পোষ্ট কোভিড বহাগ ― ৰঞ্জু শৰ্মা

সময়ঃ 2030 চন

স্থানঃ গুৱাহাটী, এসময়ত মানুহৰ ভীৰ বিৰ দি বাট নোপোৱা অথচ এতিয়া নিৰৱতাত তাপ মাৰি থকা ফাঁচী বজাৰৰ এখন অত্যাধুনিক শ্ব’ৰূমৰ সন্মূখভাগ।

বতৰঃ বহাগৰ এটি উৰুঙা দুপৰীয়া

শ্ব’ৰূমটোৰ ঠিক সন্মূখতে বগা ,দীঘল গাড়ীখন আহি ৰ’লহি। দ্রাইভিঙ চিটৰ দুৱাৰ খুলি নামি অহা ভদ্র মহিলাগৰাকীয়ে দুৱাৰখনতে ভেজা দি চাৰিওফালে এবাৰ চকু ফুৰালে। তেওঁৰ হয়তো আজি কেইবছৰমান আগৰ কথাবোৰ মনত পৰিছে, হয়তো কিবা এক অসামঞ্জস্যতাৰ বেদনা এটিয়ে কুৰুকি কুৰুকি বুকুৰ মাজলৈ উজাই আহিছে। অসমীয়াৰ হিয়াৰ আমঠু হেন বিহুৰ বতৰ এইয়া! প্রকৃতিৰ লগতে মানুহেও নতুন সাজ সলোৱাৰ সময়। কেৱল সাজেই নে? মানুহৰ আৰু কত প্রয়োজন! আৰু সকলো ধৰণৰ প্রয়োজনৰ সমাধান যেন এই ফাঁচীবজাৰখন।  আজিৰ পৰা দহবছৰ আগেয়ে এনেকুৱা সময়বোৰত এই ঠাই ন-গাভৰুৰ দৰে চঞ্চল হৈ থাকে। ক্রেতা-বিক্রেতা, সৰু-ডাঙৰ গাড়ী মটৰৰ ভিৰেৰে গেজেপা লাগি থকা ঠাইখনত এতিয়া আৰু আগৰ দৰে পার্কিঙৰ বাবেও দহ বিশ মিনিট মান ধৰি  অগা-পিছা, ঠেলা-ঠেলিৰ দীঘলীয়া অংকখন কৰিব লগীয়া হোৱা নাই। বাটবোৰ নিমজ, এটুকুৰা কাগজো পৰি নথকাকৈ পৰিস্কাৰ, যেন বহুদিন ধৰি এইঠাইৰে কাৰো আহ-যাহ হোৱাই নাই! বাটবোৰৰ আধাখিনি দখল কৰি বহি থকা হৰেক ৰকম সামগ্রীৰ বিপনীবোৰ এতিয়া তাত নাই, ফুটপাথৰ ওপৰত কাপোৰ তৰি মেলি লোৱা ৰঙ-বিৰঙী অস্থায়ী কাপোৰৰ দোকানবোৰো তাৰ পৰা এতিয়া খালী কৰি দিয়া হৈছে। মুঠতে ভিৰ আৰু কোলাহলেৰে গুমগুমাই থকা এসময়ৰ ফাঁচী বজাৰখন এতিয়া নীৰৱ, নিস্তব্ধ। কেৱল এই ঠাইখনেই কিয় সমগ্র দেশতে এতিয়া  সাৱধানতাৰ বাবে ল’ব পৰা সকলো ধৰণৰ ব্যৱস্থা আৰু নিয়মাৱলী কটকটীয়াকৈ মানি চলিব লগাটোৱেই আইন। 

সোঁৱৰণীৰ খোলাটো ভাঙি ওলাই অহাৰ পিছত ভদ্ৰ মহিলাগৰাকীয়ে মার্কেট কমপ্লেক্সটোৰ দ্বিতীয় মহলাত থকা শ্ব’ৰূমটোৰ খটখটী কেইটি বগাই ওপৰলৈ উঠি গ’ল। ইলেকট্রনিক দুৱাৰখন খোলা যোৱাৰ লগে লগে ভিতৰৰ পৰা চুট-টাই আৰু তাৰ লগত মেটচিং মাস্ক পিন্ধা চেলচমেন এজনে খুৱ আথে বেথে তেওঁক ভিতৰলৈ আদৰি নিলে।

:আহক আহক মেম, ঐ ছোতু মেমক ফৰ্ম এখন আনি দে…জলদি।

তাৰ পিছত অলপ দোষী দোষী ভাৱত মানুহগৰাকীলৈ চাই ক’লে………….

