পাষ্টা চ’চৰ সৈতে চিকেন- দীপ্তি শৰ্মা

যোগাৰঃ-

ব্ৰইলাৰ চিকেন ৫০০ গ্ৰাম 
আলু ২টা ( ডাঙৰ )
পিয়াজ ৪টা
নহৰু ১টা
আদা এটুকৰা
কাজু ৪ বা ৫ টা
বিলাহী ১ টা
ইলাচী লং ২টা মান
জালুক ৭টা মান
গোটা জীৰা কেইটামান
তেজপাত ২খিলা
কেঁচা জলকীয়া ১ টা
জীৰা ১ চামুচ
চিকেন মচলা ১/২ চামুচ
মেগী মচলা ১/২ চামুচ
গৰম মচলা ১/২ চামুচ
পাষ্টা চচ ‍১ চামুচ
হিং এচুকুট
নিমখ আৰু হালধি আন্দাজ মতে
মিঠাতেল আন্দাজমতে
ৰিফাইন ১ চামুচ

প্ৰস্তুত প্ৰণালীঃ-

প্ৰথমতে চিকেনখিনি ধুই কেৰাহীত তেল দি অলপ ৰঙচুৱা হোৱাকৈ ভাজি ললোঁ৷ একেখিনি তেলতে আলু খিনিও ভাজিলোঁ৷ আনফালে পেন এখনত ১ চামুচ ৰিফাইন দি পিয়াজ, নহৰু-আদা, গোটা জালুক-জীৰা, কাজু, তেজপাত, ইলাচি -লং, জলকীয়া আৰু বিলাহী এইখিনি উপকৰণ অলপ ভাজি ললোঁ৷ উপকৰণখিনি ঠাণ্ডা হোৱাত মিক্সিত পিচি ললোঁ৷ মাংস ভজা তেলখিনিতে হিং এচুকুট দি পিচি লোৱা উপকৰণখিনি দি তেল বিৰিঙা লৈকে লৰাই থাকি মাংসখিনি দিলোঁ আৰু তাৰ পিছতে আলুখিনিও দিলোঁ৷ আন্দাজমতে নিমখ, হালধি দিলোঁ আৰু গৰম মচলাৰ বাহিৰে বাকীখিনি মচলা দিলোঁ৷ পাষ্টা চচখিনিও দিলোঁ৷ তাৰ পাছত গৰম পানী অলপ অলপ কৈ দি সিজিব দিলোঁ৷ মাংসখিনি সিজাৰ পাছত গৰম মচলা দি পৰিৱেশন কৰিলোঁ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!