প্রায় সমোচ্চাৰিত শব্দ, ভিন্ন অৰ্থ (খণ্ড-৬,৭,৮):লক্ষেশ্বৰ হাজৰিকা

প্রায় সমোচ্চাৰিত শব্দ, ভিন্ন অৰ্থ (খণ্ড-৬)

* খট= চকুৰ মণিৰ ওপৰত বগা দাগ পৰা এবিধ ৰোগ; টান বস্তুত আঘাত লাগিলে হোৱাৰ নিচিনা শব্দ।
খত= দলিল; বেচা- কিনা, ধনৰ আদান প্রদান আদি আইনমতে লিপিবদ্ধ কৰা কাগজ( a bond, a deed); পুৰুষৰ কাণৰ কাষৰ চুলি।

* খটিয়া= কোনো কামৰ বাবে বাৰে বাৰে তাগিদা দে (to urge repeatedly)
খটীয়া= এবিধ সৰু শিঙ্গীয়া পহু (the hog deer)
খতিয়া= একে বিধৰ কথা অনেক ঠাইৰ পৰা আনি একে লগে লিখ্, সংগ্রহ কৰ (to compile)।
খটীয়া= কামত উপস্থিত নথকা কাল; কাম নকৰা কাল।

* খনিয়া= খন খন কৰ্; কেইবা খণ্ড কৰ( খাবলৈ কটা তামোল)।
খনীয়া= আগত ফুল থকা এবিধ দুতৰপীয়া কপাহী কাপোৰ।

* খন্তিয়া= খন্তিৰে খোঁচৰ্ বা উজাৰ (to dig or weed with a spud)
খন্তীয়া= বিষ আৰু অলপ ঘা হৈ ঠেং ভৰি উখহা ৰোগ; এবিধ সাপ।

* খপিয়া= হাতৰ উমানতে কিবা এটা বিচাৰ;
খেপিয়া; অনুসন্ধান কৰ্;যেনে-উৱাদিহ নোহোৱা কথা খপিয়াই ফুৰিলে কি হ’ব?
খপীয়া= চপনীয়া; কোনো সম্বন্ধ নথকা মানুহৰ ঘৰত পেট পুহি থকা।

* খৰচি= মিহি নোহোৱা গুড়ি;মিহি বস্তুৰ লগত থকা আধা খুন্দা গুড়ি (coarse powder)
খৰচী= মিতব্যয়ী নোহোৱা; ধন ৰাখিব নোৱৰা (extravagant)

* খাট= খুৰাযুক্ত সাধাৰণ বিছনা; তক্তাপোচ; পৰিশ্রম কৰ্, উপাসনা কৰ্, প্রাৰ্থনা কৰ্ (to solicit, to pray)।
খাত= ঘাই ঘৰৰ পৰা দূৰত থকা মাটি-বাৰী; পাম।

* খালি= ভক্ষণ কৰিলি; শৰাধত চাউল দিবৰ নিমিত্তে প্রস্তুত কৰা কলপটুৱাৰ পাত্র।
খালী= শুন্য; উদং, (empty, vacant); কেৱল, একমাত্র (only)

* খুঁত= দোষ-ত্রুটি; ছিদ্র,ঘুণ (defect, flaw, fault)।
খোঁট= ঠোঁটেৰে কৰা আঘাত (a stroke with the bill); দংশন; সাপৰ কামোৰ বা দাঁতৰ আঘাত (the bite of a snake); বৰশীত মাছৰ কামোৰ।

* খুলশালি= পত্নীৰ ভ্রাতৃ ( a younger brother of one’s wife)
খুলশালী= পত্নীৰ ভনীয়েক (a younger sister of one’s wife)।

 

প্রায় সমোচ্চাৰিত শব্দ, ভিন্ন অৰ্থ (খণ্ড-৭)

