প্ৰাকৃতিক দুৰ্যোগৰ পিছত ল’বলগীয়া স্বাস্থ্যৰ যতন – ডাঃ ইন্দুভূষণ শৰ্মা

প্ৰাকৃতিক দুৰ্যোগ হৈছে প্ৰকৃতিৰ পৰা হঠাতে সৃষ্টি হোৱা এক পৰিঘটনা যিয়ে খুব কম সময়ৰ ভিতৰতে অধিক সংখ্যক জীৱ জন্তু, সা-সম্পত্তি আৰু পৰিৱেশৰ উপাদানসমূহৰ বিস্তৰ ক্ষতিসাধন কৰে৷ সেয়েহে দুৰ্যোগৰ এই ধ্বংস প্ৰক্ৰিয়াক পুনৰ স্বাভাৱিক অৱস্থালৈ আনোতে বাহ্যিক শক্তি বা সহায়ৰ আৱশ্যক হয়৷ ভাৰতবৰ্ষ তথা অসমত সঘনাই হৈ থকা প্ৰাকৃতিক দুৰ্যোগ সমূহ হ’ল ভূমিকম্প, বানপানী, ধুমুহা, ঘুৰ্ণিবতাহ, চুনামি, ভূমিস্খলন ইত্যাদি৷ ইয়াৰ ফলত প্ৰতি বছৰে বহুতো মানুহ, জীৱ-জন্তু, ঘৰ-দুৱাৰ, সা-সম্পত্তিৰ ক্ষতিসাধন হোৱা দেখা যায়৷ ই আমাৰ দেশত এটা অৰ্থনৈতিক বোজাৰ সৃষ্টি কৰাৰ লগতে বহুতো স্বাস্থ্যজনিত সমস্যাৰো সৃষ্টি কৰে৷ আজি এই স্বাস্থ্যজনিত সমস্যা আৰু ইয়াৰ পৰিত্ৰাণৰ কাৰণে ল’বলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে কিছু আলোচনা কৰিব ওলাইছো৷

প্ৰাকৃতিক দুৰ্যোগৰ ফলত সৃষ্টি হোৱা স্বাস্থ্যজনিত সমস্যা সমূহৰ বিষয়ে বহুতে অৱগত নোহোৱাৰ বাবেও অন্য কিছুমান নতুন সমস্যাৰ উদ্ভৱ হয়৷ আমি কিছুমান সতৰ্কতা অৱলম্বন কৰি এই সমস্যাসমূহক বহু পৰিমাণে বাধা দিব পাৰো৷ এই স্বাস্থ্যজনিত সমস্যা সমূহৰ প্ৰভাৱ দুই ধৰণৰঃ

১) প্ৰত্যক্ষ আৰু ২) পৰোক্ষ

১) প্ৰত্যক্ষঃ প্ৰাকৃতিক দুৰ্যোগৰ ফলত ঘৰ বা অট্টালিকাৰ ক্ষতিসাধন হৈ মানুহ বা অন্য জীৱ জন্তু আঘাত প্ৰাপ্ত হোৱা বা মৃত্যু হোৱা হৈছে প্ৰত্যক্ষ স্বাস্থ্যজনিত সমস্যা৷ বিভিন্ন প্ৰকাৰৰ শ্ব’ক ( হঠাৎ ৰক্তচাপ নিম্নগামী হোৱা অৱস্থা) যেনেঃ হাইপভ’লেমিক শ্ব’ক, ইলেক্ট্ৰিক শ্ব’ক, উশাহ নিশাহত কষ্ট পোৱা, কটা ছিঙা, হাড় ভঙা, মূৰ বা শৰীৰৰ অন্য গুৰুত্বপূৰ্ণ অংগত আঘাত, ভয়ানক পৰিস্থিতিৰ দৃশ্যাৱলী দেখি অচেতন হৈ পৰা ইত্যাদি হৈছে প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা প্ৰত্যক্ষ স্বাস্থ্যজনিত সমস্যা৷ এইবোৰৰ বাবে জৰুৰীকালীন চিকিৎসা সেৱাৰ প্ৰয়োজন হয়৷

