পৰিষ্কাৰ−পৰিচ্ছন্নতা আৰু গ্ৰীষ্ম কালত লব লগা সতৰ্কতাৰ বিষয়ে দুআষাৰ- (ডা: ভূপেন শইকীয়া)

স্বাস্থ্য কথা : পৰিষ্কাৰ−পৰিচ্ছন্নতা আৰু গ্ৰীষ্ম কালত লব লগা সতৰ্কতাৰ বিষয়ে দুআষাৰ
– (ডা: ভূপেন শইকীয়া)

চাবোন (soap) আজি আমাৰ জীৱনৰ অপৰিহাৰ্য্য দ্ৰব্য৷ ইয়াৰ বুৰঞ্জী অতি প্ৰাচীন৷ খৃষ্টপূৰ্ব ২৮০০ চনৰ বেবিলন সভ্যতাৰ দিনৰ পৰা চাবোন মানুহৰ সংগী হৈ থকাৰ প্ৰমাণ পোৱা গৈছে৷ তেতিয়া ইয়াক তৈয়াৰ কৰা হৈছিল জন্তুৰ চৰ্বিক ছাইৰ সৈতে উতলাই৷ খৃষ্টপূৰ্ব ২২০০চনত জন্তুৰ চৰ্বিৰ সলনি কেচিয়া গছৰ তেলক পানী আৰু খাৰৰ সৈতে মিহলাই সিজাই চাবোন তৈয়াৰ কৰা পদ্ধতিৰ আৰম্ভ হ’ল৷ খৃষ্টপূৰ্ব ৫৫৬−৫৩৯ চনত বেবিলন সভ্যতাৰ শেষ সম্ৰাট নবোনিডাচৰ দিনত চাইপ্ৰাচ তেল, চিচামি তেল আৰু ছাইৰ দ্বাৰা তৈয়াৰী চাবোন দাসীবিলাকক শিলৰ আচবাব পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰিব দিয়া হৈছিল৷
SOAP শব্দটো লেটিন SAPO ৰ পৰা উদ্ভৱ হৈছে৷ খৃষ্টপূৰ্ব ৩১২ চনৰ পৰা প্ৰচলিত এটি কাহিনী অনুসৰি ৰোমানসকলে চেপো পৰ্বতত নানা জন্তু উৎসৰ্গা কৰিছিল৷ মুকলি জুইত জন্তুৰ মাংস সিজাওঁতে চৰ্বিবিলাক জুইত পৰি ছাইৰ সৈতে মিহলি হৈছিল৷ বৰষুণৰ পানীৰ সৈতে সেই ছাই উটি গৈ টিবাৰ নৈৰ পলসৰ সৈতে মিলি গৈছিল৷ ৰোমান মহিলাসকলে সেই পলস মাটি ব্যৱহাৰ কৰিছিল অনায়াসে শৰীৰ পৰিস্কাৰ আৰু উজ্বল কৰিবলৈ৷
ইয়াৰ পিছত দিন বাগৰিল ৷ অষ্টম শতিকাত ইটালি, স্পেইন, ফ্ৰান্স আৰু জাৰ্মানী চাবোন নিৰ্মাতা হিচাবে বিখ্যাত হৈ উঠিল৷ ১২শতিকাত ব্ৰিটেইনত চাবোনৰ উত্পাদন আৰম্ভ হ’ল৷ ১৬শতিকাত ইউৰোপ আৰু আমেৰিকাত চাবনৰ প্ৰচলন আৰম্ভ হ’ল৷ ১৭৮৯ চনত প্ৰথম পাৰদৰ্শী (Transparent) চাবোন লণ্ডনত উত্পাদৃত হ’ল৷ ১৮৭৯ চনত প্ৰক্টাৰ এণ্ড গেম্বল কোম্পানীয়ে হাতী দাঁতৰ নিচিনা বগা চাবোন তৈয়াৰ কৰি উলিয়ালে৷ ১৮৯৫চনত ব্ৰিটিছ লিভাৰ কোম্পানীয়ে “লাইফবয়” নামেৰে চাবোন বজাৰত মেলি দিলে৷ ইয়াৰ মাজতে ১৮৬৫ চনত ৱিলিয়াম চেফাৰ্ড নামৰ এজন ব্যক্তিয়ে জুলীয়া চাবোন উত্পাদনৰ বাবে পেটেন্ট লাভ কৰে৷ আমাৰ চিনাকী “কলগেট” টুথপেষ্ট ১৮৭৭ চনত বজাৰলৈ আহে৷ সেই একে