পৰজীৱী (দীপাঙ্কৰ গগৈ)

পৰজীৱী

দীপাঙ্কৰ গগৈ

“দে’তা মাম খাম” শব্দ কেইটা বাৰে-বাৰে মগজুত খুন্দা মাৰি আছে…. ঘাটমাউৰা ছোৱালী… অপুষ্টিত তাইৰ দুবছৰীয়া দেহাটো হাড়ে-ছালে একাকাৰ হৈ পৰিছে। তাহাতৰ দৰে মানুহৰ কাৰনে অপুষ্টি কোনো দাঙৰ কথা নহয়; কিয়নো দুবেলা দুমুঠি কিয় দিনটোত এমুঠি অন্নৰ কাৰনেই যে হহাকাৰ।

তিনিদিন হ’ল কাম বিছাৰি হাবাধুৰি খাই ফুৰা, কোনো মানুহে তাৰ ৰুগীয়া দেহাটোৰ বাবে কাম দিব নিবিছাৰে। আগতে হাজিৰা কৰি পোৱা পঞ্চাশ টকা কালিয়েই শেষ হ’ল। ফুটপাঠৰ কাষৰ তাৰ ফটা পলিঠিনৰ পজাটোত বাহী ব্ৰেডৰ টুকুৰা দুটাৰ বাহিৰে খুদকন এটাও নাই তাইৰ মুখত দিবলৈ।

ৰাতি বাহী ব্ৰেডৰ টুকুৰা এটাৰ বাহিৰে তাইৰ পেটলৈ আৰু একো যোৱা নাই। ৰাতিপুৱা যেনেকৈ নহয় কৰবাত হাজিৰা কাম এটা যোগাৰ কৰিবই লাগিব বুলি নিজৰ ভাগৰ ব্ৰে়ড টুকুৰা তাইৰ বাবে সাচি থৈ সি পানী খায়েই শুই থাকিল।

ৰাতিপুৱা সি টোপনিৰ পৰা সাৰ পোৱাৰ অলপ পাছতেই জীয়েকো সাৰ পালে আৰু চকু মেলিয়েই ভুকতে “দে’তা মাম খাম, দে’তা মাম খাম” বুলি কবলৈ ধৰিলে। সি তাইক যোৱাৰাতি সাচি থোৱা ব্ৰেড ডোখৰ পানীৰে সৈতে খাবলৈ দি তাইক জুপুৰীটোতে অকলে ৰাখি কাম বিছাৰি বুলি ওলাল, যোৱাৰ আগে আগে তাই কৈছে “দে’তা মাম আনিবা দেই”।

আজি দেখোন আনদিনাৰ দৰে মানুহ দেখিবলৈ নাইয়েই যে! মাত্ৰ চাৰিআলিটোত পান ঘুমটি খনহে খুলিছে। চাৰিআলিটোতেই দিনহাজিৰা বিছাৰি অহা সকলো মানুহ গোট খাইহি।দূৰৈৰ পৰা মটৰচাইকেল দুখনমান আহি থকা যেন ভাৱ হ’ল। সি অলপ খৰখোজেৰে সেইদিশলৈ আগবাঢ়িব ধৰিছে, বেলেগতকৈ অলপ আগত পালে কিজানি কাম এটাৰ জোগাৰ হয়েই ! পান ঘুমটি খন পোৱাৰ আগত থকা পৌৰসভাৰ ডাষ্টবিনটোৰ ওচৰে-পাজৰে থকা কুকুৰে কেইটাই তাৰ পাছে পাছে এনেয়েই আহি থাকিল ; অলপ পাছত কোনোবা এজন মানুহে পলিঠিন বেগত খুৱ সম্ভৱ ছোৱা ভাত পেলাবলৈ অহা দেখি তাৰ লগ এৰি মানুহজনৰ পিছে পিছে লাগি গ’ল। তাৰ পেটতো ভুকত কলমতিয়াবলৈ ধৰিলে।

সি দোকানখন পাবলৈ অলপ থাকোতেই দুই তিনিজনকৈ লৰাই চাৰিখন মান মটৰ চাইকেলত আহি হঠাতে দোকানখনৰ আগত নামি দুজনমানে দোকানখনৰ পৰা দোকানীজনক বুকুত ধৰি টান মাৰি উলিয়াই আনিছে আৰু বিনা বাক্য ব্যয়ে চৰ গোৰ শোধাবলৈ আৰম্ভ কৰিছে। সি দেখিলে যে তাৰে দুজনমানে তাৰফালেও চোছামাৰি আহিছে, সাম্ভাব্য বিপদৰ অনুমান কৰি অলপ পিছুৱাই যাব লওঁতেই সিহতকেইতাই তাক গতিয়াই বগৰাই পেলালে। কুকুৰ কেইটাই হঠাতে কি হল ধৰিব নোৱাৰি অলপ আতৰলৈ দৌৰি গৈ দুৰৰ পৰাই আলেখ চালে। বাগৰি পৰাৰ পাছতেই তাৰ ওপৰত গোৰ-লাঠৰ প্ৰভাব পৰিবলৈ আৰম্ভ হ’ল। সি তাক কিয় মাৰিছে সিতো কাৰো একো অপকাৰ কৰা নাই, হাজিৰা কাম বিছাৰিহে ইয়ালৈ আহিছিল বুলি কোৱাত লাঠ-গোৰৰ মাজতে এটাই কৈছে মূল্যবৃদ্ধিৰ বিৰুদ্ধে বন্ধ দিছো গম নাপাৱ বন্ধৰ দিনতো কাম কৰিবলৈ ওলাই আহিছ বুলি কৈ আধামৰা কৰি তাক তাতে এৰি গুছি গৈছে।
সি কোনোমতে চুছৰি ডাষ্টবিনটোৰ কাষতে আওজি ৰ’ল। বিষৰ লগতে পেটৰ ভোকৰ জ্বালাই তাৰ সৰ্বশৰীৰ পিষ্ট কৰি পেলাইছে। তেনেতে সি দেখিছে যে অলপ আগতে আতৰি যোৱা কুকুৰ কেইটাই আহি পলিঠিন কেইটা টানা আজোৰা কৰোতে এটা পলিঠিন ফাটি তাৰ পৰা ভাত ছিটিকি পৰিছে আৰু তাৰ মুৰটো আচন্দ্ৰাই ধৰাৰ লগতে “দে’তা মাম খাম, দে’তা মাম আনিবা দেই” শব্দ কেইতাই পাক ঘূৰনী খাব ধৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!