|| প্ৰহ্লাদ চৰিত্ৰ ||

অসমীয়াত কথা-বতৰাৰ সদস্য নিতুল বৰাই হেম স্বৰস্বতী বিৰচিত ‘প্ৰহ্লাদ চৰিত্ৰ’খনি ইউনিক’ডলৈ ৰূপান্তৰণ কৰি অসমীয়া ৱিকী-ছৰ্ছৰ ভড়াল চহকী কৰাৰ লগতে সাহিত্য ডট্ অৰ্গৰ যোগেদি নাটখন বিশ্ববাসীলৈ বিনামূলীয়াকৈ উপলব্ধ কৰিবলৈ আমাক অনুমতি দিয়ে৷ সাহিত্য ডট্ অৰ্গৰ তৰফৰ পৰা তেখেতলৈ অশেষ ধন্যবাদ!


শ্ৰীকৃষ্ণয়ে নমোঃ

পদ।

জয় নমো নাৰায়ন বৈকুণ্ঠৰ পতি।
তোমাৰ চৰনে লৈলো সৰন সম্প্ৰতি।।
বামন পুৰান ইতো প্ৰহাদ চৰিত্ৰ।
হেম সৰস্বতি বিৰচিলা ইতো কৃত্য।।
এক দিনা দেৱগনে চিন্তিলা উপাই।।
কেন মতে দুৰাচাৰ দৈত্য বধা জাই।।
সৱে দেৱ চলি গৈলা বিষ্ণোৰ সভাক।
আদসিয়োঁ প্ৰভুদেৱ ৰাষিওঁ আমাক।।
হিন্য দৈত্যৰ পাষে খাটে সবে দেৱ।
তুমি বিনে ৰৈক্ষাকৰ্ত্তা আন নাহি কেৱ।।
সুনি নাৰায়নে দিলা দেৱক উপাই।
থাকিয়ো নিৰ্ভয় দৈত্য বধিবোহো মই।।
য়েহি বুলি নাৰায়নে সভা বিসৰ্জিলা।
আপুনাৰ থানে দেৱগন চলি গৈলা।।
হিৰনৈৰ পুত্ৰ ভৈলা বৈষ্ণৱ প্ৰহ্লাদ।
এক দিনা পিতাপুত্ৰে লাগিলা বিবাদ।।
সেহি দিনা প্ৰভুদেৱ জগতৰ পতি।
আদেষিলা বিবাদ লগাইলা সৰাস্বতি।।
স্বামিৰ বচনে দেৱি কৰি সিৰোগত।
প্ৰবেসিলা সৰাস্বতি তাহাৰ কণ্ঠত।।
সেহি বেলা প্ৰহ্লাদে বৈষ্ণৱ ৰূপধৰি।
হিৰন্যৰ আগে গৈয়া সুমৰিলা হৰি।।
হেন সুনি হিৰন্যৰ ক্ৰোধ ভৈলা মন।
দুৰাচাৰ পুত্ৰ তই কিনো অগিআন।।
কোঠেৰ হৰিক সুমৰাষ দুৰাচাৰ।
আমাৰ বঙশত তই ভৈলি কুলাঙ্কাৰ।।
পুনুৰুপি প্ৰহ্লাদে সুমৰে হৰি হৰি।
ৰাজা বোলে পুত্ৰ নৈত্য পঢ়ে সিশু ধৰি।।
সিকাৰনে মন্দ বাক্য উপজে মনত।
পাৰ্গত ভৈলেষে জানিবাহা মৰ্ম্মতত।।
হেন মনে গুনিয়া নৃপতি হিৰন্যক্য।
দৈত্যগুৰু সুক্ৰক বুলিলা হে বাক্য।।
ঝাণ্টে লৈয়া জাহা গুৰু থৈইবে নুজুয়াই।
মোৰ পুত্ৰ প্ৰহ্লাদক দিওঁক পঢ়াই।।
ৰাজাৰ বচনে সুক্ৰ চালিলন্ত গাৱ।
প্ৰহ্লাদক লৈয়া গৈলা আপুনাৰ ঠাৱ।।
সুক্ৰ বদতি সুনা ৰাজাৰ তনয়।
পিতৃৰ বচনে তোৰ পঢ়িবে লাগয়।।
প্ৰহ্লাদে মাতন্ত পাচে সুক্ৰ মুখ চাই।
পঢ়িবাৰ শাস্ত্ৰ গুৰু দিওঁক বুঝাই।।
সুক্ৰে উপদেষ জেবে দেই প্ৰহ্লাদক।
অসুৰৰ শাস্ত্ৰ বামনয় বোলে জাক।।
হেন সুনি প্ৰহ্লাদে সুমৰে হৰি হৰি।
বামনয় সাস্ত্ৰ গুৰু পঢ়ো কেন কৰি।।
