পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা (অচিন্ত্য বৰঠাকুৰ)

(যোৱা সংখ্যাৰ পিছৰ পৰা)

অপৰিষ্কাৰ যেন লাগিলেও সত্য যে পঁইতাচোৰাৰ “খেতি” বিশ্বৰ বহুতো স্থানত এতিয়া এক লাভজনক ব্যৱসায়লৈ পৰিণত হৈ পৰিছে। চিকিৎসা আৰু ভেষজ বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাত, পৰম্পৰাগত ঔষধ তৈয়াৰ কৰাত আৰু পোহনীয়া পশু-পক্ষীৰ বাবে পুষ্টিকৰ খাদ্য হিচাবে পৃথিৱীজুৰি পঁইতাচোৰাৰ সমাদৰ দিনক দিনে বাঢ়ি আহিছে। উল্লেখযোগ্য যে, আধুনিক চিকিৎসা শাস্ত্ৰই পঁইতাচোৰাৰ দেহৰ বিভিন্ন অংগক পৃথক পৃথক ঔষধত প্ৰয়োগৰ বিষয়ে বৰ্তমানে গৱেষণা চলাই থকাৰ বিপৰীতে চীনৰ পৰম্পৰাগত চিকিৎসা ব্যৱস্থাত প্ৰায় সকলোবিধ ৰোগৰ ঔষধতে অতীজৰে পৰা ইয়াৰ প্ৰয়োগ চলি আহিছে। বহুতো স্থানত মানুহৰ খাদ্য আৰু সৌন্দৰ্য চৰ্চাৰ লগতো পঁইতাচোৰা জড়িত। পঁইতাচোৰাৰ এনে বহুমূখী ব্যৱহাৰৰ বাবেই এতিয়া চীনদেশত এক পাউণ্ড(প্ৰায় ৪৫৪ গ্ৰাম) পঁইতাচোৰাৰ মূল্য ১২০০ য়ুৱান (আমেৰিকান ডলাৰৰ হিচাবত প্ৰায় ৮৯ ডলাৰ) হোৱাৰ বিপৰীতে আমেৰিকাৰ কোনো কোনো প্ৰতিষ্ঠানত প্ৰতি কেজিত ৬৫ ডলাৰ আৰু বৃটেইনৰ প্ৰতিষ্ঠানত বিভিন্ন প্ৰজাতিৰ পঁইতাচোৰাৰ বিভিন্ন ওজনৰ প্ৰতিটো টোপোলাৰ মূল্য বৰ্তমান ২ৰ পৰা ১৫ পাউণ্ড পৰ্যন্ত হৈছেগৈ। পঁইতাচোৰাৰ বিশ্বজোৰা চাহিদাৰ ফলস্বৰূপে ইউনাইটেড কিংডমৰ ভাৰ্জিনিয়া চিজমেন পতঙ্গ যোগানকাৰী প্ৰতিষ্ঠান (Virginia Cheeseman F.R.Entomological Supplier), বেকয়াৰ্ড ব্ৰেইনছ(backyardbrains) ৱে’ষ্ট ক’ষ্ট(westcoast) আদি কেইবাটাও প্ৰতিষ্ঠানে বৰ্তমান অনলাইন ব্যৱস্থা যোগেও পৃথিৱীৰ যিকোনো স্থানৰ পৰা পঁইতাচোৰা যোগানৰ অনুৰোধ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে।

