পবিত্ৰ ভাদ মাহ আৰু ক’ভিড আতংক—ৰূপলেখা দেৱী

অসমীয়া কেলেণ্ডাৰ মতে বছৰৰ বাৰ মাহৰ ভিতৰত ভাদ মাহটো হ’ল পঞ্চম মাহ। এই ভাদ মাহক আমাৰ সমাজত এক পবিত্ৰ মাহ হিচাপে গণ্য কৰি হয়। এই মাহটোত অসমৰ প্ৰায় সকলো নগৰ চহৰ, গাওঁ ভুই আদিত থকা মন্দিৰ, নামঘৰ আৰু আন উপাসনাস্থলী সমূহত সদায় সুবিধানুযায়ী পুৱা বা গধূলি পুৰুষ, মহিলা সকলোৱে মিলি ভক্তিভাৱে নাম-কীৰ্ত্তনেৰে মুখৰিত কৰি তোলে। অসমীয়া চহা সমাজত ধান খেতি কৰিবলৈ ব’হাগ মাহৰ পৰা শাওন মাহলৈ খেতিয়কসকল খেতি পথাৰত ব্যস্ত হৈ থকাৰ বাবে সেই সময়ছোৱাত নামঘৰ আদিলৈ যাবলৈ সময় নাপায়। শাওনত কঠীয়া ৰুই অলপ আজৰি হোৱাত, ভাদ মাহটোত খেতিয়কসকলেও নামঘৰলৈ গৈ নাম-কীৰ্ত্তনত ভাগ লয়।

পঞ্চদশ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত এক শৰণ নাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰি জাতি ধৰ্ম নিৰ্বিশেষে সকলো পুৰুষ মহিলাকে একতাৰ দোলেৰে বান্ধি অসমত নব-বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰিছিল। সেই পৰম্পৰা ৰক্ষা কৰিয়ে তাহানিৰ পৰা এতিয়ালৈকে নামঘৰসমূহত নাম-কীৰ্ত্তন আদি কৰি অহা হৈছে। অৱশ্যে ভাদ মাহটোত সদায় নাম-কীৰ্ত্তন কৰাৰ উপৰি বছৰৰ আন সময়ত নামঘৰসমূহত প্ৰত্যেক সপ্তাহৰ নিৰ্দিষ্ট এটা বা দুটা দিন, একাদশী, দোমাহী আৰু বিভিন্ন তিথি, উৎসৱ আদিত আই আৰু বাপুসকলে ভাগে ভাগে নাম প্ৰসংগ কৰে।
ভাদ মাহৰ সমূহীয়া নাম শাওন মাহৰ শেষৰ দিনা অৰ্থাৎ দোমাহীৰ দিনাৰ পৰা আৰম্ভ কৰি ভাদ আহিন মাহৰ দোমাহী বা সংক্ৰান্তিৰ দিনা সামৰণি মৰা হয়। এই মাহটোত নামৰ আৰম্ভণিতে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত নিৰ্দিষ্ট কেইটামান বৰগীতেৰে আৰম্ভ কৰি কীৰ্ত্তন পুথিখন আদিৰ পৰা অন্তলৈকে নাম আকাৰে গাই শেষ কৰাটো এক আঘোষিত পৰম্পৰা। এই মাহটোত নিজ নিজ অঞ্চলৰ প্ৰত্যেক ঘৰ মানুহেই এদিন হ’লেও নামঘৰলৈ যায় আৰু সাধ্যানুসাৰে শৰাই আগ কৰি নামৰ অন্তত ঘৰখনৰ মংগল কামনা কৰি আয়সকলৰ পৰা আশীৰ্বাদ লয়। বহুতে আকৌ এই মাহটোত ঘৰতেই গোটেই কীৰ্ত্তন পুথিখন এফালৰ পৰা পঢ়ি শেষ কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।
ভাদ মাহক বছৰটোৰ ভিতৰত উৎকৃষ্ট আৰু পুণ্যৰ মাহ বোলাৰ প্ৰধান কাৰণ হ’ল এই মাহতেই কৃষ্ণা অষ্টমী তিথিত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ প্ৰধান শিষ্য মাধৱদেৱৰ বৈকুণ্ঠ প্ৰয়াণ ঘটিছিল। কবি নৱকান্ত বৰুৱাই মাহবোৰৰ গীত নামৰ কবিতাটিত উল্লেখ কৰিছে যে,
“ভাদ মাহত মহাপুৰুষ দুয়োজনাৰ তিথি।
আহিন মাহত দূবৰি বন হিমত থাকে তিতি।”

জ্যোতিষ শাস্ত্ৰমতেও ভাদ মাহ অতি উত্তম মাহ বুলি গণ্য কৰা হয় কাৰণ এই মাহত সিংহ ৰাশিত ৰবি অত্যন্ত শক্তিশালী হয়, কাৰণ সিংহ ৰাশি ৰবি গ্ৰহৰ নিজা ঘৰ।

