প্রসংগ:গাঁৱত বিদ্যুতৰ প্ৰয়োজন নাই নেকি ?

পংকজ বৰা :

গুৱাহাটীত বা অসমৰ সৰু-ডাঙৰ চহৰবোৰত দুদিন মান কাৰেন্ট নোহোৱা হ’লতেই মিডিয়া, ফে’চবুক, ৰাজপথত সবতে হুলস্থুল লাগিল৷ কিন্তু অসমৰ অধিকাংশ গাঁৱত যে আজিও বিদ্যুৎ যোগান নাই৷ থকা অধিকাংশ গাঁৱতেই আজি খুটা ভাগিল, কালি ট্ৰেন্সফৰ্মাৰ বিকল হ’ল বুলি এদিন,দুদিন, সপ্তাহ, মাহ পৰ্য্যন্ত বিদু্যৎ নহাকৈ থাকে৷ সন্ধিয়াৰ সময়ত গাঁৱৰ বিদ্যুতযোগান কাটি চহৰলৈ বিদু্যত পঠায় ডাঙৰ ডাঙৰ শ্বপিং মল, বিলাসী ডিস্ক’থেকৰ ৰঙীন লাইট জলাবলৈ; মন্ত্ৰী, অফিচাৰ, ব্যৱসায়ী ঘৰৰ শীত-তাপ নিয়ন্ত্ৰণ যন্ত্ৰ চলাবলৈ৷

শেহতীয়াকৈ লখিমপুৰৰ ৰঙানদীৰ ওচৰৰ এজন মেধাৱী ছাত্ৰই আনন্দৰাম বৰুৱ বটা হিচাপে পোৱা কম্পিউটাৰটো ৫ বছৰেও বিদ্যুতযোগান নথকাৰে বাবে চাঙৰ ওপৰত টোপোলা বান্ধি থৈ শেষত ৰঙানদীত উটুৱাই দিবলৈ সিদ্ধান্ত লোৱাৰ কাহিনীয়ে মোক ব্যথিত কৰিছিল৷ আপোনালোকক ভৱাই তুলিছিলেনে নাই নেজানো৷ মোৰ ঘৰৰ ওচচৰ কেইবাখনো গাঁৱত বিদ্যুতসংযোগ নাই৷ মোৰ মনে থকাৰ পৰা দুটা দশক ধৰি তাৰ ৰাইজে অফিচলৈ কিমান হাজাৰ বাৰ অহা-যোৱা কৰিলে, কিমানক কিমান ঘোচ দিলে তাক ভালকৈ দেখিছো৷

মোৰ প্ৰশ্ন হ’ল:
১)নগৰ-মহানগৰত এদিন এবেলাৰ বাবে বিদ্যু্ যোগান ব্যাহত হ’লেই ধৰণী কঁপি যায় প্ৰতিবাদৰ জোৱাৰত৷ গাঁৱৰ বা মফচলীয়া চহৰৰ মানুহবোৰ মানুহ নহয় নেকি?
২)এখন স্বাধীন গণতান্ত্ৰিক দেশত তেঁওলোকে নাগৰিকৰ বাবে প্ৰাপ্য সমঅধিকাৰ দাবী কৰিব নোঁৱাৰে নেকি?
৩)আমাৰ সচেতন ৰাইজ, মিদিয়া, সংগঠন সমূহৰ দৃষ্টিভংগীও সকলোৰে প্ৰতি সমান নহৈ কেৱল নগৰ বা নগৰীয়া কেন্দ্ৰিক হৈ আছে কিয়?

প্রতিম প্রতাপ বৰুৱা:

দিয়ক এতিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোনে পাৰে |

বিদ্যুত্‍ যোগান নথকা ঠাইৰ লৰায়ো আনন্দৰাম বৰুৱা বটা পাব পৰাকৈ মেধাৰ পৰিচয় দিব পাৰে | আৰু আমাৰ অপদাৰ্থ চৰকাৰে সেই মেধাক আগুৱাই যাবলৈ লৰাজনৰ গাঁৱত বিদ্যুতৰ যোগান দিব নোৱাৰে | তাৰ ঠাইত কম্পিউটাৰ এটা দি নিজৰ দায়িত্ত্ব শেষ কৰে | এইবোৰ কামে চৰকাৰক হাঁহিয়াত পাত্ৰ কৰে | তাৰ পিছত আৰু নিজৰ যশ গাই, নিজৰ ফটা ঢোল কোবাই নিজৰ নামত ৱেবচাইট বনাই লাভ নাই |

