প্ৰত্যাশাৰ নৱবৰ্ষ: লোচন জুমন বৰদলৈ

(এতিয়া নতুন বছৰত আমি ভৰি দিলোঁ, নাজানো কি আনিব এই বছৰটোৱে, তথাপিও সুখ আৰু শান্তিৰ আশা কৰাত কাৰো বাধা নাই | কিন্তু আহিব নে সুখ? প্ৰতিবাৰেই আশা কৰি কৰি দেখোন মুখ থেকেচাহে খাও ! তথাপিও আমি প’জিটিভ সদায়, সেইকাৰণেই চাগে’ আমি এতিয়াও জীয়াই আছো ! )

এনেকৈয়ে এটা বছৰ পাৰ হৈ গ’ল, বহুত উঠা-নমাৰ মাজেৰে পাৰ কৰিলোঁ আমি সকলোৱে এটা বছৰ | দুৰ্নীতি, শোষণে আমাক বাৰুকৈয়ে পিহিলে | নানা ধৰণৰ অপকৰ্ম, সমস্যাৰ আ-অলংকাৰ পিন্ধি গুচি গ’লগে শোকস্তব্ধ এটা বছৰ | হজম কৰিব নোৱাৰিলোঁ যদিও ভাতৰ লগত অপছন্দৰ ভাজিখন বা আঞ্জাখন হ’লে যেনেকৈ ভাতগৰা মুখত ভৰাই পানী অলপ সৰহকে খাই ভাতখিনি গিলি থওঁ, তেনেকৈয়ে এই গোটেইবোৰ সমস্যাও গিলি থ’লো | এতিয়া নতুন বছৰত আমি ভৰি দিলোঁ, নাজানো কি আনিব এই বছৰটোৱে, তথাপিও সুখ আৰু শান্তিৰ আশা কৰাত কাৰো বাধা নাই | কিন্তু আহিব নে সুখ? প্ৰতিবাৰেই আশা কৰি কৰি দেখোন মুখ থেকেচাহে খাও ! তথাপিও আমি প’জিটিভ সদায়, সেইকাৰণেই চাগে’ আমি এতিয়াও জীয়াই আছো ! কিন্তু জীয়াই থকাটোৱেই জানো জীৱন? নাজানো, নতুন বছৰটোৱে কি আনিব। মই কিয়, কোনেও নাজানে | কিন্তু কিয় নাজানো? এনে লাগে যেন আমাক পংগু সজাই হাঁহি হাঁহি সমস্যাবোৰ বাঢ়িহে গৈ আছে…দিনে দিনে ! এই হজম কৰিব নোৱাৰা সমস্যাবোৰে আমাক এনেকৈ ভাবিবলৈ বাধ্য কৰায় ! ব্যৰ্থ প্ৰশাসন, ব্যৰ্থ চৰকাৰ, ব্যৰ্থ আমি প্ৰতিজন নাগৰিকে সমাজখনলৈ কি পৰিবৰ্তন আনিম? আনিম নে নানিম? আনিব পাৰিম নে? এনেকুৱা বহুত প্ৰশ্ন কিন্তু উত্তৰ নাই| যি কি নহওঁক, নতুন বছৰৰ প্ৰাকমুহূৰ্তত মনলৈ বিষাদৰ ভাব নানো দিয়ক, একতাৰ দোলডাল আমি কেতিয়াও নিছিগো বুলি আহক সকলোৱে মিলি শপত খাওঁ, কাৰণ একতা অবিহনে সমস্যাবোৰক আমি সদায়েই গিলি থাকিব লাগিব আৰু এদিনাখন আমি হৈ পৰিমগে এটা এটা নপুংশক !!!
শেষত সকলোলৈ ইংৰাজী নতুন বছৰৰ শুভকামনা যাঁচিলো, নতুন বছৰটোত সুখত সকলোৱে হাঁহিব নোৱাৰিলেও বা নাপালেও, দুখবোৰত যাতে সকলোৱে একলগে মিলি অলপ কান্দিব পাৰো তাৰেই আশা কৰো !

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!