পুৰুষ হৈ কিয় যে জনম ল’লো! ( অনামিকা চলিহা )

“ভাইটি, অকলে অকলে যে.আমাৰে কোনোবা এগৰাকীয়ে থৈ আহো নেকি?” purux hoi kio jonmo lolu_anamika chaliha_doinandin
তিনিআলিটো পাৰ হৈ আহোতেই তাক উদ্দ্যেশি ভাঁহি অহা শব্দৰ টুকুৰাবোৰ শুনি সি ৰঙা চিঙা পৰি গ’ল।লগতে শুনিবলৈ পোৱা গ’ল বিভিন্ন অশ্লীল শব্দৰ টুকুৰা।কাণ দুখন ভমক ভমক মাৰিবলৈ ধৰিলে।
৯ মান বজাই নাই, কি যে কু-গ্ৰহত পৰি সি ইমান দেৰিলৈকে অফিচত আছিল। মেডামৰ কথা শুনি কামটো শেষ কৰি আহোতে তাৰ ইমান দেৰি হ’ল। ইতিমধ্যে অফিচৰ আন সকলো গৈছিলগৈ।কিন্তু তাৰ আন উপায়ো যে নাই।মেডামৰ কথা নুশুনিলে তাৰ চাকৰিলৈ যে টনাটনি লাগিব। চাকৰিটো সি হেৰুৱাব নোখোজে। পিছে দিনে দিনে মেডামৰ তাৰ প্ৰতি ব্যৱহাৰবোৰ সলনি হ’বলৈ ধৰিছে ।
আজিও কাম কৰি থাকোতে মেডাম আহি পাছফালৰপৰা তাক পিঠিত হাত বুলাই ক’লে-“দিনে দিনে বৰ ধুনীয়াটি হৈ পৰিছা যে,কি কৰাহে?” তাৰ কি কৰিম কি নকৰিম অৱস্থা। যেন ফাট মেলা বসুমতী পাতালে লুকাওঁ অৱস্থা।
গালখনত জোৰকৈ টিপি দি কাণে কাণে ক’লে-“অহা সপ্তাহত তুমি আৰু মই অফিচিয়েল টু’ৰৰ বাবে কলকতাৰ পৰা আহিব লাগিব।সাজু হৈ থাকিবা”।
নিজৰেই ওপৰত ঘৃণা লাগিছিল পুৰুষ হৈ কিয় জনম ল’লে বুলি।মেডামৰ পুত্ৰসম সি।তথাপি মেডাম ইমান তললৈ নামিব পাৰে ভা‌ৱি উত্তৰ নেপায়। এই অফিচত আৰু বেছিদিন থাকিব নোৱাৰি।সি তাৰ পুৰুষত্ব হেৰুৱাই পেলাব লাগিব। কাকো ক’বও নোৱাৰি, তাৰ গাতেই দোষ দিব। ফিগাৰটো ধুনীয়াকৈ মেইনটেইন কৰে, সিয়েই সুবিধা লোৱা বুলি ক’ব।
কেইদিনমানৰ আগতেতো অফিচৰপৰা আহি থাকোত বাটত এজনীয়ে প্ৰ’পজেল দি দিলে। ভয়তে সি সেইটো ৰাস্তায়েদি নাহেই আজিকালি।অকল তাৰেই এই অৱস্থা নহয়। ১০ জন পুৰুষৰ ভিতৰত ৬/৭ জনৰেই এই দশা। শৈশৱ,কৈশোৰ পাৰ হৈ আহোতেওঁ বিভিন্ন নাৰীৰপৰা এনে ব্যৱহাৰ পাই আহিছে।
এই কথাবোৰ মনৰ মাজত পাগুলি আহি থাকোতেই তিনি আলিটোত হাতত জ্বলন্ত চিগাৰেট লৈ বাইকত বহি আদ্দা দি থকা সেই উতনুৱা ছোৱালীসোপাৰ কৱলত পৰিল সি।
দেউতাকে অফিচলৈ ওলাই আঁহোতেই কৈ পঠাইছিল সোনকালে ঘৰ সোমাবলৈ।দেশ-কাল আজিকালি ভাল হৈ থকা নাই।সচাঁ কথা। পুৰুষসকল আজিকালি অলপো সুৰক্ষিত নহয় নাৰীৰ হাতত। পদে পদে লাঞ্চিত,অপমানিত। বাতৰিকাকত,টিভি নিউজ আদিত অনবৰত পুৰুষসকলৰ পুৰুষত্ব হেৰুৱাৰ,মৃত্যুৰ বাতৰিয়েই পঢ়িব,শুনিব পোৱা যায়। অপৰাধী সদায়েই সাৰি যায়। তাতো বিভিন্ন বুদ্ধিজীৱী মহিলা,দল-সংগঠনৰ মহিলাসকলে পুৰুষসকলকেই দোষ দিয়ে। পুৰুষসকলে হেনো নিজৰ দেহাটো নাৰীবিলাকৰ বাবে মেইনটেইন কৰে। হাফপেন্ট-গেঞ্জী পিন্ধি কিয় ফুৰিবলৈ যায়, নিজৰ শৰীৰটো কিয় আবুৰ কৰি নেৰাখে? দেৰিলৈকে কিয় বাহিৰত থাকে,কিয় ড্ৰিংকচ কৰে ,নাইট ক্লাৱত ইমান দেৰিলৈকে কিয় থাকে আদি এশ এবুৰি প্ৰশ্ন। চিঞঁৰি চিঞঁৰি ক’বৰ মন গৈছিল তাৰ-ঘৰত তোমালোকৰ দেউতা,দাদা,ভাইটি নাই নেকি? পিচে একো নক’লে। জানে কৈ একো লাভ নাই।

