প্ৰান্তিকৰ ১৬-৩০ জুন ২০১২ সংখ্যাত প্ৰকাশ পোৱা “দশকৰ ধাৰণা” শীৰ্ষক চিঠিৰ প্ৰসংগত……(-লক্ষেশ্বৰ হাজৰিকা)

(‘প্ৰান্তিক’ৰ ১-১৫ আগষ্ট সংখ্যাৰ পত্ৰালাপ শিতানত প্ৰকাশিত)

‘দশক’ শব্দটোৰ মূল আভিধানিক অৰ্থ হৈছেঃ (১) এটাতকৈ বেছি অংক থকা সংখ্যাৰ বাওঁফালৰ দ্বিতীয় অংক ; (২) প্ৰত্যেক শতাব্দীৰ গুৰিৰে পৰা গণনা কৰি প্ৰতি দহ বছৰ কাল। কোনো ক্ষেত্ৰত দশকৰ কথা উল্লেখ কৰিলে শতিকাৰ কথাও উল্লেখ কৰিব লাগে। অন্যথাই কোন শতিকাৰ কোন দশকৰ কথা কোৱা হৈছে বুজাত কিছু খেলি-মেলি হ’ব। শতিকা হ’ল একৰ পৰা এশলৈকে বছৰৰ মুঠ,অৰ্থাৎ এশ বছৰ (a Century, a hundred year)। আমি তলত দিয়া ধৰণে দশক আৰু শতিকা বা শতাব্দীৰ হিচাপ নিৰ্ণয় কৰোঁ।

বছৰ ১ৰ পৰা ১০লৈ – প্ৰথম দশক (দহৰ দশক)
বছৰ ১১ৰ পৰা ২০ লৈ – দ্বিতীয় দশক (বিশৰ দশক)
বছৰ ২১ৰ পৰা ৩০লৈ – তৃতীয় দশক (ত্ৰিশৰ দশক)
বছৰ ৩১ৰ পৰা ৪০লৈ – চতুৰ্থ দশক (চল্লিছৰ দশক)
বছৰ ৪১ৰ পৰা ৫০লৈ – পঞ্চম দশক (পঞ্চাছৰ দশক)
…………………………………………….
বছৰ ৮১ৰ পৰা ৯০লৈ – নৱম দশক (নব্বৈৰ দশক)
বছৰ ৯১ৰ পৰা ১০০লৈ – দশম দশক (এশৰ দশক অৰ্থাৎ শতিকা)
সেইদৰে –
খ্ৰীষ্টাব্দ ১ৰ পৰা ১০০লৈ – প্ৰথম শতিকা (এক শতিকা)
খ্ৰীষ্টাব্দ ১০১ৰ পৰা ২০০লৈ – দ্বিতীয় শতিকা (দুই শতিকা)
খ্ৰীষ্টাব্দ ২০১ৰ পৰা ৩০০লৈ – তৃতীয় শতিকা (তিনি শতিকা)
………………………………………………………….
খ্ৰীষ্টাব্দ ১৮০১ৰ পৰা ১৯০০লৈ – উনবিংশ শতিকা (উন্নৈশ শতিকা)
খ্ৰীষ্টাব্দ ১৯০১ ৰ পৰা ২০০০ লৈ – বিংশ শতিকা (কুৰি বা বিশ শতিকা)
খ্ৰীষ্টাব্দ ২০০১ ৰ পৰা ২১০০ লৈ – একবিংশ শতিকা (একৈশ শতিকা) ইত্যাদি।

১৯৪৭ খ্ৰীষ্টাব্দত ভাৰতে স্বাধীনতা লাভ কৰিছিল। এতিয়া কোন শতিকাৰ কোন দশকত ভাৰতে স্বাধীনতা লাভ কৰিছিল বুলি সুধিলে ওপৰৰ তালিকাৰ পৰা বিনাদ্বিধাই ক’ব পাৰি যে ভাৰতে কুৰি(বিংশ) শতিকাৰ পঞ্চম (পঞ্চাছৰ) দশকত স্বাধীনতা লাভ কৰিছিল। সেয়ে আমি ভাৱোঁ যে হিচাপ ভালদৰে জনা থাকিলে চল্লিছৰ দশক,পঞ্চাছৰ দশক নাইবা চতুৰ্থ দশক বা পঞ্চম দশক যি বুলিয়েই নিলিখক বা নকওক বিভ্ৰান্তি (Confusion) হোৱাৰ ভয় নাথাকে।

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ১৪৪৯ খ্ৰীষ্টাব্দত জন্ম গ্ৰহণ কৰিছিল। ইয়াৰ অৰ্থ হ’ল তেৰাই পোন্ধৰ (পঞ্চদশ) শতিকাৰ পঞ্চম দশক (পঞ্চাছৰ দশক)ত জন্ম গ্ৰহণ কৰিছিল। বৰ্ত্তমান ২০১২ চন। দশক আৰু শতিকাৰ ধাৰণা অনুযায়ী ২০১২ চনটো একৈশ (একবিংশ) শতিকাৰ দ্বিতীয় বা বিশৰ দশক।

লক্ষেশ্বৰ হাজৰিকা

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!