কিবা সাস্ত্ৰ পঢ়িবো পঢ়িতে নাহি জ্ঞান।
জন্মে জন্মে হৌক মোৰ হৰিত জে-ধ্যান।।
হৰি হেন বানি নচাৰোক সৰ্ব্বেক্ষন।
সুনি সুক্ৰ গুৰু আতি ক্ৰোদ্ধ ভৈলা মন।।
তাৱেক্ষনে গৈলা গুৰু নৃপতিৰ ঠাই।
তজু পুত্ৰ প্ৰহ্লাদক পঢ়ান নজাই।।
মঞি উপদেশ জত দেঞোঁ ভাল কৰি।
তাক এড়ি প্ৰহ্লাদে সুমৰে হৰি হৰি।।
হেন সুনি হিৰন্যাক্ষৰ ক্ৰোদ্ধ ভৈলা মন।
মাতি আন প্ৰহ্লাদক আচে কোন থান।।
ৰাজাৰ আদেষে দুত গৈলা সিঘ্ৰ কৰি।
প্ৰহ্লাদক আনিয়া ঠেকালা ডৰাডৰি।।
ৰাজ সমজ্যাৰ লোকে আচে চাই চাই।
তথাপিতো প্ৰহ্লাদৰ ভ্ৰু ভঙ্গ নাই।।
ৰাজাৰ আগত ৰৈলা মৌনৰূপ ধৰি।
তাৱক্ষনে সাত বাৰ সুমৰিলা হৰি।।
অধিকে জলিলা কোপ হিৰন্যকশিপু।
দুৰাচাৰ পুত্ৰ তই মোৰ ভৈলি ৰিপু।।
হৰি সুমৰস তই মোহোৰ আগত।
সুনি সুচি তাৰে জেন দখিন কৰ্ণত।।
একে জে অসুৰ আমি ব্যাধ জে তনয়।
হৰি সুমৰনে পাপ অধিকে চাপয়।।
বিসেসত হন্ত মোৰ হৰি বড় ভাই।
তাঙ্ক সুমৰন্তে হৃদয়ত বৰ ঘাই।।
মোত খাটে হৰিহৰ ব্ৰহ্মা পুৰন্দৰ।
কোন দেৱ আছে হেন মোহোৰ উপৰ।।
তিনিয়ো ভুবনে দেখা মই অধিকাৰি।
মোৰ পুত্ৰ হুয়া তই সুমৰাস হৰি।।
দুৰাচাৰ পত্ৰ তই এভো হেন কৰা।
প্ৰান খানি ৰৈক্ষা কৰা মিচাত নমৰা।।
বিষেসত হন্ত মোৰ হৰি প্ৰানেৰ বৈৰি।
বামনয় সাস্ত্ৰক পঢ়িয়ো ভাল কৰি।।
প্ৰহ্লাদ বদতি বাপ নাখে আন বানি।
হৰি সুমৰন্তে মোৰ জাউক প্ৰানখানি।।
ক্ৰোধিলেক ৰাজায়ো পুত্ৰৰ সুনি বানি।
তুলাত লাগিলা জেন প্ৰচণ্ড অগনি।।
ক্ৰোধৰ বেগত ৰাজা নপান্ত উপাই।
ঠৰমৰ কৰিয়া পুত্ৰক আচে চাই।।
চাৰিদিকি দৃষ্টি ভৰি চাহন্ত নিৰখি।
কৌটী সহশ্ৰেক হস্তি মাউতে আচে ৰাখি।।
হস্তিগন আদেষিলা মাৰা ঝাণ্ট কৰি।
দেখো কেন মতে আক ৰৈক্ষা কৰে হৰি।।
ৰাজাৰ সুনিলা হেনে প্ৰচণ্ড বচন।
কৌটি সহশ্ৰেক হস্তি ধাইলা তেতিক্ষন।।
একো একো হস্তি জেন পৰ্ব্বত সদৃষ।
দানত ভিৰি গৰ্যিয়া ধাইলেক দসো দিস।।
ৰাজা বোলে ঝাণ্টে মাৰা বিলম্ব নকৰি।
প্ৰহ্লাদে বোলন্ত মোক ৰৈক্ষা কৰা হৰি।
অন্তকালে প্ৰহ্লাদে সুমাৰে ঋষিকেষ।
তেতিক্ষনে হৰি তাৰ হিআত প্ৰবেশ।।
মাধৱত পৰে কোন আচে সংসাৰত।
তাৱেক্ষনে প্ৰবেশিলা তান সড়িৰত।।
তেতিক্ষনে বজ্ৰ সম ভৈলা কলেৱৰ।
অচেদ অভেদ দেহা অজয় অমৰ।।
