প্ৰসংগ- ভাষাৰ বিলুপ্তি আৰু “হিংলিছমীয়া” : অসমীয়া ভাষালৈ অশনি সংকেত ?

-পঙ্কজ বৰা

পৰিৱৰ্তন আৰু গতিশীলতকা কোনেও নুই কৰিব নোৱাৰে ৷ কথোপকথনৰ মাজত প্ৰয়োজনবশতঃ আন ভাষাৰ শব্দৰ ব্যৱহাৰ কেতিয়াও অবাঞ্চনীয় নহয় ৷ কিন্তু সেই বুলি জনা বুজা লোকে অসমীয়া ভাষাটোক বাৰেভচহু “হিংলিছমীয়া” (হিন্দী + ইংলিছ+ অচমীয়া) ৰূপ হ’বলৈ কেনেকৈ এৰি দিব পাৰে ? আমাৰ নিজৰ মানুহেই যদি নতুন সময়ৰ দোহাই দি এনে কৰে বা এনে কামক সমৰ্থন কৰে, সাধাৰণ জনতাই কি কৰিব ? ত্ৰাহি মধুসূদন !

ভাষাৰ স্বকীয় মান্য চিনাকি বুলি এটা বস্তু আছে ৷ এই ধৰণৰ খিছিৰি ভাষাৰ কথনশৈলীৰ বাবেই অসমীয়াক বাংলা বা উড়িয়া ভাষাৰ অপভ্ৰংশ বুলি ভাৱি থকা বা প্ৰচাৰ চলাই থকা সকলে আৰু সুবিধা পায় ৷ আজিও অসমীয়া ভাষাটোক স্বকীয় এটা ভাষা বুলি জনা বুজা লোক বিদেশত বাদেই ভাৰততো অতি কম ৷ অসমৰ বাহিৰলৈ ওলাই অহা সকলোৱে এই কথা কোঁহে কোঁহে উপলব্ধি কৰে যেতিয়া তেওঁলোকৰ কথন ভংগী দেখি বাহিৰৰ মানুহে সোধে “Are you from Bengal / Orissa? “। এনে কমেই উদাহৰণ থাকিব যেতিয়া অসমীয়া মানুহক প্ৰথম লগ পাই কোনোবাই সুধিব “Are you from Assam ? “

গণমাধ্যম সমূহৰ নতুন প্ৰজন্মৰ ওপৰত প্ৰভাব বহু বেছি ৷ অসমীয়া ভাষাটোৰ বাৰেভচহু “হিংলিছমীয়া” ৰূপটোৰ বহুল প্ৰচাৰ হৈ থাকিলে মান্য অসমীয়া ভাষা কাগজে পত্ৰই হে থাকিব ৷ বিৱতৰ্নীয় ইতিহাসে আমাক তাকেই কয় ৷ বৈজ্ঞানিক গৱেষণাই ঠাৱৰ কৰিছে যে ২০৫০ বছৰৰ ভিতৰত বৰ্তমানে প্ৰচলিত ৭০০০ ভাষাৰ ৯০% ভাষাই লুপ্ত হৈ যাব ৷ তুলনামূলক ভাৱে কম লোকে ব্যৱহাৰ কৰা পৃথিৱীৰ কিছুমান ভাষাৰ প্ৰতি ই অতি ভয়াবহ অশনি সংকেত বহন কৰিছে ৷ জোৰ পুৰি হাত পোৱাৰ আগতে অসমীয়া ৰাইজে ককাঁলত টঙালি বান্ধি লোৱা ভাল ৷ এটা ভাষাৰ বিলুপ্তি মানে কেৱল ভাষাটোৱেই শেষ হৈ নেযায়, তাৰ লগত বহুতো আনুসংগিক প্ৰসংগ জডিত থাকে৷ “National Geographic Society” ৰ তথ্য অনুসৰি পৃথিৱীত প্ৰতি ১৪ দিনত একোটাকৈ ভাষাৰ অৱলুপ্তি ঘটে ৷ এই অধ্যয়ন অনুসৰি পৃথিৱীৰ ৬২.৭% ভাষা বিপদমুক্ত, ৯.৬% বিপন্ন, ৯.৪% বিলুপ্তপ্ৰায়, ১৫.৫% অতিশয় বিলুপ্তপ্ৰায় আৰু ৩.৭% ইতিমধ্যে বিলুপ্ত ৷ বিপন্ন ভাষা সমূহৰ বিস্তৃতি থকা অঞ্চল সমূহ হ’ল চীন, ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইণ্ডোনেছিয়া, ব্ৰাজিল, মেক্সিকো, ৰাছিয়া, অষ্ট্ৰেলিয়া, পাপুৱা নিউ গিনি, আৰু কানাডা ৷ আমেৰিকাৰ দৰে শক্তিশালী দেশতেই ১৯৫০ চনৰ পৰা ৫৩ টা ভাষা বিলুপ্ত হৈছে ৷ ভাৰতবৰ্ষৰ ভিতৰত উত্তৰ-পূৱ আৰু আন্দামান নিকোবৰ দ্বীপ-পুঞ্জৰ জনগোষ্ঠীয় ভাষা , উপ ভাষা সমূহ অতি স্পৰ্শকাতৰ ৷