কোম্পানীয়ে ১৮৯৮ চনত পাম তেল আৰু অলিভ তেলক মিলাই বনোৱা “পালমোলিভ” চাবোনৰ উৎপাদন আৰম্ভ কৰে৷ জাৰ্মানীৰ প্ৰক্টাৰ এণ্ড গেম্বল কোম্পানীয়ে ১৯১৬ চনত ∀কাচকেড∀ নামেৰে চিনথেটিক ডিটাৰজেন্ট উত্পাদন কৰিবলৈ লয়৷ ১৯৩০ চনত আমেৰিকাই ঘৰুৱা ব্যৱহাৰৰ উপযোগী ডিটাৰেন্ট চাবোন উত্পাদন কৰে৷
দ্বিতীয় শতিকাত বিখ্যাত গ্ৰীক চিকিৎসক গেলনে মানৱ জাতিক চাবোনৰ উপযোগিতা সম্পৰ্কে অৱগত কৰায়৷ পোনতে মহঙা হোৱা বাবে ইয়াৰ ব্যৱহাৰ ধনীবৰ্গৰ মাজতে সীমিত আছিল যদিও কালক্ৰমত ই সুলভ মূল্যৰ হৈ পৰাত বিশ্বৰ সৰ্বত্ৰে সকলো শ্ৰেনীৰ লোকৰ জীৱনৰ এৰাব নোৱৰা সাৰথি হৈ পৰিল৷
ৰাসায়ন শাস্ত্ৰৰ মতে চাবোন হ’ল এবিধ ফেটি এচিডৰ চল্ট৷ বনস্পতি বা জন্তুৰ চৰ্বিৰ তেল হ’ল এবিধ ট্ৰাইগ্লিচাৰাইড (৩বিধ ফেটি এচিড আৰু এটা গ্লিচাৰলৰ মিশ্ৰণ)৷ ইয়াক যেতিয়া খাৰুৱা (এলকেলি) পদাৰ্থৰে ক্ৰিয়া কৰোৱা হয় (Saponification বোলে) তেতিয়া ফেটি এচিডে এলকেলিৰ লগ লাগি চাবোনৰ সৃষ্টি কৰে৷ বাইপ্ৰডাক্ট হিচাবে ওলায় গ্লিচাৰিন৷ চাবোনত জীৱাণুসমূহ বা আন মলিয়ন তত্বসমূহ লাগি আমাৰ শৰীৰৰ পৰা আঁতৰ হয় ৷ এই ক্ৰিয়াক Surfactant action বোলে৷
হাত দুখন পৰিস্কাৰ কৰি ৰাখিলে মানুহে বহুতবোৰ ৰোগৰ পৰা বাচিব পাৰে৷ ২০০৯ চনত বিশ্ব স্বাস্থ্য সংস্থাই এই ধাৰণাটো সৰ্বসাধাৰনৰ মাজলৈ নিয়াৰ সিদ্ধান্ত লয় ৷ সেই মৰ্মে ২০১২ চনৰ ৫ মে তাৰিখে তৃতীয় বিশ্ব হস্ত পৰিচ্ছন্নতা দিবস (World Hands Hygiene Day) পালন কৰা হয়৷ বিশ্ব স্বাস্থ্য সংস্থাৰ ঘোষিত নীতিটো হ’ল− ∀হাত দুখন পৰিষ্কাৰ কৰি জীৱনক সুৰক্ষা দিয়ক∀৷ হাত দুখন পৰিষ্কাৰ কৰি ৰাখি আমি কি দৰে নানান সংক্ৰমণ আৰু ৰোগৰ পৰা নিজকে বচাব পাৰো সেই বিষয়ে দুআষাৰ চৰ্চা কৰিম৷
পোনতেই জানক হাত কেতিয়া ধুব লাগে ? বাথৰুমত শৌচ−প্ৰসাব কৰাৰ পিছত হাত পৰিষ্কাৰ কৰাৰ কথাটো নকলেও হব৷ খাবলৈ লোৱাৰ আগতেও হাত পৰিষ্কাৰ কৰি ধুই লব লাগে৷ কিন্তু প্ৰায় বিলাক লোকেই আমি লক্ষ্মী জ্ঞান কৰা মুদ্ৰা বা কাগজৰ টকা চোৱাৰ পাচত হাত নুধুওঁ৷ সেই মুদ্ৰা আৰু নোটত ইতিমধ্যে বহুজনৰ স্পৰ্শ পৰিছে − গতিকে তাত বীজাণু লাগি থকাৰ পূ্ৰ্ণ সম্ভাৱনা থাকে৷ কাৰোবাৰ সৈতে কৰমৰ্দন কৰাৰ পিছতো হাত ধুব লাগে − কাৰণ আপুনি নাজানে আপোনাৰ সৈতে হাত মিলোৱা লোকজনৰ হাতখন কিমান পৰিষ্কাৰ৷ বাচত, ৰিক্সাত, ৰেলত ভ্ৰমণ কৰাৰ পিছত, চিনেমা বা থিয়েটাৰ হলৰ পৰা ওলোৱাৰ পিছত হাত ধুৱাটো অত্যন্ত আৱশ্যক৷ কিয়নো আমি নজনা−নেদেখাকৈ অনেক বীজাণুৰ মাজত পৰিভ্ৰমণ কৰি আহিলোঁ৷ আমাৰ হাতখনে আমাৰ অজানিতে চকু−মুখ স্পৰ্শ কৰি ৰোগৰ বীজাণুক আমাৰ শৰীৰত সুমুৱাই দিব পাৰে৷ বিশেষকৈ চকুৰ অসুখ কনজাংকটিভাইটিচ এইদৰেই সোঁচৰে৷ ৰন্ধন শালত যি কোনো কাম আৰম্ভ কৰাৰ আগত হাত দুখন পৰিষ্কাৰ কৰি লোৱাটো গোটেই পৰিয়ালৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে অতি আৱশ্যক৷ ঘৰৰ পোহনীয়া জীৱ−জন্তুক আদৰ বা স্পৰ্শ কৰাৰ পিছত, বাৰীৰ কাম কৰি অহাৰ পিছত, কেচুৱাৰ পানী−কাপোৰ বা ডাইপাৰ সলনি কৰাৰ পিছত, আনকি লাইটৰ চুইচ স্পৰ্শ কৰিলেও হাত দুখন সুৰক্ষাৰ খাতিৰত ধুব লাগে৷ ৰ’দ−বতাহ সোমাব নোৱাৰা ঘৰৰ বন্ধ কোঠাত বা যি কোনো প্ৰেক্ষাগৃহৰ বায়ুৰ কণিকাত বেক্টেৰিয়া আৰু ভাইৰাচ ভাঁহি থাকে৷ ৰোগাক্ৰান্ত ব্যক্তিয়ে হাঁহিলে, কাঁহিলে, হাঁচিয়ালে, জোৰেৰে কথা কলে, থুই −খেকাৰ পেলালে নানান ৰোগৰ কীটাণু কোঠালিৰ বায়ুত সিঁচৰিত হৈ যায়৷ এনেদৰে ৰোগ বিয়পাৰ পদ্ধতিক Droplet Infection বোলে৷ গতিকে তেনে সংক্ৰমণ কঢ়িয়াই আনিব পৰা ঠাইৰ পৰা আহিলে আমি গা ধুই পৰিষ্কাৰ হোৱাটো ভাল৷ এইবিলাক অতি সহজে মানিব পৰা স্বাস্থ্যৰ সুৰক্ষাৰ কিটিপ৷ গা ধুওঁতে আমি আমাৰ শৰীৰৰ ছালখন নাইলন কাপোৰৰ ব্ৰাছেৰে নাইবা ভোলৰ বাকলিৰে খচি খচি পৰিষ্কাৰ কৰি ধুব লাগে৷ ভৰিৰ গোৰোহা, কিলাকুটি আদি ঠাইৰ ডাঠ ছাল মিহি শিলেৰে চাফা কৰিব লাগে৷ এনে কৰিলে শৰীৰৰ ছালৰ ছিদ্ৰসমূহ মুক্ত হৈ থাকে৷ ইয়াৰ অন্যথাই ∀ফলিকুলাইটিছ∀ৰোগ উৎপন্ন হয়৷ নাপাহৰিব −দীঘল অপৰিষ্কাৰ নখেও বীজানুক আশ্ৰয় দি থাকে৷
আমি বাস কৰা জগতখনত বেক্টেৰিয়া, ভাইৰাচ আৰু পেৰাচাইত − এই তিনি বিধ শত্ৰুৱে আমাক অহৰ্নিশে ঘেৰি ৰাখিছে৷ এই শত্ৰুসেনাই অপেক্ষা কৰি থাকে এটি সুযোগৰ৷ অসাবধানতাবশত: আমি নিজৰ ভুলেৰে সেই তিনি বিধ শত্ৰুক আমাৰ দেহত প্ৰবেশ কৰাৰ সুবিধা কৰি দিওঁ৷