ভাগ মাহৰ তাৎপৰ্যৰ ওপৰত আমাৰ সমাজত বহুতো ফকৰা যোজনা প্ৰচলিত হৈ আহিছে।
ভাদ মাহত জন্ম লাভ কৰা সন্তানক বহুত ভাগ্যবান বোলা হয় আৰু সেই পৰিয়ালটোৰো যথেষ্ট উন্নতি হয় বুলি কোৱা হয়। সেয়েহে কোৱা হয় যে–
এক ভদীয়াই লৰে চৰে
দুই ভদীয়াই গিৰি তোলে
তিনি ভদীয়াই সোণৰ হাল ধৰে। (ঠাই বিশেষে শব্দৰ অলপ ইফাল সিফাল হব পাৰে)
অৰ্থাৎ পৰিয়াল একোটাত যদি ভাদ মাহত জন্মা এটা সন্তান থাকে তেন্তে পৰিয়ালটো ভাগ্যৱান হয়, দুটা ভদীয়া থাকিলে ঘৰখনৰ দোপত দোপে উন্নতি হয় আৰু যদি তিনিটা ভদীয়া থাকে তেন্তে সোণৰ নাঙলেৰে হাল বাব পাৰা হয় অৰ্থাৎ পৰিয়ালটোত ধনে ধানে উভৈনদী হৈ পৰে। তদুপৰি ভাদ মাহত মহা প্ৰয়াণ ঘটিলে আমাৰ সমাজত জীৱৰ স্বৰ্গ প্ৰাপ্তি হয় বুলি এক লোকবিশ্বাস আছে।
ভাদ মাহক লৈ বিভিন্ন ফকৰা যোজনাৰ উপৰি কেইবাটাও ডাকৰ বচন প্ৰচলিত হৈ আছে। তাৰ ভিতৰত-
১)ভাদত ওল, আহিনত কল, কাতিত কচুৱে বঢ়ায় বল।
২)ভাদত কৰিয়া কলা ৰোপণ, সবংশে মৰিল লংকাৰ ৰাবণ।
৩)ভাদৰ চাৰি, আহিনৰ চাৰি, মাহ ৰুবা যিমান পাৰি; ইত্যাদি।

প্ৰত্যেক বছৰে অহা দি এইবছৰো ভাদ মাহ আহি আমাৰ দুৱাৰ দলি পাইছেহি। আই আৰু বাপ ভকত সবে গোটেই বছৰ অধীৰ আগ্ৰহেৰে এই পবিত্ৰ ভাদ মাহটো লৈকেই বাট চাই থাকে। এইবছৰ অৰ্থাৎ ২০২০ চনৰ আৰম্ভণিৰ পৰা সমগ্ৰ বিশ্বতে ক’ভিড-১৯ নামৰ ভয়ানক ৰোগ বিধে মহামাৰীৰ ৰূপ লৈ এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। ভাৰতবৰ্ষৰ লগতে অসমতো বৰ্তমান এই ৰোগবিধৰ ভয়ংকৰ সংক্ৰমণ অব্যাহত আছে। এই ৰোগবিধৰ পৰা হাত সাৰিবলৈ প্ৰত্যেকেই যথেষ্ট পৰিমাণে সামাজিক দূৰত্ব বজাই ৰাখিব লাগে আৰু অনবৰতে জনসমাগম এৰাই চলি মুখখন মাস্কেৰে ঢাকি ৰাখিব লাগে। যিহেতু উপাসনা স্থলী সমূহতজন সমাগম এৰাই চলাটো সম্ভব নহয় সেয়েহে এইবাৰ নামঘৰ সমূহত ভাদ মাহত কোনো ধৰণৰ সমূহীয়া নাম আদি অনুষ্ঠিত নহয়। অৱশ্যে পৰম্পৰা ৰক্ষা কৰি দুই চাৰিজন ভকত বাপ বা আইসকলে এই মাহতো নাম প্ৰসংগ চলাই যাব। বাকী সকলে ঘৰতেই গোসাঁইৰ থাপনাৰ আগত শৰাই আগবঢ়াই, কীৰ্ত্তন পাঠ কৰি এই পৰম্পৰা ৰক্ষা কৰিব।
মানৱ সমাজৰ ওপৰত ক’ৰনাৰ এই সংহাৰী ক্ষণত এতিয়া সকলোৱে অন্তঃকৰণেৰে বিশ্বাস কৰিবলৈ বাধ্য হৈছে যে ভগৱানক বিচাৰি মন্দিৰ মছজিদ বা নামঘৰে নামঘৰে ফুৰাতকৈ নিজৰ নিজৰ অন্তৰতে ভগৱানক পোৱা যাব বা বিৰাজমান হৈ আছে। তথাপিও আমি আশাবাদী, ক’ৰনাৰ সংহাৰী ৰূপ নিশ্চয় অতি সোনকালে শাম কাটিব আৰু আমি পুনৰ একেলগ হৈ এক মুক্ত জীৱন যাপন কৰিবলৈ সুযোগ পাম।


Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!