প্ৰকৃতিৰ সৈতে আমাৰ সম্পৰ্ক আৰু ইয়াৰ ধ্বংসৰ কুফল (ডাঃ বিৰাজ কুমাৰ শৰ্মা)

আমি প্ৰকৃতিৰ দাস। প্ৰকৃতিৰ সৃষ্টিৰাজিয়ে যেন আমাক দি গৈছে জীয়াই থকাৰ আনন্দ। বিশ্বৰ চৌদিশে আজি গোলকীয় উষ্ণতা বৃদ্ধিৰ হুলস্থূল। উদ্যোগীকৰণৰ ফলত সৃষ্ট বৃহৎকায় কল-কাৰখানাৰ পৰা নিৰ্গত বিষাক্ত ধোঁৱা তথা গাড়ী–মটৰৰ পৰা নিৰ্গত বিষাক্ত গেছসমূহে আজি আমাৰ পৃথিৱী নামৰ গ্ৰহটোৰ অস্তিত্ত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। তাতে আকৌ ভূতৰ ওপৰত দানব পৰাৰ লেখিয়াকৈ আমি মানৱ জাতিয়ে প্ৰকৃতিৰ সেউজীয়া গছ-গছনিবোৰ জধে-মধে ধ্বংস কৰাত লাগিছোঁ। ইয়াৰ কুফল অদূৰ ভৱিষ্যতে যে আমি ভোগ কৰিব লাগিব সেয়া ধুৰূপ। কিয়নো প্ৰকৃতিয়েই হৈছে জীৱজগতৰ প্ৰাণ। জীৱশ্ৰেষ্ঠ মুখাপিন্ধা মানুহৰ নিৰ্মম অত্যাচাৰ সহ্য কৰিও চকুলো টুকি টুকি যেন নিঃস্বাৰ্থভাৱে জীৱজগতৰ বাবে দায়িত্ব পালন কৰি গৈছে প্ৰকৃতিয়ে। প্ৰকৃতিৰ নৈসৰ্গিক শোভাৰ মাজতেই আমি বিচাৰি পাওঁ জীয়াই থকাৰ আনন্দ, মানসিক প্ৰশান্তি। আনহাতে প্ৰকৃতিয়ে আমাক দি গৈছে জীয়াই থকাৰ উপাদানসমূহ, খাদ্যশস্যৰ পৰা আমি থাকিবলৈ সজা ঘৰটোৰ বাবে প্ৰয়োজনীয় কাঠ-বাঁহ আদিলৈ। জীৱজগতৰ প্ৰতি প্ৰকৃতিৰ এক মহৎ দানৰ উদাহৰণ হ’ল বৰ্ষাৰণ্যসমূহ।

