পনীটেইল : প্ৰিয়ঙ্কা দাস

পনীটেইল
– প্ৰিয়ঙ্কা দাস

প্ৰস্তাৱনা
: তাৰপিছত?
: তাৰপিছত কি আকৌ? গুছি আহিলোঁ৷
দুটা চিগাৰেট শেষ৷ আকৌ এটা উলিয়ালে তাই৷ এটা মূৰ পাতলীয়া ৰঙৰ লিপষ্টিক ঘঁহা ওঁঠ দুটিৰ মাজত গুজি দি আনটো মূৰত লাইটাৰটোৰে জুই সংযোগ কৰি আপোন মনে বহি থাকিল তাই৷ সি উঠি আহিল৷
সি জানে৷ তাই কমেও এক-ডেৰ ঘণ্টা তাতেই বহি থাকিব৷ চিগাৰেট হুঁপিব৷ কেতিয়াবা লগত অহাকেইজনৰ লগত সি ভালদৰে বুজি নোপোৱা সমাজতত্ব-ৰাজতত্ব আদিৰ কথা সাৱলীলভাৱে কৈ যাব৷ অকলে থাকিলে কিতাপ এখনৰ পাত লুটিয়াব৷ মন গ’লে তাক ওচৰলৈ মাতিব৷ সি নুসুধিলেও কৈ যাব তাইৰ কথা৷ ঘৰৰ পৰা ওলাই অহাৰ কথা, বিয়াৰ কথা৷ ব’হাগৰ কথা, লখাইতৰাৰ কথা৷ সি চিনি নাপায় লখাইতৰা৷ দেখা নাই৷ কেতিয়াবালৈ দেখা পোৱাৰ আশাও নাই৷ তথাপি সি শুনে৷ শুনি যায় তাইৰ কথা৷ তাই কৈ যায় অনৰ্গল৷ আগতে কোৱাবোৰকে কেতিয়াবা আকৌ কয়৷ মেলি থোৱা চুলিকেইডাল চুই-চুই তাই কৈ যায়৷ হঠাৎ কেতিয়াবা নিশ্চুপ হৈ ৰয়৷ সি নোসোধে একো৷
চিগাৰেট স্বাস্থ্যৰ বাবে বেয়া বুলি মিচিকিয়া হাঁহি এটিৰে সোঁৱৰাই দি লাহেকৈ উঠি আহে সি৷
নিশ্চুপতাখিনি তাইৰ নিজৰ,
একান্তই নিজৰ৷
সি বুজে৷ আঁচুৰিব নোখোজে৷
তাইৰ মুখত শুনি শুনিয়েই সি ভালপোৱা হৈছে লখাইতৰা৷ আৰু ব’হাগ!
তাই
কিছু বিশৃংখল৷ শৃংখলতাবোৰৰ লগত যেন তাইৰ সম্বন্ধটো অলপ তিতাঁ-কেঁহা৷
: ভাল লাগিছে?
: অ’ ৷
: আৰু চাৰিমাহ৷ মাত্ৰ চাৰিমাহ৷
তাইৰ মেলা চুলিকোছা চুই-চুই কয় সি৷ পুহৰ কথা আছিল সেয়া৷ ব’হাগত বিয়া৷
দিনবোৰ যেন আঙুলি মুৰত গণি শেষ কৰি দিব সি৷
বিয়াৰ তাৰিখ ঠিক হোৱাৰ দিনা তাৰ যেন হেঁপাহ, উৎসাহ, আনন্দৰ বেলুনটো ফুলি ফুলি ফাটিহে যাব!!সি ভাল৷ সঁচাকৈ ভাল ল’ৰা ৰঞ্জন৷ সিহঁতৰ তিনি বছৰীয়া সম্পৰ্কৰ অন্তত বিয়া ঠিক হোৱাৰ খবৰটোৱে সুখী কৰি তুলিছিল দুয়োখন ঘৰ৷ বিপৰীতে সুখবোৰ যেন দুহাতত লৈও বুকুত অনুভৱ কৰিব পৰা নাছিল তাই৷ বিশৃংখলতাবোৰ ঠন ধৰি উঠিছিল৷ ওহো- মাক দেউতাকে পচন্দ কৰি দিয়া ল’ৰা নহয় ৰঞ্জন৷ নি:সংগতাই হেঁচা মাৰি ধৰা দিনবোৰত তাইয়ে খামোচি ধৰিছিল ৰঞ্জনৰ হাতত৷ তাইৰ অসংলগ্ন সপোনবোৰৰ আঁতডাল সি বিচাৰি দিয়াৰ হেঁপাহ কৰিছিল তাই৷
আৰু বিচাৰিছিল—- সি কওঁক- “বান্ধি লোৱানা চুলিবোৰ৷ মই খুলি দিম৷”
একেলগে উজুটি খাই পৰি আকৌ হাঁহি-হাঁহি থিয় হ’ব বিচাৰিছিল তাই৷
তাই বিচৰা ধৰণে হোৱা নাছিল কথাবোৰ৷ সম্পৰ্ক, বান্ধন, দায়িত্ব আদিৰ মাজত তাই বিচাৰি নোপোৱা হৈছিল তাইৰ স্বকীয়তা৷ সি মাত্ৰ বগাব জানিছিল৷ ওপৰলৈ৷ আকাশত উঠা জখলাডাল পোৱাৰ তাৰ জেদটোৱে তাইৰ বিশৃংখলতাবোৰ ঠন ধৰি উঠাত সাৰ-পানী যোগাইছিল৷ তাই লখাইতৰাৰ পাৰৰ ছোৱালী৷ নোৱাৰে মাটি এৰি শিপাডাল উঘালি পেলাব৷ নোৱাৰে বহাগক বিশ্বাসঘাতকতা কৰিব৷ কৃত্ৰিম হাঁহি এটা মুখত ওলোমাই তাই ব’হাগক আদৰিব নোৱাৰে৷
উঘালি পেলালে তাই বিয়াখন৷
দুটা পৰিয়ালৰ শাও-শপনি,বিষাদ-হুমুনিয়াহ বুকুত বান্ধি তাই ওলাই আহিল… ব’হাগৰ কোনোবা এটা দিনত!