ঘৰ পালেহি সি।দেউতাকে তাৰ অহা দেৰি হোৱা দেখি চিন্তা কৰি গেটখনৰ ওচৰতেই ৰৈ আছিল। তাৰ কিবা এটা বিপদ হ’লে যে মাকে দেউতাককেই দোষ দিব। তাক যেন জন্ম দিয়াতেই মাকৰ দায়িত্ব শেষ।তাক তুলি-তালি ডাঙৰ-দীঘল দেউতাই কৰিলে। দেউতাকলৈ বেয়াই লাগে।ৰাতিপুৱা শুই উঠাৰপৰা শোৱালৈকে সকলো কাম তেঁৱেই কৰে।ঘৰত ঝাৰু দিয়া,কাহিঁ বাতি ধোৱা,চাহ-ভাত বনোৱা ,মাকৰ ,ভন্টীহতঁৰ কাপোৰ ধোৱা আদি সকলো।সময় পালে অলপ সি সহায় কৰি দিয়ে। তথাপি ভাল মাত এষাৰ নেপায়।যেন নিকিনা গোলামহে। দেউতাকে এইয়া ভাগ্যৰ দোষ বুলি এৰি দিছে। ৰাতিপুৱাই দেউতাকে বনাই দিয়া চাহ,ভাত খাই ওলাই যোৱা মাক,ভন্টী দুজনী এতিয়াও আহি পোৱাহি নাই। ৰাতি বাৰ এক মান বজাত মদ এসোপা টেঁটুলৈকে গিলি সোমাবহি।নিজৰ প্ৰাপ্য কেতিয়াও পোৱা নাই।

নাৰী আৰু পুৰুষ সমান। পুৰুষৰ অবিহনে নাৰীৰ জীৱন সৰ্ম্পূণ নহয় ।পিছে নাৰীজাতিয়ে সেইয়া স্বীকাৰ কৰিব নিবিচাৰে।মানসিক শক্তিত অধিক শক্তিশালী নাৰীসকলে পুৰুষসকলক পাত্তাই নিদিয়ে। তেওঁলোক নহ’লে হেনো এই পৃথিৱীৰ সৃষ্টিধাৰা আগ নেবাঢ়ে।গতিকে পুৰুষসকলে তেওঁলোকৰ কথা শুনিবই লাগিব। তেওঁলোকে পুৰুষক তেওঁলোকৰ হাতৰ পুতলা বুলি ভাৱে। যাৰফলত নাৰীয়ে পুৰুষৰ ওপৰত সদায়েই আতিশায্য চলাই আছে। এক দীঘল হুমুনিয়াহ ওলাই আহিল তাৰ।অৱশ্যে বহু বছৰৰ আগতে নাৰী আৰু পুৰুষৰ স্হান আজিৰ দৰে নাছিল। সেইসময়ত সৰ্বত্ৰ ৰাজত্ব পুৰুষৰ চলিছিল। নাৰীসকলক আজিৰ পুৰুষসকলক কৰাৰদৰে ব্যৱহাৰ কৰা হৈছিল। পদে পদে লাঞ্জিত, অপমানিত, ধৰ্ষিতা হ’ব লাগিছিল পুৰুষসকলৰদ্বাৰা।পিছে এদিন সকলো সলনি হ’ল।নাৰীজাতিয়ে নিজৰ চেষ্টাৰ ফলত নিজৰ স্থান কাঢ়ি ললে।পুৰুষৰ অবিহনে যে তেওঁলোকৰ স্বকীয় পৰিচয় আছে স্বীকৃত হোৱাৰ পাছৰেপৰা তেওলোক আৰু পুৰুষৰ তলতীয়া হৈ নেথাকিল। দিনে দিনে পুৰুষৰ সকলো স্থান কাঢ়ি ল’লে। ফলত পুৰুষসকল সংকোচিত হৈ পৰিল। আইন-কানুন, নিয়ম –নীতি নিজৰ মতে বনাই ল’লে।পুৰুষসকলৰ সেই সোনালী দিনবোৰৰ কথা মাথো ইতিহাসৰ পাততেই লিপিৱদ্ধ হৈ ৰ’ল। নিজৰ প্ৰাপ্যৰ বাবে প্ৰতিবাদ কৰিলেও নাৰীসকলৰ যুক্তি-তৰ্কৰ আগত সেয়া গৌণ হৈ পৰে। পঢ়ি-শুনি স্বাৱলম্বী হোৱাৰ চেষ্টা কৰিলেও পদে পদে বাধা।

One thought on “পুৰুষ হৈ কিয় যে জনম ল’লো! ( অনামিকা চলিহা )

  • January 13, 2016 at 9:24 pm
    Permalink

    reversal writing … nice … 🙂

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!