প্ৰায় সমোচ্চাৰিত শব্দ, ভিন্ন অৰ্থ (লক্ষেশ্বৰ হাজৰিকা)

(খণ্ড-১)

* অঁটা= জোৰা মাৰ ।
অঁতা= চাফ-চিকুণ কৰ, পৰিষ্কাৰ কৰ ।
* অচিন্ত= চিন্তাশূন্য, চিন্তা নাইকিয়া ।
অচিন্ত্য=চিন্তা কৰি উৱাদিহ নোপোৱা, মনেৰে ঢুকি নোপোৱা ।
* অকৃতি= অকৰ্ম, যশস্যাহীন কাম ।
অকৃতী= অযোগ্য; অপটু; কৃ্তিত্ব নথকা(লোক) ।
* অটল= অলৰ-অচৰ; দৃঢ় ।
অতল= বৰ দ বা গভীৰ; অগাধ; তলি নোপোৱা ।
* অণু= পদাৰ্থৰ সূক্ষ্মতম অবিভাজ্য অংশ; অতিশয় ক্ষুদ্ৰ পৰিমাণ ।
অনু= উপসৰ্গ-বিশেষ; পিছ পৰা, পিছত থকা, ওচৰত থকা, সাদৃশ্য আদি
অৰ্থত(অনুচৰ, অনুৰূপ, অনুযায়ী ইত্যাদি) ।
* অন্ত= শেষ, ওৰ; মৰণ ।
অন্তঃ= মাজৰ, ভিতৰ(অন্তঃকৰণ, অন্তঃপুৰ ইত্যাদি) ।
অন্ত্য= শেষত থকা; নীচ, হীন(যেনে-অন্ত্যবৰ্ণ;হীন জাতি ইত্যাদি) ।
* অন্তস্থ=শেষত থকা ।
অন্তঃস্থ=ভিতৰত থকা ।
* অখিয়া=আখি গুচাই নিমজ কৰ(যেনে- বাঁহটো অখিয়াইছে) ।
অখীয়া= আখিযুক্ত, গাঁঠি থকা(যেনে অখীয়া বাঁহ) ।
* অৰ্ঘ= মূল্য[মহাৰ্ঘ]; পূজা ।
অৰ্ঘ্য= পূজাৰ উপকৰণ ।
অৰ্ঘা= অৰ্চনা কৰোঁতে দেৱতাক পানী দিয়া সৰু তামৰ পাত্ৰ ।
* অনুদিত= যিহৰ উদয় হোৱা নাই ।
অনূদিত= যিটো অনুবাদ কৰা হৈছে ।
* অষ্ট= আঠ সংখ্যা ।
অস্ত= মাৰ যোৱা; অদৃশ্য হোৱা(যেনে- সূৰ্য অস্ত গ’ল) ।
* অস্পৃষ্ট= যাক স্পৰ্শ কৰা হোৱা নাই ।
অস্পষ্ট= যিটো স্পষ্ট নহয়; যিটো ভালকৈ শুনা বা দেখা নাযায় ।(ক্ৰমশঃ)

(খণ্ড-২)

