প্ৰত্যয় — অংকিতা বৰুৱা

বলি দিবলৈ অনা পাৰযোৰাক খুদ চাউল কেইটামান খাবলৈ দি আয়ুস্মানে আলফুলে হাতখন ফুৰাই মৰম কৰিলে সিহঁতক। পৰম বিশ্বাসেৰে পাৰ দুটাই খুদ চাউলকেইটা খুটিয়াই থাকিল; যেন সিহঁতে বহু দিনৰ পৰা চিনি পাই এই মৰমৰ স্পৰ্শ!

আয়ুস্মানে ছুটী শেষ কৰি কৰ্তব্যলৈ উলটি যোৱাৰ আগত আজি তিনিবছৰ ধৰি প্ৰতিবাৰেই দেউতাকে এযোৰা পাৰ দুৰ্গামাৰ চৰণত বলি দি আহিছে। তাৰ কুশল প্ৰাৰ্থনাৰে! নিৰাপদে ল’ৰাটোৱে দেশক ৰক্ষা কৰাৰ কামনাৰে! আয়ুস্মানে যদিও এই নিয়ম মানি আহিছিল ইমানদিনে; তথাপি সি কোনোবাখিনিত আহত হয়। তাৰ ভালৰ বাবে কোনো নিষ্পাপ জীৱ এটাক শেষ কৰি দিয়াতো সি অন্তৰেৰে স্বীকাৰ কৰিব নোৱাৰে কোনোদিন!

দেৱীদুৰ্গাক অসীম ভক্তিৰে সেৱা জনাই এই পাৰযোৰাৰ জীৱন ঘূৰাই দিলেও সি ভালে থাকিব তাৰ বিশ্বাস!

সেই বিশ্বাসৰ ভেঁটিতে পাৰযোৰাক সি এটা বাহ সাজি দিলে। তাৰ সৰুকালৰ জলপান খোৱা বাতিতোত সিহঁতক পানী খোৱাৰ ব্যৱস্থা কৰি দিলে। খুদ চাউল অলপ যতনাই দিলে।

তাৰ বিশ্বাসবোৰ দৃঢ়ৰ পৰা দৃঢ়তৰ হ’ল!

এবাৰ আটাইলৈকে মূৰ তুলি চাই আয়ুস্মান যাবলৈ বুলি সাজু হ’ল। এনেকুৱা সময়বোৰত সি বৰ বেছিকৈ চকুত চকু থৈ কথা নাপাতে ঘৰখনৰ কাৰো লগতে। আগতে অকল মাকজনীক বুজাব লগা হৈছিল, এতিয়া অনুশীলাকো! দেউতাকে পুৰুষসুলভ গাম্ভীৰ্যৰে আৱেগক ঢাকিবলৈ শিকি ল’লে আজি তিনিবছৰে। কিন্তু মাক আজিও একেই থাকিল। যাবলৈ ওলোৱাৰ দুই তিনিদিন আগৰ পৰাই মাকক বুজাই সি কথাবোৰ; দেশৰ শান্তি ৰক্ষাৰ দায়িত্বত আন দহজন সৈনিকৰ দৰে সিয়ো আছে,

”এই দায়িত্ব সকলোৰে কপালত নাথাকে মা, তুমি গৌৰৱ কৰিব পাৰা তোমাৰ পুত্ৰ এই মহান দায়িত্বত নিয়োজিত!”

সকলো বুজিও যে অবুজ মাকৰ হৃদয়খন, সেয়া আয়ুস্মানে জানে!

এতিয়া তাৰ জীৱনলৈ অনুশীলা অহাৰ পাছত বুকুৰ কোনোবা খিনিত যেন তাৰো খোচ মাৰি ধৰে যাবৰ পৰত! চকুত চকু থৈ কথা পাতিব নোৱৰা হয় সিহঁতে। এবছৰ হল সিহঁতৰ যুগ্ম জীৱনৰ। এই এবছৰত সিহঁতে হয়তো তিনিমাহো একেলগে থাকিবলৈ পোৱা নাই! অনুশীলাৰ বুকুৰ হাহাঁকাৰ বোৰ তাই নকলেও সি বুজে।

