প্লাষ্টিকে বজোৱা বিপদ ঘন্টা (ডাঃ ভূপেন্দ্ৰ শইকীয়া)

অলপতে কাশী হিন্দু বিশ্ববিদ্যালয়ৰ বায়কেমেষ্ট্ৰিৰ অধ্যাপক এচ পি সিংঙৰ বিলাতী এন্দুৰৰ ওপৰৰ কৰা গবেষণাৰ ফলাফল সংবাদ জগতৰ মাধ্যমেৰে জনাজাত হোৱাত এক মৃদু চাঞ্চল্যৰ সৃষ্টি হয়৷ মতা এন্দুৰক বিচফিনল-এ নামৰ ৰাসায়নিক দ্ৰব্য তিনি সপ্তাহ সেৱন কৰিবলৈ দিয়াত দেখা গ’ল – এন্দুৰবিলাকৰ জননাংগ সৰু হ’ব ধৰিছে আৰু প্ৰজনন ক্ষমতাও হ্ৰাস পালে৷ এনেধৰণৰ প্ৰয়োগ ইতিমধ্যে বিদেশত বহু ঠাইত কেইবাবাৰো কৰা হৈছে আৰু ফলফলো একেই দেখা গৈছে৷

বিচফিনল-এ নো কি?
সম্পূৰ্ণ নাম বিচফিনল-এনথ্ৰাচিন৷ ইয়াৰ ৰাসায়নিক ফৰ্মূলা হ’ল (CH3)2 C(C6H4OH)2৷ যোৱা পাঁচটা দশক ধৰি বিশ্বৰ চুকে কোনে ইয়াৰ সাম্ৰাজ্য দিনক দিনে বৃদ্ধি পাই আহিছিল৷ কিন্তু যোৱা দুটা বছৰৰ পৰা ক্ৰমে ইয়াৰ বিৰুদ্ধে বিভিন্ন দেশত সজাগতা গঢ়ি উঠা পৰিলক্ষিত হৈছে৷ ইয়াৰ ব্যৱহাৰ হয় পলিমাৰ প্লাষ্টিক আৰু পলিষ্টাৰ ৰেজিনৰ বিভিন্ন সা-সামগ্ৰী তৈয়াৰ কৰিবলৈ৷ ই হ’ল ৰঙহীন, ওজনত পাতল, তাপ প্ৰতিৰোধ ক্ষমতাযুক্ত, কঠিন পদাৰ্থ৷ এককথাত কবলৈ হ’লে সকলো ধৰণৰ প্লাষ্টিকতেই থাকে বিচফিনল-এ৷ আকৌ বিচফিনল-এ হ’ল এবিধ চিন্থেতিক ইষ্ট্ৰ’জেন( স্ত্ৰী-হৰম’ন)৷
এতিয়া আপোনালোকে লক্ষ্য কৰক – মানুহৰ জীৱন শৈলীত প্লাষ্টিকৰ প্ৰভাৱ৷ এজন আমেৰিকান লোকে এবছৰত ব্যৱহাৰ কৰে তিনি কিলোগ্ৰামৰ অধিক প্লাষ্টিক আৰু সেয়ে নব্বৈ শতাংশ লোকৰ প্ৰসাৱত নিৰ্গত হয় বিচফিনল-এ৷ এইবিধ ৰাসায়নিক পদাৰ্থৰে নিৰ্মিত দৈনন্দিত ব্যৱহৃত বস্তুৰ এক চমু তালিকালৈ লক্ষ্য কৰক:
গাখীৰৰ বটল, নানা বিধ শীতল পানীয়ৰ বটল, খাদ্য সামগ্ৰী ভৰ্তি কেন, শিশু খাদ্যৰ পেকেট, খেলৰ সামগ্ৰী, বৈদ্যুতিক সৰঞ্জাম, বাচন, চি ডি-ডি ভি ডি, কাৰ্বন পেপাৰ, কিছুমান ফেব্ৰিক, চকুৰ লেঞ্চ,দাঁতৰ নানা ফিলিং সামগ্ৰী, মানৱ শৰীৰত উপস্থাপন কৰা সা-সৰঞ্জাম আদি৷

