পিতৃস্নেহ, পিতৃঋণ ইত্যাদি (দেৱাংগ পল্লৱ শইকীয়া)

পিতৃস্নেহ, পিতৃঋণ ইত্যাদি

অকণমান ব্যক্তিগত :

দেউতাৰ শেষ পৰ্যায়ৰ কেঞ্চাৰৰ অপাৰেশ্যন হৈ যোৱাত মোৰ কৰ্মস্থলীলৈ উভতি যোৱাৰ সময় আহি পৰিছিল। “যাওঁ” বুলি দেউতাক মাত লগোৱাৰ সময়ত দেউতাই কৈছিল “আৰু এদিনমান”-নাই নোৱাৰিলোঁ। কম্পেনীৰ “দায়িত্ব” “পাৰ্চনেল ৰেকৰ্ড” এইবোৰৰ বাবেই দেউতাক তেনেকৈয়ে এৰি আহিব লগা হৈছিল। আৰু মানসিকভাৱে প্ৰস্তুত হৈয়ো আহিছিলোঁ-পিছৰবাৰ আহি দেউতাক দেখাতো মোৰ বাবে হ’ব সৌভাগ্য। পিছৰবাৰ মই গৈ পোৱাৰ কেইঘণ্টামান পাছতেই দেউতাই চকু মুদিছিল। কাকতালীয়-কিন্তু দেউতাই মোৰ বাবেই ৰৈ আছিল !!

“আৰু এদিনমান”- এই কথাষাৰে মোক এতিয়াও মাজে মাজে বিন্ধি থাকে। এটা অসহায় অসহায় ভাব।

বহুতৰে এনেকুৱা হয়, হৈছেও। কেৰিয়াৰ, প্রমোচন, এইবোৰৰ পাছত দৌৰি থাকোঁতে যিটো সময়ত পিতৃ-মাতৃক আটাইতকৈ বেছি সান্নিধ্যৰ,স্পৰ্শৰ প্ৰয়োজন হয়, সেইসময়তেই আমি কেতিয়াবা অপাৰগ। সেইবাবেই মই সেইসকলক সৌভাগ্যৱান বুলি বিবেচনা কৰোঁ-যিসকলে পিতৃ-মাতৃয়ে বিচাৰিলেই তেওঁলোকক স্পৰ্শ কৰিব পাৰে, এখন্তেক কাষত বহিব পাৰে। তেওঁলোকলৈ মোৰ স্বভাৱজাত ঈৰ্ষা সদায়েই থাকিব। এটা সময়ত কেতিয়াবা নিঃসংগ মুহূৰ্তত আপোনাৰ মনলৈও প্রায়েই আহে এই ভাব- এই যে অৰ্থ, সম্পত্তি, এই নাম যিবোৰ সেই সৰু সৰু সুখবোৰৰ পৰা বঞ্চিত হৈ গোটাইছে, সেইবোৰে প্রকৃততেই আত্মাক প্ৰশান্তি দিব পাৰিবনে সেইসময়ত যিসময়ত আপুনিও সন্তানৰ সেই স্পৰ্শৰ বাবে আতুৰ হৈ থাকিব ?? কিন্তু উপায় নাই। অসহায়। এনেকৈয়ে গৈ আছে সময়ে আমাক ভেঙুচালি কৰি।

হঠাতে মাজৰাতি দেউতাকৰ ফোন অহাত ল’ৰাজনে ভয়ে ভয়ে ফোন ধৰিলে কাৰণ দেউতাক দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে। নাই-একো হোৱা নাই-চব ঠিকে আছে, তই পঠোৱা টকা পাইছোঁ-ভালৰো ভাল ডাক্তৰে মোক চাই আছে, ৰেগুলাৰ চেকআপ, মাৰে-ককায়েৰে মোক প্রতিপালনত ত্ৰুটী কৰা নাই, দামী প্রটিন পাউদাৰ -চব ঠিকে আছে। মাত্র তোৰ লগত ঢেৰ সময় কথা পাতিবলে’ মন যায়- আজি বেছিকৈ মন গ’ল। দিনত তই ব্যস্ত। সেইকাৰণে এই ৰাতিখনেই কৰিলোঁ…। সঁচা ঘটনা এইটো।

আশাঃ

ধলপুৱাতে অফিচৰ পৰা খোজকাঢ়ি আহি থাকোঁতে পাৰ্কখনত প্রায় সদায়েই লগ পাওঁ-য়’ য়’ টাইপ্ ল’ৰা এজনে অসুস্থ দেউতাকক দুয়োখন হাতেৰে ধৰি ধৰি খোজকঢ়াই থাকে। ককাক বুলি ভাবিছিলোঁ, সিদিনা ওচৰৰে পাৰ হওঁতে শুনিলোঁ কিবা এটা কোৱা ” পাপা…”।

দিনত ল’ৰাজনৰ চাল-চলন, বেশ-ভূষা দেখিলে কোৱা টান এইজনে যে সদায় ধলপুৱাতে উঠি পিতৃঋণ পৰিশোধ কৰে। পাৰ্কখনত মুখামুখি হলে চকুৰেই হাঁহি তেওঁক বুজাই দিওঁ  পিতা-পুত্রৰ এই দৃশ্যটি দেখি আমি বৰ ভাল পাওঁ।

বাপেক ভাগ্যৱান, তাতোকৈ ভাগ্যৱান পুতেক।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!