হস্তিগন বেঢ়ি দান্ত ভিৰি ষিৰ কন্ধে।
ভেদিতে নপাৰে অনেক প্ৰবন্ধে।।
সুণ্ডে মেঢ়াই আনি কতো চটকায়া পাৱে।
কিঞ্চিতো নটলে দেহা হৰিৰ প্ৰভাৱে।।
দান্ত ভিৰিলেক জিতো দান্ত গৈলে ভাঙি।
সুণ্ড মেঢ়াইলেক জিতো সুণ্ড গৈলা চিঙ্গি।।
মাৰিবে নপাৰি হস্তিগন অন্তৰিলা।
হেন সুনি হিৰন্যাক্ষ ৰাজায়ো ডৰিলা।।
মনে মনে গুনি ৰাজা কৰিলন্ত সাৰ।
হস্তিসাধা মন্ত্ৰ কিবা জানে দুৰাচাৰ।।
কৈৰ সৰ্প্প গনআসা ঝাণ্টে কৰি।
দন্তে হানি পেসা আক জমেৰ নগড়ি।।
ৰাজাৰ য়াদেষ সুনি হেন সৰ্প্পগনে।
ফোঙ্কাৰ কৰিয়া হেন ধাইলা তেতিক্ষনে।।
একো ওকো সৰ্প্প জেন দেখন্তে ভয়ঙ্কৰ।
ফেনাএ লঙ্ঘিলা জেন মেঘ আকাসৰ।।
আকাসত সবে দেৱগন গৈলা ডৰি।
প্ৰহ্লাদে সুমৰে কৃষ্ণ বিষ্ণু হৰি হৰি।।
সৰ্প্পগনে খুণ্টীআয়ে বেৰি চতুৰ্দ্দিষ।
ভেদিতে নপাৰে সৰ্প্প নলাগয় বিষ।।
খুণ্টিআতে দষন ভাঙ্গিলা সবেহাৰ।
দান্ত ভাঙ্গা সৰ্প্প জেন ফোকাৰে মাত্ৰ সাজ।।
মাৰিবে নাপাৰি সৰ্প্পগন অন্তৰিলা।
হেন সুনি হিৰন্যাক্ষ ৰাজায়ো ডৰিলা।।
হৰি সুমৰন্তে জে প্ৰহ্লাদ থাকি গৈল।
মন্ত্ৰিক বোলন্ত ঝাণ্টে তপ্ত কৰা তৈল্য।।
ৰাজাৰ আদেষ মন্ত্ৰি সিৰোগত কৰি।
ঝাঙ্কা গোট আনি তৈতে তৈল্য থৈইলা ভৰি।।
সহশ্ৰেক লোকে ধৰি তৈল্যক তাৱয়।
বাৰ্হয় অগনি যেন সবদ কৰয়।।
গিৰ গিৰ কৰি অগ্নি তৈল্যত উঠয়।
মন্ত্ৰি বোলে ঝাণ্টে আন ৰাজাৰ তনয়।।
নাড়িকল গোট আনি পেলাইলেক পাচে।
ফুটি গৈলা নাৰিকল সবে দেখি আচে।।
তৈল্যত পেলাইবে লাগি লৈয়া জাই ধৰি।
প্ৰহ্লাদক তাতে পেলাইলেক ঢঙ্কা মাৰি।।
তাতে পৰি প্ৰহ্লাদে সুমৰে হৰি হৰি।
সদানন্দ ভগৱন্ত অনন্ত মুৰাৰি।।
ৰৈক্ষা কৰা হে প্ৰভু ভৈলো তজু দাষ।
ভকতবত্সল প্ৰভু নকৰা নৈৰাষ।।
জেবে হৰি সুমৰিলা ৰাজাৰ তনয়।
তপ্ত তৈল্য ঝুৰ ভৈলা জেন জলময়।।
অধিকে জলিলা কান্তি দেহা দশ গুনে।
হৰি ৰক্ষা কৰে জাক মাৰে তাক কোনে।।
দুনাই বিষ খুয়াইলেক বিষ নলাগিলা।
জানে দিয়া কাটিলেক খাণ্ডায়ে ভাগিলা।।
জলতো পেলাইলে তাতো নগইলেক তল।
মাৰিবে নপাৰি ভৈলা ৰাজায়ো বিকল।
উৰ্দ্ধ শত জোজন পৰ্ব্বত গোট আচে।
তৈতে নিআ প্ৰহ্লাদক তুলিলেক পাচে।।
তৈৰ পৰা পেলাইলেক ৰাজাৰ আদেষ।
প্ৰহ্লাদ বদতি ৰৈক্ষা কৰা ঋষিকেশ।।
ধৰ্ম্ম ধৰ্ম্ম সুমৰন্ত দেৱ ঋষিগন।
