পাহাৰৰ সাধু – গায়ত্ৰী খাৰঘৰীয়া

পাহাৰটোৰ গাত শুই আছে বহুকেইটা ঘৰ৷ সেউজ পাহাৰটোৱেও আলফুলে আৱৰি আছে ঘৰকেইটা…৷ ৰঙা ইটাৰ ঘৰকেইটাই বুজাইছে আমাৰ বুকুত ভালপোৱা আছে…৷ পাহাৰৰ তাতে সুখ…৷ টান মাটিত ভালপোৱা…পাহাৰে হাঁহি দিয়ে…তৃপ্তিৰে৷ ঘৰবোৰৰ বুকুত থকা ভালপোৱাই লাহে লাহে খহাবলৈ ধৰিলে পাহাৰৰ সেউজীয়া…৷ পাহাৰ পিছে নিৰুদ্বেগ…৷ সেউজীয়া হেৰুৱায়ো ৰঙাৰে জীপাল হোৱাৰ মন পাহাৰৰ…৷

পাহাৰে ভাবে কিবা পাবলৈতো কিবা হেৰুৱাবয়ে লাগিব…“মই মোক অলপ হেৰুৱাইছোঁ, ঘৰবোৰৰ বুকুৰ ভালপোৱা যে বাঢ়িছে“৷ লাহে লাহে পাহাৰটোৱে একেবাৰেই নিজক হেৰুৱালে…৷ থেপাথেপি ঘৰবোৰৰ মাজতো পাহাৰে দেখিবলৈ পালে কৃত্ৰিম ভালপোৱা…৷ পাহাৰ হতভম্ব হ’ল৷ ভালপোৱাতো এনে হয়নে! ! !
পাহাৰে বহু দেৰিকৈ বুজিলে কিবা পাবলৈ কিবা হেৰুৱাব লাগিবতো ভুল, আচলতে যি হেৰুৱাই সি মাথো হেৰুৱায়ে গৈ থাকে…সদায়৷
আৰু শেষত
“আৰু মই হেৰুৱাব নোখোজোঁ“বুলি পাহাৰে অৱশিষ্ট সেউজীয়াখিনি খামুচি উচুপি উঠিল…৷■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!