প্ৰাচীন গুহা:অজন্তা ইলোৰা — যুতিকা সভাপণ্ডিত

ভাৰতবৰ্ষৰ ঐতিহ্যপূৰ্ণ স্থান সমূহৰ ভিতৰত অজন্তা আৰু ইলোৰা অন্যতম৷ পৰ্য্যটন ক্ষেত্ৰত অজন্তা আৰু ইলোৰাৰ গুহাবোৰ মুখ্য আকৰ্ষণৰ কেন্দ্ৰস্থল৷ ইয়াত নিৰ্মিত ভাস্কৰ্য্য শিল্প কলাপ্ৰেমীসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ৷ অজন্তা – ইলোৰা ভাৰতৰ মহাৰাষ্ট্ৰৰ ঔৰংগবাদ জিলাৰ অন্তৰ্গত৷ অজন্তা মহাৰাষ্ট্ৰৰ ঔৰংগবাদ জিলাৰ জলগাওঁ ৰেলষ্টেচনৰ কাষত থকা আজিন্তা বা অজন্তা গাঁৱৰ সীমাত অৱস্থিত৷ (২০ ডিগ্ৰী ৩০ মিনিট উত্তৰ অক্ষাংশ আৰু ৭৫ ডিগ্ৰী ৪০ মিনিট পূৰ্ব দ্ৰাঘিমাংশ)৷ চীনা পৰিব্ৰাজক হিউৱেনচাংৰ ভ্ৰমণলিপিত অজন্তাৰ বণৰ্না আছে৷ সেই বৌদ্ধ গুহাসমূহ দুটা স্তৰত নিৰ্মিত হৈছিল৷ প্ৰথম পৰ্বৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ হয় দ্বিতীয় শতাব্দীত আৰু দ্বিতীয় পৰ্ব গুপ্তযুগত৷
অজন্তা – ইলোৰা মাজত দুৰত্ব প্ৰায় ১০০ কিলোমিটাৰ৷ সৌন্দৰ্য্যকলা আৰু পুৰাতাত্ত্বিক গুণবোৰৰ ক্ষেত্ৰত দুয়োখন ঠাইৰ নাম একেলগে লোৱা হয়৷
বামোৰ নদীৰ সমীপত বিশালকায় শিলবোৰ কাটি গুহাবোৰ নিৰ্মাণ কৰা হৈছিল আৰু এই গুহাবোৰত থকা চিত্ৰশিল্পত যেনেকৈ জীৱিত ৰূপত প্ৰতিফলিত, সেইবোৰ চাবলৈও অতি আশ্চৰ্য্যজনক৷ ইয়াত থকা কাৰিকৰী আৰু ভাস্কৰ্য্য শিল্প ভাৰতীয় শিল্পকলাৰ উল্লেখযোগ্য উদাহৰণ৷ অজন্তা-ইলোৰাৰ মুৰ্ত্তিবোৰ আৰু ইয়াৰ চাৰিওফালৰ সেউজীয়া পাহাৰৰ পৰিৱেশ চাবলৈ অতিকৈ মনোমোহা৷ অজন্তাত ২৭টা গুহাৰ বিপৰীতে ইলোৰাত ৩৪টা গুহা দেখিবলৈ পোৱা যায়৷
সেউজীয়া পাহাৰৰ কোলাত অশ্বখুৰাকৃতিৰ উপত্যকা পাৰ হৈ ওচৰা-ওচৰিকৈ মানুহেই তৈয়াৰি কৰা গুহা এইবোৰ৷ অজন্তাৰ ২৭টা গুহাৰ সকলোবোৰেই বৌদ্ধগুহা৷ কোনোটো গুহা ভাস্কৰ্যৰ, কোনোটো গুহা চিত্ৰকলাৰ উজ্জ্বল নিদৰ্শন৷
খ্ৰীষ্টজন্মৰ ১০০ বছৰ আগতে আৰম্ভ হৈছিল এই গুহাবিলাকৰ খোদাইৰ কাম৷ পাহাৰৰ গাৰ পৰা কাটি এই গুহাবোৰ বাহিৰ কৰা হৈছিল৷ সম্ভৱতঃ অমানৱিক পৰিশ্ৰম কৰিছিল৷ কিন্তু এইবোৰ মানুহৰ দ্বাৰাই নিৰ্মিত৷ এই গুহাবোৰ প্ৰাকৃতিক নহয়৷ গুহাবিলাকত নিৰ্মাণৰ কাম আৰু বসতি আছিল প্ৰায় সাতশ বছৰ৷ বনৰ মাজত অজন্তাক পেলাই থৈ বৌদ্ধ ভিক্ষুবিলাক উধাও হৈ গৈছিল আৰু উধাও হৈ গৈছিল অজন্তা নিজেও৷ মানুহৰ মনৰ পৰা চেতনাৰ পৰা৷ তাক ঢাকি পেলালে সেউজীয়া বনজ বিস্মৃতিয়ে৷
