পুনৰাম্ভ ( ড০মনোজকুমাৰডেকা )

(এক)

:“—–নহ’ল—নহ’ল—-নোৱাৰিলে——-চলিহাইও নোৱাৰিলে——“
:“—-নে—ক্স—ট সুধাংশু ভূঞা —–“
কোনোবা এজনে সুধাংশুৰ চকুত ক’লা কাপোৰ এখন বান্ধি দিলে৷ আন এজনে দূৰে দূৰে থকা সাতখ্ন মান টেবুলৰ ওপৰত ৰখা বটলবোৰৰ অৱস্থান সলনি কৰি দিলে৷ আন কোনোবা এজনে আহি সুধাংশুৰ হাতত ধৰি তেওঁক লৈ গ’ল প্ৰথম টেবুলখনৰ ওচৰলৈ৷ টেবুলখনৰ ওপৰত ৰখা সাঁফৰ খোলা বটলটোৰ ওচৰলৈ সুধাংশুৰ মুখখন নিয়াত সহায়ও কৰিলে মানুহজনে৷ সুধাংশুই নাকেৰে দীৰ্ঘশ্বাস ল’লে সাঁফৰ খোলা বটলটোৰ মুখৰ ওচৰত, আৰু কৈ দিলে “—ৰয়েল ষ্টেগ প্ৰিমিয়াম—“
হাত-চাপৰি আৰু হৰ্ষ-উল্লাস ধ্বনিত ৰজন-জনাই গ’ল ক্লাৱ-হাউচটো৷ তাৰপিছত সুধাংশু ভূঞাই এটা-এটাকৈ টেবুলবোৰৰ ওপৰত ৰখা খোলা মুখৰ মদৰ বটলবোৰৰ গোন্ধ লৈয়ে কৈ গ’ল মদবোৰৰ নাম৷
(দুই)
ব্যক্তিগত নাৰ্ছিংহোমখনৰ বিছনাত পৰি থকা সুধাংশুৰ মন অতীতৰ বহু কথায়ে দোলা দি আছে এইকেইদিন৷ কণ-কণ হৈ থকা এমা-দিমা ল’ৰা-ছোৱালীহালৰ কথা, পত্নীৰ কৰুণ-আতংকগ্ৰস্থ মুখখনৰ কথাই সুধাংশুক চেপি-খুন্দি গুঢ়ি কৰি অস্থিৰ কৰি তুলিছে৷ নিজৰ দেহৰ যন্ত্ৰণাতকৈও পৰিয়ালৰ অনিশ্চয়তাৰে পৰিপূৰ্ণ ভয়াবহ ভৱিষ্যতৰ কথাৰ চিন্তাই সুধাংশুক কাবু কৰি পেলাইছে৷ যদি তেওঁৰ লিভাৰ ট্ৰেন্সপাৰেঞ্চিৰ অপাৰেচেন সফল নহয়! ! —–মাটি-বাৰী, ঘৰ-সম্পত্তি সকলো বিক্ৰী কৰি চিকিৎসাৰ বাবে ওলাই আহিছে; লগত মাত্ৰ পত্নী—–কোনো নাই কাষত তেওঁৰ উচ্চাস-উল্লাস ধ্বনীৰে মদৰ পিপা হ’বলৈ উৎসাহ দিয়া তথাকথিত বন্ধু-বান্ধৱ নাইবা মদ নাখাবৰ বাবে অহৰহ কৈ কৈ ভাগৰি পৰা কোনো আত্মীয়-স্বজন৷
যি জীৱনক লৈ তেওঁ ধেমালি কৰিছিল, সেই জীৱনে আজি তেওঁক লৈ খেলি আছে কি ভয়ংকৰখেল!
(তিনি)
: “অই হাপা—-ক’ত আছ বে’—–বিয়েৰ খাবি নেকি? ”, হোষ্টেলৰ দহ নম্বৰ কোঠাৰ পৰা হেমেনে আহি তাক সুধিছিল পোন্ধৰ নম্বৰ কোঠাত, লগত আছিল ঋতুৰাজ আৰু হিমাংশু৷ হোষ্টেলৰ চিনিয়ৰক দেখি দেখি মদৰ প্ৰতি সিঁহতৰ অহৈতুক লোভ আৰু কৌতুহল বৃদ্ধি পাইছিল৷ নিজৰ গ্ৰুপৰ মাজত কথা হৈছিল যে চিনিয়ৰ হ’বৰ দিনাই একোটা ফুল গিলি দিব৷
উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বাৰ্ষিকত উঠি কিছুদিন পিছতে হোষ্টেলৰ পোন্ধৰ নম্বৰ কোঠাৰ পৰা ওলাই গৈছিল পানবজাৰৰ চান-ফ্লাৱাৰ ওচৰত থকা মদৰ দোকানলৈ৷ —- আৰু সেয়াই আছিল আৰম্ভণি, তাৰ পিছত্ মদৰ গোন্ধলৈ বটলত কি ব্ৰেণ্ডৰ মদ আছে তাক ক’ব পৰা হৈছিল সুধাংশু ভূঞাই৷
(চাৰি)
“বব মাৰ্লিৰ এই জীৱনী/সদায় ফুঁকি দিওঁ আমি আবেলি/চিলিমত ভৰাই, লাহে লাহে জ্ব্লাই/ফুঁকি দিওঁ আমি—ফুঁকি দিওঁ আমি——–“