ডায়েৰিয়া, বমি −ওকালি, গেষ্ট্ৰএন্টাৰাইটিচ, ভাইৰেল জণ্ডিচ, টাইফয়েড, ফুড পয়জনিং, প্ৰসাবত হোৱা ই−কলাইৰ ইনফেকচন আদি ব্যাধিৰ সংক্ৰমনৰ এক গুৰুত্বপূৰ্ণ কাৰণ হ’ল অপৰিষ্কাৰ হাত৷ হাত আৰু দেহৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱত উফি−ওকনি, ৰিংৱৰ্ম, স্কেবিজ, এলাৰ্জি, খৰ−খহু, নানা বিধ খজুৱতি, পেলু−কৃমিজনিত আৰু বিভিন্ন চৰ্মৰোগে শৰীৰত বাঁহ লয়৷
এতিয়া আহোঁ গ্ৰীষ্মকালত লবলগীয়া কেইটিমান স্বাস্থ্যৰ সুৰক্ষাৰ কথালৈ৷ গৰমৰ দিনত কমেও দুবাৰ পৰিষ্কাৰকৈ চাবনেৰে ঘঁহি−পিহি গা ধুব লাগে৷ পাতল ৰঙৰ আৰু কম গধুৰ বস্ত্ৰ পিন্ধিব লাগে৷ যাৰ ভৰিৰ মোজা গোন্ধায় − তেওঁলোকে দৈনিক মোজা সলনি কৰিব লাগে৷ জোতাযোৰ পৰিষ্কাৰ কৰি এঘন্টামান ৰ’দত দিব লাগে৷ মোজাত আৰু জোতাৰ ভিতৰত ∀ফুট পাউদাৰ∀ চতিয়াই লব৷
গ্ৰীষ্মকালত ঘামচি, মিজলচ আৰু চিকেন পক্সৰ সৈতে সততে মুখামুখি হোৱা যায়৷ ঘামচি হ’ল অতিমাত্ৰা গৰম আৰু আদ্ৰ বতৰ (Humid weather)ৰ ফলত হোৱা ছালৰ প্ৰতিক্ৰিয়া৷ ধাৰণা কৰা মতে ছালত সাধাৰণতে থকা বেক্টেৰিয়াই ঘাম ওলোৱা পথ বন্ধ কৰি দিয়াৰ ফলত ঘামচিৰ উৎপত্তি হয়৷ যেতিয়া নোম ছিদ্ৰত ইয়াতকৈ জটিল সংক্ৰমন হয় তেতিয়া “ফলিকুলাইটিচ” ৰোগ হয়৷ সৰু লৰা ছোৱালীৰ ঘাম গ্ৰন্থি বিলাক কম বিকশিত হোৱা হেতুকে ডাঙৰৰ তুলনাত কম বয়সীয়া লোকৰ বেছি ঘামচি হোৱা দেখা যায়৷ তিনি চাৰিদিনত নিজে নিজে ঘামচিৰ উপশম হয় ৷ কিন্তু কেতিয়াবা অতিমাত্ৰা খজুৱতি হলে এন্টি এলাৰ্জিক ঔষধৰ (Loratidine বা Cetrizine) প্ৰয়োজন হয়৷ একেদৰে সাধাৰণতে ছালত একো লগাবৰ প্ৰয়োজন নহয়, যদিও কেতিয়াবা সৰু লৰা−ছোৱালীৰ কষ্ট লাঘব কৰিবলৈ কেলামিন বা হাইড্ৰকৰ্টিচন ক্ৰিম লগাবলৈ পৰামৰ্শ দিবলগীয়া হয়৷ অন্যথাই ঘামচিত তেল বা আন প্ৰসাধন লোচন লগোৱাটো অপকাৰী৷ গা ধুওতে কোমল চাবন ( যেনে ড’ভ) প্ৰয়োগ কৰিব আৰু কোমল টাৱেলেৰে গা শুকুৱাব৷ দিনে ২৷৩বাৰ শীতল পানীৰে গা ধুব৷ সম্ভৱপৰ হলে এ.চি.ত থাকিব নহলে অন্তত: গৰম আৰু বেচি আদ্ৰ পৰিবেশৰ পৰা আঁতৰি শীতল ঠাইত আশ্ৰয় লব৷ Hexachlorophene নামৰ এন্টিচেপ্তিক দ্ৰব্যৰ প্ৰয়োগৰে ঘামচি নিৰ্মূল কৰাৰ প্ৰচেষ্টা বৰ্তমান চলি আছে৷