ইবেলিসে প্ৰহ্লাদৰ নাহিকে ৰৈক্ষন।।
তৈৰ পৰা পৰিলেক জিবে কেন কৰি।
প্ৰহ্লাদক ৰৈক্ষা কৰিয়োক মহা হৰি।।
তৈৰ পৰা প্ৰহ্লাদক পেলাইলা তেখনে।
আলগতে ঝম্পদি ধৰিলা নাৰায়নে।।
অলক্ষিত ভাৱে নিয়া থৈলন্ত ভুমিত।
ৰাজা বোলে পুত্ৰ মৰি ভৈলা চুৰ্ণাকৃত্য।।
আথেব্ৰেথে ৰঙ্গে ৰাজা চাহিলন্ত পাচে।
দেখে হৰি সুমৰি প্ৰহ্লাদ বসি আছে।।
মাতে হিৰন্যাক্ষে জে মন্তৃৰ মুখ চাই।
একোএ প্ৰকাৰে আক মাৰন নজাই।।
য়েবেসে জানিলো মোৰ মিলিলেক মৃত্যু।
মোহোৰ বঙশত উপজিলা ধূম্ৰকেতু।।
মন্তৃবোলে ৰাজা মই জানো বুদ্ধি খানি।
কাষ্ট আনি তেতিখনে জালিলা অগনি।।
তাতে পুৰি তযু পুত্ৰ নমৰয় জেবে।
আক মাৰিবাৰ ৰাজা বুদ্ধি নাহি তেবে।।
ৰাজা বোলে জেন যুয়াই কৰিয়ো আপুনি।
জালিয়োক বহ্নি তেবে কাষ্টখৰি আনি।।
কাষ্ট আনি তেতিক্ষনে অগনি জালিলা।
সহশ্ৰেক ঘৃত আনি কলষে ঢালিলা।।
ঘৃত পাই তৈতিখনে জলিলা অগনি।
গগনে মণ্ডলে গৈয়া লাগিলেক ধ্বনি।।
জলন্তে ভৈগৈলা বহ্নি আকাষ সমান।
ৰাজা বোলে ঝাণ্টে কৰি প্ৰহ্লাদক আন।।
ৰাজাৰ আদেস সুনি দুতগনে।
হাতগলে প্ৰহ্লাদক বান্ধিলা তেখনে।।
অগ্নিত পেলাইবে লাগি লৈয়া জাই ধৰি।
প্ৰহ্লাদে বোলন্ত মোক ৰৈক্ষা কৰা হৰি।।
সেহি সময়ত প্ৰভু জগতৰ বাপ।
বহ্নিক বোলন্ত এবে এড়িয়ো প্ৰতাপ।।
তৈতিখনে শিতল ভৈগৈলা বৈম্বানৰ।
বান্ধি পেলাইলেক অগনিৰ ভিতৰ।।
সৰ্ব্ব জনে দেখি আচে বৰ বিপৰিত।
ৰাজা বোলে পুত্ৰ পুৰি ভৈলা চুৰ্ণাকৃত্য।।
হৰিৰ প্ৰভাৱে নজলয় বৈশানল।
প্ৰহ্লাদৰ গাৱে জেন চন্দন শিতল।।
বাহিৰে অগনি ভিতৰত জলময়।
হৰিক সুমৰি প্ৰহ্লাদ বাসিয়াচয়।।
মাধৱে প্ৰহ্লাদে কিচো নাহিকে অন্তৰ।
নিৰঞ্জঁনে দেখি প্ৰবেশিলা দামোদৰ।।
চাৰি হাতে ধৰি সমশ চক্ৰ গদা পদ্মোঁ।
প্ৰতেকে দেখিচা তুমি নকৰিবা চদ্মোঁ।।
মাধৱক প্ৰহ্লাদে দেখিলা সেই ঠাৱে।
অকপটে পৰিলা হৰিৰ দুই পাৱে।।
জগত কাৰণ প্ৰভু তুমি নাৰায়ন।
নাহি আদি অন্ত প্ৰভু তুমি নিৰঞ্জঁন।।
অনাদি অনন্ত প্ৰভু নাহি অন্তভেদ।
তুমি চৈদ্ধ শাস্ত্ৰ প্ৰভু তুমি চাৰি বেদ।।
নমো নাৰায়ন প্ৰভু অনাদি ঈশ্বৰ।
মস্যকুৰ্ম্ম আদি কৰি দশ ৰুপধৰ।।
ত্ৰাহি ত্ৰাহি মহাহৰি সৰন দিয়োক।
তোমাৰ নামক মোৰ মুথে নচাৰোক।।
মাধৱে প্ৰহ্লাদে বহু মিলিলা আলাপ।