বিচফিনল-এ’ৰ দ্বাৰা হ’ব পৰা বিপদসমূহনো কি কি?
ইতিমধ্যে ২০০ৰো ওপৰ বৈজ্ঞানিক অধ্যয়ণ প্ৰকাশিত হৈছে আৰু ৭০০ৰো অধিক জন্তুৰ ওপৰত বিচফিনল-এৰ প্ৰয়োগ কৰি নিম্নলিখিত তথ্যসমূহ জনা গৈছে:
মতা লেবৰেটৰীৰ জন্তুৰ জননাংগৰ আকাৰ সংকুচিত হোৱা দেখা যায়৷
যৌন ক্ষমতা কমি যায়৷ বীৰ্যৰ পৰিমাণ হ্ৰাস পায়৷ লিংগ শিথিল হয়৷
পুৰুষ-মহিলা উভয়ে প্ৰজনন ক্ষমতা-বিহীন হ’ব পাৰে৷
মহিলাৰ ক্ষেত্ৰত সোনকালে আনকি ৬বছৰ বয়সতেই মাহেকীয়া আৰম্ভ হ’ব পাৰে৷
অভেৰিত চিষ্টৰ উৎপত্তি কৰিব পাৰে৷
গৰ্ভস্থ সন্তানৰ বিশেষকৈ ল’ৰাৰ জননাংগৰ বিকৃতি হ’ব পাৰে৷
মস্তিষ্কৰ বিকাৰ আনকি মেনিনজিঅ’মাৰ দৰে টিউমাৰ হব পাৰে৷ বান্দৰৰ ক্ষেত্ৰত দেখা গৈছিল মতা বান্দৰে মাইকীৰ দৰে আচৰণ কৰা৷মগজুত ডপামিনৰ ক্ৰিয়া হ্ৰাস কৰে৷ কিশোৰ-কিশোৰীৰ মনোযোগহীনতা দেখা যায়৷
থাইৰয়ড হৰম’নৰ সক্ৰিয়তাক কমাই দিয়ে যাৰ ফলত শৰীৰৰ ওজন বাঢ়িবলৈ ধৰে আৰু হাইপ’থাইৰইিজমডৰ লক্ষণে দেখা দিয়ে৷
পেনক্ৰিয়াজৰ অহিত কৰি ডায়েবেটিচ উৎপন্ন কৰে৷
লিভাৰৰ নানা বিধ এনজাইম বৰ্ধিত মাত্ৰাত উৎপাদন কৰে৷
স্তনৰ আৰু প্ৰষ্টেটৰ কেঞ্চাৰ কৰিব পাৰে৷

মানুহৰ দেহত কেনেকৈ বিচফিনল-এ প্ৰৱেশ ঘটে? প্ৰতিকাৰৰ বাবে কি কৰিব?
প্ৰাথমিক উৎস হ’ল আমি খোৱা খাদ্যৰ যোগেদি৷ প্লাষ্টিকৰ বটলৰ নানাবিধ শীতল পানীয়, কেনত অহা নানা বিধ মোহনীয় আহাৰৰ সামগ্ৰী আদিত যথেষ্ট পৰিমাণৰ বিচফিনল-এ থাকে৷ বিচফিনল-এৰ এটা লেপ কিছুমান কেনত দিয়া থাকে যাতে ভিতৰৰ খাদ্য-সামগ্ৰীখিনি বেচিদিনলৈ সংৰক্ষিত হৈ থাকে৷ পানীৰ সৈতে আৰু ধূলিকণাৰ সৈতেও বিচফিনল-এৰ আমাৰ দেহত অনুপ্ৰবেশ ঘটিব পাৰে৷
মাতৃদুগ্দ্ধৰ যোগেদি বিচফিনল-এ কেঁচুৱাৰ শৰীৰত প্ৰবেশ কৰিব পাৰে৷
গাড়ীত ৰাখি থোৱা প্লাষ্টিকৰ পানীৰ বটলত ৰ’দৰ বাৰে বাৰে উত্তাপ পৰি থাকিলে বিচফিনল-এ বটলৰ পৰা ওলাব ধৰে, গতিকে ইয়াক উদৰস্থ কৰাৰ আগতে চিন্তা কৰক৷
দিনটোত যদি বহুতবাৰ প্লাষ্টিকৰ কাপত চাহ বা কফি খায়- বিপদৰ কথা চিন্তা কৰক৷ শিশাৰ বা ষ্টিলৰ কাপ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰক৷
মাইক্ৰঅভেনত প্লাষ্টিকৰ বাচনত একো খাদ্য-সামগ্ৰী গৰম নকৰিব৷
প্লাষ্টিক পেইন্টৰ ব্যৱহাৰ কৰোতে হাত মোজা আৰু মুখত সুৰক্ষা-আৱৰণী পিন্ধি লব৷
কেনত অহা নানাবিধ ৰেডিমেড খাদ্য,ফল, ফলৰ ৰস,পানীয় আদিৰ মোহ ত্যাগ কৰক৷
শিশুক প্লাষ্টিকৰ খেলা সামগ্ৰী,চি ডি আদি লবলৈ পৰাপক্ষত নিদিব-কাৰণ শিশুৱে প্ৰত্যেকটো বস্তুৱেই মুখত ভৰায়৷ শিশুৰকোনো খাদ্য সামগ্ৰী যাতে প্লাষ্টিকৰ বটল বা কেনৰ নহয় তালৈ লক্ষ্য ৰাখক৷ আজিকালি আমেৰিকাৰ দৰে কিছুমান দেশতএনেসামগ্ৰীত “বিচফিনল-এ মুক্ত” বুলি লিখা থাকে৷

