প্ৰেমৰ জোখ মাখ : প্ৰসেনজিত গোস্বামী

তুমিয়েই কৈছিলা,

তুমি জুখিব খোজা
মোৰ প্ৰেমৰ গভীৰতা৷
দৰাচলতে মই ভবাই নাছিলোঁ
হৃদয়ৰো যে
দীঘ প্ৰস্থ আৰু উচ্চতা আছে৷
কেনেকৈ বুজাম তোমাক
মোৰ দীঘত তোমাৰ উশাহ
প্ৰস্থত তোমাৰ হুমুনিয়াহ আৰু
উচ্চতাত তোমাৰ আকাংক্ষা থাপিছোঁ
তোমাক উবুৰিয়াই দিছোঁ
মোৰ ত্ৰিমাত্ৰিক হৃদয় খন
যিমান জুখিবৰ মন জোখা
কেৱল তোমাকেই পাবা৷
আৰু পাবা ভাল পোৱাৰ বিশালতা
লগতে বিশ্বাসৰ আস্বাদন৷
পাৰিব জানো জুখিব
মোৰ হৃদয়খন তুমি,
তোমাৰ হৃদয়ৰ গভীৰতাৰে৷
তুমিওতো নাজানা
কিমান তোমাৰ হৃদয়ৰ গভীৰতা৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!