বিয়াৰ আগতেই কথা হৈছিল সিহঁতৰ মাজত; আন স্বামী-স্ত্ৰীৰ দৰে সদায় ইজনে সিজনক কাষতে নাপায় সিহঁতে। বেছিভাগ সময় তাইৰ পৰা আঁতৰিয়েই থাকিব লাগিব আয়ুস্মান। যথেষ্ট ধৈৰ্য্য আৰু সাহসৰ প্ৰয়োজন হব তাৰ দৰে অনুশীলাৰো।

অনুশীলাই নিজক বুজাই। উজাই অহা কান্দোনটোক সোপা দি ধৰিবলৈ চেষ্ট কৰিও বিফল হয় তাই। টপটপকৈ চকুৰপানীবোৰ বৈ আহে দুগালেৰে ……!

দেউতাকৰ ওচৰত দোষ কৰি ধৰা পৰা সৰু লৰা এটাৰ দৰে কিছুপৰ তলমূৰ কৰি থিয় দি থাকি সি আকৌ কলে “ চিন্তা নকৰিবা দেউতা, মোৰ একো নহয়! মাথোঁ আশীৰ্বাদ কৰিবা যাতে মোৰ দায়িত্বত মই সফল হওঁ সদায়!”

সৈনিকৰ পিতৃ হোৱাৰ গৌৰৱৰে উদয়ন দত্তই এবাৰ সাৱটি ধৰিলে পুত্ৰক পৰম আৱেগেৰে!

আয়ুস্মান যায়গৈ!

পাৰ যোৰাই ধপাধপাই উৰি আহি পদূলি মূৰৰ শিলিখা জোপাতে পৰেহি …….!

সি পাছলৈ ঘূৰি নাচায় ………..!

সৈনিকৰ অন্তৰেও কান্দে; কিন্তু চকুত সেই চকুপানীয়ে ভীৰ কৰিব নোৱাৰে। এয়া যেন অঘোষিত নিৱমাৱলী। সৈনিকৰ জীৱনৰ প্ৰথম অলিখিত চৰ্ত্ত।

উদয়ন দত্তৰ ঘৰখন নিজম পৰে।

অনুশীলা ৰ অকলশৰীয়া সময়বোৰ নাযায় নুপুৱাই লাগে। বোৱাৰী ৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰি ৰৈ যোৱা সময়খিনিত তাই আয়ুস্মানৰ সৈতে কটোৱা প্ৰতিতো মুহূৰ্ত্তক সজীৱ কৰি ধৰি ৰাখে দিনলিপিৰ পাতত। দিনলিপিৰ পৃষ্ঠাবোৰ সিহঁতৰ মৰমৰ উমত চপচপীয়া হৈ পৰে। নিজেই লিখি নিজেই পঢ়ি চাই তাই। মাজে মাজে ইথাৰৰ মাজেৰে আয়ুস্মানক পঢ়ি শুনাই তাই লিখি ৰখা কথাবোৰ। সি আৱেগিক হয় …….

…… কিন্তু মুহূৰ্ত্ততে কঠোৰ কৰে নিজক। সৈনিক আৱেগিক হলে দেশৰ স্বাৰ্থত ব্যাঘাত জন্মে। সি সংযত হয়। কথা পাতি পাতি কোনোবা সময়ত অনুশীলা উচুপি উঠে। তাৰো মন যায় আৱেগবোৰক কৈ শেষ কৰিবলৈ। উথলি উঠা মৰমবোৰক শব্দৰে বুজাই কবলৈ তাৰ অনুশীলা জনীক, তাৰো মন যায়! কিন্তু আয়ুস্মানে নকয়। সি দুৰ্বল হৈ ধৰা দিলে তাই নিজক চম্ভালিব নোৱৰিব। সৈনিকৰ পত্নী ও সমানে সাহসী আৰু ধৈৰ্য্যশীলা হব লাগিব। ভীৰুতা, আৱেগ কোনোটোৱে সৈনিকৰ পত্নীৰ বাবে প্ৰযোজ্য নহয়!

