প্ৰশ্নকাকত ফাদিল –দেৱাশীষ গগৈ

ভাৰতবৰ্ষত ৪৫ বছৰৰ অনূৰ্ধ্বৰ খুব কম সংখ্যক ব্যক্তিহে ওলাব যি 3 idiots চিনেমাখন চোৱা নাই, বহু লোকৰে এইখন প্ৰিয় চিনেমা। চিনেমা খনত এটি দৃশ্য আছে। ভীৰু সহস্ৰবু্দ্ধে ( ভাইৰাছ) ৰাজু ৰসটোগীৰ কৰ্ম কাণ্ডত অতিষ্ঠ হৈ পৰীক্ষাৰ প্ৰশ্ন কাকত নিজে অতি কঠিনভাৱে তৈয়াৰ কৰে যাতে ৰাজু কোনোপধ্যে উত্তীৰ্ণ হ’ব নোৱাৰে, এই কথা ৰঞ্চোদাস শমলদাস চাঞ্চাদ আৰু ফাৰহান কুৰেশ্বিয়ে গম পাই প্ৰিন্সিপালৰ কক্ষৰ পৰা প্ৰশ্ন কাকতৰ নকল এখন চুৰ কৰি আনি ৰাজুক দিয়েহি। বন্ধু দুজনে ভাৱিছিল যে দহটা আঙুলিত আঠটা আঙুঠি পিন্ধা, দিনে ৰাতিয়েই ভগৱানক পৰীক্ষাত যেনে তেনে পাছ কৰি দিবলৈ প্ৰাৰ্থনা কৰি থকা ৰাজুয়ে প্ৰশ্ন কাকতখন পাই সুখী হব। কিন্তু প্ৰশ্নকাকতখন পাই চিনেমাখনত ৰাজুৰ যি প্ৰতিক্ৰিয়া দেখুওৱা হৈছে সেইয়া অতি প্ৰশংসনীয়। ৰাজুয়ে কৈছে “ অদ্ভুত বন্ধু পাইছোঁ মই, প্ৰথমে শিৰ উচ্চ কৰি জীয়াই থাকিবলৈ শিকাবা, পাছত শিৰনত কৰি থকাৰ কাম কৰাবা, নহ’ব বন্ধু, পাছ কৰিলে নিজৰ দমত কৰিম, নহ’লে ফেইল কৰিলেও কৰিম।”