ঈশানজ্যোতি বৰা:

পৃথিৱীৰ যদি একেবাৰে অকমৰ্ণ্য আৰু অপদাৰ্থ মন্ত্ৰী আছে,সেইকেইটা আমাৰ অসমতে আছে ৷ উন্নয়নৰ ফটা-ঢোল বজাই নজাই সিহতঁমখাৰ হেপাহ নপলায় ৷ কেন্দ্ৰৰপৰা অহা ধন এনেই পৰি থাকে ৷ মুঠৰ ওপৰত ইহঁতৰ উৎপাত নকমে ৷

অসমৰ বেছিভাগ গাৱঁৰ মানুহ হৈছে কষ্টসহিষ্ণু ৷ তেঁওলোকে বেছি আৰাম নিবিচাৰে ৷ কষ্ট কৰি দুবেলা-দুসাজ খাই থাকিব পাৰিলেই তেঁওলোকে পৰম সন্তুষ্টি লাভ কৰে ৷ কিন্তু চহৰৰ বেচিভাগ মানুহেই আৰামপ্ৰিয় ৷ আঠুঁৰ ওপৰতে সোণ বিচৰা মানসিকতা ৷ অত্যাধিক আৰামপ্ৰিয়তা এক মানসিক ৰোগৰ দৰে হৈ পৰিছে ৷ ২মিনিটমান কাৰেন্ট গ’লেই হুলস্থুল লগায় ৷ কাৰন তেওঁলোকে অলপো শৰীৰক কষ্ট দিব নিবিচাৰে ৷ সকলো তেনেকুৱা নহয় ৷ কিন্তু নৱপ্ৰজন্মৰ সৰহসংখ্যকেই তেনেকুৱা ৷ গাঁৱৰ মানুহে ফেচবুক-তেচবুক একো চিনি নাপায় ৷ আৰু চিনি পালেও ইমান হৈ-হাল্লা নলগায় ৷ কাৰণ তেঁওলোক ৰ’দ-বৰষুনত কাম কৰি থকা মানুহ ৷সৰু-সুৰা কষ্টক তেঁওলোকে আওকান কৰিব পৰা হৈ গৈছে ৷ মইয়ো গাঁৱতে ডাঙৰ-দীঘল হোৱা ৷ গতিকে বুজো কথাবোৰ অলপ ৷

আমি বুজা উচিত যে আমাতকৈও বহু বেয়া পৰিস্থিতিত বহু মানুহ জীয়াই আছে ৷ তেঁওলোকে জীৱন-সংগ্ৰাম কৰিছে ৷ গতিকে আমি বেচি সুখ নিবচৰাটোৱেই মংগল ৷ ছক্ৰেটিছে কৈছে ৷ যি মানুহে কম বস্তুতে সন্তুষ্ট হয়.তেওঁলোকহে সুখী হ’ব পাৰে ৷

অপূৰ্ব কলিতা :

উত্তৰ :-
১ ) উদ্যোগীকৰন চহৰত বেছি অৰ্থাৎ বিদ্যুতৰ চাহিদা চহৰত বেছি । আজিকালি সকোলো উদ্যোগৰে প্ৰাণবিন্দু হৈছে বিদ্যুৎ আৰু প্ৰায় ভাগ চহৰৰ মানুহে গাওঁৰ মানুহতকৈ বিদ্যুৎ মাচুল বেছিকৈ দিয়ে । অৰ্থনৈতিক ভাৱে চালে এক মিনিটো যদি বিদ্যুৎৰ ঘাতি হয় চহৰবোৰে বহুত পৰিমানৰ টকা হেৰুৱাই , পৰোক্ষভাৱে চৰকাৰে ৰাজহ হেৰুৱাই । সেইকাৰণে কাউৰীৰ বাহত জুই লগা দি এনে প্ৰতিবাদ হয় ।
২) পাৰি ।
৩) উত্তৰটো ১ নংৰ লগত প্ৰায় মিলিব । ধৰা হ‘ল মানুহ নথকা এটা খেৰি ঘৰ আৰু এখন দোকানত একে সময়ত জুই লাগিল , আপুনি প্ৰথমে কোনটো বচাব ? মই দোকানখন বচাব চেষ্টা কৰিম আগতে কাৰণ দোকানখনৰ বস্তুবোৰ খেৰিঘৰতকৈ বহুমুলীয়া ।

মিণ্টু বৰগোঁহাই:

