পৃথিৱীৰ বাবে এঘন্টা (জলি ৰুমী বৰা)

আজি অৰ্থাৎ ২৩ মাৰ্চ তাৰিখে সমগ্ৰ বিশ্বতে নিশা ৮.৩০ ৰ পৰা ৯.৩০ বজালৈকে এঘন্টা সময় বিজুলীবাতি নুমুৱাই ৰাখি পৃথিৱীৰ বাবে এঘন্টা (Earth hour) পালন কৰা হব৷ ই প্ৰকৃততে ৱৰ্ল্ড ৱাইড ফান্ড ফৰ নেচাৰ বা চমুকৈ WWF নামৰ সংস্থাৰ তত্ত্বাৱধানত সমগ্ৰ বিশ্ব জুৰি পালন কৰা এক প্ৰতীকী পদক্ষেপ৷ সাধাৰণতে প্ৰতিবছৰে মাৰ্চ মাহত এই অনুষ্ঠানৰ আয়োজন কৰা হয়৷ এই দিনটোত সকলো ঘৰ তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ অপ্ৰয়োজনীয় সকলো বিজুলীবাতি এঘন্টাৰ বাবে নুমুৱাই ৰাখিবলৈ আগ্ৰহ যোগোৱা হয়৷ ইয়াৰ দ্বাৰা বতৰ পৰিৱৰ্ত্তনৰ পৰিপ্ৰেক্ষিতত পৃথিৱীৰ ওপৰত পৰা প্ৰভাৱসমূহৰ বিষয়ে জনসাধাৰণক সচেতন কৰি তুলিবলৈ চেষ্টা কৰা হয়৷ এই অনুষ্ঠানটো পোন-প্ৰথমবাৰৰ বাবে ২০০৭ চনৰ অষ্ট্ৰেলিয়াৰ চিডনীত আয়োজিত হৈছিল য’ত প্ৰায় ২.২ মিলিয়ন লোকে এটা ঘন্টাৰ বাবে সকলো বিজুলী-বাতি বন্ধ কৰি ৰাখিছিল৷ পৰৱৰ্ত্তী বৰ্ষৰ পৰা আন্ত:মহাদেশীয়ভাৱে এই এঘন্টা পালন কৰি অহা হৈছে৷ এই এঘন্টাৰ মূল উদেশ্য হ’ল-

