পত্ৰসখীলৈ (মৌচুমী বৰি)

মৰমৰ পত্ৰসখী,
মৰম লবা। আশাকৰোঁ ভালে আছা।
আজিৰ চিঠিত মই “জীৱনৰ সফলতা লাভ”ৰ বিষয়ে মোৰ দৃষ্টিভংগীৰে কিছু কথা তোমাক জনাব বিচাৰিছোঁ । আশা ৰাখিছোঁ তুমিও তোমাৰ মতামত আগবঢ়াবা।
প্ৰশ্ন হয়, এই জীৱনত আমি যি বিচাৰো্ঁ তাকেই পাওঁনে? দুভাৰ্গ্যৰ কথা এই যে সকলোৱে নিজৰ জীৱনত বিচৰা ধৰণে সকলোবোৰ নাপাই গোপনে দুঃখবোধত ভোগে আৰু যি সকল লোকে নিজৰ জীৱনত বিচৰামতেই সকলোবোৰ পাইছে তেওঁলোকে জ্ঞাত বা অজ্ঞাতসাৰে সফলতাৰ চাবিকাঠি বিচাৰি পাইছে।এইকথা সত্য যে কোনো মানুহে জীৱনত সফলতা লাভ কৰিবলৈ হ’লে তেওঁৰ লক্ষ্যৰ প্ৰতি ইচ্ছা প্ৰৱল হ’বই লাগিব। এই ইচ্ছাৰ প্ৰৱলতাই তেওঁক সফলতাৰ বাটত আগুৱাই নিব। তদুপৰি তেওঁ সেই লক্ষ্যত উপনীত হ’ব পাৰিম বুলি অঙ্গীকাৰবদ্ধ হোৱাতোও বহুত জৰুৰী। মই ভাবোঁ যে সফলতাৰ বাবে এক দীঘলীয়া প্ৰস্তুতিৰো প্ৰয়োজন হয় লগতে কঠোৰ শ্ৰমৰো প্ৰয়োজন নুই কৰিব নোৱাৰি।
সফলতাৰ এটি গোপন মন্ত্ৰ আছে যাক “আকৰ্ষণ সূত্ৰ” বুলি ক’ব পাৰি। ধৰা, তুমি এখন ৰেষ্টুৰেণ্টলৈ গৈছা। তাত কাম কৰা ল’ৰাটোৱে তুমি কি খাবা পছন্দ কৰিবৰ বাবে খাদ্য-তালিকাখন (মেনু) আগবঢ়াই দিছে। তুমি মেনুখনৰ ওপৰত চকু ফুৰাই তুমি খাবলৈ বিছৰা তোমাৰ পছন্দৰ আহাৰ ল’ৰাটোক কৈ পেলাইছা। আৰু অপেক্ষাৰ অন্তত তুমি বিচৰা আহাৰ আহি তোমাৰ সন্মুখত উপবিষ্ট হৈছেহি। শেষত ৰেষ্টুৰেণ্টখনৰ পৰা ওলাই আহোঁতে তুমি মূল্য দি ওলাই আহিছা। ঠিক সেইদৰে তুমিও আমি বাস কৰা এই জগতখনক ৰেষ্টুৰেণ্ট বুলি ধৰি ল’ব পাৰা। তুমি জীৱনত আন্তৰিকভাৱে কি বিচৰা সেইয়া যদি এই জগতৰ প্ৰৱল শক্তিৰ আগত প্ৰকাশ কৰা (এই বিশ্ব ব্ৰহ্মাণ্ডত এক প্ৰৱল শক্তি বিৰাজমান)তেন্তে তুমি নিশ্চিত হ’ব পাৰা সেই শক্তিয়ে তোমাক যি বিচৰা তাকেই দিব। মাথোঁ, তুমি বিচৰাখিনিত ১০০% ইচ্ছা (মূল্য) থাকিবই লাগিব। এই প্ৰক্ৰিয়াত “আকৰ্ষণ সূত্ৰ”ই কাম কৰে। তোমাৰ জীৱনত বৰ্তমান যি আছে সকলোবোৰ এই “আকৰ্ষণ সূত্ৰ”ৰ দ্বাৰাই আহিছে বুলি কব পাৰা। তুমি মনত যি পাম বুলি ভাবা সেই ভাবে চুম্বকৰ দৰে আকৰ্ষিত হয়।তুমি যদি ভাবা “মোৰ জীৱনত একো নহ’ল, মই সদায় দৰিদ্ৰ হৈয়েই খাব লাগিব” তেন্তে তোমাৰ জীৱনত বিশেষ উন্নতি কোনোদিন নহ’ব, তুমি যি দৰে ভাবিছা সেইদৰেই জীৱন নিৰ্বাহ কৰিব লাগিব। এজন সফল, ধনৱন্তলোকে সদায় জীৱনত কেনেদৰে সফলতা আৰু ঐশ্বৰ্য আহিব সেই বিষয়ে ভাবিয়েই কটায় আৰু সেই ভাৱৰ লগতে তেওঁ জীৱন নিৰ্বাহো কৰে।
পত্ৰসখী, তোমাক কোৱা কথাখিনি মই আন্তৰিক ভাৱে বিশ্বাস কৰোঁ আৰু মোৰ নিজৰ জীৱনতো ইয়াৰ প্ৰমাণ নোপোৱা নহয়।পিছলৈ আৰু লিখিম। এই বিষয়ত তোমাৰ দৃষ্টিভংগী মোক জনাবাদেই। বাট চালোঁ ।
ইতি
মৌচুমী

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!