৰ্থতেই অতীব প্ৰয়োজনীয়, কিন্তু কিবা এক নেতিবাচক সম্ভাৱনাই আমাক বাৰুকৈয়ে নিৰাশ কৰি তোলে৷ যিখন সমাজত ভায়ে ভায়ে একেলগে আনন্দেৰে সময় পাৰ কৰিছিল, সেইখন সমাজেতেই কিছুদিন পিছত আৰম্ভ হ’ব দল ৰাজনীতিৰ নামত কৌৰৱ-পাণ্ডৱৰ উখনা-উখনি৷ ইজনে সিজনৰ গালৈ বোকা ছটিওৱা লেতেৰা কুটিল ৰাজনৈতিক খেল৷
এইখিনিতে এটা কথা স্পষ্ট কৰি থোৱা ভাল হ’ব যে এটা গণতান্ত্ৰিক প্রক্রিয়াক লৈ নেতিবাচক চিন্তাধাৰাৰ অৱতাড়না কোনো সচেতন ব্যক্তিৰ ক্ষেত্ৰতেই শোভা নাপায় আৰু ই কোনোপধ্যেই সমৰ্থনযোগ্য নহয়৷ আমি নিজেও আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ দৰে গণতান্ত্ৰিক প্রক্রিয়া এটাৰ বিৰোধিতা কৰিব বিচৰা নাই৷ মাত্ৰ ইয়াৰ গইনা লৈ আমাৰ জাতিগত কিছু আসোঁৱাহৰহে আলোচনা বিচাৰিছো৷ জাতি হিচাপে আমি এতিয়াও আৱেগিক! অপৰিপক্ক৷ জাতি হিচাপে আমি এতিয়াও অৱজ্ঞা কৰো ৰুঢ় বাস্তৱক৷ আমি অযথা উৎসৱ প্ৰিয়৷ বাৰ মাহত তেৰটা উৎসৱত নিজকে বিলীন কৰি আহ্লাদিত হোৱা আমাৰ বাবে গণতান্ত্ৰিক প্রক্রিয়া এটাও উৎসৱৰেই নামান্তৰ ৷ আমি আমাৰ আকাংক্ষা, উৎসৱমুখিতা চৰিত্ৰটোক বাস্তৱতাৰ ডোলেৰে বান্ধি ৰখাৰ সময় সমাগত৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!