আমি সকলোৱে দেখি আহিছোঁ প্ৰকৃতি ধ্বংসৰ কুফল মানুহে কেনেদৰে ভোগ কৰি আহিছে। মানুহে বিবেচনাহীনভাবে কৰা পাহাৰ খনন আৰু বনাঞ্চল ধ্বংসৰ পৰিণাম স্বৰূপে কৃত্ৰিম বানপানী এক সমস্যাৰূপে দেখা দিছে। পাহাৰ ধ্বংসৰ ফলস্বৰূপে বৰষুণ দিলে সম্পূৰ্ণ পানীভাগ হুৰমুৰকৈ ভৈয়ামলৈ বৈ অহা হেতুকে ভৈয়ামৰ জনসাধাৰণে জীয়াতু ভুগিবলগীয়া হৈছে আৰু তাৰ লগে লগে এই পানীভাগে ইয়াৰ সৈতে মাটি আৰু জাবৰ-জোথৰসমূহ কঢ়িয়াই অনা হেতুকে নৈ বা আন পৰিবাহী নলা-নৰ্দমাৰ বুকুত জমা হৈ এক ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে। আনহাতে বনাঞ্চল ধ্বংসই আমাৰ জৈৱ পাৰিপাৰ্শ্বিকতাৰ ওপৰতো প্ৰভাব পেলাইছে। ইয়াৰে আন এক উদাহৰণ হৈছে শগুন। শগুন এক উপকাৰী প্ৰাণী। শ ভক্ষণেৰে শগুনে প্ৰকৃতিৰ পাৰিপাৰ্শ্বিকতা ৰক্ষাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। প্ৰকৃতিৰ পৰিচ্ছন্নকামী চৰাই হিচাবে বিভিন্ন ঠাইত পৰি থকা মৃত জীৱ-জন্তু ভক্ষণ কৰি শগুনে প্ৰাকৃতিক সুস্থিৰতা প্ৰদান কৰাৰ লগতে মানৱ সমাজৰো উপকাৰ সাধন কৰি আহিছে। পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰত শগুনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কিন্তু মানুহৰ কিছুমান অবিবেচকী কৰ্মকাণ্ড তথা প্ৰকৃতি ধ্বংসৰ পৰিণামে শগুনৰ সংখ্যাৰ ওপৰত এক বিৰূপ প্ৰভাব পেলাইছে। বিভিন্ন ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ তথা ইহঁতৰ বাসস্থান ওখ ওখ গছসমূহ ধ্বংসৰ কৰাৰ বাবে ইহঁতৰ বাসস্থান আৰু বংশ বৃদ্ধিৰ প্ৰতি ভাবুকি আহি পৰিছে। যিহেতু শগুনে শবোৰ ভক্ষণ কৰি প্ৰাকৃতিক সুৰক্ষা প্ৰদান কৰে, শগুনৰ সংখ্যা হ্ৰাস হৈ অহাৰ ফলত অদূৰ ভবিষ্যতে এই শবোৰ গেলি-পঁচি ৰোগ বিয়পোৱাৰ লগতে সমীপৱৰ্ত্তী পানীৰ উৎসত মিহলি হৈ পানী প্ৰদুষিত কৰি তোলাৰ প্ৰায় এশ শতাংশই সম্ভাৱনা আছে। তদুপৰি শগুনৰ অনুপস্থিতিৰ সুযোগ লৈ মৃতদেহ ভক্ষণৰ ফলস্বৰূপে শিয়াল, কুকুৰ, হায়েনা তথা এন্দুৰ, নিগনি আদিৰ দ্ৰুত বংশবৃদ্ধি হৈ ভয়ংকৰ বিপদ কঢ়িয়াই আনিব। এনেবোৰ প্ৰাণীৰ বংশবৃদ্ধিৰ লগে লগে জলাতংক ৰোগ, প্লেগ আদিকে ধৰি আন আন ভয়াবহ ৰোগসমূহৰ প্ৰাদূৰ্ভাব হ’বলৈ ধৰিব কাৰণ এনেবোৰ প্ৰাণীয়ে বহুতো ভয়াবহ ৰোগৰ বাহক হিচাবে কাম কৰে। আজি নেপালৰ আকাশৰ পৰা শগুন বিলুপ্ত হোৱা বাবে নেপালে ইয়াৰ প্ৰতিফল ভোগ কৰিবলগীয়া হৈছে আৰু ইয়াৰ বাবে নেপালৰ জনসাধাৰণৰ স্বাস্থ্য সমস্যাই দেখা দিছে বুলি অভিযোগ আহিছে। শগুনে মৃতদেহ খাই পৰিবেশ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিছিল যদিও শগুন নোহোৱা হোৱা হেতুকে এন্দুৰ, নিগনি, কুকুৰ, শিয়াল আদিয়ে মৃতদেহ খাই নানা ৰোগ বিয়পাইছে আৰু লগতে বহুক্ষেত্ৰত মৃতদেহবোৰ গেলি-পঁচি নৈৰ পানী প্ৰদূষিত কৰাৰ লগতে জনস্বাস্থ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। যিবোৰ চৰায়ে হাজাৰ হাজাৰ বছৰ ধৰি আমাক সুৰক্ষা দি আহি জৈৱ-পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰি আহিছিল, সিহঁতে আজি মানুহৰ কাণ্ডজ্ঞানহীনতাৰ বাবে নিজেই অস্তিত্ত্বৰ সংকটত ভুগিছে। এইবোৰ কেইটামান উদাহৰণহে মাত্ৰ। জৈৱ-পাৰিপাৰ্শ্বিকতা ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা অন্য এক উদাহৰণ হ’ল ভেকুলী, যাৰ টোৰটোৰণিৰ শব্দ বাৰিষাকালত আমাৰ গাঁওবোৰত সুলভ আছিল; যাৰ অবিহনে আমাৰ গ্ৰামাঞ্চলৰ চিনাকী আধৰুৱা আছিল, সেই ভেকুলীবোৰেও আজি প্ৰকৃতি ধ্বংসৰ কুফলত অস্তিত্বৰ সংকটত ভুগিছে। এন্ধাৰ ৰাতি জাক জাক জোনাকী পৰুৱাৰ নয়নাভিৰাম দৃশ্য আমাৰ গ্ৰাম্য সমাজত এসময়ত চিনাকী আছিল, কিন্তু জলবায়ু পৰিবৰ্তনৰ প্ৰভাবৰ বাবে আজি জাক জাক জোনাকীৰ দৃশ্যও যেন হেৰাই যোৱাৰ উপক্ৰম হৈছে। এনে বহুতো উদাহৰণ আছে যিয়ে কঢ়িয়াই আনে প্ৰকৃতিৰ ওপৰত মানুহৰ নিৰ্মম অত্যাচাৰৰ ছবিখন।

দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰে পৰা পৃথিৱীৰ প্ৰায় ১.৩ কোটি বৰ্গকিল’মিটাৰৰ পৰিমাণৰ (প্ৰায় ভাৰত আৰু চীনৰ মুঠ মাটিকালিৰ সমান) মাটিৰ স্বাভাবিক গুণ মজলীয়াৰ পৰা সাংঘাটিক ধৰণে বিনষ্ট হৈছে। ভূ-পৃষ্ঠৰ মাত্ৰ ১১ শতাংশ মাটিতহে খেতি কৰিব পৰা যায় আৰু তাৰে বৰ্তমান ২৩ শতাংশ মাটিৰ গুণাগুণ ইমান বেছি পৰিমাণে অৱনমিত হৈছে যে সেয়া খেতিৰ অনুপযোগী হৈছে বুলি ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰিছে। মাটিৰ অৱনমনৰ মূল কাৰণবোৰ হ’ল বনাঞ্চল ধ্বংসকাৰ্য্য, কৃষিকাৰ্য্যত মাটিৰ অপ-ব্যৱস্থাপনা ( অনুপযোগী শস্যৰ ৰোপন, অনুপযুক্ত শস্যাবৰ্তন, অত্যাধিক পৰিমাণত ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদিৰ প্ৰয়োগ ইত্যাদি), ঘাঁহনি পথাৰত পশুধনৰ অতিবাৰণ (Overgrazing) , প্ৰদূষণ, ভূমিস্খলন, ইটাৰ ভাটা আৰু নানাপ্ৰকাৰৰ উদ্যোগ নিৰ্মাণ, দ্ৰুত নগৰীকৰণ ইত্যাদি। এনেবোৰ কাৰকৰ বাবেই পৃথিৱীৰ ভূমিৰ গুণাগুণ ভয়ানকভাৱে হ্ৰাস পাই মানৱ সমাজৰ বাবে ভয়াবহ বাৰ্তা কঢ়িয়াই আনিছে।

