পিঠাগুৰিৰ কেক – মণিষা বৰা হালৈ



জহাচাউল তিয়াই খুন্দি ল’ব৷ নাৰিকল এটা ৰুকি ল’ব৷ এতিয়া এটা বাতিত নাৰিকল ২কাপ, চেনি ৫ চামুচ দি সানি ল’ব৷ তাতে পিঠাগুৰি ১কাপ ও দি ভালকৈ সানি ল’ব৷ আধাচামুচ বেকিং দিয়ক আৰু আধাচামুচ ঘিঁ দিয়ক৷ ঘিঁ নিদিলেও হয় যদি খাব নিবিচাৰে৷ এতিয়া গোটেই সামগ্ৰীখিনি ভালদৰে মিলাই লওক৷ ৪চামুচ গাখীৰ দি আকৌ সানক৷ পনীয়া নকৰিব৷ এতিয়া এটা বাতিত ঘিঁ বা তেল সানি মিশ্ৰনটো দি কুকাৰত অলপ পানী দি বহাই দিয়ক৷ হুইচেলটো খুলি দিয়ক৷ প্ৰথমে গেছটো বঢ়াই দিব৷ ৫ মিনিট পিছত কমাই ২০ মিনিট ৰাখক৷ তাৰপিছত গেছ বন্ধ কৰি দিয়ক৷ হৈ গ’ল পিঠাগুৰিৰ কেক৷ এই কেক সোৱাদ লগা হোৱাৰ উপৰিও স্বাস্থ্যৰ বাবেও উপকাৰী কিয়নো আন কেকত বহুত তেল বাটাৰ দিব লাগে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!