তাৰ বুজনিত অনুশীলা ই নিজক পুনৰ নিৰ্মাণ কৰে; ধৈৰ্য্য আৰু সাহসৰ কচৰৎ কৰে প্ৰতিদিনে। আয়ুস্মানৰ তাইৰ প্ৰতি থকা মৰমক তাই সাহসলৈ ৰুপান্তৰ কৰে।

পাৰ যোৰাই ৰুণ দিলে তাই দেৱী মাক স্মৰণ কৰে; তাইৰ প্ৰানৰ পূজাৰীক কুশলে ৰাখিবলৈ দুৰ্গামাক অকুণ্ঠচিত্তে প্ৰাৰ্থনা কৰে। আয়ুস্মানৰ বিশ্বাসবোৰেই তাইৰ জীৱন জীয়াৰ আশ্বাস!

…… অনুশীলাৰ হঠাতে মূৰ ঘূৰাই, বমি হয়; একো খাবলৈ মন নোযোৱা হয় …….!

পাৰ যোৰাই ধপধপাই উৰি আহি তাইৰ কোলাতে আলফুলে সোমাই হি! একলা দুকলা কৈ বাঢ়ি অহা তাইৰ ভৰুন পেটতোত সিহঁতক সামৰি তাই এক অজান পুলক অনুভব কৰে!

মেজৰ আয়ুস্মানৰ কঠিন বৰ্ম অলপ হলেও শিথিল হয়। পিতৃত্বৰ অনুভৱে তাক উন্মনা কৰে! সি যেন সেই মুহূৰ্ততে তাৰ অনুশীলাজনীৰ কাষলৈ গুচি আহিব; মাতৃত্বৰ পথত আগবঢ়া তাৰ মৰমী পত্নীৰ সি আদৰ যত্ন কৰিব …..;

আয়ুস্মান নাহে। আহিব নোৱাৰে!

তাৰ সৈনিক সত্তাই মুহূৰ্ত্ততে তাৰ শিথিল হৈ পৰা কাঠিন্যক মেৰিয়াই ধৰে!

আয়ুস্মানে এৰি থৈ যোৱা তাৰ হেঁপাহৰ পাৰ যোৰাৰ খবৰ লয় সি। অনুশীলাই কৈ যায়; কিদৰে সিহঁতে তাৰ জলপান খোৱা বাতিতোত ঠোঁট দুটা জুবুৰিয়াই পানী খায়। কিদৰে সি যতনাই থৈ যোৱা খুদচাউলকেইটা তাই চটিয়াই দিলে সিহঁতে ধপধপাই উৰি আহি খাই পুনৰ ঘৰৰ মুধচত উঠি থাকে গৈ……

পাৰজনী ও ভৰুণ হয়, অনুশীলাৰ দৰে! আয়ুস্মানৰ বুকু ভৰি আহে …..!

স্বাভিমানী সময়; থমকি নৰয় কাহিনীও ……..!

অনুশীলাৰো বহু আকাংক্ষিত সময় কাষ চাপি আহে।

সীমান্তত আয়ুস্মান যুদ্ধলৈ সাজু হয়। লাডাখৰ পাংগং হ্ৰদৰ ওপৰত চীনা সৈন্যৰ অতৰ্কিত আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ ভাৰতীয় সেনাবাহিনীয়ে অতি বীৰতাৰে সমুখ-সমৰত নামি পৰে; তেনে সময়ত প্ৰত্যেকেই পাহৰি পেলাই নিজৰ ঘৰখন, প্ৰিয়জন অথবা নিজৰ অস্তিত্বক! এয়া যে মাতৃভূমিক শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰাৰ সময়! একো একোজন যুঁজাৰু সৈনিক কেৱল তেওঁলোক; তাৰ বাহিৰে বেলেগ একো পৰিচয়ে তেওঁলোকক বিহ্বল কৰিব নোৱাৰে সেই সময়ত!

উদয়ন দত্তৰ ঘৰখনৰ বতাহজাক অস্থিৰ হৈ পৰে।

টেলিভিচনৰ সন্মুখত ব্যাকুল হৈ বহি থাকে তেওঁ। কোনো সময়ত কোঠাটোত উদ্দেশ্যহীন ভাৱে পায়চাৰি কৰি ফুৰে। তেওঁৰ মনত বাৰে বাৰে এটা কথাই খুন্দিয়াই থাকে,
…… এইবাৰ দেৱীমাৰ সেৱাত বাধা আহিল; চলি থকা নীতি অমান্য কৰা হল। এতিয়া এই ভয়াবহ সময়ত দেৱী মায়ে ৰক্ষা কৰিবনে তেওঁৰ পুত্ৰক……..!

