পুতুলীৰ সুতুলি পিঠা-তনুৰাগ চাণ্ডিল্য

ব’হাগ বিহুত পুতুলীৰ মন গ’ল খাবলৈ সুতুলি পিঠা।
পিছে ঘৰত আছে কেৱল দোৱা ভজা চিৰা।।
কান্দি-কাতি গোটেইজনী হৈ পৰিল জাধলী।
তেনেতে তাহাঁতৰ ঘৰলৈ আহিল চাৰিআলিৰ বৰপেহী।।
পেহীয়ে আনিছে পুতুলীলৈ মোনা ভৰাই সুতুলি পিঠা।
পিঠা পাই আনন্দতে পুতুলীয়ে দিলে পেহীয়েকক পিঠাৰে প্ৰতি একোটাকৈ চুমা।।
চুমা পাই পেহীয়েকৰ মনত বৰকৈ লাগিল ৰং।
সাউত্কৰে আৰু দুটামান আনোগৈ বুলি ঘৰলৈ খোজ ল’লে জপং-জপং।।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!