পালাক চিকেন – নাজিয়া হাচান

সামগ্ৰী:
মুৰ্গী মাংস আধা কেজি
পালেং শাক দুই মুঠি
নহৰু ডাঙৰ দুটা
কেঁচা জলকীয়া চাৰিটা বা পাঁচটা
মিঠাতেল, গোটা জিৰা, কালজিৰা আৰু নিমখ

প্ৰণালী: পালেং শাকখিনি ভালকৈ ধুই অলপ পানী দি সিজাই ল’ব৷ সিজা হলে চেকনিত দি শাকখিনি চেকি ৰাখিব৷ অলপ ঠাণ্ডা হ’লে মিক্সিত পানী নিদিয়াকৈ সেইখিনি পিচি লব৷

এইবাৰ মাংসখিনি ভালকৈ ধুই নিমখ সানি ল’ব৷ কেৰাহীত তেল ভালকৈ গৰম হলে মাংসখিনি ভালকৈ লৰাই লৰাই জুই মাজে মাজে কম আৰু বেছি কৰি ভাজি ল’ব৷ এখন থালত ভজা মাংসখিনি উঠাই ৰাখিব৷ এতিয়া কেৰাহীত ৰৈ যোৱা তেলখিনিতেই গোটা জিৰা আৰু কালজিৰা দি, লগে লগে পিচি থোৱা পালেংখিনি কেৰাহীত দি দিব৷ নহৰু আৰু কেঁচা জলকীয়া অলপকৈ থেতালি তাৰ ওপৰত দি সোৱাদ অনুসৰি নিমখৰ লগতে ভজা মাংসখিনিৰ সৈতে গোটেই সামগ্ৰীখিনি ভালকৈ লৰাই মিলাই দুগিলাছ পানী দি ঢাকোন মাৰি সিজিবলৈ দিব৷ মাংস ভালকৈ সিজা হলে জুইৰ পৰা কেৰাহীখন নমাই থব৷

এই ৰেচিপিটো গৰম ভাত বা ৰুটিৰ সৈতে খাবলৈ খুব ভাল৷ মচলাপাউদাৰসমূহ নিদিয়াকৈ ৰন্ধা এটা সোৱাদ লগা ৰেচিপি৷ ৰান্ধি চাবচোন৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!