* আঁচল= চাদৰ বা কাপোৰৰ আগ; অঞ্চল ।
আচল= প্ৰধান; প্ৰকৃত, যিটো নকল নহয়; মূল; অসুবিধা; চলৰ অভাৱ ।
* আঁজলি= অঞ্জলি; দুয়োখন হাতৰ তলুৱা একেলগ কৰি মেলি ধৰিলে যিমান ধৰে সেই পৰিমাণ ।
আজলী= সহজ-সৰল স্ত্ৰী; একো নজনা বা হোজা তিৰোতা ।
* আঁট= জোৰা মাৰ, যিমান লাগে সিমান হ ।
আট= টান কৰ, টানি বান্ধ ।
আঁত= পেটৰ নাড়ী; মেৰাই থোৱা সূতাৰ মোৰ; কথাৰ উৱাদিহ ।
* আঁতৰ=ওচৰৰ বিপৰীত; নিলগ; দূৰ ঠাই ।
আতৰ= ফুল আদিৰ পৰা উলিওৱা সুগন্ধি নিৰ্যাস ।
* আঁৰ= ঢাকনী, যি বস্তুৱে আন কোনো বস্তুত মানুহৰ চকু বা ৰ’দ আদি নপৰাকৈ ৰাখে; বিজুতি; দোষ ।
আৰ্= ওলোমাই থ ।
* আহ= ওচৰ চাপ; আগমন কৰ্ ।
আহ্,আঃ= বিৰক্তিত ওলোৱা মাত ।
আঁহ= মঙ্গহ বা গছৰ ছাল আদিৰ মিহি সূতাৰ নিচিনা ভাগ ।
* আঁহত= এবিধ ডাঙৰ গছ, হিন্দুৰ পবিত্ৰ গছ; অশ্বত্থ ।
আহত= যি আঘাত পাইছে; যাৰ কোনো অঙ্গত জখম হৈছে ।
*অঁহীয়া= আঁহযুক্ত, দীঘলীয়া মিহি সূতাৰ নিচিনা; মিহিকৈ সূতা উলিয়া ।
আঁহীয়া= কেঁচা মঙহৰ দৰে গোন্ধোৱা; কেচেমা-কেচেম ।
* আওকঠীয়া= বেয়া সঁচৰ, বেয়া জাত; বেয়া কাঠেৰ সজা ।
আওকথীয়া= কথাৰ লাগ-বান্ধ নোহোৱা(লোক);অন্যায় বা অসংগত কথা কোৱা ।
* আকাৰ= আকৃতি, গঢ়; গঠন ।
আ-কাৰ= বৰ্ণমালাৰ আদি আখৰ ‘আ” বা তাৰ চিন -‘া’ ।
* আচাৰ= ৰীতি-নীতি; স্বভাৱ; আচৰণ; তেল, নিমখ, মছলা আদি দি ফল-মূলেৰে কৰা ৰুচিকাৰক খাদ্য ।
আছাৰ= জোৰেৰে দূৰলৈ দলিয়াই দে; থেকেচা মাৰ ।
* আটা= ঘেঁহূৰ গুড়ি ।
আতা= মাতৃ বা পিতৃৰ দেউতাক; বৈষ্ণৱ ধৰ্মাচাৰ্য ।
* আলি= ওখ পথ, বাট; পথাৰত পানী ৰাখিবৰ বাবে বন্ধা ঢাপ ।
আলী= উপাধি বিশেষ ।

(খণ্ড-৩)