প্ৰায় 1986 চন মানৰ পৰা আমাৰ গাঁওত বিজুলী যোগান আৰম্ভ হৈছিল । কিন্তু আজিও দেউতাই লিখা পঢ়া কৰিবলৈ টিপচাকি বা লেম্প এটাহে ব্যৱহাৰ কৰে । কোনোদিনে বিজুলীবাতিৰ পোহৰত কিতাপ বা বাতৰি কাকত নপঢ়ে । ফলত দেউতাৰ কোঠাতো কলা এলান্ধু হয় । মা আৰু বাইদেৱে চাফা কৰিবৰ সময়ত গালি পাৰিলে কয় “কাৰেণ্টৰ কোনো ভৰষা নাই, ভাল কিবা এটা পঢ়ি থাকিবি গুছি যাব, সেইকাৰণে চাকিটোৱেই ভাল । যেতিয়া মন যায় নুমোৱাই শুই থাকিব পাৰি” । দেউতাৰ এই অভ্যাসৰ কাৰণে আমিও পঢ়া সসময়ত কাৰেণ্ট নাই বুলি ফাঁকি দিব নোৱাৰিছিলো ।

দিগন্ত শইকীয়া:

বিদ্যুৎ লাগে সকলোতে লাগে … গাঁৱৰ ফালে গলে মন কৰিব চাৰি ঘৰ মানে নিময় মানি বিদ্যুত ব্যৱহাৰ কৰি আছে আৰু সেইমতে বিল দি আছে , বাকী কেইঘৰে হাকোটা লগাই লাইনমেনক মহীনা দি বিদ্যুতৰ সামগ্ৰী ভৰপূৰ উপভোগ কৰি আছে ৷ আমাক আচলতে হিচাপ লাগে কিমান বিদ্যুত উৎপন্ন হৈছে /কিমান উপভোক্তা (কিনি লোৱা) আছে/কিমানে বিনামূল্যে উপভোগ কৰিছে/কিমানে চুৰ কৰিছে/কিমান নষ্ট হৈছে/বিভাগৰ বিদ্যুতৰ সামগ্ৰী সাধাৰণ বজাৰৰ দৰত কিনিছে নে /ইত্যাদি ইত্যাদি … ইয়াতে লাভ লোকচান ওলাই পৰিব ৷ যদি লাভ হৈছে সকলো গাঁওলৈ সোমাই যাব লাগে ৷

অৰুণজ্যোতি দাস:

অসমত বিদ্যুৎ মূলত: চৰকাৰী পৃষ্ঠপোষকতাৰে যোগান ধৰা হয় ।গতিকে ইয়াত এ.এচ.ই.বি.য়েই বিদ্যৎ প্ৰদান আৰু কৰ্তন আদি বিষয়ত সৰ্বেসৰ্বা ।
সেই হেতুকেই গ্ৰামাঞ্চলত বিদ্যুৎ যোগান ধৰা বিষয়টোত ৰাজনীতিৰ মেৰপাক সোমাই থাকে ।আৰু ৰাজনীতি বুলিলেই কে‌ৱল ভোটৰ হিচাব-নিকাচ ।চলে-বলে-কৌশলে নিৰ্বাচনৰ সময়ত ভোটবোৰ সংগ্ৰহ কৰাৰ পিছত ভোট প্ৰদানকাৰী নাগৰিকসকল একোটাহঁত পুতলাৰ দৰে হয় ।এনেবোৰ কাৰণতে অসমৰ বহু পিছপৰা অঞ্চল বিজুলীবাতিৰ সুবিধাকণৰপৰা বহু যোজন আঁতৰত আছে ।
(ৰাজী‌ৱ গান্ধী গ্ৰাম্য বিদ্যু আঁচনিৰ আধাৰত দৰিদ্ৰৰেখাৰ তলৰ বহু পৰিয়ালে শেহতীয়াভা‌ৱে বিদ্যুৎ পাইছে যদিও অনেক ঠাইত দুৰ্নীতি আৰু দালালিয়ে এইবোৰত বেমেজালিৰ সৃষ্টি কৰিছে ।)
গা‌ৱঁৰ লোকসকল সাধাৰণতেই কষ্টসহিষ্ণু ।ই সত্য ।গতিকেই বিদ্যুৎ কৰ্তন সঘনাই হ’লেও তেওঁলোকে অভিযোগ নকৰে ।এই স্বভা‌ৱে তেওঁলোকক অধিক শোষণ কৰিবৰ বাবে বাকী থকা চতুৰ সকলক সুবিধাহে দিছে ।(জাগা গ্ৰাহক জাগা!)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!