প্ৰসংগ: মৰিগাঁৱৰ মেলা

কস্তুৰিকা বৰা


মৰিগাঁওত প্ৰতি বছৰে বহাগ মাহৰ ৪ তাৰিখৰ পৰা জেঠ মাহৰ ৯ তাৰিখৰ লৈকে এখনি মেলা অনুষ্ঠিত হয়, যাক বিভিন্ন নামেৰে জনা যায়।  কোৱা যায় যে বিহুত কৈও ই অতি জনপ্ৰিয় মানুহৰ মাজত।

 

আমাৰ গাঁৱত মেলা আৰম্ভণি হৈছিল ১৭০০ শতিকাৰ পৰাই তেতিয়াৰ দন্দুৱা ৰাজ্যৰ ৰজা বহুধৰ কোঁৱৰৰ দিনত শ্ৰী শ্ৰীৰাম আতা দেৱে বৰঙাবাৰীত যেতিয়া সত্ৰ পাতিছিল তেতিয়াৰ পৰাই বহাগ মাহৰ ৪ তাৰিখে এই গোসাঁই উলিওৱা মেলা অনুষ্ঠিত হৈ আহিছে । আগতে ইয়াত জিলা খনৰ বিভিন্ন ঠাইৰ পৰা ১২ জন গোসাঁই মূৰ্ত্তি আহিছিল যদিও সেই মেলা এতিয়া ঠাইয়ে ঠাইয়ে পাতে । এতিয়া মৰিগাঁওত এই মেলা ২ মাহ ধৰি চলে ।

ঠাই অনুসৰি মেলা তিনি ধৰণৰ:

১) বৰঙাবাৰী মেলা অৰ্থাৎ গোসাঁই মেলা

২) কোমোৰাগুৰি মেলা।

৩) এখৰাহি মেলা

 

বৰঙাবাৰী মেলা (গোসাঁই মেলা) আৰু কোমোৰাগুৰি মেলা আগতে একে আছিল কিন্তু পাচত খেলখন দুটা ভাগত বিভক্ত হৈ যায়। কোমোৰাগুৰি মেলা কোমোৰাগুৰি নামৰ গাঁওখনত পাতে, যি বৰঙাবাৰীৰ পৰা উত্তৰ দিশে পৰে। এখৰাহি মেলা বৰঙাবাৰী গাঁৱৰ সবাতোকৈ ডাঙৰ মেলা বুলি জনা যায়। ১৯৫০ চনৰ ভূমিকম্পৰ ফলত হোৱা বানপানীত মাছবোৰ বোৱাই লৈ আহিছিল য’ত মানুহে খৰাহি ভৰাই মাছ ধৰিছিল। সেই জেগাখিনিতেই এই মেলাখন পাতে আৰু ইয়াৰ নামটো এখৰাহি মেলা ৰাখে।

 

এই তিনিখন মেলাৰ বাহিৰেও মৰিগাঁৱৰ ভিতৰত সবাতোকৈ ডাঙৰ মেলাখন হ’ল বাঙিয়া মেলা। দলৈচোবা গাঁৱত এই মেলা খন পতা হয়। এই মেলাত বাহিৰৰ পৰা বহুত মানুহ আহে।

 

আজিৰ পৰা প্ৰায় ২৫০ বছৰৰ আগত মৰিগাঁও জিলাৰ দলৈচুবা গাঁৱৰ শ্ৰী শ্ৰী সুন্তী আতা দেৱৰ সহযোগত বাঙিয়া মেলাই গা কৰি উঠে। প্ৰথমতে কুৰকতা মেলা নামেৰেহে ই পৰিচিত আছিল। এতিয়া ইয়াক বাঙিয়া মেলা নামেৰেই সকলোতে জানে, কুৰকতা নামটো খুব কম লোকে জানে। প্ৰথম এই মেলাখন দলৈচুবা গাঁৱৰ বিষয়াবৰী নামৰ ঠাই টুকুৰাত হৈছিল যদিও পাছলৈ ইয়াক মুকলি পথাৰত পাতিবলৈ লয়! এই মেলাখন জেঠৰ ৯ তাৰিখে হয়। এই মেলাত ৩ জন গোসাঁই উলিওৱা হয় আৰু তেওঁলোকক লগত লৈ নাম-কীৰ্তন কৰ। বাঙিয়া মেলা  গোটেই মৰিগাঁও ভিতৰত ডাঙৰ মেলা। এই মেলাখনত প্ৰতি বছৰে ২৫,০০০ পৰা ৩০,০০০ মানুহ হয়। এই মেলাত গাঁৱৰ সকলো লোকে সহায়-সহযোগিতা কৰে! এই মেলাখনত বহুত বেছি পৰিমাণৰ বাঙি ওলায় বাবে এই মেলা খনৰ নাম বাঙিয়া মেলা হয়।

বাঙিয়া মেলাৰ আন এক আচৰিত কথা হ’ল যে সেইদিনা অগণন তামুলী পোক ওলায় আৰু এই তামুলী পোকৰ কামোৰৰ সোৱাদ খাওঁতা জনেহে বুজে !

…….

 

মনোজ মনঃ নজনা কথা জানিলো, ধন্যবাদ জনোৱাৰ বাবে |

মলয়া চৌধুৰীঃ বিহুটোতকৈ মেলাখনে অধিক গুৰুত্ব পায় ৷ মই জনাত বহাগ বিহুৰ পিচৰ ৰবিবাৰটোৰ পৰা মেলাৰ আৰম্ভণি হয় ৷ ৰহাৰ টোপাকুছিত প্ৰথম হয় ৷ প্ৰত্যেক ঠাইতে নিৰ্দিষ্ট তাৰিখমতে হয় ৷ খুব উপযোগী প’ষ্ট এটা আগবঢ়ালে ৷ প্ৰশংসনীয়

অনুপম শৰ্মাঃ খুব সুন্দৰ তথ্য দিলা বন্ধু। এই বিষয়ে তোমাৰ পৰা আৰু তথ্য+উৎস পাম বুলি আশা ৰাখিলো। অসমীয়া ৱিকি টো লিখি ৰাখিব পৰা যায়। মন কৰিবাচোন সময় পালে।

গৌতম পম্পী বৰাঃ এই গোঁসাই ফুৰোঁৱা উত্‍সৱৰ তথ্য বিচাৰি দহবছৰ আগেয়ে ৰহা টোপাকুচিৰ বৰদলৈ বুলি এজন গুনী ব্যক্তিৰ ওচৰলৈ গৈছিলো । তেখেতৰ ভাল নামটো পাঁহৰিলো । যদিও বহু কেইজন ৰজাৰ তত্বাৱধানত হোৱা এই উত্‍সৱৰ অধিক তথ্য গোটাব নোৱাৰিলো । আপোনাৰ পৰা আৰু তথ্য পোৱাৰ আশা কৰিলো।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!