প্ৰকৃতি আৰু মানৱ সমাজৰ সম্পৰ্কৰ এক উদাহৰণ হ’ল মূলতঃ বনাঞ্চল তথা বৰ্ষাৰণ্যসমূহ। এই সম্পৰ্কৰ এক উদাহৰণ হ’ল পৃথিৱীৰ বৃহৎ বৰ্ষাৰণ্য আমাজান বৰ্ষাৰণ্য, যাক ধৰিত্ৰীৰ হাওঁফাও বুলি কোৱা হয়। পৃথিৱীৰ বৃহৎ নদী আমাজানৰ অববাহিকাত অৱস্থিত এই বৰ্ষাৰণ্য দক্ষিণ আমেৰিকা মহাদেশৰ ব্ৰাজিলৰ ৬০ শতাংশ অঞ্চল, পেৰুৰ ১৩ শতাংশ, ক’ল’ম্বিয়াৰ ১০ শতাংশ আৰু ইকুৱেডৰ, ভেনিজুৱেলা, ব’লিভিয়া, গুৱেনা, চুৰিনাম আদিৰ কিছু অংশ সামৰি সৃষ্টি হৈছে। আমাজান বৰ্ষাৰণ্যক ধৰিত্ৰীৰ হাওঁফাওঁ বুলি কোৱাৰ কাৰণ হ’ল, বিশ্বৰ প্ৰাণীকূলৰ বাবে প্ৰয়োজনীয় সৰ্বমুঠ অক্সিজেনৰ প্ৰায় ১০ শতাংশই এই আমাজান বৰ্ষাৰণ্যই অকলে যোগান ধৰি আহিছে। আমাজান বৰ্ষাৰণ্যৰ বিষয়ে কৈ যেন অন্ত কৰিব নোৱাৰি। এই বৰ্ষাৰণ্যৰ প্ৰকৃতিৰ নৈসৰ্গিক শোভা তথা  ঘন বনাঞ্চলৰ সৈতে বিভিন্ন ৰহস্যময় জীৱ-জন্তুক লৈ যেন আজিও আধুনিক বিশ্বত ৰহস্যৰ অবসান নাই। আমাজান বৰ্ষাৰণ্যৰ বুকুত আবদ্ধ ৰহস্যৰ কুঁহেলিকা ভাঙিবলৈ অদ্যপী বহুদূৰ বাকী। ৰহস্যময় জীৱ-জন্তু তথা ইয়াৰ আদিবাসীসকলক লৈ হলিউডে ইতিপূৰ্বে কেইবাখনো জনপ্ৰিয় কথাছবি নিৰ্মাণ কৰি উলিয়াইছে। আনাকোণ্ডা, কিং-কং আদি কেইখনমান উদাহৰণহে মাত্ৰ। ভবা হৈছে যে ইয়াৰ অনাবিস্কৃত বহুতো উদ্ভিদৰ মাজতেই যেন লুকাই আছে আজিৰ মানবসমাজৰ বাবে প্ৰয়োজনীয় বহুতো মূল্যবান দৰবৰ প্ৰয়োজনীয় উপাদান। বিজ্ঞানীসকলেও আশা কৰিছে যে এইডছ, কৰ্কটৰোগ, মধুমেহ আদি ভয়ংকৰ তথা দূৰাৰোগ্য ৰোগসমূহৰো প্ৰয়োজনীয় ঔষধ হয়তো ইয়াৰ বুকুতেই এদিন উদ্ঘাটন হ’ব। আগতেই উল্লেখ কৰা হৈছে যে এই চিৰসেউজ বনাঞ্চল “আমাজান বৰ্ষাৰণ্য”ই হৈছে পৃথিৱীৰ হাওঁফাও। কিন্তু বহল দৃষ্টিত চালে ই যেন অকল মাথোঁ পৃথিৱীৰ হাওঁফাও নহয়, ই যেন পৃথিৱীৰ হৃদপিণ্ড হে। তথাপিও যেন জীৱশ্ৰেষ্ঠ মানুহৰ কোপদৃষ্টিৰ পৰা আজি আমাজানো মুক্ত নহয়। যাৰ বাবে ছল্লিছলাখ বৰ্গ কিল’মিটাৰ জুৰি বিয়পি থকা “আমাজান বৰ্ষাৰণ্য”ও যেন আজি ক্ৰমান্বয়ে ধ্বংসৰ মুখলৈ আগবাঢ়ি অচিৰে মৰুভূমি হোৱাৰ পথত অগ্ৰসৰ হৈছে। বৰ্তমান সময়লৈ হেনো আমাজানৰ ৪৭ শতাংশ বনাঞ্চল ধ্ধংসপ্ৰাপ্ত হৈছে যিটো অতিশয় দূৰ্ভাগ্যজনক আৰু আমি আজি আমাজানৰ যিটো ৰূপ দেখি আহিছোঁ, সেয়া হৈছে বাকী ৰোৱা মাথোঁ ৫৩ শতাংশ অঞ্চলহে। অবৈধভাৱে ইয়াৰ বুকুত আৰম্ভ হোৱা সোণৰ খনিৰ সন্ধান, অবৈধ চিকাৰ কাৰ্য, অনিয়মিক তথা অবৈধ কৃষিকাৰ্য, পশুপালন, অগ্নিসংযোগ, প্ৰাকৃতিক গেছ আৰু তেল উদ্ঘাটনৰ বাবে চলোৱা জৰীপ আদিয়ে ইয়াৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে। আনহাতে এই অঞ্চলত উপলব্ধ ১২০ ৰ পৰা ২০০ ফুট পৰ্যন্ত ওখ বিভিন্ন প্ৰজাতিৰ প্ৰকাণ্ড প্ৰকাণ্ড গছবোৰৰ আন্তৰ্জাতিক বজাৰত বাণিজ্যিক মূল্য অধিক হোৱা হেতুকে ধ্ধংসৰ গৰাহৰ পৰিছে। অকল আমাজানেই নহয়, পৃথিৱীৰ প্ৰান্তে প্ৰান্তে সিঁচৰতি হৈ থকা এই বৰ্ষাৰণ্যসমূহ যেন ভগৱানৰ দান যিয়ে আমাৰ পৃথিৱীৰ এক সুস্থ বাতাবৰণ বৰ্তাই ৰাখি পৃথিৱীৰ জীৱকুলক ৰক্ষা কৰি আহিছে। কিন্তু মানুহৰ অত্যাচাৰৰ বাবেই আজি পৃথিৱীত প্ৰতি চেকেণ্ডত দুখনকৈ ফুটবল পথাৰৰ সমান বৰ্ষাৰণ্য ধ্ধংস হৈ গৈ আছে। ইয়াৰ কুফল ভোগ কৰিবলৈ যেন বাকী নাই।

