পলুৱাই নিলেহে পুৰুষ বুলি ভাবিম মই!- অশোক কুমাৰ নাথ
: অ’ ককাইদেউ, মোৰ কিন্তু বৰ ভয় লাগিছে!
: ধেৎ! কি ভয়- ভয় কৰি থাক?
: অ’ ককাইদেউ, অপহৰণ কেচত মই ফচিবলৈ নাই দেই কিন্তু!
:ধেৎ! কি যে ভাবি আছ তই! এই প্লেনিংটো খোদ মোৰ প্ৰেমিকাই বনাইছে; মানে তোৰ ভাবী বৌয়েৰে৷
:বাৰু, কওকচোন আপোনালোকৰ প্লেনিংটো কি?
: মানে আমি দুয়ো এতিয়া সিহঁতৰ পদূলি পামগৈ৷ পদূলিৰপৰা তই শিলগুটি এটা মোৰ প্ৰেমিকাৰ গালৈ মাৰি পঠিয়াবি৷ তাই তেতিয়া তোক খেদি আহিব৷ আৰু তেতিয়াই আমি তাইক পলুৱাই লৈ গুচি আহিম৷
:অ’ ককাইদেউ! আপোনাৰ বৰ্ণনাটোচোন সম্পূৰ্ণ এটা অপহৰণ কাণ্ড!
:ধেৎ! কি অপহৰণ কাণ্ড- অপহৰণ কাণ্ড মাৰি আছ? এয়া চা, বৌয়েৰে কালি ৰাতি দিয়া মেছেজ, চাই ল ভালকৈ! কি লিখিছে চা- “পলুৱাই নিলেহে পুৰুষ বুলি ভাবিম মই!”
: ককাইদেউ! আপোনালোকে সামাজিকভাৱে বিয়াখন পাতি নেপেলায়নো কিয়?
:এহ্! তাইৰ ঘৰৰ মানুহে চাইকেল- মেকাৰ মানে চাইকেল-ইঞ্জিনীয়াৰলৈ ছোৱালী নিদিয়ে বুজিছ?
: আৰু বৌয়ে?
: বৌয়েৰে আক’ চাইকেলত উঠিহে ভাল পায়! চাইকেলত উঠাই টিলিঙাটো বজাই গ’লে তোৰ ভাবী বৌয়েৰে হেনো স্বৰ্গ-ৰথত উঠা যেন পায়! আৰু চাইকেলত উঠি থাকোঁতেই যদি মই কেনেবাকৈ “মন হীৰা দৈ চাইকেল নহয় টিলিঙা” গানটো গাই দিলোঁ, হ’লেই আৰু! তোৰ ভাবী বৌয়েৰে একেবাৰে কুঁচি-মুচি ককায়েৰৰ বুকুতেই সোমাই লয়! বৰকৈ মনত পৰি গ’ল ঐ টিলিঙা ভাল পোৱাজনীলৈ!
এতিয়া পিছে আমি স্কুটাৰ লৈহে যাম পলুৱাই আনিবলৈ, বুইছ৷ যাওঁতেতো তই উঠিয়েই যাবি বাৰু; কিন্তু বৌয়েৰ স্কুটাৰত উঠাৰ পাছত তই পিছে পিছে দৌৰি আহিব লাগিব আৰু! তিনিটা ঠেলা-হেঁচা হ’ব যে!
:কি! মই দৌৰিব লাগিব?
: এহ্ ডেকা লৰা তই! কিনো ভয় কৰি থাক!
: বৰ ভয় লাগিছেচোন ককাইদেউ! আগতে এনেকৈ গন্ধৰ্ব-বিবাহ কাকো কৰাই দিয়া নাই যে!
: ধেই! একো ভয় নাই ব’ল! সাহসেই সিদ্ধি৷ এইকণ সহায় ককায়েৰক কৰি দিব নোৱাৰিবি নেকি! কিন্তু বৌয়েৰৰ ঘৰত দানৱ ককায়েক এটা আৰু লগতে কুকুৰ দুটামানো আছে৷ গতিকে খুউব সাৱধানে কৰিব লাগিব মিছনটো৷ ব’ল এতিয়া৷
: বৌয়েৰক দেখিছনে বাৰাণ্ডাত?
: অঁ, দেখিছোঁ৷
: আৰু দানৱটোক?
: নাই, দেখা নাই৷
: আৰু কুকুৰ কেইটা আছে নেকি?
: অঁ, দুটাক দেখিছোঁ৷ ওচৰতে শুই আছে৷
: মই স্কুটাৰখন ষ্টাৰ্ট্ দিছো৷ কুকুৰৰ গাত নপৰাকৈ মাৰি পঠিয়া এতিয়া শিলগুটিটো৷ মাৰ৷ মাৰিলিনে?
: মাৰিলো৷ অ’ ককাইদেউ! শিলগুটিটো বেছি ডাঙৰ আছিল নেকি বাৰু? সৌৱা বৌচোন লুটিখাই পৰিহে থাকিল!
: কি! ঐ জধা-মূৰ্খ, মূৰত মাৰিলি নেকি?