পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা (অচিন্ত বৰঠাকুৰ)

(যোৱা সংখ্যাৰ পিছৰ পৰা)
ড্ৰাকুলা থেৰাপি অথবা ভেম্পায়াৰ ত্বক চিকিত্সা ব্যৱস্থাৰ দ্বাৰা সৌন্দৰ্য সাধনাৰ ধাৰণা অৱশ্যে ইতিপূৰ্বে আলোচিত ব্যৱস্থাসমূহৰ তুলনাত ইমান বেছি অপৰিষ্কাৰ নহয়। এই ব্যৱস্থাত S3 বা উত্তেজিত স্ব-তৰল ত্বক চিকিত্সা (Stimulated self serum skin therapy) পদ্ধতিৰ জৰিয়তে বেজীৰ সহায়ত এজন ব্যক্তিৰ দেহৰ এটা অংশৰ পৰা তেজ শুহি আনি বিশেষ কয়দাৰে তেওঁৰেই মুখমণ্ডলত সুমুৱাই দিয়া হয়। লণ্ডনস্থিত ফৰাচী সৌন্দৰ্য বিশেষজ্ঞ তথা চিকিত্সক ডাঃ ডেনিয়েল চিষ্টাৰে (Dr. Daniel Sister) উদ্ভাৱন কৰা এই ব্যৱস্থাই মূখৰ কোষসমূহৰ DNA মেৰামতি প্ৰক্ৰিয়াক ত্বৰান্বিত কৰি চালত মেলা ফাঁট আৰু বলিৰেখাসমূহক দূৰ কৰি চালৰ অমৰত্ব ধৰি ৰখাত সফল হৈছে বুলি ইতিমধ্যে বেচ চৰ্চিত হৈ উঠিছে। এই চিকিত্সা ব্যৱস্থাত লেজাৰ, চামনি (Peels) বা সংশ্লেষিত পূৰক আদি কোনোধৰণৰ কৃত্ৰিম সংসাধন বা বস্তুৰ প্ৰয়োগ কৰা নহয় আৰু পদ্ধতিটোৰ প্ৰয়োগৰ কোনো আনুসাংগিক অপকাৰিতাৰ প্ৰমাণ পোৱা হোৱা নাই।
পিছে, নামত “ভেম্পায়াৰ” শব্দটো জড়িত নাথাকিলেও সৌন্দৰ্য সাধনাৰ ক্ষেত্ৰত প্ৰয়োগ হোৱা আন এক বিধিকহে ইয়াতকৈ ভয়ানক তথা অপৰিষ্কাৰ বুলি গণ্য কৰিব পাৰি। চালত পৰা বয়সৰ চাপ আৰু বলিৰেখাসমূহক অপনয়নকৰা আৰু চালৰ কোষসমূহৰ সৌন্দৰ্যসূচক বিকাশৰ উদ্দেশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰত ১৯৪০ চনতেই প্লেচেণ্টা, অৰ্থাৎ মাতৃগৰ্ভত শিশুক আৱৰি ৰখা এটা বিশেষ অংশৰ ব্যৱসায়ে সৌন্দৰ্য সাধনাৰ বজাৰখনত তোলপাৰ লগাইছিল। পৰিস্থিতিয়ে এনে পৰ্যায় পাইছিলগৈ যে যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ
প্ৰশাসন বিভাগে এই সামগ্ৰীবিধক অনুপযুক্ত বুলি ঘোষণা কৰি ইয়াৰ ব্যৱসায়ত আইনী বাধা নিষেধ আৰোপ কৰিবলগীয়া হৈছিলগৈ। পিছে, বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত চালৰ ওপৰত প্লেচেণ্টাৰ পৰা পোৱা এবিধ বিশেষ প্ৰ’টিনৰ সুপ্ৰভাৱৰ কথা প্ৰমাণিত হোৱাৰ পিছত এই নিষেধাজ্ঞা উঠাই লোৱা হয় আৰু ইয়াক প্ৰসাধন সামগ্ৰীত ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰা হয়। প্ৰসাধন সামগ্ৰীত ব্যৱহাৰ কৰাৰ আগতে প্লেচেণ্টাক নিৰ্দিষ্ট পদ্ধতিৰ মাজেৰে পাৰ কৰি সংশোধন তথা সংসাধন কৰা হয় আৰু তাৰ পৰা হ’ব পৰা হানিকাৰক সম্ভাৱনাসমূহক নিৰ্মূল কৰা হয়। প্ৰসাধন সামগ্ৰীবিধত ব্যৱহাৰ কৰা বান্ধক পদাৰ্থ (Binding Agent)বিধৰ বিশেষ গুণে প্ৰসাধন সামগ্ৰীবিধত বেক্টেৰিয়া বা অন্যান্য অনুজীৱৰ প্ৰৱেশ বা বংশবৃদ্ধিৰ সম্ভাৱনা নোহোৱা কৰি ৰাখে। প্ৰয়োগৰ সুচলতা আৰু ফলাফলৰ চমকপ্ৰদতাই বৰ্তমান প্লেছেণ্টাক প্ৰসাধন সামগ্ৰীৰ এক অতি জনপ্ৰিয় অন্তৰ্নিহিত সামগ্ৰীলৈ পৰ্যবসিত কৰি পেলাইছে।

(আগলৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!