” হেৰি, একো বিঘিনি নঘটে চাগে, নহয়নে “ ……

মাক নিৰ্মলাৰ ভয়ত আতুৰ কণ্ঠই উদয়ন দত্তক ভিতৰৰ পৰা শিহৰিত কৰি তোলে!

“ ঈশ্বৰ সেৱাত ভুল কৰিছো যেতিয়া, যিকোনো হব পাৰে বুলি সাজু থাকিবই লাগিব আমি, নিৰ্মলা “…… তেওঁলোকৰ বিশ্বাসৰ ভেঁটিতো যেন থৰক-বৰক হয়!

অনুশীলাৰ উশাহবোৰ চুটি হৈ আহে এনেবোৰ কথাত। আয়ুস্মানৰ প্ৰতিতো সাহস আৰু প্ৰত্যয় ভৰা কথাই তাইক স্থিতপ্ৰজ্ঞ কৰি ৰাখিলেও ঘৰখনৰে দুজন বয়োজেষ্ঠ লোকৰ এনে হতাশাভৰা কথাই তাইক জোঁকাৰি যায়। আয়ুস্মানৰ বিশ্বাসত আস্থা ৰাখিয়েই তাই ইমান দিনে সাহসী হৈ আছে। আয়ুস্মানৰ কোনো বিপদ হব নোৱাৰে; তাইৰ বাবে সেয়াই সত্য।

“চীনা আৰু ভাৰতীয় সেনাৰ মাজত হোৱা প্ৰচণ্ড গুলীয়াগুলিত, ভাৰতীয় সেনাৰ কেইবাজনো সৈনিকক গুলিৰ আঘাতত সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে …….”
….. বাতৰিটোৰ পাছৰ অংশত কৈ থকা আঘাতপ্ৰাপ্ত সৈনিকসকলৰ নামৰ মাজত মেজৰ আয়ুস্মান দত্তৰ নামতো শুনা যেন লাগিল অনুশীলাৰ ….

উদভ্ৰান্তৰ দৰে তাই গোঁসাই থাপনাখনলৈ দৌৰি যায়! আঁচল পাতি হুকহুকাই কান্দি উঠে, মা দুৰ্গাক এবাৰ অনুচ্ছ স্বৰত স্মৰণ কৰি ঢলি পৰে অনুশীলা ——

পাৰযোৰা সজাঁটোৰ বাহিৰ নোলায় …..! অনুশীলাই পুৱাতে চটিয়াই থোৱা খুদচাউল কেইটাও তেনেদৰেই পৰি ৰয়!

অসীম ধৈৰ্য্যৰে উদয়ন দত্তই অনুশীলাক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে;

এপাহ গোলাপ ফুলৰ দৰে সুকোমল এটি গুলপীয়া পুতলা আহিছে অনুশীলাৰ কোলালৈ।

উদয়ন দত্তৰ বুকুখনত বুজাব নোৱৰা আৱেগে খুন্দিয়াইছে। বাৰে বাৰে ফোনটো পিটিকি চাই তেওঁ; কিবা খবৰ আহিছে নেকি আয়ুস্মানৰ! অচিন অজান এখন ঠাইত পৰি থকা অৰ্ধচেতন আয়ুস্মানৰ খবৰ লৈছে অনাত্মীয় লোকসকলৰ পৰা …..
তেওঁৰ বুকুৰ এচোৱাক বিন্ধি যায় এটা শোকে! মেচেজ বক্সত কিবা এটা আহিলেই খুলি চায়; একেই খবৰ
— ষ্টেটিক —-
—- ষ্টেটিক —-
—- ষ্টেটিক —–
আজি তিনিদিন হল আয়ুস্মানৰ পৰা একো সঁহাৰি নাই পোৱা চিকিৎসকে। মাথোঁ উশাহটো আছে; আয়ুস্মানৰ প্ৰিয়বন্ধু মেজৰ ৰাজৱীৰে পুত্ৰৰ প্ৰতিতো পলৰ খবৰ জনাই আছে তেওঁক,

