পেৰালিম্পিকৰ কাহিনী ( দিগন্ত চহৰীয়া )

পেৰালিম্পিকৰ আভিধানিক অৰ্থ হৈছে অলিম্পিক ক্ৰীড়া সমাৰোহৰ সৈতে একেলগে বা সমান্তৰালভাৱে অনুষ্ঠিত ক্ৰীড়া প্ৰতিযোগিতা ৷ para শব্দটো আহিছে গ্ৰীকৰ পৰা, ইয়াৰ অৰ্থ besides বা alongside ৷ প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈ অহা বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ অলিম্পিকৰ সমান্তৰালভাৱে আয়োজিত হোৱাৰ বাবেই এইখন প্ৰতিযোগিতাৰ নাম পেৰালিম্পিক ৷ এই প্ৰতিযোগিতা বিশেষভাৱে সক্ষম বা শাৰীৰিকভাৱে বাধাগ্ৰস্ত খেলুৱৈৰ মাজত সীমাবদ্ধ ৷ ১৯৬০ ৰ ৰোম অলিম্পিকৰ পৰা আনুষ্ঠানিক ৰূপত বিশেষভাৱে সক্ষম খেলুৱৈৰ মাজত ক্ৰীড়া প্ৰতিযোগিতা আয়োজিত হৈ আহিছে যদিও সেইসময়ত প্ৰতিযোগিতাখন পেৰালিম্পিক নামেৰে পৰিচিত নাছিল ৷ ১৯৮৮ ৰ ছিউল (Seoul) অলিম্পিকৰ পৰাহে আনুষ্ঠানিকভাৱে প্ৰতিযোগিতাখনৰ নাম পেৰালিম্পিক ৰখা হৈছে ৷ সেইবাৰৰ পৰাই পেৰালিম্পিয়ানসকলে মূলসুঁতিৰ ক্ৰীড়াবিদৰ সমানেই সা সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে৷ ২০১২ লণ্ডন অলিম্পিকৰ এমাহ পাছতেই আয়োজিত পেৰালিম্পিক গেমছৰ পৰাহে প্ৰতিযোগিতাখনৰ বিষয়ে সম্যক ধাৰণা এটা ক্ৰীড়াপ্ৰেমীৰ মাজত গঢ়ি উঠিছিল৷ দক্ষিণ আফ্ৰিকাৰ ব্লেড ৰাণাৰ খ্যাত অস্কাৰ পিষ্টুৰিয়াছ পেৰালিম্পিকৰ অন্যতম তাৰকা খেলুৱৈ ৷ কৃত্ৰিম ভৰিৰে দৌৰি পিষ্টুৰিয়াছে বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰিছিল যদিও প্ৰেয়সী ৰিভাক হত্যা কৰাৰ অভিযোগত তেওঁ সম্প্ৰতি কাৰাগাৰত ৷ যিয়েই নহওঁক পেৰালিম্পিক গেমছৰ জনপ্ৰিয়তাৰ ক্ষেত্ৰত পিষ্টুৰিয়াছৰ অৰিহণাক কোনোৱে উলাই কৰিব নোৱাৰিব ৷ বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ মাজতো যে ক্ৰীড়া প্ৰতিভা লুকাই থাকিব পাৰে, সেই বিষয়ে খুব ভালদৰে উপলব্ধি কৰিছিল এজন জাৰ্মান চিকিৎসকে ৷ লুডৱিগ গুটমেন ( Ludwig guttmann ) নামৰ চিকিৎসকজনে দ্বিতীয় বিশ্বযুদ্ধত আঘাতপ্ৰাপ্ত ব্ৰিটিছ সৈনিকৰ মাজত ১৯৪৮ চনত এখন ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰিছিল ৷ ৰাজহাড়ত আঘাত পোৱা সৈনিকৰ মাজত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল ৷ international wheelchair games নামেৰে অনুষ্ঠিত এই প্ৰতিযোগিতাখনেই পাছলৈ শাৰীৰিকভাবে অক্ষম ব্যক্তিসকলৰ বাবে প্ৰেৰণাৰ অমল উৎস হৈ পৰিছে ৷ ১৯৫২ চনত অনুষ্ঠিত ‘ইণ্টাৰনেচনেল হুইলচেয়াৰ গেমছ’ত ব্ৰিটিছ সৈনিকৰ লগতে ডাচ্চ সৈনিকেও অংশগ্ৰহণ কৰিছিল৷ ১৯৬০ ৰ ৰোম অলিম্পিকৰ পৰা আনুষ্ঠানিকভাৱে অনুষ্ঠিত শাৰীৰিক বাধাগ্ৰস্ত সকলৰ গেমছত ২৩ খন দেশৰ প্ৰায় ৪০০ খেলুৱৈয়ে যোগদান কৰিছিল ৷ ১৯৭২ লৈকে এই প্ৰতিযোগিতাত হুইলচেয়াৰত বহা খেলুৱৈয়েহে অংশগ্ৰহণ কৰিছিল ৷ কিন্তুু ১৯৭৬ চনৰ পৰা বিভিন্ন ক্ষেত্ৰত বাধাগ্ৰস্ত খেলুৱৈসকলেও অংশগ্ৰহণৰ সুযোগ পায় ৷ অৰ্থাৎ দৃষ্টিহীন, মূক বধিৰ, হাত ভৰি নথকা আদি বিশেষভাৱে সক্ষম খেলুৱৈয়ে অংশগ্ৰহণ কৰে ৷