* ইকান-সিকান= কান অৰ্থাৎ কান্ধ সলোৱা কাৰ্য; এটা কান্ধৰ পৰা আনটো কান্ধলৈ নিয়া কাৰ্য(Changing of shoulder) ।
ইকাণ- সিকাণ= এজনৰ পৰা আন এজনৰ কাণলৈ বাগৰি যোৱা; ক্রমাৎ প্রচাৰ হোৱা; মুখ বাগৰি প্রচাৰ হোৱা কাৰ্য অৰ্থাৎ কাণ বাগৰা কথা ।
* ইকুল-সিকুল= দুই কুল বা বংশ; পিতৃ-মাতৃৰ বংশ বা পিতৃ আৰু স্বামীৰ বংশ(both families)
ইকূল-সিকূল= ইপাৰ-সিপাৰ, দুয়ো পাৰ(both the banks) ।
* ইটি =এইটি(ওচৰত থকা সৰু বা আদৰৰ বস্তু বা মানুহৰ ক্ষেত্ৰত) ।
ইতি= এয়ে(this much); ইয়াতে অন্ত(here is the end); সামৰণি ।
* ইড়া= শাস্ত্রমতে মানুহৰ শৰীৰৰ ৰাজহাড়ৰ কাষত থকা নাড়ী বিশেষ ।
ইৰা= খাদ্য(Food), পানী(water) ।
* উক =শাম কাটি থকা ৰোগ নাইবা সুপ্ত হৈ থকা বিষয়ৰ পুনৰ প্রকাশ ।
ওক= এবিধ গছ; বাঁতি, ওকালি(vomiting) ।
*উদ্ধাৰ= বিপদ-আপদ আদিৰ পৰা ৰক্ষা কৰা কাৰ্য; ওপৰলৈ তোলা কাৰ্য ।
উধাৰ= পাছত দাম দিম বুলি বস্তু কিনা কাৰ্য; উঠনা; কালিয়ন ।
*উৰুমি= মতা পাৰ চৰাইৰ মাত; ৰুণ(cooing of a pigeon) ।
ঊৰুমি= কোৰ্হাল ।
* উত্তৰীয়= শৰীৰৰ ওপৰ ভাগত লোৱা কাপোৰ ।
উত্তৰীয়া= উত্তৰ দিশৰ পৰা অহা(বতাহ)-blowing from the North ।
* উপাস্তি= উপাসনা(worship)
উপাস্থি= কোমল হাড়; দেহৰ হাড় ।
* উল্লিখিত= আগেয়ে বা ওপৰত লিখিত বা ব্যক্ত(above mentioned; aforesaid)
উল্লেখিত= কোনো এঠাইত যিহৰ উল্লেখ কৰা হৈছে, তেনে(mentioned somewhere) । যেনে-পুৰাণ উল্লেখিত ।
* উল্লেখ= প্ৰাসংগিকভাৱে উনুকিওৱা কাৰ্য ।
উল্লেখ্য= উল্লেখ কৰিবলগীয়া ।
উস্= কষ্ট প্ৰকাশক মাত; ভাৱবোধক শব্দ বিশেষ ।
উহ=পানীৰ পুং; মাটিৰ তলৰ পৰা স্বাভাৱিকতে পানী ওলোৱা বিন্ধা বা ভুমুক; গুপ্ত কথাৰ সম্ভেদ (a clue) ।
* উৰ্= পাখিৰ সহায়েৰে আকাশত গতি কৰ; শূন্যত চল(to fly)
উৰঃ = বুকু; বক্ষস্থল ।
* উট= মৰুভূমিত বস্তু কঢ়িয়াবলৈ ব্যৱহাৰ কৰা পিঠিত এটা বা দুটা কুঁজ থকা দীঘল ডিঙিৰ জন্ত্ত (a camel); পানীত ওপঙি যা(to float) ।
উদ= এবিধ জলচৰ মৎস্যজীৱী মুগাবৰণীয়া জন্ত্ত (an otter)।
* উদাৰ= মহৎ; অকপট; ওখ আৰু বহল মনৰ ।
উদাৰা= সংগীতৰ স্বৰৰ এটা সপ্তক; মন্দ্র ।
উদৰ= পেট; গৰ্ভ ।
* উজল্= জিলিক্ (to shine)
উজ্জ্বল= জিলিকি থকা; পোহৰ বিকিৰণ কৰি থকা; জ্যোতিৰ্ময়(bright) ।
* উপযুক্ত = যোগ্য; লায়ক; যেনে হ’ব লাগে, তেনে।
উপৰ্যুক্ত= উপৰোক্ত, যিটো ওপৰত কোৱা হৈছে ।

(খণ্ড-৪)

*একচিতীয়া= এটা বিষয়ত যাৰ মন নিৱিষ্ট; একে কথাত মন লগোৱা; একচিত্ত ।
একচেটিয়া= এদনীয়া; কেৱল এজন ব্যক্তি বা এটা প্রতিষ্ঠানৰ আয়ত্তত থকা(Monopolistic; monopolized) ।
*এক-কথীয়া= নিজৰ কথা লৰচৰ নকৰা(sticking to one’s word) ।
একঠীয়া= একঠা বা আধা সেৰ ধৰা; দুহাত দীঘল(two cubit long) ।
*এসাঁজ= এবাৰত খাবৰ জোখাৰে আহাৰ।
এসাজ= ব্যক্তি-বিশেষৰ সম্পূৰ্ণ পোচাক(a complete dress)।
*এৰি= ত্যাগ কৰি; উপশম কৰি ।
এৰী= এৰাপাত খোৱা এবিধ পলু।
*এলাগি= অশুৱনি; কুশ্রী ।
এলাগী= স্বামীৰ অপ্রীতিভাজন স্ত্রী, অশুৱনী(a superseded wife) ।
*এদনীয়া= আজৰি, অন্য কাম কৰিবলৈ নথকা; একচেটিয়া।
এদিনীয়া= এদিন জুৰি হোৱা(যেনে-এদিনীয়া বিয়া);এদিনৰ(যেনে-এদিনীয়া চিনাকি) ।
*এনাই= নাইৰ সমান ওখ; নাইলৈকে তল যোৱা(navel-deep); বুঢ়ী আই।
এনেই= কাৰণ বা উদ্দেশ্য নোহোৱাকৈ(যেনে-এনেই আহিছোঁ); বিনা মূল্যে(যেনে- এক বস্তু এনেই পোৱা নাযায়) ।
*ওড়= ৰঙা জবা(hibiscus)।
ওৰ= অন্ত; শেষ(end, termination) ।
*ওষধি=এবাৰ ফল ধৰি মৰি যোৱা উদ্ভিদ(যেনে-কলগছ, ধান ইত্যাদি) ।
ঔষধি=দৰবৰ গছ-বন আদি(medicinal plants); ঔষধৰ গুণযুক্ত ।
*ওলম্= ওপৰফালে কোনো বস্তুত ধৰি আলাসতে ৰৈ থাক; আৰি থোৱাৰ দৰে থাক(to be hung or suspended) ।
*ওলোম= কোনো বস্তু উলম্বভাৱে থিয় হৈছেনে নাই তাক পৰীক্ষা কৰা যতন(a plumb-bob); ঘড়ীৰ দোলক( a pendulum) ।