* গঁতা= গলধনত হাতেৰে ধৰি মৰা ঠেলা।
গতা= শোধাই দে; আনৰ হাতত দায়িত্ব অৰ্পণ কৰ্।

* গঁড়= নাকৰ ওপৰত এটা বা দুটা শিং বা খড়্গ থকা, ডাঠ ছালৰ এবিধ বনৰীয়া জন্তু (rhinoceros)।
গড়= দুৰ্গ, কিল্লা (a fort); ইটা, মাটি বা কাঠৰ শকত আৰু ওখ প্রাচীৰ (A stockade); কাঠ, বাঁহ আদি কাটিবৰ বাবে বা গধুৰ বস্তু থবৰ বাবে তলত পাৰি লোৱা কাঠ বা বাঁহৰ টুকুৰা (a support placed under something); কেইবাটাও ৰাশিৰ যোগফলক ৰাশিৰ সম সংখ্যাৰে হৰণ কৰি পোৱা ফল (average)।

* গঁঠিয়া= (ধাতু) জৰীত গাঁঠি দি বান্ধ্ (to tie, to fasten)।
গঁঠীয়া=(বিশেষণ) ঘন ঘন গাঁঠি থকা, অৰ্থাৎ চুটি পাবৰ (বাঁহ, কুঁহিয়াৰ আদি); হাত, ভৰিৰ গাঁঠি বা জোৰাত হোৱা বাত আদি ৰোগ; চুটি-চাপৰ কিন্তু শকত (মানুহ)।

* গঁৰল= এবিধ ডিঙি উখহা ৰোগ; মাদলীয়া; গলগণ্ড (goiter)।
গৰল= বিহ(poison)।
গঁৰাল= জন্তু বা চৰাই ৰাখিবলৈ বেৰা দিয়া ঠাই ( an enclosure for animals), যেনে- হাঁহৰ গঁৰাল।

* গজলিয়া= (ধাতু) গজাল মাৰ্।
গজলীয়া= সদ্য যৌৱন প্রাপ্ত, উঠি অহা (youthful, growing)। যেনে- গজলীয়া ডেকা।

* গলি= ঠেক বাট।
গলী= গ’লৰক্ষী(goalkeeper)।

* গল= পমি যা, জোল হ, দ্রৱ হ (to dissolve, to melt); ডিঙি, টেঁটু, কণ্ঠ (throat)।
গ’ল= (ধাতুৰ অতীত কাল) গত; অতীত,যেনে-গ’ল ৰাতি (last night); (অকৰ্মক ধাতু) ঠাই এৰিলে (gone, left the place)-যেনে সি তালৈ গ’ল। ফুটবল, হকী আদি খেলত বল সুমোৱাৰ নিৰ্দিষ্ট স্থান (goal) ।

* গাঁও= গ্রাম (a village)।
গাওঁ= (গীত-মাত) পৰিৱেশন কৰোঁ।

* গাঁত= ছিদ্র, গহ্বৰ; মাটি খানি দ কৰা ঠাই (a hole, a cavity, a pit)।
গাত= দেহত(in body)।

* গাদি= চেপেটা অস্ত্রৰ ধাৰ নথকা ফাল (the back of a cutting instrument)।
গাদী= মান্য লোকৰ আসন; অলপ ওখকৈ বা ওখ ঠাইত কৰা আসন ( a seat of honour, a dais); হাতীৰ পিঠিত পৰা আসন।

* গিৰি= পৰ্বত( a mountain)।
গিৰী= গৰাকী ( an owner); গৃহস্থ; ঘৰৰ মালিক( a house-holder)।

* গাঁৰি= মূৰ নথকা দেহ( a headless trunk); কাপোৰৰ মাজত বা মূৰত ডাঙৰ সূতাৰে তোলা উঠঙা ৰেখ।
গাৰি= তাঁতশালৰ টোলোঠা।
গাড়ী= সকলো প্রকাৰৰ চকা লগোৱা বাহন ( a wheeled carriage of any kind)।

* গুচি= বিছ খিলা পাণৰ মুঠা।
গুছি= আঁতৰি গৈ।

* গুমুনি= সাপৰ বিষ নাশক লতা বিশেষ; সৰ্পগন্ধা ( a creeper used as an antidote for snake-bite)।
গুমুনী= মাইকী গোম সাপ (the female of a certain kind of poisonous snake)।

* গুৰি= কোনো বস্তুৰ আগৰ বিপৰীত ভাগ; গছৰ শিপাৰ ওপৰ আৰু মাটিৰ ওচৰৰ গা-গছ খণ্ড; কথা বা ঘটনাৰ আদি; নাৱৰ পিচ টিং (the stern of a boat)।
গুড়ি= চূৰ্ণ; ধূলি; খুন্দি মিহি কৰা বস্তু; গুড়া (minute particles of any substance; powder)।