বাণিজ্যিকভাবে পঁইতাচোৰা পালন কৰাৰ ক্ষেত্ৰত বাটকটীয়া হিচাবে চীন দেশৰ এগৰাকী মহিলাৰ নাম উল্লেখনীয়। য়ুনানী চিকিৎসাৰ আৱিষ্কাৰ সম্বন্ধীয় এটা টিভি কাৰ্যসূচীৰ পৰা অনুপ্ৰাণিত হৈ চীনৰ চিছুৱান প্ৰদেশৰ যৌ হুই(Zou Hui) নামৰ এগৰাকী মহিলাই বাণিজ্যকভাবে পঁইতাচোৰা পালন কৰাৰ কাম আৰম্ভ কৰি ৰাজ্যখনৰ পাঁচখন ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ লগত যোগাযোগ কৰিলে। প্ৰতিষ্ঠানসমূহে অতি সোনকালেই তেওঁৰ পামত উৎপাদন হোৱা সামগ্ৰীসমূহ ক্ৰয় কৰি ক্ৰমান্বয়ে অতিৰিক্ত পঁইতাচোৰাৰ বাবে তাগিদা দিবলৈ ধৰিলে। চাহিদা অনুসৰি উৎপাদনৰ জোৰা মাৰিবলৈ কিছুদিন পিছত হুইয়ে মৌ ৰংজিয়ান চহৰত বহলকৈ ৰংজিয়ান শ্ব্যু বাও (Rongxian Shu Bao cockroach farming cooperatives) নামেৰে এখন সমবায় ভিত্তিক পঁইতাচোৰা পাম প্ৰতিষ্ঠা কৰিলে। ২০০৯ চনৰ ১৩ মে’ তাৰিখে আৰম্ভ কৰা শ্ৰীমতী হুইৰ সমবায় পামখনৰ বৰ্তমান পঞ্জীভুক্ত মূলধনৰ পৰিমাণ হৈছেগৈ ১,৬০,০০০ য়ুৱান। পামখনৰ জৰিয়তে বৰ্তমান পাঁচটা পৰিয়ালে সংস্থাপন লাভ কৰিছে। সমবায় পামখনত বৰ্তমান জীৱিত পঁইতাচোৰাৰ উপৰি বিশুদ্ধ পঁইতাচোৰা গুড়ি, শুকান পঁইতাচোৰা, হিমায়িত পঁইতাচোৰা, চষক পঁইতাচোৰা আৰু তাজা পঁইতাচোৰাৰ পৰা নিৰ্মিত খাদ্যসম্ভাৰ পোৱা যায়। ইয়াৰ উপৰি পামখনত প্ৰতি কিলোগ্ৰামত ৩৫০ য়ুৱানকৈ দৰত পঁইতাচোৰাৰ কণীও বিক্ৰী কৰা হয়। উল্লেখযোগ্য যে বিগত বৰ্ষসমূহত পামখনে বছৰি ১০০০টন পৰ্যন্ত পঁইতাচোৰা উৎপাদন কৰিবলৈ সক্ষম হৈছে যদিও ই ৰাজ্যখনত ঔষধ প্ৰস্তুত কৰিবলৈ প্ৰয়োজন হোৱা পঁইতাচোৰাৰ পৰিমাণৰ তিনি ভাগৰ এভাগহে মাত্ৰ।

যি কোনো খাদ‌্য বা জলবায়ুৰ পৰিবেশত নিজকে খাপ খু‌ৱাই ল’ব পৰা গুণ আৰু অধিকাংশ কীটনাশক ৰসায়ণিক পদাৰ্থৰ প্ৰতি সহজে প্ৰতিৰোধ ক্ষমতা আহৰণ কৰি পেলাব পৰাৰ সাম‌্যৰ্থৰ বাবে ঘৰখনক পঁইতাচোৰামুক্ত কৰি ৰখাটো যঠষ্ট কঠিণ। বজাৰত পো‌ৱা কীটনাশক দ্ৰব‌্যসমূহ পঁইতাচোৰা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দীৰ্ঘদিনৰ বাবে ফলপ্ৰসূ নহয়। ঘাইকৈ পাৰমেথ্ৰিন (cypermethrin), এৰ’চল (aerosol) আৰু ইমিপ্ৰ’থ্ৰিন (imiprothrin) নামৰ কীটনাশক ৰসায়ণিক পদাৰ্থকেইবিধ পঁইতাচোৰা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অধিক ফলপ্ৰসূ বুলি জনা যায় যদিও এই বিলাকৰ বিষক্ৰিয়াই মান‌ুহৰ স্বাস্থ‌্য হানি কৰাৰ সম্ভা‌ৱনাও বেছি। অবশ‌্যে, বৰিক এচিড নামৰ ৰসায়ণিক পদাৰ্থবিধে পঁইতাচোৰাৰ দেহত মন্থৰ বিষক্ৰিয়া কৰে আৰু ই মানুহৰ বাবেও কম ক্ষতিকাৰক বাবে পঁইতাচোৰা নিয়ন্ত্ৰণত এইবিধ সামগ্ৰীৰ প্ৰয়োগে জনপ্ৰিয়তা লভিবলৈ সক্ষম হৈছে। আটা, ময়দা বা গাখীৰৰ লগত তৈয়াৰ কৰা বৰিক এচিডৰ মিশ্ৰণে পঁইতাচোৰাক সহজে আকৰ্ষণ কৰে আৰু এই মিশ্ৰণ গ্ৰহণ কৰাৰ ফলত ইহঁত অসুস্থ হৈ সেই স্থান পৰিত‌্যাগ কৰে আৰু দূৰণিলৈ গৈ মৃত‌্যুবৰণ কৰে। পঁইতাচোৰা নিয়ন্ত্ৰণত নীলা পোহৰ আৰু উচ্চ বিভ‌ৱৰ বিদ‌্যুতিক ফান্দৰ সফলতাও প্ৰায় শূণ‌্য। আতিশাব্দিক তৰংগৰ ব‌্য‌ৱহাৰেও অন‌্যান‌্য কিছুমান কীট-পতংগক কৰাৰ দৰে পঁইতাচোৰাক নিৰ্বাসিত কৰিব নো‌ৱাৰে। সেয়েহে পঁইতাচোৰা নিয়ন্ত্ৰণৰ অৰ্থে প্ৰাকৃতিক পন্থা অ‌ৱলম্বণ কৰাই শ্ৰেয় বুলি বিবেচিত হৈছে। পঁইতাচোৰাক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অন্তৰায় বুলি ভবা লোকসকলৰ মাজত সেইবাবে আজিকালি কিছুমান প্ৰাকৃতিক উপায়ে জনপ্ৰিয়তা লভিবলৈ সক্ষম হৈছে আৰু সফলতা লাভ কৰিছে।