উপসংহাৰ:
২০১০ চনৰ চেপ্টেম্বৰ মাহত বিশ্বত পোন প্ৰথম বাৰৰ বাবে কানাডাই বিচফিনল-এক এবিধ বিষাক্ত দ্ৰব্য বুলি জাননী জাৰি কৰে৷ বহুতবোৰ উন্নত দেশে “বিচফিনল-এ মুক্ত” পানীৰ বটল নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে৷ কেনেডা, আমেৰিকা, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, কেলিফৰ্নিয়া আৰু চিকাগোত শিশুৰ বাবে প্লাষ্টিকৰ সকলো ধৰণৰ বটল নিসিদ্ধ কৰা হৈছে৷
প্লাষ্টিকে সংঘটিত কৰিব পৰা এই বিপদসমূহৰ ধাৰণাটো জনাজাত হ’বৰ আজি দুবছৰ সময়েই অতিবাহিত হোৱা নাই৷ এতিয়াও প্লাষ্টিকৰ সপক্ষে আৰু বিপক্ষে বাদানুবাদ চলি আছে৷ এদিনত এজন ব্যক্তিয়ে প্ৰতিকিলো শৰীৰৰ ওজনৰ বিপৰীতে সৰ্বোচ্চ ৫মিলিগ্ৰাম বিচফিনল-এ শৰীৰৰ ক্ষতি নোহোৱাকৈ গ্ৰহণ কৰিব পাৰে বুলি আমেৰিকাৰ এফ ডি এ বিভাগে জনাইছে৷ জানিব পৰা মতে প্ৰাপ্তবয়স্কৰ তুলনাত কম বয়সীয়ালোকক বিচফিনল-এ (চমুকৈ বি পি এ) বেছি অহিত সাধিব পাৰে৷ আমেৰিকা, কেনেডা, ব্ৰিটেইন, স্পেইন আদি নানা উন্নত দেশত কৰা অধ্যয়নৰ সহায়ত জানিব পৰা মতে ইয়াৰ অপকাৰিতাৰ ফলত সৃষ্টি হব পৰা প্ৰমাণিত প্ৰমুখ বিপদসমূহ হ’ল – ডায়েবিটিজ, অবেচিটি বা মেদবহুলতা, হৃদৰোগ,কেঞ্চাৰ আৰু উভয় লিংগতে কৰা প্ৰজনন তন্ত্ৰৰ অপকাৰিতা৷
এই প্ৰাথমিক ধাৰণাটোৰ ওপৰত গোটৰ নানা বিজ্ঞজনে আৰু জনা কথা সংযোজন কৰিব বুলি মই আশা ৰাখি এই চমু লিখনি আজিলৈ সামৰিলোঁ৷

 

ডাঃ ভূপেন্দ্ৰ শইকীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!