যোৱা দুমাহমানৰ পৰা ৰাস্তাত আৰু খেল পথাৰসমূহত আবেলি সময়ত বহু যুৱক-যুৱতীয়ে দৌৰি থকা সকলোৱে দেখি আছে। যুৱক-যুৱতী সকলৰ এটাই লক্ষ্য- পুলিচ বিভাগত যোগদান কৰিব। এটাই আশা, নিকা চৰকাৰ বুলি দাবী কৰি থকা চৰকাৰখনে যোগ্যজনক বাছনি কৰিব। পিছে তেনে নহ’ল। আকৌ প্ৰশ্ন কাকত ফাদিল হ’ল, যোগ্য দুখীয়াজনৰ আশা আকৌ ভংগ হ’ল, নিজৰ সন্তানৰ যোগ্যতাৰ ওপৰত বিশ্বাস নথকা এচাম ধনী ব্যক্তিয়ে আকৌ টকা দি সন্তানৰ বাবে প্ৰশ্ন কাকত কিনি দিলে। ( বেকাৰ এজনে লাখ টকা দি প্ৰশ্ন কাকত কিনিব নোৱাৰে) ৰাজ্যখনত এই ধৰণৰ চৰকাৰী চাকৰি কেইটাৰ বাদেও বছৰটোত IBPS, SSC, NET, SLET, TET এইবোৰ পৰীক্ষা অনুষ্ঠিত হৈ থাকে, এইবোৰ পৰীক্ষাত যিসকল গাৰ্ড থাকে তেওঁলোকো অসমৰে। কিন্তু এইবোৰ পৰীক্ষাৰ কোনো প্ৰশ্ন কাকত ফাদিল নহয়, গতিকে পৰীক্ষা কেন্দ্ৰত থকা আয়োজকসকলক কোনেও এই ক্ষেত্ৰত একো দোষ দিব নোৱাৰে। পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলে ভালদৰে জানে যে এই সমূহ পৰীক্ষাৰ নিৰ্বাচন প্ৰক্ৰিয়াটো অতি নিকা আৰু স্বচ্ছ। সেইহে অকৰ্মণ্য সন্তানৰ বাবে তেওঁলোকে অযথা পইচা খৰচ কৰিব নিবিচাৰে। কেন্দ্ৰীয় চৰকাৰৰ চাকৰিসমূহ বাদ দি থাকেগৈ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ ( শিক্ষা বাদ দি) পদসমূহ। সেইকেইটাই হৈ পৰে এনে অভিভাৱকৰ প্ৰধান লক্ষ্য। টকা দি ল’ৰা-ছোৱালীক কেনেবাকৈ মাথোঁঁ চাকৰি এটা কিনি দিব লাগে- এনে মনোভাব থকা ব্যক্তি সমাজত থকাৰ কাৰণে এনে বিভাগসমূহৰ চাকৰিৰ বিজ্ঞাপনৰ লগতে আবিৰ্ভাৱ হয় দালালসকলৰ, যিসকলে নিজকে মোমাই- দদাইসকলৰ ‘খাছ মানুহ’ বুলি চিনাকি দি টকা উঠোৱাত লাগি যায়। টকা ল’লেইটো নহ’ব, চাকৰি পোৱাই দিব লাগিব। বচ্‌ আৰম্ভ হৈ যায় প্ৰশ্ন কাকত ফাদিল কৰাৰ খেল, একদম Inside edge ৰ Match-fixing ধৰণৰ এখন খেল চলে। টকাৰ লেনদেন, চাকৰিৰ দৰ দাম, প্ৰশ্ন কাকত ফাদিল এইবোৰৰ প্ৰত্যক্ষ প্ৰভাৱ পৰেগৈ যোগ্য পৰীক্ষাৰ্থীসকলৰ ওপৰত। তেওঁলোকে এবছৰ দুবছৰৰ পৰা কৰি থকা প্ৰস্তুতিত চেঁচা পানী পৰে। চৰকাৰ এখন পাঁচ বছৰৰ বাবে আহে, আপুনি ভাল নাপালে পাঁচ বছৰৰ পাছত চৰকাৰ ওফৰাই দিব পাৰে। কিন্তু প্ৰশাসনযন্ত্ৰটো স্থায়ী, ইয়াত এবাৰ এজন অযোগ্য ব্যক্তি সোমাই পৰিলে কমেও ২২-৩৫ বছৰ এই যন্ত্ৰটোৰ লগত জড়িত হৈ থাকে, এইদৰে টকা দি যদি গোটেই অকামিলা সোপা প্ৰশাসনত সোমাই লয় তেতিয়া প্ৰশাসনখন অচল হৈ পৰে। ঘোচ, অনিয়ম বেছি হবলৈ ধৰে। IBPS ত উত্তীৰ্ণ হৈ বেংকত যোগদান কৰাৰ পাছত গাঁৱৰ এজন ককাই আমাক সুধিছিল “বোপা, কিমান টকা গ’ল চাকৰিত, ৬-৭ লাখ মান গ’ল চাগৈ?“ মই বোলোঁ, -ককা, ৭০০ টকা গ’ল, ৬০০ টকা ফৰ্ম ফিল আপ, ১০০ টকা ফটোষ্টেট আৰু ইণ্টাৰনেট চাৰ্জ৷ তেখেতে বোলে, “আও, ইমান কমতে আজিকালিও চাকৰি পায়নে, এই নৰেনৰ পুতেকে এনেই কৈ থাকে তেতিয়া হ’লে ৬-৭ লাখ লাগে বুলি“ এই যে ঋণাত্মক পৰিৱেশটো, তাক নাশ কৰিবৰ হ’ল। মুঠৰ ওপৰত এখন স্বচ্ছ সমাজৰ কাৰণে প্ৰত্যেকটো বিভাগতে নিযুক্তি প্ৰক্ৰিয়াটো স্বচ্ছ হ’বই লাগিব। কেৱল যোগ্যজনেহে চাকৰি পাব লাগিব। যোগ্যজনে চাকৰি পালেহে চাকৰিটোৰ মূল্য বুজি পাব। নিজৰ দায়িত্বৰ কথা বুজিব। মাক দেউতাকে দালাল লগাই চাকৰি কিনি দিয়াজনে এইবোৰ নুবুজে।

PSC য়ে এইবাৰ পৰ্টেল এটা খুলিছে। এবাৰ ইয়াত ৰেজিষ্টাৰ কৰাৰ পাছত পৰবৰ্তী পৰ্যায়ত যিমান চাকৰি ওলায়, সেই একে ID ৰ পৰাই apply কৰিব পাৰিব। ভাল কথা। পৰিলে এই ID ত আধাৰ কাৰ্ড লিংক কৰাৰ ব্যৱস্থা কৰক, আৰু যিয়েই এবাৰ পাছ দুৱাৰেদি চাকৰি কিনিবলৈ যায়, তেনে পৰীক্ষাৰ্থীক এই পৰ্টেলত blacklisted কৰক। ইয়াতকৈ ভাল আন এক উপায় আছে। সেইটো হল 3idiots ৰ ৰাজু দৰে হোৱাটো। মাক দেউতাকে পুত্ৰমোহত ৰঞ্চু আৰু ফাৰহানে কৰাৰ নিচিনা কাম কৰিব পাৰে, কিন্তু যেতিয়া পুত্ৰই ৰাজুৰ দৰে নিজৰ শিৰ উচ্চ কৰি জীয়াই থকাৰ সিদ্ধান্ত লয়, তেতিয়া মাক দেউতাকৰও এই অপচেষ্টাবোৰ অথলে যাব। সমাজত মোমাই -দদাইৰ লগত সম্পৰ্ক ভাল বুলি কৈ থকা দালাল এচাম নাইকিয়া হব। গ্ৰাহকেই যদি নাথাকে, বেপাৰীয়ে কি কৰিব? গতিকে আহক আমি এনে এক সমাজ গঢ়ি উঠাত সকলোৱে উঠিপৰি লাগো যত অন্ততঃ পৰীক্ষাৰ পেপাৰৰ কোনো গ্ৰাহকেই নাথাকে, যদি এনেকুৱা এটা পৰিবেশ সৃষ্টি কৰিব নোৱাৰোঁ, তেন্তে পেপাৰ ‘লিক’ হৈয়েই থাকিব, পেটুৱা পুলিচ ওলায়েই থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!