কৰজোৰ কৰি বহ্নি এড়িলা প্ৰতাপ।।
এতেকতে বহ্নিয়ো জোগাইলা সিঙহাসন।
তাতে ৰঙ্গমনে বসিলন্ত নাৰায়ণ।।
মাধৱ বদতি সুনা হিৰণ্য তনয়।
তোৰ দুখ দেখি মোৰ নসহে হৃদয়।।
মুখত চুম্বন দিয়া প্ৰবুধিলা তাঙ্ক।
কোনে তোক মাৰিলেক কহিয়োক মোক।।
সত্যে সত্যে সত্যে বাপু তোক দেয়োঁ বৰ।
আজি ধৰি হউ বাপু অজয় অমৰ।।
আৰু এক কথা কহো তোহোৰ আগত।
হিৰন্যাক্ষ বিৰকো বধিবো প্ৰভাতত।।
আন কেহো নেদেখিবে দেখবিহি তই।
ফটিকৰ স্তম্ভত লুকাই থাকিম মই।।
কতো বেলা অন্তৰে হিৰণ্য বোলে বানি।
মৰিল পুতাই মোৰ গুচায়ো অগনি।।
হেন শুনি হৰি পাচে অন্তৰ্দ্ধান ভৈলা।
প্ৰহ্লাদক সম্বুধি আপুনি চলি গৈলা।।
অগনি নুমাই ৰাজা চাহিলন্ত পাচে।
দেখে হৰি সুমৰি প্ৰহ্লাদ বসি আচে।।
পুৰিবাৰ প্ৰভায়ে অধিকে জলে কান্তি।
তপ্ত সুবৰ্ণত কৰি অধিকে জলন্তি।।
দেখি হিৰণ্যাক্ষ আতি ভৈলা ভয়ভিত।
কম্পিলা শড়িৰ আতি দেহা জৰ্য্যৰিত।।
আথেব্ৰেথে আস্বাসিআ বোলে পুত্ৰ পুত্ৰ।
হেন বিদ্যা বাপু অভ্যাসিলি কৈত্য।।
নমো নমো নাৰায়ন দেৱ জদুপতি।
তোমাৰ চৰনে মোৰ থাকোক ভকতি।।
ভকত বত্স্ৰল প্ৰভু কৰুনা সাগৰ।
অপাৰ সাগৰে পাৰ কৰা দামোদৰ।।
হেম সৰস্বতি ভনে এড়ি আন কাম।
পাতেক চাৰোক ডাকি বোলা ৰাম ৰাম।।

দোলড়ি।

কমতা মণ্ডল         দুল্লভ নাৰায়ন
নৃপবৰ অনুপাম।
তাহান ৰাজ্যত         ৰূদ্ৰ সৰস্বতি
দেৱজানি কন্যা নাম।।
তাহান তনয়         হেম সৰস্বতি
ধ্ৰুবৰ অনুজ ভাই।
পদবন্ধে তেহো         প্ৰচাৰ কৰিলা
বামন পুৰান চাই।।
আত অনন্তৰে         মাধৱে বোলন্ত
মনে কৰি আসঋষ।
হিৰন্য বিৰক         কিমতে বধোহো
নপান্ত একো উদিস।।
পূৰ্ব্বে হিৰন্যক         হৰে বৰ দিলা
কিচোতো নাহি মৰন।
কেশৱৰ চক্ৰ         বজ্ৰআদি কৰি
জত আচে অস্ত্ৰগন।।
দেৱ অসুৰত         একোত নপৰে
অচেদ অভেদ কাই।
কতো বেলি হৰি         মনত গুনিয়া
পাইলন্ত কিচো উপাই।।
অৰ্দ্ধ কলেৱৰ         সিংহৰ সদৃষ
অৰ্দ্ধেক মনুস্য কাই।
হেন ৰূপধৰি         দেৱ চিৰিহৰি
সড়িৰ গোট বঢ়াই।।
হাতৰ নখজে         তৃসুল সদৃস
বোলন্তে হিআ বিদাৰো।
দিনত ৰাতৃত         একোত নমাৰো
সন্ধ্যা সময়ত মাৰো।।
আতি ভয়ঙ্কৰ         ৰুপ ধৰিলন্ত
দেখতে লাগে তৰাস।
