প্ৰতি, ডৰথীলৈ (প্ৰিয়ঙ্কু নাৰায়ণ বৰুৱা)

প্ৰতি, ডৰথীলৈ (To Dorothy)

মূল: Marvin Bell

অসমীয়া অনুবাদ: প্ৰিয়ঙ্কু নাৰায়ন বৰুৱা

তুমি ঠিক ধুনীয়াজনী বুলি সঠিককৈ কোৱাতকৈ
ক’ব লাগিব তোমাক ধুনীয়া যেনেই দেখা যায়।
ঘৰটোৰ কাষত যিডাল কলা জামু সদৃশ গছ
ঠিক কাষতে তুমি ৰুই দিয়া বনৰীয়া ফুল গজিছে।।
একান্ত নিভৃত শান্ত শীতল নিশাটিৰ জুৰ মলয়াই
বেৰবোৰত কোবাইছে আৰু
আমি টোপনিত থাকোতেই পাৰ হৈ যোৱা নিশাটিয়ে জনালে
এটা সম্পূৰ্ণ দিনৰ অন্তিম প্ৰহৰ শেষ।।
এটা শিশুৱে কৈছিল আৰু ই সত্য প্ৰমাণিত যেন দেখা গৈছিল
“যিবোৰ বস্তু হেৰাই যায় সেই সকলো বোৰৰ মূল্যমান সমান”
কিন্তু এয়া যেন সঁচা নহয়, যদি মই তোমাক হেৰুৱাও
বতাহৰ গতি ৰুদ্ধ হৈ পৰিব, গছপুলিবোৰোৰো শ্ৰীবৃদ্ধি নহ’ব
কোনোবাই যেন উঘালি পেলাব বনৰীয়া ফুলৰ জোপোহা, মোৰ মৰমৰ ফুলথোপা।।
যদি তোমাক হেৰুৱাও নিৰৱ-নিশান্ত কেৱল তুমিয়েই হৈ নাথাকিবা
মইও নিস্তব্ধ হৈ পৰিম আৰু সেমেকা ঘাঁহনিডৰাক ক’ম
মোক তোমাৰ কোলাতে শুবলৈ দিয়া… গভীৰ নিদ্ৰাত।।

মূল কবিতাটো-
You are not beautiful, exactly.
You are beautiful, inexactly.
You let a weed grow by the mulberry
and a mulberry grows by the house.
So close, in the personal quiet
of a windy night, it brushes the wall
And sweeps away the day till we sleep.

A child said it, and it seemed true:
“Things that are lost are all equal.”
But it isn’t true. If I lost you,
the air wouldn’t move, nor the tree grow.
Someone would pull the weed, my flower.
The quiet wouldn’t be yours. If I lost you,
I’d have to ask the grass to let me sleep.

(“To Dorothy from Nightworks: Poems 1962-2000, published by Copper Canyon Press.)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!