১) আমাৰ এই বিনন্দীয়া পৃথিৱীখনৰ পৰিৱেশ বিনষ্টকাৰী অপশক্তিসমূহৰ পৰা ৰক্ষা কৰিবলৈ আমাৰ আগ্ৰহ প্ৰদৰ্শন কৰা আৰু সকলোকে একত্ৰিত কৰোৱা৷
২) জনসাধাৰণক এই এটা ঘন্টাৰ বাহিৰেও অন্যান্য উপায়েৰে শক্তিৰ অপচয় ৰোধ কৰিবলৈ উৎসাহ যোগোৱা
৩) এক বহণক্ষম (sustainable) ভৱিষ্যতৰ অৰ্থে বিশ্বৰ সকলো বিভিন্ন ঠাইৰ জনসাধৰণ তথা অনুষ্ঠান-প্ৰতিষ্ঠান সমূহৰ মাজত এক যোগসূত্ৰ গঢ়ি তোলা৷
অৱশ্যে পৃথিৱীৰ বাবে এঘন্টা বৰ্তমান কেৱল এটা ঘন্টাতে সীমাবদ্ধ হৈ থকা নাই৷ ২০১২ বৰ্ষৰ পৰা ডব্লিউ ডব্লিউ এফে “I Will If You Will” নামেৰে এটা নতুন আঁচনি আৰম্ভ কৰে৷ ইয়াৰ দ্বাৰা পৰিৱেশ সংৰক্ষণৰ বাবে বিভিন্ন দেশত পৃথিৱীৰ বাবে এঘন্টাৰে আৰম্ভ হৈ পৰিৱেশ সংৰক্ষণৰ যুগান্তকাৰীপদক্ষেপ কিছুমান সফলতাৰে আৰম্ভ হৈছে৷ উদাহৰণ স্বৰূপে ৰাছিয়াত সাত বছৰ ধৰি কৰি অহা বিফল প্ৰচেষ্টাৰ পিছত প্ৰায় ১,২০,০০০ লোকৰ স্বাক্ষৰ সম্বলিত এক আৰ্জিয়ে সাগৰত তৈলখণ্ডনৰ সময়ত হোৱা সাগৰৰ পানীৰ প্ৰদুষণ ৰোধ কৰিবলৈ আইনী সংশোধন কৰিবলৈ সক্ষম হয়৷ তেনেদৰে উগাণ্ডাতো বিশ্বৰ প্ৰথমখন ২৭০০ হেক্টৰ জোৰা ‘Earth Hour forest’ গঠন কৰে৷ বৰ্তমান এই অৱ্যৱহৃত আৰু ব্যৱহাৰৰ অনুপযোগী মাটিত জনসাধাৰণ আৰু বিভিন্ন প্ৰতিষঠানৰ উদ্যোগত স্থানীয় গছ ৰোপণ কৰা হৈছে ৷ একেদৰে অহা জুলাই মাহত ফ্ৰান্সত এক নতুন আইন বলবৎ কৰা হ’ব যাৰ দ্বাৰা সকলো উদ্যাগিক প্ৰতিষ্ঠান আৰু অফিচ-কাছাৰীত নিশা এক বজাৰ পিছত সকলো বিজুলীবাতি নুমুৱাই ৰখাটো বাধ্যতামুলক কৰা হ’ব ৷
বৰ্তমান বতৰ পৰিৱৰ্ত্তনৰ ফলত আমাৰ জীৱনত পৰিব পৰা কুপ্ৰভাৱ সম্পৰ্কে সকলোৱে কম-বেছি পৰিমাণে অৱগত৷ আমি কৰা পৰিৱেশ বিনষ্টকাৰী নানা কামে আমাৰ জীৱনতে ইতিমধ্যে বিৰূপ প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে৷ ইণ্ডোনেছিয়াৰ বানপানী, চীনৰ অত্যাধিক প্ৰদুষণৰ ফলত তাৰ নাগৰিকে ভোগা স্বাস্থ্যজনিত সমস্যা, আমেৰিকাক কঁপাই যোৱা হাৰিকেন ছেণ্ডি আদি সকলো এই পৰিৱেশ বিনষ্টকাৰী কুকৰ্মসমূহৰে ফল৷ গতিকে আমি বাস কৰা এই পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ ক্ষতি ৰোধ কৰিলে আমি নিজৰ আৰু উত্তৰপুৰুষৰ জীৱন সুনিশ্চিত তথা নিৰাপদ কৰা হব৷ দেখাত এইটো ব্যক্তিগত প্ৰচেষ্টাতকৈ বহু ডাঙৰ পদক্ষেপ যেন লাগিলেও প্ৰকৃততে আমি প্ৰত্যেকেই সচেতন হৈ উঠিলে কিঞ্চিত পৰিমাণে হ’লেও শক্তিৰ অপচয় ৰোধ কৰিব পাৰোঁ৷ শক্তিৰ অপচয় ৰোধ কৰিলে আমি সামূহিকভাৱে পৰিৱেশৰ বাবে বৰঙণি যোগোৱাৰ লগতে আমাৰ নিজৰো বহুতো টকাৰ অপচয়ত বাধা দিব পাৰো৷ অন্যান্য কামৰ লগতে আমি ল’ব পৰা সাধাৰণ পদক্ষেপসমূহ এনেধৰণৰ-

