পিতাই – মুংচাজ’ বৰ্ণালী আম্ফি মান্তা

পিতাই, তোক হেৰুৱাৰ পৰা

পিছফালৰ কচুৱনিডৰাত

নীলা শ্বাপদৰ দল

 

আইৰ কপালৰ ৰঙা বেলিটি

পিছলি খহিল।

 

পদূলিত ওলমিল বেঁকা হাঁহি॥
——————————–

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!