এনেদৰেই আজি আমি আমাৰ নিজৰ বিপদ নিজেই কঢ়িয়াই আনিছোঁ। যদিহে সময় থাকোঁতেই আমি সচেতন নহওঁ আৰু প্ৰকৃতিৰ অৱশিষ্টখিনিও যদি সংৰক্ষণ কৰিবলৈ অপাৰগ হওঁ, তেনেহ’লে আমাৰ পৃথিৱীৰ সেউজী শোভা লোপ পাবলৈ বেছি পৰ নালাগিব আৰু পৃথিৱী নামৰ গ্ৰহটো মৰুভূমিত পৰিণত হ’বলৈ বেছি পৰ নালাগিব। এই ক্ষেত্ৰত সচেতন হোৱাটো প্ৰতিজন বিশ্ববাসীৰে কৰ্তব্য।

000

ডাঃ বিৰাজ কুমাৰ শৰ্মা

শল্যচিকিৎসা আৰু ৰঞ্জন ৰশ্মি বিভাগ

পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়

খানাপাৰা, গুৱাহাটী-২২

ফোনঃ ৯৮৬৪৭৪৩০৩৪

 

One thought on “প্ৰকৃতিৰ সৈতে আমাৰ সম্পৰ্ক আৰু ইয়াৰ ধ্বংসৰ কুফল (ডাঃ বিৰাজ কুমাৰ শৰ্মা)

  • September 23, 2015 at 7:41 pm
    Permalink

    অতি মনোমোহা ও সময়ানুপযোগী হৈছে

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!