প্ৰেমৰ লগত ঘনিষ্ঠ প্ৰেম যাৰ –মূল হিন্দী – বিকাশ জৈন ভাবানুবাদ -বিকু বৰা

 

এদিন এগৰাকী মহিলাই ঘৰৰ বাহিৰলৈ ওলাই আহি তিনিজন সাধুক দেখা পালে । তেওঁলোকক মহিলাগৰাকীয়ে চিনি পোৱা নাছিল ।
মহিলা গৰাকীয়ে ক’লে, “অনুগ্ৰহ কৰি ভিতৰলৈ আহক আৰু ভোজন কৰি যাওক ।”
সাধু এজনে সুধিলে, “তোমাৰ স্বামী এতিয়া ঘৰত আছেনে ?”
মহিলাগৰাকীয়ে উত্তৰ দিলে, “নাই, তেখেত এইমাত্ৰ ওলাই গৈছে ৷”
সাধুজনে ক’লে, “আমি তেখেত ঘৰত থাকিলেহে সোমাব পাৰিম ।”
আবেলি পৰত মহিলা গৰাকীৰ স্বামী ঘৰলৈ আহিল আৰু তেতিয়া মহিলাগৰাকীয়ে এই সকলোবিলাক কথা বিবৰি ক’লে ।
মানুহগৰাকীৰ স্বামীয়ে কথা খিনি শুনি ক’লে, “যোৱা, মই ঘৰলৈ আহিলোঁ বুলি তেওঁলোকক কোৱাগৈ আৰু আদৰ-সাদৰ কৰি ভিতৰলৈ আমন্ত্ৰণ কৰি আনাগৈ ।”
মহিলাগৰাকী বাহিৰলৈ গ’ল আৰু তেওঁলোকক ভিতৰলৈ আহিবলৈ অনুৰোধ কৰিলে । তেতিয়া এজন সাধুৱে ক’লে, “আমি কাৰো ঘৰলৈ একেলগে নাযাওঁ ৷”
“কিন্তু, কিয় ?”, মহিলাগৰাকীয়ে সুধিলে ৷
তেওঁলোকৰ মাজৰ এজন সাধুৱে ক’লে, “মোৰ নামটো হল ‘ধন’ । পুনৰ তেওঁ অন্য দুজনৰ ফালে দেখুৱাই ক’লে, “এই দুজনৰ এজনৰ নাম ‘সফলতা’ আৰু আনজনৰ নাম ‘প্ৰেম’ ৷ আমাৰ মাজৰ পৰা কোনোবা এজনহে ভিতৰলৈ আহিব পাৰিব । গতিকে, আপুনি আমাৰ কোনজনক ভিতৰলৈ আমন্ত্ৰণ কৰা হ’ব, তাক ঘৰৰ অন্য সদস্যৰ লগত আলোচনা কৰি সিদ্ধান্ত কৰক ।”
মহিলাগৰাকী ভিতৰলৈ গৈ গিৰীয়েকক এই সকলো কথা কলেগৈ ।
কথাটো শুনি গিৰিয়েকে বহুত আনন্দ পালে আৰু ক’লে, “যদি এইটোৱেই হয়, তেন্তে আমি ‘ধন’ক আমন্ত্ৰণ কৰা উচিত ৷ আমাৰ ঘৰখন সুখেৰে ভৰি পৰিব ।”
কিন্তু মহিলাগৰাকীয়ে ক’লে, “মোৰ মতে আমি ‘সফলতা’কহে আমন্ত্ৰণ কৰা উচিত হ’ব ।”
তেওঁলোকৰ জীয়েকে অন্য এটা কোঠাৰ পৰা এই সকলো খিনি কথা শুনি আছিল । তাই তেওঁলোকৰ কাষলৈ আহিল আৰু ক’লে, “মোৰ বোধেৰে আমি ‘প্ৰেম’কহে আমন্ত্ৰণ জনোৱা উচিত হ’ব ৷ কিয়নো, প্ৰেমতকৈ ডাঙৰ কোনো হ’ব নোৱাৰে ।”
“তুমি উচিত কথাই কৈছা । আমি প্ৰেমকে আমন্ত্ৰণ কৰা উচিত হ’ব ।”, মাক-দেউতাকে ক’লে ।
মহিলাগৰাকী ঘৰৰ বাহিৰলৈ আহিল আৰু সাধু কেইজনৰ ফালে চাই সুধিলে, “আপোনালোকৰ মাজৰ যিজনৰ নাম ‘প্ৰেম’, তেওঁ কৃপা কৰি আমাৰ ঘৰলৈ আহক আৰু ভোজন গ্ৰহণ কৰক ।”
‘প্ৰেম’ ঘৰৰ ভিতৰলৈ আগবাঢ়িল আৰু তেওঁৰ পাছে পাছে আন দুজনো যাবলৈ ধৰিলে ৷
তেতিয়া মহিলাগৰাকী আচৰিত হৈ সাধু দুজনক সুধিলে, “মই কেৱল ‘প্ৰেম’কহে আমন্ত্ৰণ জনাইছিলোঁ, আপোনালোক দুজন লগে লগে কিয় আহি আছে ?”
তেওঁলোকৰ মাজৰে এজনে ক’লে, “যদি আপুনি ‘ধন’ বা ‘সফলতা’ মাজৰে কোনো এজনক আমন্ত্ৰণ জনালে হেঁতেন, কেৱল সেইজনহে ভিতৰলৈ গ’লহেঁতেন । এতিয়া আপুনি ‘প্ৰেম’ক আমন্ত্ৰণ জনাইছে । ‘প্ৰেম’ কেতিয়াও অকলে নাযায় । ‘প্ৰেম’ য’লৈকে যাব, ‘ধন’ আৰু ‘সফলতা’ও তেওঁৰ পাছে পাছেই যাব ।”
——————————————-

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!