 

(খণ্ড-৫)

* কঁটীয়া= বয়স অনুযায়ী নবঢ়া, চুটি চাপৰ(stunted in growth)
কতীয়া= কাতি মাহত হোৱা; আওঢলীয়া; হেলনীয়া; বেঁকা; কাতিহৈ থকা(inclining, slanting, oblique) ।
কটীয়া= কাঁটোতা(সদায় আন এটা শব্দৰ পাচত থাকে; যেনে-খৰিকটীয়া, কাঠকটীয়া)
কটিয়া= (খাবৰ ইচ্ছা নথকা সত্ত্বেও) বলেৰে মুখত ভৰাই দে; হাল বাওঁতে বেগাই যাবলৈ জোঙা এছাৰিৰে গৰু-ম’হৰ টিকাত খোঁচ্(to drive with a goad) ।
* কথা= উচ্চাৰিত শব্দ; উক্তি; বচন ।
কঁথা= বহুত ফটা কাপোৰ লগ লগাই সী লোৱা নিহালি; কেঁথা(a quilt made of old and torn clothes, rags) ।
* কটক= সেনা বাহিনী, ফৌজ(an army)
কতক= কত, কিমান(how many, how much) ।
* কঠ= কলমাৰলি বা কুঁহিলা আদিৰে কৰা আসন(a mat made of grass, cork etc.) ।
কথ= দৰব হিচাপে ব্যৱহৃত সিজাই উলিওৱা ৰস; খৈৰ কাঠ সিজাই উলিওৱা আঠা।
* কপালি= তিৰোতাই কপালত পিন্ধা এবিধ অলংকাৰ ।
কপালী= ভাগ্যৱান, কপলীয়া(fortunate, lucky) ।
* কমনিয়া= পানীৰ ওপৰত সাঁতুৰি ফুৰ( মাছত খাটে); দুখত বা আপদত পৰি বিবুদ্ধি হৈ ফুৰ্ ।
কমনীয়া=(বিণ) পানীৰ ওপৰত সাঁতুৰি ফুৰা; যেনে- কমনীয়া মাছ; মনোমোহা তিৰোতা ।
* কঁৰীয়া= তিৰোতাই কাণত ওলোমাই পিন্ধা এবিধ অলংকাৰ; গৰু-ম’হৰ গাখীৰ খীৰোৱা চুঙা(a receptacle used in milking) ।
কঁড়িয়া= কড়ি মাৰ্ বা প্রহাৰ কৰ(to shoot with an arrow)
কৰিয়া= আধা পোৰা; নীৰস হৈ টান মৰা(half-burnt, dry); নাও বন্ধা কণাৰি।
* কৰী= হাতী ।
কড়ি= এবিধ পুৰণি খেল।
* কাঁচি= ন-কৈ ৰোৱা আৰু সঁজাল নধৰা-কঠীয়া(as newly transplanted rice seedlings); দৈ হ’বলৈ ধৰা গাখীৰ(beginning to curdle); নতুন (জোন)।
কাচি= শস্য বা ঘাঁহ আদি কটা মুখত দাঁৰ থকা এবিধ কটাৰী(a sickle) ।
* কাঠ= উদ্ভিদৰ কঠিন অংশ; কামত খটাবলৈ কটা বা ফলা গছৰ টুকুৰা(timber, wood) ।
কাথ=কায়স্থ কুল ।
* কাণ= শ্রৱণেন্দ্ৰিয়; পাত্রৰ মুখৰ দাঁতি বা মোকোটোৱা ভাগ(the rim of a vessel); কাষ, দাঁতি(the edge), যেনে- নৈৰ কাণ, চৰুৰ কাণ।
কান= বা-বিচনীৰ ওপৰৰ অংশ; বাহুমূল; কান্ধ(the shoulder); টোলোঠাৰ দুইমূৰে দিয়া বিন্ধা; খুটাৰ মূৰত কটা খোপ(the notch at the top of a post) ।
* কানি= ফটা কাপোৰ(a piece of rag); আফিং; আফু গছৰ পৰা কৰা ৰাগিয়াল দ্রব্য(opium)।
কাণী= চকুৰে নেদেখা তিৰোতা ।