২) পৰোক্ষঃ পৰোক্ষ স্বাস্থ্যজনিত প্ৰভাৱ প্ৰাকৃতিক দুৰ্যোগৰ পিছত কিছু দেৰিকৈ সৃষ্টি হ’ব পাৰে কিন্তু ই ভয়ংকৰ ৰূপ লোৱাৰ সম্ভাৱনা থাকে৷ ইয়াৰ মুখ্য কাৰণসমূহ এনেধৰণৰ:

ক) আশ্ৰয়স্থলৰ অভাৱ
খ) বিশুদ্ধ খোৱা পানীৰ অভাৱ
গ) খাদ্যৰ অভাৱ
ঘ) অনাময় ব্যৱস্থাৰ অভাৱ
ঙ) চিকিৎসালয়, চিকিৎসাকৰ্মী, দৰৱৰ অভাৱ আদি

প্ৰাকৃতিক দুৰ্যোগে আমাৰ শাৰীৰিক আৰু মানসিক উভয় স্বাস্থ্যৰ ওপৰতে প্ৰভাৱ পেলায়৷ শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা সমস্যা সমূহৰ কিছুমান জৰুৰীকালীন আৰু আন কিছুমান দেৰিকৈ সৃষ্টি হোৱা৷ স্বাস্থ্যজনিত সমস্যাসমূহ ভিন ভিন প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত ভিন ভিন হয়৷ উদাহৰণস্বৰূপে ভূমিকম্প, ঘূৰ্ণিবতাহ, ধুমুহা আদিত আঘাতপ্ৰাপ্ত হোৱা ব্যক্তিৰ সংখ্যা বৃদ্ধি পোৱা দেখা যায়৷ কিন্তু বানপানী বা চুনামীৰ ফলত পানীত ডুবা, বৈদ্যুতিক শ্ব’কজনিত, সংক্ৰামক ৰোগৰ সংখ্যা বেছি পোৱা যায়৷ আনহাতে কিছুমান ৰোগ প্ৰাকৃতিক দুৰ্যোগৰ পিছৰ সময়চোৱাত হোৱা দেখা যায়৷ বিশেষকৈ পানী বা খাদ্যৰ অভাৱত লেতেৰা পানী আৰু খাদ্য খোৱাৰ ফলত বা লেতেৰা পানীৰে গা পা ধোৱাৰ বাবে বিভিন্ন সংক্ৰামক ৰোগে দেখা দিয়ে৷ এনেবোৰ ৰোগৰ ভিতৰত ডায়েৰিয়া, ডিচেণ্ট্ৰী, টাইফয়দ, জণ্ডিছ, প্ৰস্ৰাৱ তন্ত্ৰৰ সংক্ৰমণ, ছালৰ বেমাৰ, চিকেনপক্স, মিজেল’ছ আদিয়ে প্ৰধান৷ আশ্ৰয়স্থলত একেলগে থকাৰ পৰিপ্ৰেক্ষিতত এই সংক্ৰামক ৰোগসমূহ উশাহ নিশাহ, স্পৰ্শ, কানি কাপোৰৰ ভাগ বতৰা আদিৰ যোগেদি এজন আক্ৰান্ত ব্যক্তিৰ পৰা আন এজন সুস্থ ব্যক্তিলৈ খুব সহজতে গতি কৰে৷ ইয়াৰ উপৰিও লেতেৰা পৰিৱেশত মহ ডাঁহৰ অধিক উৎপত্তিৰ বাবেও বিভিন্ন বাহকজনিত ৰোগ যেনে মেলেৰিয়া, ডেংগি, জাপানিজ এনকেফেলাইটিছ, চিকেনগুণিয়া আদি ৰোগে দেখা দিব পাৰে৷ আনহাতে খাদ্যৰ অভাৱত বহুতে পুষ্টিহীনতাত ভুগিব পাৰে৷ অনাময় ব্যৱস্থাৰ অভাৱত মুকলি ঠাইত পায়খানা কৰাৰ ফলত ই খোৱা খাদ্য বা পানীৰ লগত মিহলি হৈ কলেৰা, টাইফয়দ, জণ্ডিচ আদিৰ দৰে ৰোগ সৃষ্টি কৰি মহামাৰীৰ ৰূপ ধাৰণ কৰিব পাৰে৷ আটাইতকৈ ডাঙৰ কথা প্ৰাকৃতিক দুৰ্যোগৰ ফলত যদি চিকিৎসালয়ৰ ক্ষতিসাধন বা চিকিৎসাকৰ্মীও আক্ৰান্ত হয় তেতিয়া ৰোগী চিকিৎসা সেৱাৰ পৰাও বঞ্চিত হ’ব লগীয়া পৰিস্থিতিৰো উদ্ভৱ হ’ব পাৰে৷ তাৰ ফলত বহুতো ৰোগী বিপদসংকুল অৱস্থালৈ গতি কৰে বা মৃত্যুমুখত পৰে৷