১৮১৯ চনত এক ইংৰাজ সেনা দলে এই গুহা বোৰ আৱিষ্কাৰ কৰে৷ বাঘ চিকাৰ কৰিবলৈ গৈছিল মাদ্ৰাজ প্ৰেচিডেন্সীৰ অফিচাৰ জন স্মিথ আৰু তেখেতৰ সহকৰ্মীসকল৷ বাঘৰ পিছত ঘূৰোতে ঘূৰোতে তেখেতে হঠাতে আৱিষ্কাৰ কৰে এটা গুহাৰ মুখ৷ গুহাৰ ভিতৰত সোমাই তেখেতে বুজিলে ভাস্কৰ্য্য ৰে সজোৱা এই গুহা ঠিক সাধাৰণ পাহাড়ি কন্দৰ ন’হয়৷ অজন্তাৰ ৯ নম্বৰ গুহাত এতিয়াও দেখা যায়জন স্মিথৰ পেন্সিলৰ স্বাক্ষৰ৷
এই গুহা বিলাক নিৰিবিলি পৰিবেশত সাধনা কৰিবৰ বাবে বৌদ্ধ সনাসীয়ে তৈয়াৰ কৰিছিল বুলি ইতিহাসবিদ সকলে ভাবে৷ ৯, ১০, ১৯, ২৬ নম্বৰ গুহা কেইটা বৌদ্ধস্তুপৰ সৈতে প্ৰাৰ্থনা গৃহ আছে৷ বাকী বিলাক বৌদ্ধ ভিক্ষুবিলাকৰ থকা জেগা৷ প্ৰতিটো গুহাতে ধ্যানত থকা বৌদ্ধৰ প্ৰতিমূৰ্তি দেখিবলৈ পোৱা যায়৷
ঔৰংগবাদৰ পৰা ৩০ কিঃমিঃ দূৰত উত্তৰে ইলোৰা গৃহ৷ স্থানীয় নাম হল ‘ভেৰুল লেনী’ ৷অজন্তাৰ তুলনাত ইলোৰাৰ গুহাবিলাক ডাঙৰ৷ গুহাৰ সংখ্যা ৩৪৷ ৰাস্তাৰ কাষতে ইলোৰা৷ হাবিৰ মাজত এই গুহাবিলাক সোমাই থকা নাই৷ ইলোৰাৰ গুহাবিলাকৰ দেৱালৰ দৈৰ্ঘ্য দুই কিলোমিটাৰ৷ ৰাষ্ট্ৰকূট ৰাজবংশৰ দ্বাৰাই ৬০০ ৰ পৰা ১০০০ খ্ৰীষ্টাব্দৰ মধ্যবৰ্তী সময়ত নিৰ্মিত৷ ইলোৰাৱো সাংস্কৃতিক সম্পত্তি হিচাপে ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত৷
বৌদ্ধ, হিন্দু, জৈন তিনি ধৰ্মৰে গুহা দেখা যায় ইলোৰাত৷ ১৬ নম্বৰ গুহাটো পৃথিৱী বিখ্যাত৷ ইয়াত পৃথিৱীৰ সকলো তকৈ ডাঙৰ এটা শিল কাটি খোদাই কৰা ভাস্কৰ্য্যৰে আছে কৈলাস মন্দিৰ৷
ইলোৰাৰ ১ৰ পৰা ১২ নম্বৰ গুহা বৌদ্ধ৷ ১৩ ৰ পৰা ২৯ লৈ হিন্দু ৩০ ৰ পৰা ৩৪ লৈ জৈন গুহা৷ ২৯ নম্বৰ গুহাত আছে শিৱ পাৰ্বতীৰ বিয়াৰ দৃশ্য৷
ঐতিহাসিক ঠাই ভ্ৰমণ কৰি ভালপোৱা লোকৰ বাবে হব পাৰে অজন্তা ইলোৰা অন্যতম পৰ্য্যটনস্থলী৷ অজন্তা ইলোৰাৰ গুহাবোৰৰ শিল্পকলা আৰু সৌন্দৰ্যতাই পূৰ্ব যুগৰ সম্পদ সমূহৰ প্ৰতিভা আৰু অতীতৰ কথা সোঁৱৰাই দিয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!