:মেম প্লিজ দুই মিনিট ৱেইট কৰক, ফৰ্ম খন ফিল আপ কৰা হ’লেই চেম্বাৰ 2 লৈ সোমাই যাব পাৰিব। কি কৰিব আৰু উপায় নাই। পোষ্ট কৰ’না প্ৰট’কল। গ্রাহকৰ অলপ অসুবিধা হ’লেও আমি নিয়মবোৰ পালন কৰিবলৈ বাধ্য। নহ’লে আমাৰ ব্যৱসায় সংকটত পৰি যোৱাৰ ভয়।  চৰকাৰে নির্ধাৰণ কৰা নিয়ম উলংঘা কৰাৰ বাবে বহুকেইখন দোকানৰ পাৰ্মিট কেনচেল হ’ল!

:হব ভাইটি, একো নাই। আচলতে ইয়াত বেয়া পাবলগীয়া একো নাই, আমিওটো কথাবোৰ জানোঁৱেই!  আৰু চৰকাৰে যিবোৰ কঠোৰতা অৱলম্বন কৰিছে আমাৰ  হিতৰ বাবেই কৰিছে।

ছোটুৱে ফৰ্মখন আনি হাতত দিয়াৰ পিছত ভদ্ৰমহিলাই একাদিক্রমে তাত থকা নির্দেশাৱলীবোৰৰ কাষৰ খালী ঘৰবোৰ পূৰাই গ’ল,-

1. Whole body sanitization before getting out fromz home……yes

2. Full body car sanitization……..yes

3. Payment through card only……yes

4. Any recent histry of travelling to contaminant zone…No

5. Done Vaccinate against all COVID strain till now…..yes

………..

অ’কে মেম, এতিয়া আপুনি আমাৰ চেম্বাৰ 2 লৈ যাব পাৰে। হেপ্পী শ্বপিং এণ্ড হেভ এ নাইচ ডে।,,,,,,

ভদ্ৰমহিলা পোনেই চেম্বাৰ 2 ৰ সেই নিৰ্দিষ্ট কাউণ্টাৰটোলৈ আগবাঢ়ি গ’ল। পুৰণি কাষ্টমাৰ, চেম্বাৰ ২ ত থকা চেলচ মেনজনে তেওঁক চিনিব পাৰি মিচিকিয়া হাঁহি এটা মাৰি আগবাঢ়ি আহিল,-

:মেম আহক আহক, আপোনাৰ বস্তু একেবাৰে ৰেডী কৰি ৰাখিছোঁ। মন কৰিলে ট্ৰাই ৰাণ এটা দি এতিয়াই লৈ যাব পাৰে।

:বহুত ধন্যবাদ আপোনাক। কৈছে যেতিয়া এবাৰ ট্রায়েল এটা দি ল’ব পৰা যায়।  পিছে যোৱা কেইবছৰ ধৰি একেটা পেকেজকে নি নি আমনি লাগিছে আৰু।  এইবাৰ পেকেজটো অলপ আপডেট কৰাই নিওঁ বুলিহে ভাবিছিলোঁ।

চেলচমেন জনো যেন সেইশাৰী কথালৈকে ৰৈ আছিল, লগে লগে মানুহজন উৎসাহিত হৈ  উঠিল,-

:চিয়োৰ মেম, মোক পাঁচ মিনিট সময় দিয়ক। আচলতে স্পেচিয়েল পেকেজ এটা আজিয়েই নতুনকৈ লন্স কৰা হৈছে। সেই পেকেজটো আপোনাক এবাৰ দেখুৱাম বুলি ভাৱিয়েই আছিলোঁ।

এইবুলি চেলচমেনজনে ছোটুক ইণ্টাৰকমত ফোন লগালে,-

“ছোটু, বহাগ বিহুৰ আপদেটেড ভাৰ্ছনৰ পেকেজটো লৈ আন জলদি”।

কিছুসময় পিছত ছোটু আহিল, হাতত এটা সেউজীয়া পেকেট। পেকেটটোৰ ওপৰত মুগাসাজ পৰিহিতা এগৰাকী ধুনীয়া নাচনী, এজন ঢুলীয়া আৰু এজোপা কপৌ ফুলৰ ফটো। ফটোকেইখনৰ ঠিক কাষতে লিখা আছে,-

“Rongali Bihu special Pakage 2030..”