কিছু আগতীয়া সতৰ্কতাৰ অভাৱত আশ্ৰয়স্থলৰ পৰা নিজৰ ঘৰলৈ ওভতাৰ পিছতো আন কিছুমান নতুন সমস্যাই মূৰ ডাঙি উঠিব পাৰে৷ বিশেষকৈ প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত ঘৰত অস্বাভাৱিকভাৱে ওলমি থকা বৈদ্যুতিক তাঁৰ, গেছ লাইনৰ ফুটা, ভঙা চিঙা গ্লাচ বা ভঙা বেৰৰ টুকুৰা, উৱলি যোৱা ঘৰৰ বেৰৰ পৰা নিৰ্গত বিষাক্ত গেছ বা বিভিন্ন বীজাণু আদিয়ে স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব পাৰে৷

প্ৰাকৃতিক দুৰ্যোগে মানুহৰ মানসিক স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰে৷ নিজৰ আপোনজনক হেৰুৱাৰ বাবেই হওক বা ঘৰ বাৰী, সা সম্পত্তি হেৰুৱাৰ বাবেই হওক বা ভৱিষ্যতে সেইসমূহ পুনৰ্নিমাণৰ বাবে অত্যধিক চিন্তাৰ ফলত বিভিন্ন মানসিক ৰোগ দেখা দিব পাৰে৷ কিছুমানৰ আকৌ দুৰ্যোগৰ সময়ত ভয়ানক দৃশ্যাৱলী দেখাৰ পিছত মনত ভয় বা সংশয় বহুদিনলৈ থাকি যায়৷ উদাহৰণস্বৰূপেঃ পোষ্ট ট্ৰমা’টিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ, ডিপ্ৰেছিভ বা এনজাইটী ডিছঅৰ্ডাৰ আদি৷

  • দিজেষ্টাৰ মেনেজমেণ্ট চাইক’লঃ

দুৰ্যোগ প্ৰশমন ব্যৱস্থা হৈছে এক নীৰৱছিন্ন সেৱা৷ কোনো এটা দুৰ্যোগ আৰম্ভ হোৱাৰ পৰা অন্য এটা নতুন দুৰ্যোগ অহালৈকে ল’বলগীয়া ব্যৱস্থাসমূহ অবিৰত ভাৱে চলি থকা দৰকাৰ৷ তেতিয়াহে দুৰ্যোগ প্ৰশমন ব্যৱস্থা সফল হোৱা বুলি ক’ব পৰা যায়৷ এই ব্যৱস্থাসমূহক একাদিক্ৰমে সজালে এটা চক্ৰ গঠন হয়, যাক দু্ৰ্যোগ প্ৰশমন চক্ৰ বা ডিজেষ্টাৰ মেনেজমেণ্ট চাইক’ল বোলা হয়৷ তলত এই সমূহৰ চমু বিৱৰণ দিয়া হ’লঃ

১) ৰেচপন্সঃ প্ৰাকৃতিক দুৰ্যোগ হোৱাৰ লগে লগে কৰিব লগীয়া ব্যৱস্থাই হৈছে ৰেচপন্স৷ সকলো ব্যৱস্থাৰ আগত কৰিবলগীয়া কামটোৱে হৈছে যিমান পাৰি সিমানে মানুহ বা অন্য জীৱ জন্তুৰ জীৱন ৰক্ষা কৰা৷

২)ৰিলিফঃ আক্ৰান্ত ৰাইজক আশ্ৰয়স্থল, খাদ্য, কাপোৰ আদিৰ যোগান ধৰা৷

৩) ৰিহেবিলিটেচনঃ আক্ৰান্ত ৰাইজক ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰা আৰু স্বাভাৱিক জীৱন প্ৰণালী পুনৰ ঘূৰাই আনিবলৈ চেষ্টা কৰা৷

