পানেশৈ: কুসুমাঞ্জলি শৰ্মা

পানেশৈ

মোৰ থিয়গৰীয়া পিছল ঘাটত

অঘৈয়া শলা দি বঠাপাট শালিলি

কেনেকৈ হেচুকোঁ

তোৰ ইকৰা পাতৰে নাও

শতৰু শালিলি কি

মিতিৰহে পালিলি

নৈ হেন বুকু পাই

তই বঠা ঘনাই চবিয়ালি

পানেশৈ তই নুবুজিলি

অঘৈয়া শালি কিমান গভীৰলৈ গলি

গমি চাবি পিতি চাবি

কলিজাৰ নৈখন ৰঙাহৈ উজাইছে

নিথৰুৱা প্ৰাণটোক নিগমে নামাৰি

পানেশৈ

পানেশৈ

মোৰ ঘাটত বান্ধি থ তোৰ ইকৰা পাতৰে নাও

________________________________

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!