পৰাগ কুমাৰ দাসক সুঁৱৰিছোঁ

কৌশিক জ্যোতি গগৈ

অসমীয়া জাতি আৰু সমাজখনৰ ভৱিষ্যত নিৰাপত্তা তথা উত্তৰণৰ বাবে নিৰ্ভীকভাৱে থিয় হোৱা পৰাগদা আজিও জীয়াই আছে প্ৰতিজন সচেতন অসমীয়াৰ মাজত। দিন দুপৰতে পৰাগদাক হত্যা কৰা হ’ল, ঘাটক বুলি কেইজনমনক আটক কৰাও হ’ল। এটা দুটাকৈ ১৭টা বছৰ বাগৰিল, কিন্তু আজিলৈকে তেওঁৰ প্ৰকৃত হত্যাকাৰীক চিনাক্ত কৰিব নোৱাৰাটো সঁচাই অতি পৰিতাপৰ বিষয়। দেশৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থা চি.বি.আই. এই হত্যাকাণ্ডৰ প্ৰকৃত দোষীৰ শুংসুত্ৰই উলিয়াব নোৱাৰিলে। দোষী বুলি কৰায়ত্ত কৰা কেইজনক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা কেইজনৰ নাম কেইটা আজিও পোহৰলৈ নাহিল। প্ৰশ্ন হয়, ইয়াক বাৰু গাপ দিবলৈ খোজা সকল শাসক গোষ্ঠী আৰু ইয়াৰ ছত্ৰছায়াত থকা বণিয়া, আমোলা বা ৰাজনীতিৰ দালালসকল নেকি? যদি নহয়, তেন্তে ভাৰতবৰ্ষৰ দৰে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ ন্যায়ালয়ৰ মজিয়াত কিয় আজিও ইয়াৰ বিচাৰ সম্পূৰ্ণ নহ’ল?

জাতিটোৰ বাবে পৰাগদাৰ মৃত্যু কিমান বৃহৎ ক্ষতি, কথাটো অনুধাৱন কৰা কঠিন। তেখেতৰ যুক্তিভৰা লিখনি, পদক্ষেপ আৰু পৰ্য্যালোচনাই শাসক গোষ্ঠীক ব্যতিব্যস্ত কৰি তুলিছিল। তেখেতৰ “স্বাধীনতাৰ প্ৰস্তাৱ” নামৰ কিতাপ খন আজিও নিষিদ্ধ। তাত বাৰু কি আছিল, যিয়েনেকি এচাম লোকৰ মনত চিন্তাৰ অৱতাৰণা কৰাইছিল। হয়তো এনে কিছু কথা আছিল যিয়েনেকি অসমীয়া জাতিক নিদ্ৰাৰ পৰা জগাই দিলেহেঁতেন আৰু অসমীয়াক বহু দূৰলৈ আগুৱাই লৈ গ’লহেঁতেন। শেষত তদন্তৰ ফলাফল যিয়েই নহওঁক আমি পৰাগ দাক আমাৰ মাজত জীয়াই ৰাখিম আমাৰ আদৰ্শ হিচাপে।

 

দেৱব্ৰত গগৈ

মাথোন ৩৫ বছৰ বয়সতে মানুহজনে এটা শাসন ব্যৱস্থাক অকলেই প্ৰত্যাহ্বান জনাইছিল। সেই প্ৰত্যাহ্বানক যুক্তিৰে ভেঁটিব নোৱাৰি শাসক গোষ্ঠীয়ে দিন দুপৰতে তেখেতক হত্যা কৰিলে। হত্যাকাৰীৰ পৰাই আকৌ সেই হত্যাৰ তদন্ত আৰু ন্যায় আশা কৰাটো চূড়ান্ত মুৰ্খামি। প্ৰয়াত পৰাগ কুমাৰ দাসৰ হত্যাৰ তদন্ত যিমান দিনলৈকে সম্পূৰ্ণ নহয় সিমান দিনলৈকে আমি ভাৰতীয় ন্যায় আৰু কাৰ্য্যব্যৱস্থাক সদায় সন্দেহৰ চকুৰে চাবলৈ বাধ্য।

সেয়ে পৰাগ কুমাৰ দাসক হত্যা কৰা দিনটোত সদায় কোৱাৰ দৰেই আজিও কম –

“মৰমৰ পৰাগদা, তোমাৰ অবিহনে আমি সোতৰটা বছৰ পাৰ কৰিলোঁ। আজিলৈকে আমি নাজানিলোঁ বা জনাৰ চেষ্টা নকৰিলোঁ যে তোমাক কোনে আমাৰ মাজৰ পৰা আঁতৰাই লৈ গ’ল। কিন্তু এটা কথা জানোঁ যে তোমাক যিসকলে হত্যা কৰিলে সেইসকল নপুংসক হয়”।

আমি পৰাগদাক আমাৰ বুকুৰ মাজত চিৰদিন, চিৰকাল আলফুলকৈ জীয়াই ৰাখিম।

 