৪) প্ৰিভেনশ্যনঃ প্ৰাকৃতিক দুৰ্যোগ হোৱাৰ আগতে কিছুমান স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা৷ উদাহৰণস্বৰূপেঃ মাথাউৰি বনোৱা, ভূমিকম্প প্ৰতিৰোধী অট্টালিকা নিৰ্মাণ আদি৷

৫) মিটিগেচনঃ সকলো প্ৰাকৃতিক দুৰ্যোগ ’প্ৰিভেনচন“ ব্যৱস্থাৰ দ্বাৰা বাধা দিব নোৱাৰি৷ কিছুক্ষেত্ৰত দুৰ্যোগৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ কিছুমান বিশেষ ব্যৱস্থা লোৱা হয়৷ যেনে ঘূৰ্ণী বতাহ অহাৰ আগে আগে মানুহক নিৰাপদ ঠাইলৈ স্থানান্তৰিত কৰা৷

৬) প্ৰিপাৰডিনেছঃ কোনো প্ৰাকৃতিক দুৰ্যোগ অহাৰ আগতে ইয়াৰ বাবে ল’বলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে ৰাইজক সজাগ কৰা, প্ৰাথমিক চিকিৎসাসমূহৰ বিষয়ে শিক্ষা, প্ৰদান কৰা, ম’ক ড্ৰিল ইত্যাদি৷

প্ৰাকৃতিক দুৰ্যোগৰ পিছত ল’বলগীয়া ব্যৱস্থাঃ

১) প্ৰাকৃতিক দুৰ্যোগৰ পিছতে প্ৰথম আৰু প্ৰধান কৰ্তব্য হ’ল জীৱন ৰক্ষা কৰা৷ বিশেষকৈ আঘাত প্ৰাপ্ত ৰোগীক ততালিকে চিকিৎসা সেৱাৰ প্ৰয়োজন হয়৷ সেয়েহে তাৰ ব্যৱস্থা যিমান পাৰি সোনকালে কৰিব লাগে৷ প্ৰশিক্ষণ প্ৰাপ্ত ব্যক্তি বা সংগঠনে প্ৰাথমিক চিকিৎসা আৰম্ভ কৰিব পাৰে৷ কেতিয়াবা সকলো ৰোগীক চিকিৎসালয়লৈ স্থানান্তৰিত কৰা সম্ভৱ নহ’বও পাৰে৷ আঘাতপ্ৰাপ্ত ব্যক্তিৰ সংখ্যাতকৈ চিকিৎসাকৰ্মী বা এম্বুলেঞ্চৰ সংখ্যা যথেষ্ট কম দেখা পালে অধিক আঘাতপ্ৰাপ্ত ব্যক্তিক আগতে আৰু কম সকলক কিছু সময় পিছত নিয়াৰ ব্যৱস্থা কৰিব লাগে৷ ইয়াৰ বাবে দুৰ্যোগ প্ৰশমন ব্যৱস্থাৰ এক বিজ্ঞানসন্মত ব্যৱস্থা আছে যাক “ট্ৰায়েজ“ বুলি কোৱা হয়৷ এই ব্যৱস্থা প্ৰাকৃতিক দুৰ্যোগত যথেষ্ট উপযোগী আৰু ইয়াত ৰোগীসকলক চিনাক্তকৰণৰ বাবে বিভিন্ন ৰঙৰ টেগ বা চিহ্ন প্ৰয়োগ কৰি চিকিৎসা প্ৰদান কৰা হয়৷ যেনে –

ক) ৰঙা টেগ ব্যৱহৃত ৰোগীঃ যিবোৰ ৰোগী চিকিৎসা সেৱা বা চিকিৎসালয় পালেহে জীৱন ৰক্ষা হ’ব পাৰে৷ সেইসকলক সকলোৰে আগত চিকিৎসালয়লৈ নিব লাগে৷ যেনে উশাহ নিশাহত কষ্ট পোৱা, শ্ব’কত ভোগা আৰু সংজ্ঞাহীন ৰোগী৷