বিশ্ব্ববিদ্যালয়ৰ ছাত্ৰাবাসাৰ ধোঁৱাময় বন্ধকোঠাৰ ভিতৰত সিঁহত পাঁচজনমানে হাঁহি-হাঁহি বাগৰি-বাগৰি এই গানটো গাইছিল৷ —-গাইছিল নহয়, গায়ে আছ্ল সম্পূৰ্ণ চাৰিটা বছৰ৷ স্নাতকোত্তৰ তৃতীয় ষান্মাসিকত চিনিয়ৰ হোৱাৰ পিছত পল্টন বজাৰৰ পৰা কিনি অনা দহ টকাৰ পূৰীয়াৰে আৰম্ভ কৰিছিল ভাঙৰ নিচা৷ প্ৰ্দীপ আৰু অনুজে আৰম্ভ কৰা “বাবা-দল”ত সুধাংশুৰ পিছে পিছে সুদীপ্ত আৰু ৰাভাই যোগ দিছিল৷ চতুৰ্থ ষান্মাসিকৰ পৰীক্ষা দিয়াৰ পিছতো আৰু তিনিটা বছৰ ছাত্ৰাবাস এৰি যোৱা নাছিল—-মদ-ভাং আৰু অন্তিম বছৰটোত জুৱা খেলেৰে অতিবাহিত কৰিছিল সময় চাকৰি বিচাৰি থকা বুলি ঘৰক ফাঁকি দি৷
(পাঁচ)
সিঁহতৰ চিনিয়ৰ ৰাজীৱ ভট্টাচাৰ্য্যই এদিন হোষ্টলৰ পৰা তুলি নি তেওঁ কাম কৰা ব্যক্তিগত মালিকাধীন কোম্পানীটোত সুধাংশুক সোমুৱাই দিছিল৷ চাকৰি, বিয়া, সন্তান ইত্যাদিয়ে কিছু বছৰ সুধাংশুক মদৰ নিচাৰ পৰা আঁতৰাই ৰাখিছিল৷ কিন্তু বদলি সূত্ৰে মফচলীয় চহৰ খনলৈ অহাৰ পিছৰে পৰা আকৌ কি হৈ গ’ল তেওঁৰ, নিয়মিত ক্লাৱলৈ গৈ মদ খোৱা আৰম্ভ হৈ গ’ল; নিয়মিত খায় কিন্তু পৰিমিত নহয়৷
আৰু দূৰ্ব্বল হৈ অহা দেহাত ধৰা পৰিছিল সত্তৰ শতাংশ নষ্ট হৈ যোৱা লিভাৰৰ বিদ্ৰোহ৷
(ছয়)
নীলা কুৰ্ত্তা আৰু বগা চুৰী পায়জামা পিন্ধিছে সুধাংশুই৷ অপেক্ষা কৰি আছে তাৰ অতি মৰমৰ অতি চেনেহৰ সাদৰী পত্নী ওলাই অহালৈ৷ গাড়ীৰ ষ্টিয়েৰিংত ধৰি পশ্চিম আকাশৰ গধূলিৰ ৰঙা বেলিটোলৈ চাই আছে তেওঁ, মনত পেলাই আছে সেই বাক্য কেইটা, “—–ৰ’ ৰ’—উঠিব নালাগে—-শুই থাক—কথা দে’ আৰু মুখত মদ নিদওঁ বুলি—-এতিয়াই ক’বৰ মন নাছিল, আৰু অলপ অনুশোচনাত্ দ্বগ্ধ কৰাব মন আছিল—-পিছে তোৰ মিছেছৰ সহ্য নহ’ল তোৰ দুখ দেখি—-শুন, তোৰ কৰ্মৰ বাবে তেওঁৰ কি অৱস্থা হ’ব পাৰে, তোৰ ল’ৰা-ছোৱালীৰ কি অৱস্থা হ’ব পাৰে সেয়া আগতীয়াকৈ বুজাবলৈ এইখন সঁচা নাটক আছিল—–মই ইয়ালৈ বদলি হৈ আহাৰ পিছতে তোৰ ঘৰৰ ঠিকনা উলিয়াই তোক বিচাৰি গৈ তোৰ বিষয়ে সকলো গম পালো—আৰু তেনেকৈ থাকিলে তোৰ কি হ’ব পাৰে সেয়া অগতীয়াকৈ তোক বুজাবলৈ এইখিনি তোৰ পৰিয়াল আৰু পত্নীৰ লগত আলোচনা কৰি কৰিলো—-মাটি-বাৰী-সম্পত্তি সকলো ঠিকে আছে—আৰু শুন, লিভাৰ সত্তৰ শতাংশ নষ্ট নহ’লেও, নষ্ট হোৱাৰ বাপেক—সেয় সাৱধান, দৰৱ-পাতি নিয়মিত খাবি—–“৷ সুধাংশুই মাত্ৰ ৰ’ লাগি শুনি আছিল তেওঁৰ পুৰণি অথচ তেওঁ খবৰ নৰখা বন্ধু ডা: অৰুণজ্যোতৰ৷
“ ব’লা আকৌ—-“, তেওঁৰ পত্নী উৰ্মিমালা আহি ইতিমধ্য তেওঁৰ কাষৰ ছিটত বহিছে৷ উৰ্মিমালাৰ গাৰ গোন্ধে সুধাংশুৰ বুকুখন ভৰাই তুলিলে৷ অৰুণৰ ঘৰলৈ ৰাতিৰ সাঁজ খাবলৈ ওলোৱা সুধাংশু আৰু উৰ্মিমালাই কিছুদিন আগতে আহি ওলোৱা সুধাংশুৰ মাকৰ লগত বাৰাণ্ডাত থিয় দি থকা তেওঁলোকৰ ল’ৰা-ছোৱালী হাললৈ চাই হাত জোকাৰিলে, “আহি আছো বাবা-মাইনা—-নাকান্দিবা দেই—–আইতাক আমনি নকৰিবা——“৷
——————————————————————-

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!