সড়িৰ থৈবাৰ         ঠাই নাপায়ন্ত
যুৰিলা দিস আকাৰ।।
দেখি দেৱগনে         আনন্দক পাই
হৰিস কৰে অপাৰ।
এেবেসে জানিলো         দেৱ নাৰায়ন
সাধিবন্ত প্ৰতিকাৰ।।
হেন ৰুপ ধৰি         প্ৰবেশিলা হৰি
গৰুড়ৰ কন্ধে চৰি।
দুয়াৰত পাচে         গৰুড়ক থৈই
ভুমি পাৱে জান্ত লড়ি।।
সিতো ৰুপগোট         কেহো নেদেখয়
বৈষ্ণৱ প্ৰহ্লাদত বাজে।
দিনতে দুয়াৰি         দুই চক্ষু খাইলি
পশিলি ওঁয়াৰি মাঝে।।
ওঁআৰি মধ্যত         স্তম্ভ গোট আচে
বিপৰিত ফতিকৰ।
সৰ্ব্বদাই তাতে         আৱজি থাকয়
হিৰন্যাক্ষ দৈত্য সুৰ।।
সিতো ফটিকৰ         স্তম্ভৰ ভিতৰে
পসিলন্ত দেৱ হৰি।
প্ৰহ্লাদে দেখন্ত         আচন্ত ইশ্বৰ
নৰসিংহ ৰুপধৰি।।
পাচে হিৰন্যাক্ষে         মাতিবে লাগিলা
পুত্ৰৰ মুখক চাই।
ৰাতৃ দিনে তই         হৰি সুমৰাষ
হৰি আচে কোন ঠাই।।
ইতিনি ভুবনে         মই অধিকাৰি
জল স্থল আদি কৰি
কেশ গাচ জেবে         বিচাৰি চাহিলো
খুজিয়া নাপাইলো হৰি।।
আমাৰ ভয়ত         পলাই থাকন্ত
পলাইবাৰ নাহি ঠাই।
তিনি ভুবনৰ         অন্তত খাকয়
বতাসৰ আগ খাই।।
এহি দেখি পাচে         মই নেদেখিলো
পুয়া ভঙ্গুয়া বুলি।
হেনয় হৰিক         তঞি সুমৰাস
তোহোৰ নপাইলো উলি।।
গজ সৰ্প ৰিষ         অগনি পানি জে
মোহোৰ ভূত্য সমান।
মোৰ পুত্ৰ বুলি         কেহো নমাৰিলা
হেন খানি মনে মান।।
এভো হেন কৰা         হৰি নুসুমৰা
থাকা মোৰ আজ্ঞা পালি।
মোৰ পুত্ৰ তোক         ৰাজ্য ভাৰ দেওঁ
মাধৱক পাৰা গালি।।
সুনা নৰলোক         প্ৰহ্লাদ চৰিত্ৰ
জি জাইবা সংসাৰ তৰি।
হেম সৰস্বতি         ৰচিলা সম্প্ৰতি
ডাকি বোলা হৰি হৰি।।

পদ।

হেন সুনি প্ৰহ্লাদে সুমৰে হৰি হৰি।
মাধৱক গালি মই পাৰো কেনে কৰি।।
মাধৱসে পিতা-মাতা মাধৱেসে প্ৰান।
মাধৱত পৰে কোন বন্ধু আচে আন।।
জত দেখা বাৰ্ঘ্ৰে জলস্থল গিড়িবন।
গজভুজ সবাত আচন্ত নাৰায়ন।।
তুমি আমি আদি কৰি তিনিয়ো জগত।
সবাতে আচন্ত হৰি নুহিকা বেকত।।
হিৰন্যাক্ষে বোলে অৰে সুনৰে বৰ্ব্বৰ।
পুনুৰুপি নিন্দিলোহো তোহোৰ উত্তৰ।।
বোলা জে সবাৰো গায়ে আচে দামোদৰ।
সবে লোকে নোহে কিয় তাক সমসৰ।।
কেহো সুখি কেহো দুখি বহুত অন্তৰ।
কেহো কাক বায়ে কেহো কৰয় নফৰ।।