* কৰণি= পূজাৰ কাৰণে ফুল থোৱা কাঠৰ বা বাঁহৰ ঠেং লগা মুকলি পাত্র বা আধাৰ; ৰজমিস্ত্রীৰ সঁজুলি- বিশেষ, কৰ্ণি(a trowel) ।
কৰণী= যি সংখ্যাৰ মূল শুদ্ধভাৱে উলিয়াব নোৱাৰি; গনিতত মূল উলিয়াবলগীয়া ৰাশিৰ আগত দিয়া চিন (a sign of root) ।
* কাটি= ছেদ কৰি; কৰ্তন কৰি ।
কাতি= এটা অসমীয়া মাহৰ নাম(বছৰৰ সপ্তম মাহ); গাৰ দাঁতি; এফলীয়া; একাষৰীয়া;
কাতী= কেঁচি(a pair of scissors) ।
*কাৰ= কোনজন ব্যক্তিৰ(whose) ।
কাঁড়= ধনুৰ শৰ(an arrow)।
কাৰ্= উৰাল বা ঢেঁকীত চাউল, মাহ আদিৰ মলি গুচাই পৰিষ্কাৰ কৰ (to clean rice etc. on mortar or Dhenki; to husk) ।
*কাঠী= কাঠ বা বাঁহৰ পাতল, দীঘল, চেপেটা শলা; দুহাত পৰিমাণৰ দৈৰ্ঘ্য; তাঁত-বাটি কৰোঁতে ব্যৱহৃত দুহাত দীঘল ছিৰী।
কাঁথি= ঘৰৰ চালৰ তলৰ দাঁতিত আৰু বেৰৰ বাহিৰে বঢ়াই ৰখা ঠাই; আগচালি; আওলা;(eaves of a house, a veranda); পিৰালি( a projection of a mud -plinth) ।
* কাঁড়ী = কাঁড় মাৰোঁতা; ধনু- কাঁড়লৈ যুঁজ কৰোঁতা( an archer)
কাঁৰী= উৰাল বা ঢেঁকীত পৰিষ্কাৰ কৰা; কঁৰা(cleaned, husked)।; গোবৰৰ দ’ম(a dung-hill)।
* কালি= পাৰহৈ যোৱা দিনটো(yesterday); মুখেৰে ফুৱাই বজোৱা এবিধ মুখ- বহল তাম বা পিতলৰ বাদ্য(a clarion); ক্ষেত্ৰফল(area); মাছ খোঁচা এবিধ যাঠী; মহী, চিয়াঁহী(ink)
কালী= দুৰ্গাদেৱৰ এটা ৰূপ।
* কিস্তি= দিবলগা ধনৰ এটা অংশ(an installment)
কৃষ্টি= কৰ্ষণ; চাহ কৰণ; খেতিৰ কাৰণে মাটি যুগুত কৰা কাৰ্য; সংস্কৃতি( a pattern of social behavior) ।
* কুশাসন= কুশ বনেৰে তৈয়াৰী আসন।
কু- শাসন= বেয়া বা অপ শাসন ।
* কুট = সৰু সৰুকৈ কাট ; দাঁতেৰে অপল অলপকৈ ছেদন কৰ্(যেনে নিগনিয়ে কাপোৰখন কুটিলে) ।
কূট= কপট, সত্যৰ গোপন; কুটিল ; জটিল(crooked, complex, inscrutable); পৰ্বতৰ টিং( a mountain peak) ।
* কুল= বংশ; জাতি, শ্রেণী( a family, a caste, a race) ।
কূল= নৈ বা সাগৰৰ পাৰ; তীৰ( a shore, a bank)।
* কৃতি= কাৰ্য, নিৰ্মাণ, ৰচনা, সম্পাদিত কৰ্ম; খ্যাতি(fame)।
কৃতী= কৰ্ম-কুশল, যি কৰ্মত সফল হৈ খ্যাতি লাভ কৰিছে, তেনে; জ্ঞানী ।
* কুলি= চৰাই- বিশেষ(the cuckoo, the koel)।
কুলী= বনুৱা ।
* কুচি= তৃণ বা কাঠীৰে সজা বাঢ়নীৰ দৰে এবিধ সঁজুলি( a brush)।
কুছি= গাঁৱৰ চুবুৰি; জন-বসতি( a part of a village)
কূঁচি= ইকৰাৰ নিচিনা এবিধ তৃণ(a kind of reed)।
