প্রায় সমোচ্চাৰিত শব্দ, ভিন্ন অৰ্থ(খণ্ড-১২) (লক্ষেশ্বৰ হাজৰিকা)

প্রায় সমোচ্চাৰিত শব্দ, ভিন্ন অৰ্থ(খণ্ড-১২)

 

*ঠৰ= লৰচৰ কৰিব নোৱৰা; ঠৰঙা (rendered stiff by want of motion)

থৰ=ধানৰ পাঁচোটা, ছটা বা আঁঠোটা মুঠিৰ সমষ্টি; ধৈৰ্য, স্থিৰতা (patience, steadiness)

 

*ঠাকুৰীয়া=উপাধি-বিশেষ; দেৱালয়ৰ ধন তোলা চৌধাৰীৰ তলৰ বিষয়া।

থাকুৰীয়া=হাল বাওঁতে শোৱা, হালত নোযোৱা(গৰু)।

 

*ঠাল=গছৰ সৰু ডাল; শাখা-প্রশাখা (a branch).

থাল=বহল-মেলাহি পাত্র বিশেষ; থালী; কাঁহী (a dish, a plate, a saucer)

 

*ঠুম=জন্তুৱে মূৰেৰে মৰা খুন্দা।

থুম= কাঠ বা ইটাৰে কৰা ডাঙৰ খুঁটা (a pillar).

 

*ঠুৰি (আগৰ দিনত প্রবসুৱা মানুহে লোণ ৰখা বাঁহৰ চুঙা; তলভাগ জোঙা কৰি সজা কাগজৰ ঠোঙা।

থুৰি= গছৰ মেৰ খাই থকা কোমল পাত (a budding leaf)

 

*ডবা= তললৈ হেঁচা মাৰি ধৰ।

দবা= চতুৰংগ খেল; নাগেৰাৰ গঢ়ৰ বৰ ডাঙৰ এবিধ কোবাই বজোৱা বাদ্য (a big kettle drum); ৰেলগাড়ীৰ একোটা স্বতন্তৰীয়া কোঠা (a wagon of a train).

 

*ডৰাওঁতা= ভয় দেখুৱাওঁতা

দৰাওঁতা=দাম-দৰ কৰোঁতা।

 

*ডাবি=ধমকি, ভেকাহি (a menace, a scold); তামোল বা তালজাতীয় গছৰ ফুলৰ আৱৰণ।

দাবী= অধিকাৰ বিচাৰি কৰা সবল আবেদন।

 

*ডোল= ৰছী, জৰী, গুণ (a string, a rope etc)

দোল= ওলমি লৰি থাক(to swing)

 

*ঢল=দল, জুম, জাক (a flock); কাতি হ, হাল, হালি যা (to incline).

ধল= বান-পানী, বাঢ়নী-পানী (flood); বগা, শ্বেত (white).

 

ঢলা= কাতি কৰ, এঢলীয়া কৰ; গলোৱা, সাঁচত ঢালি গঢ়া (cast, mould)

ধলা=শুভ্র, বগা।

***********

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!