:মেম, আগৰ পেকেজত ভাৰ্চুৱেল ৰিয়েলিটিৰ চিডি কিছুমান আছিল যাৰ দ্বাৰা আপোনালোকৰ লিভিং ৰূমবোৰ মুকলি পথাৰৰ আহঁততলী, গাঁৱৰ সমূহীয়া পথাৰ নাইবা কোনোবা গাঁৱলীয়া ঘৰ এখনৰ বহল চোতাললৈ কনভাৰ্ট কৰি প্ৰথমতে বিহু বিহু এনভাইৰেনণমেণ্ট এটা সৃষ্টি কৰি ল’ব পৰা গৈছিল। তাৰ পিছত ক্ৰমান্বয়ে বিহুগীত, নাচনী, ঢুলীয়া, কুলিৰ মাত আৰু বেকগ্ৰাউণ্ডত তাঁতশালৰ মৃদু শব্দ এড কৰি কৰি গৈ থকা হয় আৰু আপোনালোকে ফ্লেটৰ বন্ধ কোঠাত সোমাই নিজৰ কমফৰ্ট জ’নত নিৰাপদে থাকি, সম্পূৰ্ণৰূপে সামাজিক ব্যৱধান বজাই ৰাখি বহাগ বিহুৰ পূৰ্ণ আনন্দ লৈ থাকিব পাৰে। অ’, কেতিয়াবা গুজৰাটৰ ফালৰ নতুন বিহু ব্ৰেণ্ড কিছুমানে Inaugural offer হিচাপে লাৰু পিঠাৰ পেকেট একোটাও দিয়ে বাৰু।

ভদ্রমহিলাৰ আগত চেলচ মেনজনে যন্ত্রবৎ নতুন পেজেকটোৰ গুণবোৰ সলসলীয়াকৈ গাই গ’ল।

:সেইবোৰটো বহুত পুৰণি পেকেজৰ কথা কৈ আছা ভাইটি, নতুন এডভান্স পেকেজত কি এক্সট্ৰা আছে তাকে কোৱা।

বিক্ৰী কৌশলত নিপুণ তৰুণ চেলচ মেনজনে মিচিকিয়া হাঁহি এটা মাৰি এইবাৰ মূল কথালৈ আহিল।

:সেই কথাটোলৈকেতো গৈ আছোঁ মেম। আগৰ বিহুৰ পেকেজবোৰ আছিল সব  অসমৰ বাহিৰৰ কোম্পানীৰ। কোনোবাটো গুজৰাটৰ, কোনোবাটো বিহাৰৰ, কোনোবাটো কলকাতাৰ, এই নতুন এডভান্স পেকেজটো পিছে আমাৰ থলুৱা প্ৰডাক্ট। এচাম নতুন অসমীয়া ডেকাই বহুত গৱেষণা কৰি আমাৰ বাপতি সাহোন বিহুক এটা নতুন লেভেললৈ লৈ যোৱাৰ চেষ্টা কৰিছে। আপুনি যদি ইয়াক এবাৰ ট্ৰাই কৰে নহয় বছৰ বছৰ ধৰি ইয়াৰ আমেজ মনত ৰাখিব। এইবাৰ এইটোকে লৈ যাওক মেম, পেক কৰি দিওঁনে?

মহিলাগৰাকীৰ  নীৰৱতাকে সন্মতি বুলি ভাৱি লৈ চেলচমেনজনে এইবাৰ আকৌ ছোটুক মাতিলে

:ঐ ছোটু, এই নতুন বহাগ পেকেজটো মেমৰ বাবে পেক কৰি লৈ আন, জলদি”।

: বাৰু লোকেল বুলি কৈছা যেতিয়া এইটোৱেই  নিম বুলি ঠিৰাং কৰিলোঁ, কিন্তু কি ইমান বিশেষ আছেনো ইয়াত নক’লাই দেখোন!