* গুলি= মাটিৰ ফলি-গুটি (a pencil made of clay); কিস্তিত দৰব পিহা দীঘলীয়া শিল (a small pestle)।
গুলী= বন্দুক আদিত ভৰাই মৰা সীহৰ বা লোৰ গুটি (a bullet); (নামনি) মাছ ধৰা জালৰ গুৰা।

* গৌৰ= বগা বৰণ (white colour); বগা।
গৌড়= বংগদেশৰ প্রাচীন নাম।

* গাৰু= শোওঁতে মূৰৰ তলত লোৱা, কাপোৰৰ ভিতৰত তুলা ভৰাই কৰা আহিলা; উপাধান।
গাৰো= মেঘালয় আৰু অসমত বাস কৰা জনজাতি বিশেষ।

 

প্ৰায় সমোচ্চাৰিত শব্দ, ভিন্ন অৰ্থ (খণ্ড-৮)

* ঘঁটি = নাকৰ ভিতৰত গজা নোম (the hair in the nostril)
ঘটী = পানী আদি থোৱা এবিধ সৰু ধাতুৰ পাত্ৰ(a small water-pot with a neck)।

* ঘাটি = কম, তাকৰ (deficient,less in measure or quantity); লোকচান (loss); অপৰাধ, জগৰ, ত্ৰুটি (offence, fault); চকী, আড্ডা, পহৰাৰ ঠাই (a station, a watch-station)।
ঘাতী= বধ কৰোঁতা, নাশ কৰোঁতা (a killer, murderer)- সদায় আন এটা শব্দৰ পাচত লগ লাগি থাকে; যেনে-আত্ম-ঘাতী।

* ঘাট = নৈ বা পুখুৰীত সদায় গা-ধোৱা ঠাই; সদায় নাৱৰ পৰা বস্তু তোলা – নমোৱা বা মানুহ উঠা নমা কৰা ঠাই (a bathing or landing place on the bank of a river or a pond); চেতাৰ আদি বাদ্য-যন্ত্ৰৰ সুৰৰ পৰ্দা (reed); কম হ্, টুট্ ( to be less in measure or quantity); হাৰ, পৰাস্ত হ (to be defeated)।
ঘাঁট = মাৰি আদিৰে বৰকৈ লৰা, মথ্, সঞ্চালন কৰ (to stir, to churn)।
ঘাত = মৃদং, খোল আদি বজাওঁতে মূল বাজনাৰ লগত সম্বন্ধ ৰাখি একে তালত বজোৱা বাজনা; গীত-বাদ্যৰ একোটা অংশ শেষ হওঁতে বজোৱা বাদ্য; প্ৰহাৰ (a stroke); গণিতত কোনো ৰাশিক সেই ৰাশিৰ দ্বাৰাই গুণ কৰি পোৱা ফল (power); বৰ্গ, ঘন প্ৰভৃতি সূচোৱা অংক (an index)।

* ঘুগুলি = এবিধ জাক পাতি ফুৰা সৰু মাছ (a kind of small fish)।
ঘুগুলী = অতি বুঢ়ী; অতি জীৰ্ণা (decrepit, emaciated)।

* ঘূৰি = মেখেলা সদৃশ ওপৰফালে কোঁচ খোৱা ভাৱৰীয়াই পিন্ধা কাপোৰ, লহঙ্গা (a petticoat)।
ঘুঁৰী= মাইকী ঘোঁৰা (mare)।

3 thoughts on “প্রায় সমোচ্চাৰিত শব্দ, ভিন্ন অৰ্থ (খণ্ড-৬,৭,৮):লক্ষেশ্বৰ হাজৰিকা

  • November 3, 2019 at 9:16 pm
    Permalink

    বাট, বাট
    মহ, ম’হ

    এই দুটা পাম নেকি?

    Reply
  • October 22, 2020 at 7:27 pm
    Permalink

    বল ব’ল
    পাম নি

    Reply
  • March 29, 2023 at 11:34 pm
    Permalink

    বলি আৰু বলী

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!