পঁইতাচোৰামুক্ত ঘৰ এখন লাভ কৰিবৰ বাবে ঘৰখনৰ প্ৰতিটো অংশকে সঘনাই পৰিষ্কাৰ কৰি ৰখাটো প্ৰথম আৰু প্ৰধান চৰ্ত। ঘৰৰ লগত সংলগ্ন নলা আৰু সৰু-বৰ সকলোধৰণৰ প্ৰ‌ৱেশপথ পৰিষ্কাৰ আৰু বীজাণুমুক্ত কৰি ৰখাটো অৱশ‌্যেই কৰ্তব‌্য। পানী উৰুখা বন্ধ কৰা আৰু মজিয়া বা বেৰ শুকান কৰি ৰখা অতি প্ৰয়োজনীয়। ফেনাইল জাতীয় দ্ৰব‌্যৰে ঘৰৰ মজিয়া দৈনিক পৰিষ্কাৰ কৰি ৰখা আৰু পাকঘৰৰ বৰ্জ‌্য পদাৰ্থসমূহ অতি শীঘ্ৰে বাহিৰ কৰি পেলাইও ঘৰৰ ভিতৰত পঁইতাচোৰাৰ বিস্তাৰত বাধা দিব পাৰি। ঘৰু‌ৱা জাবৰ দৈনিক বাহিৰলৈ পেলো‌ৱা, পিৰালি পৰিষ্কাৰ আৰু শুকাণ কৰি ৰখা, ঘৰৰ ভিতৰত থকা পুৰণি কাগজ-পত্ৰৰ দ’ম, থাৰ্ম’ক’ল, পলিথিনৰ পেলনীয়া অংশ আদি বাহিৰ কৰা প্ৰয়োজনীয়। খাদ‌্যবস্তু মুক্তভাবে নৰখা, বাচন-বৰ্তন আদি শুকাণ আৰু পৰিষ্কাৰকৈ ৰখা অভ‌্যাসেও পঁইতাচোৰাৰ সংখ‌্যা নিয়ন্ত্ৰণত সহায় কৰে। পোহনীয়া জী‌ৱ-জন্তুক দিয়া আহাৰ, তাৰ এৰেহা বা তেনে আহাৰ দিয়া পাত্ৰ আদিয়েও পঁইতাচোৰাৰ বিস্তাৰত ইন্ধন যোগাব পাৰে বাবে সিবিলাকৰ ক্ষেত্ৰত সা‌ৱধান হো‌ৱাটো প্ৰয়োজনীয়।