ভাষাৰ বিলুপ্তিৰ বহুতো কাৰণ আছে যদিও প্ৰধান কেইটামান কাৰণ হ’ল –

১) বিশ্বায়ন আৰু মুক্ত অৰ্থনীতিয়ে পৃথিৱীখন সৰু কৰি পেলোৱাৰ ফলত বহু সমাজ, ৰাজ্য বা ৰাষ্ট্ৰৰ নিয়ম নীতি উমৈহতীয়া হৈ পৰিছে ৷ এনে ধৰণৰ উমৈহতীয়া নীতি নিৰ্দ্ধাৰনৰ সময়ত শক্তিশালী গোটটোৰ প্ৰাধান্য থাকে, আৰু অলপ নিশকতীয়া গোটটোৰ প্ৰাধান্য ক্ৰমান্বয়ে কমি যায় ৷ ভাষাৰ ওপৰতো ইয়াৰ কুপ্ৰভাৱ পৰে ৷

২) আগ্ৰাসী সংস্কৃতিৰ ৰাজনৈতিক অভ্যুত্থানৰ ফলত অলপ নিশকতীয়া ভাষা সমূহৰ প্ৰাধান্য ক্ৰমান্বয়ে কমি যায় ৷ ১৯৪৭ চনত ভাৰত-পাকিস্তান বিভাজনৰ সময়ত পাকিস্তান চৰকাৰে উৰ্দু ভাষাক ৰাষ্ট্ৰ ভাষাৰ মান্যতা দিবলৈ লওঁতে আজিৰ বাংলাদেশ বা পুৱ-পাকিস্তানৰ নাগৰিক সকলে বাংলা ভাষাক লৈ সংগ্ৰাম কৰিছিল ৷

৩) কেইবা পুৰুষ ধৰি আন ভাষাৰ চৰ্চাক অগ্ৰাধিকাৰ দিওঁতে দিওঁতে নিজৰ ভাষাৰ স্বকীয়তা লোপ পাই বিলুপ্তিৰ দিশে গতি কৰে ৷ উদাহৰণ স্বৰূপে ইজিপ্তিয়ান স্বকীয় ভাষাটো বিলুপ্ত হৈ আৰৱী ভাষাই তাৰ স্থান দখল কৰিছে ৷

৪) ভাষাৰ বিৱৰ্তন,পুৰণা ৰূপৰ পৰা নতুন ৰূপলৈ বিৱৰ্তন হৈ পুৰণা ৰূপটো বিলুপ্ত হয় ৷ উদাহৰণ পুৰণা ইংৰাজী ৷

৫) বহুক্ষেত্ৰতেই ৰাজনৈতিক ভাৱে উদ্দেশ্য প্ৰণোদিত আৰু বহুজাতিক প্ৰতিষ্ঠান সমূহৰ আশীষধন্য প্ৰচাৰ মাধ্যম, বিজ্ঞাপন, ইন্টাৰনেট আদিৰ অশুভ দপদপনিত হোৱা সাংস্কৃতিক ঔপনিৱশকতাবাদেও (cultural colonialism) ভাষাৰ স্বকীয়তা বিনষ্ট কৰি কৰাল গ্ৰাসলৈ ঠেলি দিয়াত অৰিহণা যোগাইছে

এই সন্দৰ্ভত বহু গৱেষণাসমৃদ্ধ তথ্য উপলব্ধ যদিও প্ৰাৰম্ভিক থূলমূল আভাসৰ বাবে অনুসন্ধিৎসু পাঠকে তলৰ লিংক কেইটা খুচৰি চাব পাৰে-

http://en.wikipedia.org/wiki/Language_death
http://www.sciencedaily.com/releases/2007/02/070218140348.htm
http://en.wikipedia.org/wiki/Extinct_language
http://www.independent.co.uk/news/world/politics/the-languages-of-extinction-the-worlds-endangered-tongue​s-402824.html
http://www.youthwavebd.com/extinction-of-languages-and-its-reasons/

(*বিভিন্ন উৎসৰ সহায় লোৱা হৈছে)

Don`t copy text!