খ) হালধীয়া টেগ ব্যৱহৃত ৰোগীঃ চিকিৎসা কৰোঁতে কিছু লেহেমীয়া হ’লেও যিবোৰ ৰোগীৰ জীৱন ৰক্ষা পৰিব পাৰে৷ সেইসকলক কিছু দেৰিকৈ চিকিৎসালয় নিয়াৰ ব্যৱস্থা কৰা৷ যেনে হাড় ভঙা, হাত ভৰিত কটা চিঙা হোৱা ইত্যাদি৷ যিবোৰক ঠাইতে প্ৰাথমিক চিকিৎসা দি কিছু দেৰি ৰখাব পৰা যায়৷

গ) সেউজীয়া টেগ ব্যৱহৃত ৰোগীঃ যিবোৰ ৰোগী চিকিৎসা পালেও বা নাপালেও জীৱন ৰক্ষা পৰিব পাৰে সেইসকল ৰোগীক আৰু পিছত নিয়াৰ ব্যৱস্থা কৰা৷ যেনে হাত ভৰি আদিত মাখিছাল এৰা৷

ঘ) ক’লা টেগ ব্যৱহৃত ৰোগীঃ যিবোৰ ৰোগী চিকিৎসা পালেও জীয়াই থকাৰ সম্ভাৱনা নাই সেইসকলক শেষত নিয়াৰ ব্যৱস্থা কৰা৷ যেনে দেহৰ অধিকাংশ অংগ অগ্নিদগ্ধ হোৱা৷

২) সুস্থ ব্যক্তিসকলক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিব লাগে৷ প্ৰয়োজন অনুসৰি আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা দৰকাৰ৷

৩) আশ্ৰয় শিবিৰ সমূহত চাফচিকুণতাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া দৰকাৰ যাতে বিভিন্ন সংক্ৰামক ৰোগে গা কৰি উঠিব নোৱাৰে৷ বিশেষকৈ বিশুদ্ধ খোৱাপানী আৰু অনাময় ব্যৱস্থাৰ সুচল ব্যৱস্থা হ’ব লাগে৷ অনাময় ব্যৱস্থাৰ অভাৱত যাতে ৰাইজে মুকলি ঠাইত পায়খানা কৰিব নোৱাৰে তাৰবাবে শৌচালয়ৰ ব্যৱস্থা কৰাটো খুবেই দৰকাৰ৷ ইয়াৰ উপৰিও অন্য কিছুমান ব্যৱস্থা এনেধৰণৰঃ

ক) আনহাতে লেতেৰা পানীৰে মুখ হাত বা গা পা ধোৱাৰ পৰা বিৰত থাকিব লাগে৷ ই বহুতো ছালৰ বেমাৰ মাতি আনিব পাৰে৷

খ) পায়খানাত যোৱাৰ পিছত আৰু খাদ্য গ্ৰহণ কৰাৰ আগত চাবোন পানীৰে হাত ভালকৈ পৰিষ্কাৰ কৰিব লাগে৷

গ) পানী সদায় উতলাই ঠাণ্ডা কৰিহে খাব লাগে৷ ক্লৰিণ টেবলেট খোৱা পানী বীজাণুমুক্ত কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰি৷

৪) প্ৰাকৃতিক দুৰ্যোগৰ ফলত খাদ্যৰ অভাৱত পুষ্টিহীনতাই যাতে গা কৰি উঠিব নোৱাৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ বিশেষকৈ শিশু, গৰ্ভৱতী মাতৃ, বৃদ্ধ লোক আৰু কেচুৱা থকা মাতৃৰ বাবে কেল’ৰী অনুপাতে খাদ্য যোগান ধৰা দৰকাৰ৷

৫) দুৰ্যোগৰ সময়ছোৱাত কোনো বৈদ্যুতিক খুটা বা ওলমি থকা তাঁৰ, চুইছ, ইনভাৰটাৰ আদি স্পৰ্শ কৰা উচিত নহয়৷