বৰ্তমান সময়ত পঁইতাচোৰা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পৃথি‌ৱীৰ বিভিন্ন স্থানত আটাইতকৈ ফলপ্ৰসূ আৰু জনপ্ৰিয় হৈ পৰা উপায়টো হৈছে য‌ৱসুৰা ফান্দ বা বীয়েৰ ট্ৰেপ (Beer Trap)। ইতিমধ‌্যে উল্লেখ কৰা হৈছে যে বীয়েৰ জাতীয় সুৰাৰ প্ৰতি পঁইতাচোৰাৰ আকৰ্ষণ অতি বেছি। অন‌্যহাতে, এইবিধ পদাৰ্থ মানুহৰ বাবেও অপকাৰী নহয়। সেয়েহে, বীয়েৰৰ প্ৰতি পঁইতাচোৰাৰ এই দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি এতিয়া ইয়াক মানুহে বিভিন্ন ধৰণে পঁইতাচোৰা নিধন কাৰ্যত ব‌্য‌ৱহাৰ কৰিবলৈ লৈছে। পঁইতাচোৰা ধৰা এনে ফান্দত সাধাৰণতে পঁইতাচোৰাক প্ৰ‌ৱেশৰ বাবে সুবিধা কৰি দিয়া হয় কিন্তু ওলাই যো‌ৱাৰ ৰাস্তাবোৰ বন্ধ কৰি দিয়া হয়। বীয়েৰৰ গন্ধই পঁইতাচোৰাক প্ৰাকৃতিকভাবে ফান্দলৈ টানি আনে আৰু ওলাই যাব নো‌ৱাৰি তাতে মৃত‌্যুবৰণ কৰে।

য‌ৱসুৰা ফান্দৰ প্ৰথমবিধ ব‌্য‌ৱস্থাত ৰুটী জাতীয় খাদ‌্য আংশিকভাবে বীয়েৰত ডুবাই এটা খোলা পত্ৰত ৰখা হয় আৰু পাত্ৰটোৰ গাত আঠা জাতীয় পদাৰ্থ সানি ৰখা হয়। পাত্ৰটোত পঁইতাচোৰাৰ প্ৰ‌ৱেশত সুবিধা হ’বৰ বাবে এডাল সূতা বা ক্ষীণ কাঠি সংলগ্ন কৰি ৰখা হয়। আহাৰৰ সন্ধানত আৰু বীয়েৰৰ চুম্বকীয় গন্ধত পঁইতাচোৰাই পাত্ৰটোত প্ৰ‌ৱেশ কৰে। বীয়েৰযুক্ত আহাৰ খাই অতাই পঁইতাচোৰাই ওলাই অহাৰ বাট বিচাৰি নোপো‌ৱা হয় আৰু পাত্ৰটোৰ গাত লাগি থকা আঠাত লাগি ধৰে আৰু মৃত‌্যবৰণ কৰে।

দ্বিতীয় পদ্ধতিত এটা ওখ, মিহি আৰু পিচল পাত্ৰৰ তলিত অলপ বীয়েৰ জমা কৰি ৰখা হয়। বীয়েৰৰ গন্ধত আকৃষ্ট হৈ পাত্ৰত প্ৰ‌ৱেশ কৰা পঁইতাচোৰাই বীয়েৰত ডুব যো‌ৱাৰ ফলত তাৰ শৰীৰ পিচল হৈ পৰে আৰু মসৃণ পাত্ৰৰ বেৰেৰে বগাই ওপৰলৈ উঠি আহিব নো‌ৱাৰা হয় আৰু তেনেদৰেই মৃত‌্যবৰণ কৰে। মুক্তভাবে ৰখাৰ ফলত বীয়েৰখিনি সোনকালে শুকাই যায় বাবে এই পদ্ধতি কিছু খৰচী হয়।