* কোণ= চুক(corner); গণিতত দুডাল ৰেখা মিলিত হৈ উৎপন্ন কৰা চুক(an angle)।
কোন= পৰিচয় সোধা শব্দ(who) ।
* ক্রিয়া= কৰ্ম; কাম(an act); ধৰ্ম-কাৰ্য; শ্রাদ্ধ আদি(a rite)।
ক্রীয়া= খেল-ধেমালি(games & sports)।
* কাচ= টনি বান্ধ(to tie tightly); সাজপাৰ কৰ্(to dress); ৰাসায়নিক প্রক্রিয়াৰে প্রস্তুত এবিধ স্বচ্ছ কঠিন পদাৰ্থ(glass)।
কাছ= কূৰ্ম; দেহত বৰ্ম থকা এবিধ উভচৰ চাৰিঠেঙীয়া জন্তু(a tortoise,turtle)।
*কণা=চকুৰে নেদেখা; দৃষ্টিহীন(blind,sightless); ক্ষুদ্ৰ অংশ(small particle)।
কনা=এবাৰত কান্ধত লৈ নিব পৰা খাগৰি বা কুঁহিয়াৰৰ মুঠা ।
*ক’লা= এঙাৰ বৰণীয়া,কৃষ্ণবৰ্ণ(black)।
কলা= চন্দ্রৰ ষোলভাগৰ এভাগ; শিল্প বিদ্যা(art); কাণেৰে নুশুনা(deaf); ক’ল, এবিধ গছ আৰু তাৰ ফল(banana); শিমলুৰ তুলা আৰু গুটিৰ ভঁৰাল(the pod of the silk cotton tree); দেহৰ বিভিন্ন উপাদান স্বৰূপ তন্ত্ত(tissue)।
* কেও, কেউ= কোনো; কোনো এটাও(সদায় নঞৰ্থক ব্যৱহাৰ হয়)।
কেঁও=থোৰৰ ভিতৰৰ কোমল পাত(the leaf in a bud); কোমল তামোলৰ বেটুৰ ভিতৰত থকা কোমল অংশ।
* কোপ= খং,ক্রোধ, ৰোষ(anger, offence)।
কূপ= নাদ; জলাশয়( a well; a pond) ।
* কূটি= নাঙলৰ মূৰৰ মুঠি(the part o a plough held in the hand by the plough-man)।
কুটি= হাঁহি তোলা কথা বা কাম; হাঁহি তুলিবৰ বাবে আনৰ কথা, চেহেৰা বা আচৰণৰ অনুকৰণ কৰি দেখুওৱা কাৰ্য(drollery; caricature)।
কোটি= এক লাখ; কৌটি(one crore)|

10 thoughts on “প্ৰায় সমোচ্চাৰিত শব্দ, ভিন্ন অৰ্থ (লক্ষেশ্বৰ হাজৰিকা)

  • December 19, 2018 at 9:05 pm
    Permalink

    খিৰিকী

    Reply
  • June 9, 2019 at 8:33 pm
    Permalink

    ভাল পালো পঢ়ি

    Reply
  • June 20, 2019 at 10:00 am
    Permalink

    থোপোকাৰ অৰ্থ কি হয়???

    Reply
  • October 1, 2019 at 10:22 am
    Permalink

    চহা মানে কি বুলি কব পাৰি?

    Reply
  • July 21, 2020 at 7:56 pm
    Permalink

    পথাৰ ৰ সমাৰ্থক শব্দটো কি?

    Reply
  • September 12, 2021 at 8:49 pm
    Permalink

    ধুতি-ধূতী অৰ্থ কি হ’ব?

    Reply
  • February 1, 2023 at 9:50 pm
    Permalink

    কলি -ক’লী শব্দৰ অথ কি?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!