দিগন্ত লাহন

পৰাগ দা’ৰ বিষয়ে বছৰটোৰ মূৰত কালি দিনটোত হেঁপাহ পলোৱাই পঢ়িলোঁ ফেচবুক, পেপাৰ পত্ৰ আদি সকলোতে। টিভিতো দেখিলোঁ, শুনিলোঁ পৰাগ দাৰ বিষয়ে। বহুতে আন কোনোবাই পৰাগ দাৰ কথা কৈ থাকোতে আজি তেখেতৰ মৃত্যু তিথি বুলি গম পাই সৰুকৈ ফেচবুকত আপডেট এটা হ’লেও দি কিবা এটা কব খুজিছে। পৰিতাপৰ কথা যোৱাকালি ফেচবুকতো দেখিলোঁ পৰাগ দাৰ বিষয়ে যিবোৰ Status পালোঁ তাক like comment ৰে যদি জুখি চোৱা হয় তেতিয়া কিন্তু তুলনামূলক ভাৱে আৰু হতাশজনক ভাৱে অসমীয়াৰ কথা কোৱা এইজন আপোচহীন নিৰ্ভীক অসমীয়াৰ বিষয়ে ফেচবুকত দিয়া আপডেটবোৰতো ৰাইজক যেনেকৈ দেখা পোৱাৰ আশা আছিল তেনেদৰে দেখা নগ’ল। আচল কথালৈ আহোঁ – ইংৰাজীত কোৱাৰ দৰে unofficially সকলোৱেই জানে পৰাগ দা’ৰ হত্যাকাৰী কোন বা কিয় হত্যা কৰা হৈছিল। এতিয়া কথাটো হ’ল এনেদৰেই গোচৰটোৰ তদন্ত আৰু বিচাৰৰ নামত এক দীঘলীয়া সময়ৰ আচিলা লৈ ইয়াক ক্ৰমশঃ মানুহৰ মনত বিলুপ্তপ্ৰায় কৰাৰ কৌশলত যে চৰকাৰ, প্ৰশাসন, তদন্ত সংস্থা, আইন ব্যৱস্থা সকলো একগোট হৈ নামি পৰিছে। ই যেন এতিয়া সকলোৱে জনা কথা হৈ পৰিছে। টিভিত যোৱাকালিও বাতৰিত শুনিলোঁ আজি অতবছৰে পৰাগ দাসৰ হত্যাকাৰী ধৰা নপৰিল, চিবিআয়ে একো শুংসুত্ৰ উলিয়াব নোৱাৰিলে আৰু ন্যায়ালয়ে একো শাস্তি দিব নোৱাৰিলে। কিমান পৰিতাপৰ কথা ভাবক চোন। দেশৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থা এটাই যদি এনেকুৱা হয় গৈ তেন্তে ৰাইজে কাৰ মুখলৈ চাব, ন্যায়ৰ নামত কোনখন ন্যায়ালয়লৈ? চিবিআয়ে সকলো ধৰিব পাৰে ইচ্ছা কৰিলে, এয়া সকলোৱে জনা কথা। কিন্তু এইটো কথাও এতিয়া সকলোৱে জনা কথা হৈ পৰিছে চিবিআই নামৰ এই সংস্থা কাৰ হাতৰ পুতলা। এতিয়া ন্যায়ালয়লৈ ন্যায়ৰ আশাত দৌৰিছে কেৱল পৰিয়াল বৰ্গহে। পৰাগ দাসৰ যি চিন্তা ধাৰা আছিল আজি তাক পদে পদে সচেতন মানুহে অভাৱ অনুভৱ কৰে। তেওঁ যি বৰঙণি যোগাই থৈ গ’ল সেয়া অসম আৰু অসমীয়াৰ সম্বল হয়। এদিন অসম আৰু অসমীয়াই আকৌ হিয়া ধাকুৰি কান্দিব লাগিব- পৰাগ দাৰ কথা মনত পেলাই; সেই দিন সমাগত। গতিকে মই কব খোজা কথাটো হল – আমি মাত্ৰ বছেৰেকৰ এই এটা দিনতে এই আলোচনা কৰি দায় সাৰি থব খোজা এই স্বভাৱটোও কিন্তু বহু পৰিমাণে জগৰীয়া তেওঁৰ বিচাৰ প্ৰক্ৰিয়াটোত। সেয়ে তেওঁৰ বিষয়ে নিৰন্তৰ আলোচনা কৰাৰ এক পৰিৱেশ তৈয়াৰ কৰিব লাগে বাতৰি কাকত, টিভি, ফেচবুক আদিত আৰু অসমত যিদৰে বিভিন্ন ইছ্যু লৈ দিছপুৰত বিভিন্ন সংগঠনে আন্দোলন কৰি প্ৰাপ্য আদায়ৰ চেষ্টা কৰি আহিছে পৰাগ দাৰ বাবেও কিছু সচেতন সংগঠনে অসমবাসীক লগত লৈ চৰকাৰ কঁপাই দিব লাগে যাতে চৰকাৰ, প্ৰশাসন, আইন ব্যৱস্থাৰ গা লৰে নহলে পৰাগ দাসৰ বিচাৰ এটা সাধাৰণ হত্যাকাণ্ডৰ দৰেই গাপ দি দিয়া হ’ব। পৰাগ দাসৰ হত্যাকাণ্ড সাধাৰণ নহয় এই হত্যাকাণ্ডই অসমীয়াৰ এটা অংগক্ষত কৰি থৈ গ’ল।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!