লৰালিকালত মিজলচৰ ছিতা দিয়াৰ ফলত আজিকালি এইবিধ ভাইৰাচজনিত ৰোগ কমকৈ হোৱা পৰিলক্ষিত হয়৷ ছালৰ লক্ষনসমূহৰ ওপৰিও কাঁহ, চৰ্দি, কনজাংকটিভাইটিচ, কপলিক্ স্পটৰ সহায়ত মিজলচ ৰোগীক অনায়াসে চিনাক্ত কৰা হয়৷ চিকেনপস্ক হয় ভেৰিচেলা জষ্টাৰ ভাইৰাচৰ সংক্ৰমণৰ ফলত৷ এই দুয়োবিধেই হ’ল সংক্ৰামক ৰোগ৷ ৰোগীক পৰিয়ালৰ আন সদস্যৰ পৰা নিলগাই পৰিচৰ্য্যা কৰিব লাগে৷ গা ধুবলৈ নিম পাত উতলোৱা পানী ব্যৱহাৰ কৰিলে ভাল৷ ছালত কেলামিন লোচন লগাব আৰু চিকিৎসকৰ পৰামৰ্শমতে এন্টি ভাইৰেল দৰব(Acyclovir) খাব৷ চিকন পস্কৰ ভেকচিন লোৱা সকলে দুটা বেজী ললে ইয়াৰ পৰা আজীৱন সুৰক্ষা পায়৷ বেজী দুটাৰ মাজত সাধাৰণতে ৬−১০ সপ্তাহ ব্যৱধান থকা ভাল৷
গৰমত ৰ’দত কাম কৰা লোকসকলৰ মাংশপেশীৰ সংকোচন (Muscle Cramp), গৰমৰ ফলত অৱস হোৱা নাইবা অতি বিপদজনক হিট ষ্ট্ৰোক (Heat Stroke) হব পাৰে৷ ইয়াৰ পৰা বাচিবলৈ হলে আমি নিযমীয়াকৈ ২৪ ঘন্টাত খাবলগীয়া দুই লিটাৰ পানীৰ পৰিবৰ্তে কমেও দুগুণ পানী খাব লাগিব৷ প্ৰতি আধা ঘন্টাৰ মূৰে মূৰে পানী খাওক আৰু কামৰ মাজে−মাজে কিছু জিৰণী লৈ শৰীৰটোক বতৰৰ লগত খাপ খুৱাই কামত অগ্ৰসৰ হওঁক৷ ইলেকট্ৰেল(ORS) পাউদাৰ পানীত মিহলাই খাওক৷ ডাবৰ পানী, নেমু বা মৌচুম্বীৰ চৰবত খাওক৷ বতৰৰ ফল আৰু ফলৰ ৰস প্ৰচুৰ পৰিমাণে গ্ৰহণ কৰক৷ তৰমুজ, লিচু, পনিয়ল, জামুক, মধুৰী, লেতেকু, আম, কল, ডালিম, আপেল আদি ৰসাল ফল বেচিকৈ বাচি লওঁক৷ এইবিলাকত পাব শৰীৰৰ বাবে লাগতিয়াল ভিটামিন, খনিজতত্ব, সুৰক্ষাদায়ী এন্টিঅস্কিডেন্ট আদি৷ গ্ৰীষ্ম কালত খাদ্যৰ ক্ষেত্ৰত পৰাপক্ষত নিৰামিষ ভোজন কৰা ভাল৷ আমিষ খাদ্য গুৰুপাকী বাবে হজম হবলৈ অধিক সময় লাগে আৰু এনে খাদ্যই শৰীৰত অতিৰিক্ত উত্তাপ উৎপন্ন কৰে৷ নানাবিধ শাক আৰু পাচলিৰ ওপৰিও দৈ ভোজনৰ সৈতে অৱশ্যে লওক৷ পৰাপক্ষত বাহী খাদ্য নাখাব আৰু অতি ভোজনো নকৰিব৷
সকলোৰে জনা কথাকেই সোৱঁৰাই আজিৰ স্বাস্থ্য কথাৰ ইমানতে মুখনি মাৰিলোঁ৷

(আগলৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!