তৃতীয় পদ্ধতিত, এটা প্লাষ্টিকৰ বটল ডিঙি অংশত কাটি (চিত্ৰত দেখুও‌ৱা ধৰণে) বটলটোৰ আনটো অংশৰ সৈত‌্যে ওলোটাকৈ সংলগ্ন কৰি দিয়া হয়। আহিলাটোৰ ভিতৰত কিছু বীয়েৰ ‌ঢালি লৈ তাক যথাস্থানত ৰাখি থো‌ৱা হয়। বীয়েৰৰ গন্ধত প্ৰাকৃতিকভাবে আকৃষ্ট হো‌ৱা পঁইতাচোৰাই যতনটোত বটলৰ মূখখনেদি যেনে তেনে প্ৰ‌ৱেশ কৰে। আহিলাটোত প্ৰ‌ৱেশ কৰা পঁইতাচোৰাৰ ক্ষেত্ৰত এইবাৰ দুটা কৌশলে ক্ৰিয়া কৰে। মসৃণ আৰু পিচল পাত্ৰটোৰ গায়েদি পিচল হৈ পৰা পঁইতাচোৰা সহজে পাত্ৰটোৰ ওপৰ অংশলৈ উঠি আহিব নো‌ৱাৰা হৈ পৰে, আৰু কেনেবাকৈ উঠি আহিলেও যতনটোৰ পৰা ওলাই অহাৰ শেষ ৰাষ্টাটো বিচাৰি উলিয়াব নো‌ৱাৰে। এনেদৰে কিছুসময় থকাৰ পিছত পঁইতাচোৰাই যতনটোৰ ভিতৰতেই প্ৰাণ ত‌্যাগ কৰিবলৈ বাধ‌্য হৈ পৰে। এইখিনিতে উল্লেখ কৰিব পাৰি যে বীয়েৰৰ লগত মৃত পঁইতাচোৰাৰ দেহ মিহলি হৈ উৎপন্ন কৰা নতুন গন্ধই অধিক পঁইতাচোৰাক আকৰ্ষণ কৰাত সহায় কৰে।

ইমানদিনে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যিকোনো ধাৰণাৰ পৰম সত‌্যতা যেনেদৰে অসম্ভ‌ৱ বুলি প্ৰমাণ হৈ আহিছে, পঁইতাচোৰাৰ ক্ষেত্ৰতো তাৰ ব‌্যতিক্ৰম হো‌ৱা পৰিলক্ষিত হো‌ৱা নাই। পৃথি‌ৱীৰ এটা অংশত যদি পঁইতাচোৰাই স্পৰ্ষ কৰা খাদ‌্য অপৰিষ্কাৰ বুলি গণ‌্য কৰা হয়, আন অংশত আকৌ ইয়াক আহাৰ হিচাবে গ্ৰহণ কৰাৰ নজিৰ আছে। পঁইতাচোৰাৰ পৰা শ্বাস-প্ৰশ্বাসৰ ৰোগ, খজু‌ৱতি, এলাৰ্জীকে আদি কৰি অনেক ৰোগ হো‌ৱা বুলি কো‌ৱা হয় যদিও হাপানী, এম.আৰ.এছ.এ’. আদি ৰোগৰ ঔষধৰ ঔষধ হিচাবে ইয়াক ব‌্য‌ৱহাৰ কৰি সুফল পো‌ৱাৰ প্ৰমাণ পো‌ৱা গৈছে। পঁইতাচোৰাৰ সামাজিক অনুভ‌‌ৱো মানুহৰ সৈত‌্যে সাদৃশ‌্য থকা বুলি প্ৰমাণ হৈছে। পঁইতাচোৰাৰ হৃদয়ৰ আৰ্হি, ৰক্ত সঞ্চালন তথা শ্বাস-প্ৰশ্বাসৰ ব‌্য‌ৱস্থা, যিকোনো পৰিবেশত নিজকে খাপ খু‌ৱাব পৰা সাম‌্যৰ্থ আদিয়ে মান‌ৱ জাতিৰ ভবিষ‌্যতলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। পঁইতাচোৰাৰ শাৰীৰিক গঠণ, খাদ‌্য পাচনৰ ব‌্য‌ৱস্থা, পুষ্টি আহৰণ, প্ৰজনন ব‌্য‌ৱস্থা আৰু বহুত কিবা কিবিয়ে গ‌ৱেষকসকলক চিন্তাৰ সমল যোগাইছে। পঁইতাচোৰা মান‌ৱ শিশুৰ খেলৰ লগৰী হো‌ৱাৰ পথতো বহুখিনি আগবাঢ়ি গৈছে। ভবিষ‌্যতে হয়তো পৃথি‌ৱীলৈ এনে এটা দিনো আহিব পাৰে, যেতিয়া প্ৰাচীন কালৰে পৰা নিৰোগী দীৰ্ঘজী‌ৱন বা অমৰত্বৰ উপায় বিচাৰি ঘূৰ্মুটিয়াই ফুৰা “মানুহ” নামৰ প্ৰাণীবিধে নিজকে পঁইতাচোৰালৈ পৰিৱৰ্তিত কৰি নিশ্চিন্ত হৈ পৰিছে।

সমাপ্ত

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!