৬) আশ্ৰয় শিবিৰ সমূহৰ পৰা কোনো ব্যক্তিয়ে অথ’ৰিটীয়ে ঘোষণা নকৰা পৰ্যন্ত ঘৰলৈ ওভতা উচিত নহয়৷ ঘৰলৈ ওভতাৰ পিছত অন্য কিছুমান সমস্যাই লগ দিব পাৰে৷ সেয়েহে তাৰবাবে অবলম্বন কৰিবলগীয়া সতৰ্কতামূলক ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগে৷ তাৰে কিছুমান উল্লেখ কৰা হ’লঃ

ক) বহুদিনৰ মূৰত নিজৰ আপোন ঘৰখনত প্ৰৱেশ কৰাৰ সময়ত এটা টৰ্চলাইট ব্যৱহাৰ কৰাটো নিত্যান্তই আৱশ্যক৷ কেতিয়াবা বিভিন্ন চোকো বস্তু যেনে গ্লাচৰ টুকুৰা, ভগা বেৰৰ টুকুৰা, ওলমি থকা বিদ্যুত পৰিবাহী তাঁৰ আদিয়ে অঘটন ঘটাব পাৰে৷ সেয়েহে সাৱধান হোৱা প্ৰয়োজন৷

খ) কোঠাৰ ভিতৰৰ পৰা এল পি জি বা ৰন্ধন গেছৰ কিবা গোন্ধ পালে লগে লগে দুৱাৰ খিৰিকী খুলি দিব লাগে৷ জ্বলন্ত বস্তু ৰূমৰ ভিতৰত ৰাখিব নালাগে৷ প্ৰয়োজন হ’লে উপযুক্ত বিভাগৰ সহায় ল’ব লাগে৷

গ) উৱলি যোৱা লেপ-তুলী কাৰ্পেট, কাপোৰ আদি পেলাই দিব লাগে কাৰণ এইবোৰত বিভিন্ন বীজাণুই বাহ ল’ব পাৰে৷

ঘ) গেলা-পঁচা ফলমূল, খাদ্যবস্তু আদি পেলাই দিব লাগে৷

ঙ) শেলুৱৈ ধৰা ঘৰৰ বেৰ, মজিয়া আদি ভালদৰে ব্লেচিং পাউদাৰ, ফিনাইল আদিৰে চাফ কৰিব লাগে৷ হাতত গ্লোভছ আৰু মুখমণ্ডলত মাস্ক পিন্ধি কাম কৰাটো নিতান্তই আৱশ্যক৷

চ) খাদ্যবস্তু গ্ৰহণ কৰা বাচন বৰ্তন বা অন্য ব্যৱহাৰ্য্য সামগ্ৰী সমূহ ভালদৰে ধুইহে তাত খাদ্য গ্ৰহণ কৰা দৰকাৰ৷

ছ) মহ-ডাঁহৰ উৎপত্তি ৰোধ কৰিবলৈ ঘৰৰ চৌহদত পানী জমা হোৱা ঠাই সমূহ বীজাণু নাশকৰে পৰিষ্কাৰ কৰিব লাগে আৰু বন জংঘল ভালদৰে চাফ কৰিব লাগে৷

সামৰণিত এটা কথাই কও যে প্ৰাকৃতিক দুৰ্যোগত ল’ব লগীয়া ব্যৱস্থাসমূহ এক নীৰৱছিন্ন আৰু সংঘবদ্ধ প্ৰচেষ্টা৷ ইয়াত চৰকাৰৰ বিভিন্ন বিভাগ, স্বেচ্ছাসেৱী সংগঠন, ব্যক্তিবিশেষে একেলগে আন্তৰিকতাৰে আগবাঢ়ি আহিলেহে সফলতাৰে সমাধান হয়৷ দুৰ্যোগ হোৱাৰ সময়তকৈ আগতীয়াকৈ সকলোৱে একেলগে দীৰ্ঘম্যাদী বা স্থায়ী আঁচনিসমূহ তৈয়াৰ আৰু ৰূপায়ণ কৰাত অধিক গুৰুত্ব দিয়া প্ৰয়োজন৷ দেখা যায় অসম বা ভাৰতবৰ্ষ যদিও প্ৰাকৃতিক দুৰ্যোগ প্ৰৱণ এলেকা তথাপি সেই অনুপাতে ইয়াৰ সজাগতা অভিযান সফলভাৱে ৰূপায়ণ হোৱা নাই৷ তাৰবাবে আহক আমি সকলোৱে সহযোগ কৰো৷

☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!