হয়তো, দুৰ্গামাৰ চৰণত পাৰযোৰা বলি দিয়া হলে আজি এই অথন্তৰ নহ’লেহেঁতেন ….
….. উদয়ন দত্তৰ মনত একেটা কথাৰে খোকোজা লাগি থাকে।

কণমানিজনীক আদৰি ঘৰ সুমুৱাইছে। অনুশীলাৰ যেনেকুৱা লাগিব লাগিছিল, তেনে একো অনুভৱে চুব পৰা নাই তাইক। মাতৃত্বৰ আৱেগে তাইক ভৰাই তুলিলেও, তাইৰ প্ৰাণৰ পূজাৰীয়ে যে এতিয়াও একো গমেই নাপায়! আয়ুস্মান যে পিতৃ হৈছে এজনী পুতলাৰ, সেই খবৰে তাক এতিয়াও চুব পৰা নাই!

এখন অচিনাকি ঠাইৰ অনাত্মীয়লোকৰ তত্ত্বাবধানত আয়ুস্মানে জীৱন-মৃত্যুৰে যুঁজিঁ আছে। তাই কিদৰে সন্তানৰ সুখত অকলে সুখী হয়!

প্ৰতিতো মুহূৰ্ত্তৰ খবৰ যেন লৈ থাকিব তাই আয়ুস্মানৰ! দেউতাকক বাৰে বাৰে সুধিছে —-
” কি খবৰ আহিছে দেউতা? আয়ুস্মানৰ চেনচ্ আহিছেনে? কি কৈছে ডাক্টৰে? তেওঁৰ ভাল হবনে? আয়ুস্মানে মোক সদায় তেওঁৰ বিশ্বাসৰ ওপৰত আস্থা ৰাখিবলৈ কয় দেউতা! তেওঁ আলফুলে জীৱন ঘূৰাই দিয়া পাৰযোৰা তেওঁৰ বিশ্বাসৰ ভেঁটি বুলি কয়! দেৱীদুৰ্গাই তেওঁৰ কোনোদিন ক্ষতি নকৰে বুলি তেওঁৰ দৃঢ় বিশ্বাস দেউতা! আপুনি কি ভাবে, তেওঁ এই পুতলাজনীৰ কাষলৈ ঘূৰি আহিবনে? তেওঁলৈ খবৰ পঠিয়ালেনে তেওঁ যে পিতৃ হৈছে এজনী পুতলাৰ দেউতা?

অনুশীলাৰ হাজাৰ প্ৰশ্নই উদয়ন দত্তক অস্থিৰ কৰি তোলে —-
একো যে ভাল খবৰ অহা নাই এতিয়ালৈ আয়ুস্মানৰ! কোন সতে দিয়ে তেওঁ এই খবৰ তেওঁৰেই পুত্ৰবধুক!

“আয়ুস্মান লিচ্চেন; ইউ আৰ আ প্ৰাউড ফাডাৰ অফ এন এ’ঞ্জেল নাও; ৱেক-আপ ব্ৰেভ মেন!

মেজৰ ৰাজৱীৰে কাণে কাণে কলে অৰ্ধচেতন আয়ুস্মানক

তিনিদিন ধৰি একো সঁহাৰি নথকা আয়ুস্মানৰ কাৰ্ডিয়াক মনিটৰত সামান্য সালসলনি হ’ল৷
পাৰ চৰাইযোৰ তিনিদিনৰ পাছত সঁজাৰ পৰা ধপধপাই ওলাই আহি অনুশীলাৰ কোঠাৰ দুৱাৰমুখতে পৰিলহি!

One thought on “প্ৰত্যয় — অংকিতা বৰুৱা

  • November 23, 2020 at 8:29 am
    Permalink

    প্ৰান ভৰি পৰা সুন্দৰ শব্দৰ সমষ্টিত পুৰ্ণ হোৱা বাক্য বিলাকে সৃষ্টি কৰা এই মনোৰম আৰু অৰ্থবহ গল্পটো ইমানতেই শেষ নেকি যেতিয়া তিনিদিনৰ পাছত বাহৰ পৰা ঢপঢপাই পাৰদুটা উৰি আহি পৰিছিলহি ?
    বহুত সুন্দৰ প্ৰকাশভংগী ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!