কেহো হস্তি-কন্ধে চৰে হংসতুলি সোএ।
কেহো কেহো জনে কিয় তৃনক নপাৱে।।
কেহো ভুঞ্জে ঘোল কেহো ভুঞ্জে খিৰ।
কেহো জে শ্ৰীমন্ত হোয়ে কেহো হোয়ে চোৰ।।
একৰ জিৱন হৌক সবাৰে জিৱন।
য়েকৰ মৰন হৌক সবাৰো মৰন।।
একৰ ভোজন হৌক সবাৰ ভোজন।
তেবে জানা সবাতো আচন্ত নাৰায়ন।।
প্ৰহ্লাদ বদতি বাপ নিন্দো তজু বানি।
তুমি কিচো নজানাস আমি আছো জানি।।
মই জে দেখোহো হৰি আচন্ত সবাত।
মলচক্ষু নিমিত্তে জে নেদেখো সাখ্যাত।।
জি বোলা সকলে কিয় নোহে সমসৰ।
পাপপুন্য ফলে সুখদখ ভুঞ্জেঁ নৰ।।
আচাৰত ভিন্ন হৰি বিচাৰত এক।
ফটিকৰ তম্ভত বসাইলা এক মুঠি।।
মুঠিৰ প্ৰহাৰে তম্ভ ভৈলা দুই চিৰ।
বৰ কোপে কাম্পে তাৰ সকলে সড়িৰ।।
ফুটি বাজ ভৈলা পাচে নৰসিংহ ৰুপে।
গৰ্যনি দিয়া হিৰন্যক ধৰিলা আটোপে।।
হিৰন্যাক্ষে গোসাইক ধৰিলা আঙ্কোআলি।
তাৱক্ষনে হৰিয়ো ধৰিলা গাৱ চালি।।
হেন দেখি নাৰায়নে গুনে মনে মন।
মোকে জে এনুআ চোট আন কোন জন।।
গিৰ গিৰ কৰিয়া লৰিলা ভুমি চাল।
পদে পদে কম্পয় পৃথিৱি হয়ে খাল।।
চোবায়ে দশন আতি তেজয় আটাষ।
স্বৰ্গমৰ্ত্ত্য পাতালত লাগিলা তৰাষ।।
থল জেবে যুঝে থল জাই ৰষাতল।
জল জেবে যুঝে জল সুখাইলা সকল।।
গিৰি জেবে যুঝে গিৰি খণ্ড খণ্ড হয়।
দেৱাসুৰে নৰে বোলে মিলিলা প্ৰলয়।।
কতো বেলি অসুৰ যে কিচো চিদ্ৰ পাইলা।
উদ্ধক লাগিয়া হৰি খেপিয়া পঠাইলা।।
শতেক জোজন পন্থ উদ্ধক লাগি গৈলা।
পৃথিবিত পৰি পাচে অচেতন ভৈলা।।
দেখিআ অসুৰগনে কৰে জয় জয়।
কৈৰ সিংহ পসু গোটে ৰাজাক যুঝয়।।
পতঙ্গ হুয়া কৰে অগনিত ঝাস।
এহি বুলি অসুৰগনে তুলিলেক হাষ।।
কতো বেলি চেতন লভিলা নাৰায়নে।
নসহে হৃদয় দুখে সোকে অপমানে।।
এক লাম্ফ দিয়া হৰি হিৰণ্যক ধৰি।
মালবান্ধে বান্ধিলন্ত ধৰনিত পৰি।।
অসুৰৰ ৰঙ্গ দেখি মাধৱৰ খঙ্গ।
দুয়ো এক বিৰ সম জেহেন মাতঙ্গ।।
দিন গোট যুঝে সন্ধ্যা ভৈলেক প্ৰবেষ।
চিদ্ৰকাল লভিলন্ত দেৱ ঋষিকেশ।।
ঘোষাই আনিলন্ত পানিপতনিক লাগি।
ঘষান্তে ঘষান্তে তাৰ হাৰ গৈলা ভাগি।।
দুই হাতে অসুৰক তুলি আলগাই।
জলস্থল কিচো নোহে উৰুত বৈসাই।।
অস্ত্ৰে সস্ত্ৰে নকাটিলা নখে বিদাৰিলা।
ৰাতৃদিনে কিচো নোহে সন্ধ্যাতে মাৰিলা।।
হৃদয় বিদাৰি পেলাইলেক মহিতলে।
নগৰৰ লোকমানে পলাইলা সকলে।.