: ইয়াত ইমো’চন আছে মেম, অসমীয়াৰ আবেগ আছে, বিহুৰ আবেগ আছে, বতৰৰ গোন্ধ আছে। ইয়াত আপুনি নাহৰৰ গোন্ধ পাব, তাঁতত কটা খম খমীয়া গামোচাৰ নতুন নতুন গোন্ধ আহি আপোনাৰ নাকত লাগিবহি। বতাহতে যেন ভাঁহি আহিব গৰুবিহুৰ দিনা গধূলি গোহালিত দিয়া মাখিয়তীৰ ধোঁৱাৰ সুগন্ধ,  আই-বোপাই আৰু মান্যজনৰ আশীৰ্বাদৰ কলি। পাৰ হৈ যোৱা বৰদৈচিলাৰ হু হু শব্দও জানো বহাগীৰ আবেগেই নহয় মেম? এই পেকেজত সেই আটাইবোৰ সাধন পাব যাৰ দ্বাৰা আপোনালোকে বহাগ বিহুক কেৱল ভাৰ্চুৱেল ৰিয়েলিটিতে নহয় সঁচা অৰ্থত অন্তৰৰ পৰা চুই চাব পাৰিব, জী আহিব পাৰিব 2019 চনতে এৰি অহা আমাৰ পুৰণি বহাগক। এই আটাইবোৰ ইমো’চন এটি এটি টেবলেটত সুমুৱাই দিয়া হৈছে। সেই টেবলেট খোৱাৰ লগে লগে তাত থকা কেমিকেলে মানুহৰ মগজুৰ মেমৰী চে’ল কিছুমান এক্টিভ কৰি তুলিব আৰু সেই কেমিকেল পিটুটেৰী গ্লেন্ডলৈ গৈ এবিধ বিশেষ হৰম’ন উলিয়াই আনিব যিয়ে মানুহক সময়ে ইতিমধ্যে পাহৰি যাবলৈ বাধ্য কৰা আবেগ অনুভুতিবোৰ পুনৰ জীয়াই তোলাত সহায় কৰিব।

ইতিমধ্যে ছোটুৱে বিহু পেকেজটো পেক কৰি আনি ভদ্ৰমহিলাৰ হাতত তুলি দিলে। কার্ডেৰে পেইমেণ্টৰ প্রক্রিয়াটো শেষ কৰাৰ পিছত কেতিয়ানো আহি গাড়ীত উঠিলহি, কেতিয়া গাড়ী আহি পাণবজাৰৰ উদঙ বহল পথেৰে সোঁ-সোৱাই আগবাঢ়িব ধৰিলে তেওঁৰ খেয়ালেই নাই। মন যেন মাথোঁ কিবা এক অজান ভাল লগা ভাৱত ডুব গৈ আছে। চেলচ মেনজনৰ কথাবোৰে বাৰে বাৰে তেওঁৰ মনত আহি খুন্দিয়াইছেহি। এৰা, হয়তো বহু বছৰ ধৰি সামাজিক ব্যৱধান মানি মানি ঘৰৰ ভিতৰত আৱদ্ধ হৈ থকাৰ ফলত এতিয়া ঋতুৰ স’তে হোৱা প্ৰকৃতিক পৰিৱৰ্তনবোৰে মানুহৰ আবেগ, অনুভূতিক স্পৰ্শ কৰিব নোৱাৰা হৈ পৰিছে। ভোক, ভয় আৰু শংকাত জীয়াই থকাটোৱেই যেন এতিয়া মানুহৰ অভ্যাস। সর্বত্র যেন এক সংশয় মাথো। এইবোৰৰ মাজত বুকুজুৰি প্ৰকৃতিক আকোৱালী ল’বলৈ মানুহে যেন আজি পাহৰি পেলাইছে।

বহাগ বিহুৰ এডভান্স পেকেজটোৰ কথা ভাৱি এক অজান পুলকত মানুহগৰাকীৰ মনটো ভৰি পৰিল। ড্ৰাইভিং চিটৰ কাষৰ চিটটোত ৰখা ৰঙীন পেকেটটোত মৰমেৰে এবাৰ হাতফুৰাই চালে। এনে লাগিল এইয়া তেওঁ যেন আজিৰ পৰা দহ বছৰৰ আগৰ অসমলৈ উভতি আহিছে! চৌপাশৰ বতাহত ঢোল পেঁপা গগণাৰ মনপৰশা মাত, কুহু কুহু কুলিৰ কৰুণ বিননি, নাচনীৰ নাচৰ ছেওত উতলা ঢুলীয়াৰ মন, মাস্কহীন মানুহৰ নির্ভয় আৰু প্রশান্ত মুখবোৰত হাঁহি, মাথোঁ হাঁহি। আৰু, আৰু এইয়া যেন কোভিড অহাৰ আগৰ আমাৰ সকলোৰে হেঁপাহৰ, মৰমৰ, হিয়াৰ আমঠু…বহাগ।।।

০০০০০

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!