কিমানদিন হৈ গ’ল হিচাপ নকৰে তাই৷ অচিনাকি চহৰখনত ভৰি দিয়েই অনুভৱ কৰিছিল তাই– যুঁজিব লাগিব৷ ঘটনা-পৰিঘটনাৰ হেঁচাত সময়ৰ হিচাপ ৰখা নাই তাই, অথবা ৰখাৰ ইচ্ছাও নাই৷ মাত্ৰ মনত আছে,চাৰিটা ব’হাগ পাৰ হ’ল৷
তাই এতিয়াও চুলি মেলে!
ব’হাগ আহিলে এতিয়াও বুকুৰ একোণত কঁপনি উঠে তাইৰ…!
লখাইতৰালৈ মনত পৰে…!
সংগোপনে৷
বৰ্তমান-
অফিচৰ আজৰি সময়খিনি তাই কফি হাউচখনত বহি পাৰ কৰে৷ পৰিচালকজন তাইতকৈ দুবছৰে সৰু৷ আত্মিক সম্পৰ্ক এটা অনুভৱ কৰে তাই৷ ক’ব পাৰি তাক৷ আনক ক’ব নোৱাৰা কথা কিছুমান৷ চুটি চুটি বাক্যৰ সমদল হৈ ওলায় কথাবোৰ তাইৰ মুখেৰে৷ সি শুনে৷ দুটি আকলুতাৰে ভৰা দৃষ্টিৰে চাই থাকে তাইক৷ তাই বুজা কথাটো নুবুজাৰ ভাও ধৰে৷
শুকান দুপৰীয়া এটিত তাই সোমাই আহিল কফি হাউচৰ দৰজাখন ঠেলি৷ চুলিবোৰ অবিন্যস্ত৷ ব’হাগ আহিছে আকৌ৷ বহাগত তাইৰ বিষাদৰ আঁচলখন বেছিকৈ উৰে৷ বহাগত ঘৰ এৰি অহাৰ কথাটোৱে তাইৰ বুকুত খুন্দিয়াই৷
তাই বিচাৰে— আঁচলখন কোনোবাই সামৰি লওক৷
একেলগে উজুটি খাব,আকৌ উঠিব৷ লখাইতৰাৰ ঢৌ চাব৷
বিষন্ন স্মৃতিবোৰে টানি ধৰে তাইক— সজোৰে৷
হঠাতে তাই অনুভৱ কৰিলে চকু এজোৰে তাইক চাইছে৷ দৃষ্টিটো তাইৰ চিনাকি— আকুলতাৰে ভৰা৷ দৃষ্টিটো ক্ৰমাত তাইৰ ওচৰ চাপি অহা যেন লাগিল৷ তাই কুঁচি-মুচি বহি ৰ’ল চকীখনত৷ হাত এখনে তাইলৈ আগবঢ়াই দিলে — এটা ক্লিপ৷
: চুলিখিনি বান্ধি লওক৷
তাই নিশ্চুপ হৈ ৰ’ল৷
ক্লিপটো তাইৰ হাতত গুজি দি সি গ’ল গৈ৷
তাই বহি ৰ’ল বুজা-নুবুজা, ছায়া-প্ৰচ্ছায়াৰ মাজত৷
পৰিসমাপ্তি–
এইবাৰ ব’হাগৰ বা তাই অকলে উপভোগ নকৰে৷ বৰদৈচিলাৰ নৃত্য তাই অকলে নাচায়৷ ডাঙৰ-ডাঙৰ টোপালৰ বৰষুণ তাই অকলে গাত পাতি নলয়৷ আৰু– তাই চুলি মেলি ওলাই নাযায়৷ বান্ধি থোৱা চুলি খুলি দিব পৰাজন তাইৰ কাষত আছে ৷
গাটো ধুই আহি আইনাৰ সন্মুখত ৰ’ল তাই৷ মেলি থোৱা চুলিকোছা ক্লিপটোৰে বান্ধি ল’লে তাই —- পনীটেইল কৰি৷ টানকৈ৷
অতদিনে বৈ থকা বুকুৰ অশান্ত লখাইতৰাখন শান্ত হ’ল৷
পনীটেইল বন্ধা চুলিৰে নিজকে প্ৰথমবাৰৰ বাবে ধুনীয়া দেখিলে তাই৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!