প্ৰথম গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ : সাধুবাদ – মৃণাল কুমাৰ মিশ্ৰ

যোৱা ২৮ অক্টোবৰ, ২০১৭ৰ পৰা আৰম্ভ হোৱা প্ৰথম গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ২ নভেম্বৰত সামৰণি পৰে৷ প্ৰথমবাৰৰ বাবে এনেধৰণৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সোৱাদ গুৱাহাটীবাসী তথা অসমবাসীয়ে এইবাৰ পালে৷ ইয়াৰ বাবে আয়োজকসকল প্ৰধানকৈ “জ্যোতি চিত্ৰবন” আৰু “ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান”ৰ লগতে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগ নিশ্চয়কৈ ধন্যবাদৰ পাত্ৰ৷ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ তিনিওটা প্ৰেক্ষাগৃহ আৰু জ্যোতি চিত্ৰবনৰ “ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত” দিনে চাৰিখনকৈ মুঠ ৭৮খন বোলছবি মহোৎসৱৰ আটাইকেইদিনতেই প্ৰদৰ্শন কৰা হয়৷ পৃথিৱীৰ বিভিন্ন ভাষাৰ লগতে ভাৰতৰো বেলেগ বেলেগ ভাষাৰ শ্ৰেষ্ঠ ছবিসমূহ একত্ৰিত ভাবে গুৱাহাটীতে বহি উপভোগ কৰিব পৰাটো  চিনেমা ৰসিক সকলৰ বাবে এয়া সচাকৈয়ে এক সূৱৰ্ণ সুযোগ আছিল৷ দৈনন্দিন ব্যস্ততাৰ মাজতো আমাৰ দৰে সাধাৰণ দৰ্শকেও কেবাখনো কলাত্মক তথা পুৰস্কাৰপ্ৰাপ্ত কথাছবি উপভোগ কৰিব পাৰি অলপ হ’লেও চিনেমা জগতৰ জ্ঞান ভাণ্ডাৰৰ পৰিধি বহলাব পাৰিছো – সঁচাই আনন্দৰ কথায়ে দিয়কছোন৷ এই ক্ষেত্ৰত মই উপভোগ কৰা চলচ্চিত্ৰ কেইখনৰ বিষয়ে একাদিক্ৰমে বহলাই আলোচনা কৰাৰ ইচ্ছা আছে আৰু লিখিম বুলি ভাবি থৈছো৷

ভাৰতৰ আন আন ঠাইত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সমপৰ্য্যায়ৰ নহ’ব পাৰে, কিন্তু সম্পূৰ্ণ যোগাত্মক দৃষ্টিভঙ্গীৰে আৰম্ভ কৰা প্ৰথম গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ১০০% নহ’লেও পূৰাদমে সফল হোৱা বুলি ক’ব পাৰি৷ প্ৰকৃত চিনেমাপ্ৰেমী দৰ্শকৰ বাবে এটা পৰিৱেশৰ আৰম্ভণি হ’ল এই মহোৎসৱৰ জৰিয়তে৷ আয়োজক সকলৰ নিজৰ ভাষাতেই এয়া এক বৃহৎ সাফল্য – দুই হেজাৰ দৰ্শক প্ৰতিনিধি হ’ব বুলি ভবা এই মহোৎসৱত প্ৰায় পাঁচ হেজাৰ দৰ্শক প্ৰতিনিধিৰে ভৰি পৰিল উৎসৱৰ প্ৰতিটো দিন৷ এইটো নিশ্চয় আশাৰ বতৰা৷ দেশ-বিদেশৰ চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক সকলৰ গুৱাহাটীলৈ আগমন আৰু তেওঁলোকৰ গুৱাহাটী তথা অসমৰ ওপৰত নিজস্ব অনুভৱে ভৱিষ্যতে অসমৰ চিনেমা শিল্পৰ লগত জড়িত ক্ষেত্ৰখনত আৰু এক ধনাত্মক পৰিৱেশৰ সৃষ্টি কৰাৰ থল নিশ্চয় আছে৷ কেৰালাৰ প্ৰসিদ্ধ চিত্ৰ পৰিচালক তথা সংস্কৃত ভাষাৰ প্ৰথমখন সামাজিক চিনেমা “ইষ্টি“ নিৰ্মাতা ডঃ প্ৰভা গোপালা পিল্লাৰ মন্তব্য এই ক্ষেত্ৰত প্ৰণিধানযোগ্য৷ তেখেতে অসমৰ সৌন্দৰ্য্যত মোহিত হৈ কালিদাসৰ অমৰ কাব্য ’মেঘদূতৰ’ চিত্ৰৰূপ অসমৰ পৰিৱেশত নিৰ্মাণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে৷

এই চেগতে মই অসমৰ সুযোগ্য সন্তান, সংস্কৃত ভাষাত নিৰালস্য ভাবে গীত আৰু সাহিত্যৰ ক্ষেত্ৰখনত অৱদান যোগাই অহা ৰঞ্জন বেজবৰুৱাদেৱৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ৷ অসম চৰকাৰৰ সদিচ্ছাও এই ক্ষেত্ৰত কাম্য৷ “মেঘদূতৰ“ চলচ্চিত্ৰৰূপ অসম আৰু কেৰালাৰ যৌথ সহযোগত, অসমৰ অতুলনীয় সৌন্দৰ্য্যৰ মাজত দৃশ্য গ্ৰহণ হওক – মই আন্তৰিকতাৰে কামনা কৰোঁ৷

সদৌ শেষত এই মহোৎসৱৰ সফল সমাপ্তিৰ বাবে মই আহ্বায়ক তথা পৰিচালনা সমিতিৰ সমূহ সদস্যলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে মূল অনুষ্ঠান দুটা, – জ্যোতি চিত্ৰবন আৰু ’ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান’লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু তেওঁলোকৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ৷

অসমত এনেকুৱা উন্নত মানদণ্ডৰ চলচ্চিত্ৰ মহোৎসৱ প্ৰতিবছৰে অনুষ্ঠিত হওক তাৰেই কামনা কৰিলো
■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!