প্ৰেমঘাট (কৌশিক বৰা)

Koushik Borah

‎–

মোৰ কেঁচা কলিজাৰ তুমি প্ৰহেলিকা নাৰী..
ওঁঠত সজোৱা এটা নীলা হাঁহি …
হাঁহিত জিলিকে এটি হিয়াভৰা গান.
মোৰ প্ৰেমঘাটত ওঁঠৰ হাঁহি ওমলে..
গানে কয়,”মোকো নিয়া, ভালপোৱাৰ অচিন ঘাটত ময়ো তিঁতো”

প্ৰেমজলত জিলিকে প্ৰহেলিকা নাৰীৰ চকুহালি..
তাতে এটি নীলা হাঁহি আৰু এটি গানৰ জলকেলি…
জলমগ্ন হৈ আপোনপাহৰা সিঁহত..
চাৰিওপাশে পিয়াপি দি ফুৰিছে নিৰ্জনতাৰ শেলুৱৈয়ে..

হে প্ৰহেলিকা নাৰী,
খুপি খুপি পাবাহি মোৰ প্ৰেমঘাট
চাবা…. তুমি পিছলি পৰিবা..
মোৰ ভালপোৱাৰ যে শেলুৱৈ-পিছল বাট..

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!