গিৰিক ভেদিয়া যেন বহি জাই জল।
হিৰণ্যৰ তেজে বসুমতি জাই তল।।
হেন মতে নিসাচৰ গৈলা জমঘৰ।
দেখি ৰঙ্গ ভৈলা সকল দেৱৰ।।
আকাসৰ পৰা সবে কৰে হৰি ৰাৱে।
অপেস্বৰা নাচন্ত গন্ধৰ্ব্বে গিত গাৱে।।
লয়ঙ্গ মালতী গন্ধ পাৰিজাত।
কৃষ্ণৰ মাথাত বৃষ্টি কৰে অসংক্ষাত।।
হেন মতে নিসাচৰ গৈলা জম-ঘৰে।
ইতো কথা সুনি সৰ্ব্বজন ৰুচিকৰ।।
এক পদবন্ধে হেম সৰস্বতী ভনে।
সুনন্তা কহন্তা ৰৈক্ষা কৰে নাৰায়নে।।
পিতৃৰ মৰন পাচে প্ৰহ্লাদে দেখিলা।
হৃদয়ত দাৰুন সন্তাপ লাগি গৈলা।।
হা-প্ৰানেৰ পিতৃ মই কিসত কি-কৰিলো।
তুমি কি নিজিলা মই প্ৰানে কি নমৰিলো।।
পিতৃষে পৰম গুৰু পিতৃ ইষ্টদেৱ।
পিতৃবিনে সংসাৰত বন্ধু নাহি কেৱ।।
যাহাৰ প্ৰসাদে মই দেখিলো সংসাৰ।
পিতৃ অবিহনে দেখো দিনতে আন্ধাৰ।।
প্ৰহ্লাদৰ বিলাপ দেখিলা নাৰায়নে।
আস্বাসিআ বুলিলন্ত মধুৰ বচনে।।
নাকান্দা নাকান্দা বাপু নকৰা সন্তাপ।
কৈৰ ভাৰ্য্যা পুত্ৰ কৈৰ মায়-বাপ।।
জেহন বৃক্ষত পখি থাকে একে সঙ্গে।
নিশাগোট বঞ্চে জেন মতে ৰঙ্গে ঢ়ঙ্গে।।
ৰঞ্জনি প্ৰভাত ভৈলে দাসো দিসে জাই।
পিতৃৰ পুত্ৰৰ দেখা তেহ্নয় পৰায়ী।।
আৰু এক কথা কহো সুনা বিপৰিত।
তই মই উপজিচো হিৰণ্য বধিত।।
আপুনাক আপুি নিচিনা কিয় তই।
প্ৰহ্লাদ স্বৰুপে উপজিয়া আচো মই।।
ঈশ্বৰৰ বানি তাৰ লাগিলা হিআত।
এড়িলন্ত সন্তাপ আচিলা জত জত।।
মাধৱ গৈলন্ত আপোনাৰ নিজ থানে।
প্ৰহ্লাদ চৰিত্ৰ সমাপতি এহিমানে।।
নমো নমো নাৰায়ন দেৱ জদুপতি।
তোমাৰ চৰনে মোৰ থাকোক ভকতি।।
ভকত বত্সল প্ৰভু কৰুনা সাগৰ।
আপাৰ সাগৰে পাৰ কৰা দামোদৰ।।
অচয় চৰনে মই পশিলো শৰন।
মই অনাথক নচাৰিবা নাৰায়ন।।
হেম সৰস্বতি ভনে এড়ি আন কাম।
পাতেক চাৰোক ডাকি বোলা ৰাম ৰাম।।

সক ১৭৬৯ সক। তাৰিক্ষে মাঘৰ ১০।
পুসমাঘত প্ৰহ্লাদ চৰিত্ৰ সমাপ্ত।।

যথাদৃষ্টং তথা লিখনে লেখকু নাস্তি দোসনং
সমাপ্ত।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!