১৯৭৬ চনৰ প্ৰতিযোগিতাত ৪০ খন দেশৰ ১৬০০ খেলুৱৈয়ে যোগদান কৰিছিল ৷ উল্লেখযোগ্য যে ২০০১ চনত আন্তৰ্জাতিক অলিম্পিক সমিতি আৰু আন্তৰ্জাতিক পেৰালিম্পিক সমিতিৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছে ৷ এই চুক্তি অনুসৰি অলিম্পিক আয়োজিত হোৱা দেশখনতে পেৰালিম্পিক অনুষ্ঠিত হব আৰু আয়োজক দেশখনে পেৰালিম্পিয়ানসকলক ভালদৰে আতিথ্য প্ৰদানৰ নিশ্চয়তা দিব লাগিব ৷ প্ৰথমতে এই চুক্তি ২০১২ লণ্ডন অলিম্পিকলৈ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত চুক্তিৰ ম্যাদ ২০২০ টকিঅ’ অলিম্পিকলৈ বৃদ্ধি কৰা হয় ৷ শাৰীৰিকভাৱে বাধাগ্ৰস্ত খেলুৱৈৰ বাবে গঠিত প্ৰথমটো সংস্থা হৈছে international sports organization for disabled ৷ ১৯৬৪ চনত গঠিত এই সংস্থাটোৱে আছিল পেৰালিম্পিকৰ ‘গৱৰ্ণিং বডী’ ৷ সেইদৰে ১৯৮২ চনত world sports organization for the disabled নামৰ আন এটা সংগঠন জন্ম হয়৷ দুয়োটা সংগঠনে আন্তৰ্জাতিক সমন্বয়ৰক্ষী সমিতি হিচাপে পেৰালিম্পিক আয়োজনত আন্তৰ্জাতিক অলিম্পিক সমিতিক সহায় কৰিছিল ৷ অৱশ্যে ১৯৮৮ ৰ ছিউল অলিম্পিকৰ পাছত এটা স্বতন্ত্ৰ সংস্থা গঠনৰ প্ৰয়োজনীয়তা আহি পৰাত ১৯৮৯ চনত গঠন কৰা হয় আন্তৰ্জাতিক পেৰালিম্পিক সমিতি ৷ জাৰ্মানীৰ ব’নত অৱস্থিত আন্তৰ্জাতিক পেৰালিম্পিক সমিতিৰ বৰ্তমান সদস্য ৰাষ্ট্ৰ ১৭৪ ৷ ভাৰতো ইয়াৰ অন্যতম সদস্য ৷ পেৰালিম্পিক আন্দোলনৰ মূলমন্ত্ৰ spirit of motion ৷ শাৰীৰিকভাৱে বাধাগ্ৰস্ত সকলৰ বাবে সুকীয়াকৈ অলিম্পিক আয়োজিত হলেও মূল অলিম্পিকতো বহুকেইগৰাকী শাৰীৰিক বাধাগ্ৰস্ত খেলুৱৈয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ উদাহৰণ আছে ৷ অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথমজন বিশেষভাৱে সক্ষম খেলুৱৈ হল জৰ্জ এইছাৰ ( George eyser )৷ ১৯০৪ চনৰ অলিম্পিকত অংশগ্ৰহণ কৰা জিমনাষ্ট এইছাৰৰ এখন ভৰি কৃটিম আছিল ৷ পেৰালিম্পিক গেমছত ভাৰতৰ প্ৰদৰ্শন বৰ বেয়া নহয় ৷ ভাৰতে প্ৰথম ১৯৬৮ চনৰ গেমছত অংশ লৈছিল ৷ তেতিয়াৰ পৰা ২০১২ লণ্ডনলৈ ভাৰতে পেৰালিম্পিক গেমছত জয় কৰিছে আঠটা পদক, ইয়াৰে দুটা সোণ ৷ বাকী তিনিটা ৰূপ আৰু সমসংখ্যক ব্ৰঞ্জ আছে মুঠ পদকৰ জোলোঙাত ৷ পেৰালিম্পিক গেমছত সোণৰ পদক জয় কৰা ভাৰতৰ প্ৰথম খেলুৱৈজন হল মূৰলীকান্ত পেটকাৰ ( murlikant petkar ) ৷ ১৯৭২ চনৰ গেমছত পেটকাৰে সোণৰ পদক জয় কৰিছিল ৷ সাতোঁৰৰ ৫০ মিটাৰ ফ্ৰিষ্টাইল ইভেণ্টত তেওঁ ভাৰতক সোণৰ পদকটো উপহাৰ দিছিল ৷ পেৰালিম্পিক গেমছত সোণৰ পদক জয় কৰা আনজন ভাৰতীয় হল দেবেন্দ্ৰ ঝাঝাৰিয়া ৷ ২০০৪ চনৰ গেমছত দেবেন্দ্ৰ ঝাঝাৰিয়াই জেভলিন থ্ৰ’ ত সোণৰ পদক জয় কৰিছিল৷ চাৰি বছৰ পূৰ্বে লণ্ডনত অনুষ্ঠিত পেৰালিম্পিক গেমছত এন গিৰিশাই ৰূপৰ পদক জয় কৰিছিল ৷ বৰ্তমান ৰিঅ’ত চলি আছে পেৰালিম্পিক গেমছ ৷ সাত ছেপ্টেম্বৰত আৰম্ভ হোৱা প্ৰতিযোগিতাখন ওঠৰ ছেপ্টেম্বৰত শেষ হব ৷ এইবাৰ পেৰালিম্পিক গেমছত চাৰি সহস্ৰাধিক এথলীটে ২৩ বিধ খেলৰ ৫২৮ টা ইভেণ্টত প্ৰতিদ্বন্দ্বিতা কৰিব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!