সাম্প্ৰতিকৰ এক বিৰল অনুভৱ (কৌশিক বৰা)

সাম্প্ৰতিকৰ এক বিৰল অনুভৱ

–   কৌশিক বৰা

মই প্ৰায় সদায়েই মোৰ খুড়াৰ ছোৱালীজনীৰ লগত ফোনযোগে কথা পাতোঁ ।তাই এতিয়া ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী । সিদিনা তাইৰ মাক মানে মোৰ খুড়ী মোৰ ৰূমলৈ আহিছিল । মাকৰ হাতত তাই মোলৈ বুলি দি পঠাইছিল এখনি চিঠি, মৰমৰ ককায়েকলৈ বুলি..

চিঠিখনৰ কথাংশ আছিল এনেধৰণৰ-

“মৰমৰ দাদা, মৰম ল’বা । আশাকৰোঁ তোমাৰ ভাল । ভগৱানৰ কৃপাত মোৰো ভাল । তুমি পঢ়া-শুনা ভালকৈ কৰিবা দেই ।

ইতি

তোমাৰ ভন্টী পূজা”

এই সৰু চিঠিখনি পঢ়ি নাজানো কিয় মোৰ চকুয়েদি লোতক বাগৰিছিল ।

সাম্প্ৰতিকত আপোনাৰ এই বিৰল অনুভৱ হৈছেনে ?

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!