• পানীৰ সংৰক্ষণ কৰক৷ অপ্ৰয়োজনীয় ভাৱে পানীৰ টেপ খুলি নাৰাখিব৷
• দৰকাৰ নহ’লে বিজুলীবাতি (লাইট) নুমুৱাই ৰাখক৷ অন্য বাল্বৰ সলনি চি এফ এল বাল্ব লগাওক যি অন্য বাল্বতকৈ ৭৫% শক্তি কমকৈ খৰচ কৰে আৰু দহগুণ বেছি কাৰ্য্যক্ষম হয়৷
• আহিলা-পাতি কিনোতে শক্তিৰ অপচয় ৰোধ কৰিবলৈ সক্ষম হয় নে নহয় (energy efficiency label) পৰীক্ষা কৰক৷
• ডেস্কটপৰ সলনি লেপটপ ব্যৱহাৰ কৰক৷ লেপটপে তুলনামূলকভাৱে পাঁচগুণ কম বিজুলীশক্তি খৰচ কৰে৷ ডেস্কটপ ল’লে এল চি ডি স্ক্ৰীণ (LCD screen) থকা লওক৷ কম্পিউটাৰত বেটেৰী পৰিচালনা (power management) সক্ষম কৰি ৰাখক৷
• অপ্ৰয়োজনীয়ভাৱে প্ৰিন্ট নকৰিব৷ প্ৰিন্ট কৰিলে সদায়ে কাগজৰ দুয়োপিঠিত কৰক৷
• গাড়ী-মটৰ কমকৈ চলাওক৷ আপুনি নচলোৱা প্ৰতি পাঁচ কি:মি:ত ১.৫ কি:গ্ৰা:কৈ কাৰ্বন –ডাই-অক্সাইডৰ নিস্কাষণ কমিব৷ এনেয়ে ৰৈ থাকিব লগীয়া হ’লে গাড়ী-মটৰৰ ইঞ্জিণ বন্ধ কৰি ৰাখক৷
• প্লাষ্টিক সম্পূৰ্ণকৈ বৰ্জন কৰক৷ বজাৰলৈ যাওঁতে কাপোৰৰ বজাৰ কৰা বেগ এটা লগত লৈ যাওক৷
• সৌৰশক্তি ব্যৱহাৰ কৰা আহিলা-পাতিৰ ব্যৱহাৰ অধিক কৰক৷
• ব্যৱহাৰ নকৰাৰ সময়ত টিভি, কম্পউটাৰ, ফেন সকলো বন্ধ কৰি থওক৷
• ফ্ৰিজত থোৱাৰ আগতে খাদ্যবোৰ কিছু ঠাণ্ডা হ’বলৈ দিয়ক৷ একেবাৰে গৰমে গৰমে ভৰাই ৰাখিলে বেছি শক্তিৰ খৰচ হয়৷
পৃথিৱীৰ দুয়োটা মেৰুতে ভৰি থোৱা প্ৰথম অভিযাত্ৰী ৰৱাৰ্ট শ্বোৱানে (Robert Swan) কৈছিল, “আমি প্ৰত্যেকেই অন্য কোনোবাই পৰিৱেশ সংৰক্ষণ কৰিব বুলি ভৱাটোৱে পৃথিৱীৰ বাবে আটাইতকৈ ডাঙৰ সংকট”৷ অথচ আমি য’তেই নাথাকো এই কামত অংশ ল’ব পাৰো, নিজৰ সাৰ্মথ্যৰে অকনমান হ’লেও বৰঙণি আগবঢ়াব পাৰোঁ আমি বাস কৰা এই পৃথিৱীক ধ্বংসৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ৷ তেন্তে আহক আনলৈ আশা পালি নাথাকি আমি নিজে এই আন্দোলনৰ অংশ হওঁ৷ আহক আজি নিশা এঘন্টাৰ বাবে বিজুলীবাতি নুমুৱাই ৰাখি এনে এক মহৎ প্ৰচেষ্টাৰ শুভাৰম্ভণি কৰোঁ৷
 
সহায়ক উৎসসমূহ-
১) http://www.earthhour.org/
২) http://www.thedailygreen.com/green-homes/latest/7-energy-savers-460608#slide-6
৩)http://www.emd.wa.gov/hazards/haz_simple_ways_to_save_energy.shtml

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!